Class 11 Geography Important Chapter 21 সামুদ্রিক জলৰাশিৰ উষ্ণতা আৰু লৱণতা

Class 11 Geography Important Chapter 21 সামুদ্রিক জলৰাশিৰ উষ্ণতা আৰু লৱণতা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography Important Chapter 21 সামুদ্রিক জলৰাশিৰ উষ্ণতা আৰু লৱণতা Solutions in Assamese and select need one. Class 11 Elective Geography Additional Solutions Assamese Medium Download PDF. HS 1st Year Elective Geography Important Question Answer in Assamese.

Class 11 Geography Important Chapter 21 সামুদ্রিক জলৰাশিৰ উষ্ণতা আৰু লৱণতা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Geography Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 21

পঞ্চম গোট: জলমণ্ডল
IMPORTANT QUESTION AND ANSWER

১। সামুদ্ৰিক জলৰ গড় উষ্ণতা কিমান?

উত্তৰঃ সমুদ্ৰৰ পৃষ্ঠৰ গড় উষ্ণতা প্ৰায় ২৭° চেলচিয়াচ।

২। সামুদ্রিক জলৰাশিৰ উপৰিভাগৰ উষ্ণতা অৱস্থানভেদে কিমান চেলচিয়াচ।

উত্তৰঃ সামুদ্রিক জলৰাশিৰ উপৰিভাগৰ উষ্ণতা অৱস্থানভেদে ৩০― ৩০° চেলচিয়াচ।

৩। লৱণতা মাপিবলৈ কি একক ব্যৱহাৰ কৰা হয়?

উত্তৰঃ লৱণতা মাপিবলৈ (‰) একক ব্যৱহাৰ কৰা হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। কোনটো মহাসাগৰৰ গড় লৱণতা ৩৬ সহস্রাংশ।

উত্তৰঃ আটলান্টিক মহাসাগৰৰ গড় লৱণতা ৩৬ সহস্রাংশ।

৫। সমুদ্ৰৰ গভীৰ স্তৰ কিয় স্থায়ীভাৱে ঠাণ্ডা থাকে?

উত্তৰঃ সৌৰ বিকিৰণ গভীৰতালৈ নপোৱাত আৰু সোঁত বা বতাহৰ অভাৱত গভীৰ স্তৰ স্থায়ীভাৱে ঠাণ্ডা থাকে।

৬। সমুদ্ৰত গঠিত তিনিটা জলস্তৰসমূহ কি কি?

উত্তৰঃ সমুদ্ৰত গঠিত তিনিটা জলস্তৰসমূহ হ’ল- পৃষ্ঠ স্তৰ, থার্মক্লাইন স্তৰ আৰু গভীৰ স্তৰল।

৭। সামুদ্ৰিক উষ্ণতাৰ উলম্ব তাৰতম্যৰ বাবে কি সৃষ্টি হয়?

উত্তৰঃ সামুদ্ৰিক উষ্ণতাৰ উলম্ব তাৰতম্যৰ বাবে থাক্লাইন সৃষ্টি হয়।

৮। সমুদ্ৰৰ কিমান অংশ পানীৰ তাপৰ ৰাসায়নিক বিক্ৰিয়াৰে উষ্ণ থাকে?

উত্তৰঃ সমুদ্ৰৰ প্ৰায় ৭৫% অংশ থার্মক্লাইন ৰেখাৰ তলৰ অংশত থাকে, যি সৌৰ বিকিৰণৰ পৰিৱর্তে অভ্যন্তৰ বিকিৰণৰ দ্বাৰা উষ্ণ হৈ থাকে।

৯। লৱণতা কিমান হ’লে পানীক লোণাপানী বুলি কোৱা হয়?

উত্তৰঃ যেতিয়া পানীৰ লৱণতা ২৪.৭‰ বা তাতকৈ অধিক হয়, তেতিয়া তাক লোণাপানী বুলি কোৱা হয়।

১০। সচৰাচৰ সকলোবোৰ সাগৰৰ ক্ষেত্ৰতে সমুদ্রপৃষ্ঠৰ পৰা কিমান মিটাৰ পৰ্যন্ত গভীৰতাত অৱস্থিত পৃষ্ঠ-স্তৰৰ উষ্ণতা অৱস্থান অনুসৰি কম-বেছি হয়?

