Class 11 Geography Important Chapter 22 সামুদ্রিক জলৰাশিৰ সঞ্চালন

Class 11 Geography Important Chapter 22 সামুদ্রিক জলৰাশিৰ সঞ্চালন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography Important Chapter 22 সামুদ্রিক জলৰাশিৰ সঞ্চালন Solutions in Assamese and select need one. Class 11 Elective Geography Additional Solutions Assamese Medium Download PDF. HS 1st Year Elective Geography Important Question Answer in Assamese.

Class 11 Geography Important Chapter 22 সামুদ্রিক জলৰাশিৰ সঞ্চালন

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Geography Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 22

পঞ্চম গোট: জলমণ্ডল
IMPORTANT QUESTION AND ANSWER

১। জোৱাৰ-ভাটা কাক বোলে?

উত্তৰঃ চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণৰ ফলস্বৰূপে দৈনিক এবাৰ অথবা দুবাৰকৈ সমুদ্র-পৃষ্ঠৰ উঠা-নমা কার্যক জোৱাৰ-ভাটা বোলে।

২। তৰংগ কি?

উত্তৰঃ তৰংগ হৈছে সাগৰৰ পৃষ্ঠত বতাহৰ ঘর্ষণে সৃষ্টি হোৱা শক্তিৰ ঢৌ, যি পানীক এক চক্রীয় গতিত ঘূৰাই শক্তি প্ৰবাহিত কৰে। 

৩। সামুদ্রিক স্রোত বুলিলে কি বুজা?

উত্তৰঃ সামুদ্রিক জলৰাশিৰ চকুত লগা পৰিসৰৰ অংশ একোটা নির্দিষ্ট পথেৰে অহৰহ গতিত নির্দিষ্ট লক্ষ্য অভিমুখে বৈ যোৱাৰ ফলত সৃষ্টি হোৱা অবয়বক সাগৰীয় সোঁত অথবা সামুদ্রিক স্রোত বোলে।

৪। উত্তৰ প্রশান্ত মহাসাগৰীয় সোঁতৰ আন এটা নাম কি?

উত্তৰঃ উত্তৰ প্রশান্ত মহাসাগৰীয় সোঁতৰ আন এটা নাম পশ্চিমা প্রবাহ।

৫। সাগৰীয় সোঁত কি?

উত্তৰঃ সামুদ্রিক জলৰাশিৰ বিশাল খণ্ড একোটা নির্ধাৰিত পথেৰে একোখন বিশাল নদীসদৃশ কলেৱৰনধাৰণ কৰি কিছুমান নির্দিষ্ট উৎসৱ পৰা নির্দিষ্ট লক্ষ্য অভিমুখে অহৰহ বৈ থাকে। সাগৰৰ এনে একোটা প্ৰৱহমান ধাৰাক সাগৰীয় সোঁত বোলে। 

৬। উর্মি (surf) কি?

উত্তৰঃ উপকূলত আহি তৰংগবোৰ ভাঙি পৰিলেই surf সৃষ্টি হয় — যি একৰূপ ফেনা যুক্ত পানীৰ ঢৌ।

৭। জাপানৰ কোনটো অংশত কিউৰোছিও সোঁতে উত্তৰ প্ৰশান্ত মহাসাগৰীয় সোঁতত পৰিণত হয়?

উত্তৰঃ জাপানৰ হনচু দ্বীপৰ পূব অংশত কিউৰোছিও সোঁতে উত্তৰ প্ৰশান্ত মহাসাগৰীয় সোঁতত পৰিণত হয়।

৮। জাপান সোঁতৰ আন এটা নাম কি?

উত্তৰঃ জাপান সোঁতৰ আন এটা নাম কিউৰোছিও সোঁত।

৯। বাসন্তী জোৱাৰ কি?

উত্তৰঃ চন্দ্র, সূর্য আৰু পৃথিৱী সৰল ৰৈখিক অৱস্থানত থকাৰ সময়ত অর্থাৎ প্রত্যেক মাহৰ পূর্ণিমা আৰু অমাবস্যা তিথিত জোৱাৰৰ প্রাবল্য সর্বাধিক হয়। ইয়াক বাসন্তী জোৱাৰ বোলে।

১০। তৰংগ-কাল কাক বোলে?

উত্তৰঃ এটা তৰংগৰ শীর্ষ অথবা দ্রোণীয়ে কোনো এক অৱস্থানত উপস্থিত হোৱাৰ পৰা সেই অৱস্থানত পৰৱৰ্তী তৰংগটোৰ শীর্ষ অথবা দ্রোণীৰ আগমনৰ মাজৰ সময় ব্যৱধানক তৰংগ-কাল (wave period) বোলে।

দীঘলীয়া প্রশ্ন উত্তৰ:

১। সামুদ্রিক তৰংগ কি? ইয়াৰ সৃষ্টি আৰু লক্ষণসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ সামুদ্রিক তৰংগ হৈছে সাগৰ বা সমুদ্ৰৰ পৃষ্ঠত উৎপন্ন হোৱা শক্তিৰ ঢৌ যি সাধাৰণতে বতাহৰ ঘর্ষণে সৃষ্টি হয়। এই তৰংগসমূহে পানীক অধিক দূৰত লৈ নিযায়, কিন্তু শক্তিৰ প্ৰবাহটো এক স্থানৰ পৰা আন স্থানলৈ বহন কৰে। মূলতঃ তৰংগ বল, বতাহৰ দিশ আৰু গতিৰ ওপৰত নিৰ্ভৰ কৰে। মাজ সাগৰত সৃষ্ট তৰংগসমূহ উপকূল অভিমুখে আগবাঢ়ি আহে আৰু উপকূলত উপনীত হ’লে ই ভাঙি পৰে, যাক ভগ্ন উৰ্মি (surf) বুলি কোৱা হয়। তৰংগে সাগৰ-পৃষ্ঠত এক চক্রীয় গতি সৃষ্টি কৰে য’ত পানীকণাগুলো একেই স্থানত ঘূৰি থাকে। তৰংগৰ উপৰিভাগৰ ওপৰ অংশক তৰংগ-শীৰ্ষ (crest) আৰু তল অংশক তৰংগ-দ্ৰোণী (trough) বোলে। দুয়োৰ মাজৰ দূৰত্বক তৰংগ উচ্চতা বোলে। এই উচ্চতাৰ অর্ধেক হৈছে তৰংগ-কোণাংক। এক শীৰ্ষৰ পৰা পৰৱৰ্তী শীৰ্ষলৈ যোৱা সময়ক তৰংগ-কাল আৰু অনুক্ৰমিক শীৰ্ষৰ মাজৰ অনুভূমিক দূৰত্বক তৰংগ দৈৰ্ঘ্য বোলে। প্ৰতি সেকেণ্ডত পাৰ হোৱা তৰংগৰ সংখ্যাক তৰংগাবৃত্তি বুলি কোৱা হয়। তৰংগৰ সৃষ্টি, বৃদ্ধি আৰু গতি বতাহৰ গতি আৰু স্থায়িত্বৰ ওপৰেও নিৰ্ভৰ কৰে। সেয়ে, বতাহৰ প্ৰাবল্য অধিক হ’লে তৰংগৰ আকাৰো বেছি হয়।

২। জোৱাৰ-ভাটাৰ প্ৰকাৰ আৰু ইয়াৰ উপকাৰিতাসমূহ আলোচনা কৰা।

উত্তৰঃ জোৱাৰ-ভাটা প্ৰাকৃতিক নিয়মেৰে সংঘটিত হোৱা জলসঞ্চালনৰ এক প্ৰক্ৰিয়া, যাক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰা হয়। পূৰ্ণিমা আৰু অমাবস্যাৰ দিনত সূৰ্য আৰু চন্দ্ৰ একে ৰৈখিক অৱস্থানত থাকিলে সৃষ্টি হোৱা অধিক প্ৰাবল্যৰ জোৱাৰক বাসন্তী জোৱাৰ বুলি কোৱা হয়। আনহাতে, অষ্টমীত সূৰ্য আৰু চন্দ্ৰ পৃথিৱীৰ সৈতে সমকৌণিক অৱস্থাত থাকিলে তলৰ অংশত সৃষ্ট কম প্ৰাবল্যৰ জোৱাৰক নাটনি জোৱাৰ বুলি কোৱা হয়। এই জোৱাৰ-ভাটাৰ নিয়মীয় গতিৰ ফলত বহু উপকাৰ হয়। জাহাজসমূহ বন্দৰত সহজে প্ৰৱেশ আৰু নিৰ্গমন কৰিব পাৰে। ভাটাৰ সময়ত জাহাজৰ তলভাগৰ মেৰামতি, জিনিসপত্র উঠা-নমা কৰাৰ বাবে উপযুক্ত সময় হয়। ইয়াৰ উপৰিও নদীৰ মোহনাত জমা হোৱা পল আৰু গেদ জোৱাৰৰ সময়ত সাগৰৰ মাজলৈ উটি যায়, যাৰ ফলত নদী আৰু উপকূলৰ পৰিষ্কাৰতা বজাই থাকে। তদুপৰি, কিছুমান দেশ যেনে- ৰাছিয়া, ফ্রান্স, চীন, কানাডা আদি দেশত জোৱাৰ-ভাটাৰ শক্তিৰ সহায়ত বিদ্যুৎ উৎপাদন কৰা হয়।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top