উত্তৰঃ সচৰাচৰ সকলোবোৰ সাগৰৰ ক্ষেত্ৰতে সমুদ্রপৃষ্ঠৰ পৰা ৪০০ মিটাৰ পৰ্যন্ত গভীৰতাত অৱস্থিত পৃষ্ঠ-স্তৰৰ উষ্ণতা অৱস্থান অনুসৰি কম-বেছি হয়।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। সামুদ্ৰিক জলৰ উষ্ণতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা কাৰকসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ সামুদ্ৰিক জলৰ উষ্ণতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা কাৰকসমূহ হ’ল—

(i) অক্ষাংশ: বিষুৱৰ পৰা দুই মেৰুৰ দিশত সৌৰ আতপনৰ প্রাবল্য কমি যায়। ফলস্বৰূপে সমুদ্রপৃষ্ঠৰ অৰ্থাৎ সাগৰৰ উপৰিভাগত থকা পানীৰ উত্তাপ বিষুৱৰ পৰা মেৰুৰ দিশত অক্ষাংশ বৃদ্ধিৰ বিপৰীত দিশত কমি যায়। সেইফালৰ পৰা আন্দামান সাগৰ অথবা গিনি অখাতৰ তুলনাত উত্তৰ মহাসাগৰৰ জলপৃষ্ঠৰ উত্তাপ ভালেখিনি কম হয়।

(ii) জলাবয়ব আৰু স্থলাবয়বৰ বিস্তৃতি: ঘাইকৈ নিম্ন আৰু মধ্য অক্ষাংশ অৱস্থানত মহাদেশীয় অৱয়বৰ সংস্পর্শত থকা সাগৰ-মহাসাগৰৰ পানী উন্মুক্ত মহাসাগৰৰ তুলনাত অধিক উষ্ণ হয়। সেয়েহে, স্থল-গোলার্ধ নামেৰে পৰিচিত উত্তৰ গোলাৰ্ধৰ নিম্ন অথবা মধ্য অক্ষাংশত অৱস্থিত লোহিত সাগৰ, পাৰস্য উপসাগৰ, ভূমধ্য সাগৰ, কৃষ্ণসাগৰ প্রভৃতি মহাদেশৰ অন্তৱর্তী সাগৰৰ (inland sea) উষ্ণতা দক্ষিণ গোলার্ধৰ উন্মুক্ত মহাসাগৰৰ পানীতকৈ যথেষ্ট বেছি। 

(iii) বতাহৰ সোঁত: মহাদেশৰ পৰা সমুদ্রমুখী বতাহৰ সোঁতে উপকূল অঞ্চলৰ পৰা সাগৰৰ উপবিভাগৰ উমাল পানীৰ স্তৰটো মাজ-সাগৰৰ ফালে ঠেলি নিয়ে। ফলস্বৰূপে উপকূল অঞ্চলত সাগৰৰ তলৰ পৰা উপৰিভাগলৈ শীতল পানী উঠি আহে। সেয়েহে, এনেবোৰ অঞ্চলত অক্ষাংশ অনুসৰি সমুদ্রপৃষ্ঠৰ উষ্ণতাৰ তাৰতম্য ঘটাৰ সলনি দ্রাঘিমাংশ অনুসৰি (পূবা-পশ্চিমাকৈ) সমুদ্র পৃষ্ঠৰ উষ্ণতা পৰিৱৰ্তন ঘটে। মৌচুমী বতাহ প্রভৃতি মহাসাগৰৰ পৰা উপকূলমুখী বতাহৰ সোঁতে মাজসাগৰৰৰ পৰা ঠেলি-হেঁচুকি অনা উমাল পৃষ্ঠ-জল (surface water) উপকূল জমা কৰাৰ ফলত উপকূলীয় জলপৃষ্ঠৰ উষ্ণতা বৃদ্ধি পায়।

(iv) সামুদ্রিক সোঁত: সামুদ্রিক সোঁত হল সাগৰৰ পানীৰ নিৰ্দিষ্ট গতিপথত বৈ থকা সোঁত। গৰম অঞ্চলৰ পৰা অহা সোঁত উষ্ণ হয় আৰু ঠাণ্ডা অঞ্চল উষ্ণ কৰে। ঠাণ্ডা অঞ্চলৰ সোঁত উষ্ণ অঞ্চল ঠাণ্ডা কৰে। উদাহৰণস্বৰূপে, আটলান্টিক মহাসাগৰৰ গাল্ফ ষ্ট্ৰীম (উষ্ণ সোঁত) উত্তৰ আমেৰিকা আৰু ইউৰোপ উষ্ণ কৰি তোলে, আৰু কেনেৰি সোঁত (ঠাণ্ডা সোঁত) আফ্ৰিকাৰ পশ্চিম উপকূল ঠাণ্ডা কৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top