Class 11 Geography Important Chapter 18 বায়ুমণ্ডলীয় অধঃক্ষেপণ

Class 11 Geography Important Chapter 18 বায়ুমণ্ডলীয় অধঃক্ষেপণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography Important Chapter 18 বায়ুমণ্ডলীয় অধঃক্ষেপণ Solutions in Assamese and select need one. Class 11 Elective Geography Additional Solutions Assamese Medium Download PDF. HS 1st Year Elective Geography Important Question Answer in Assamese.

Class 11 Geography Important Chapter 18 বায়ুমণ্ডলীয় অধঃক্ষেপণ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Geography Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 18

চতুর্থ গোট: বায়ুমণ্ডল, বতৰ আৰু জলবায়ু
IMPORTANT QUESTION AND ANSWER

১। জলীয় বাষ্পৰ উপস্থিতিয়ে বায়ুমণ্ডলত কি সৃষ্টি কৰে?

উত্তৰঃ জলীয় বাষ্পৰ উপস্থিতিয়ে বায়ুমণ্ডলত আর্দ্রতা সৃষ্টি কৰে।

২। ভূ-পৃষ্ঠৰ পৰা কিমান মিটাৰ উচ্চতাত অলক মেঘ সৃষ্টি হয়।

উত্তৰঃ ভূ-পৃষ্ঠৰ পৰা ৮০০০-১২০০ মিটাৰ উচ্চতাত অলক মেঘ সৃষ্টি হয়।

৩। উৎপত্তিৰ ধৰণকৰণ অনুসৰি বৃষ্টিপাতক কেইটা শ্রেণীত বিভক্ত কৰা হয়।

উত্তৰঃ উৎপত্তিৰ ধৰণকৰণ অনুসৰি বৃষ্টিপাতক তিনিটা শ্রেণীত বিভক্ত কৰা হয়।

৪। ডাৱৰৰ আন এটা নাম কি?

উত্তৰঃ ডাৱৰৰ আন এটা নাম হ’ল― মেঘ।

৫। উৎপত্তিৰ ধৰণকৰণ অনুসৰি বৃষ্টিপাতক তিনিটা ভাগসমূহ কি কি?

উত্তৰঃ উৎপত্তিৰ ধৰণকৰণ অনুসৰি বৃষ্টিপাতক তিনিটা ভাগসমূহ হ’ল―

(i) পৰিচলন বৃষ্টি।

(ii) শৈলোৎক্ষেপ বৃষ্টি।

(iii) ঘূর্ণীবৃষ্টি।

৬। জলচক্র কাক বোলে?

উত্তৰঃ ভূ-পৃষ্ঠৰ পৰা জলীয় বাষ্প ৰূপত ঊর্ধ্বগামী হোৱা পানীভাগ বায়ুমণ্ডলৰ বিভিন্ন স্তৰত বিভিন্ন ক্রিয়াকাণ্ডৰ লগত জড়িত হৈ অধঃক্ষেপণ ৰূপে নামি অহালৈকে গোটেই গতিপথটোক জলচক্র বোলে।

৭। পৃথিৱীৰ মুঠ বৃষ্টিপাতৰ কিমান শতাংশ সমুদ্রপৃষ্ঠত আৰু বাকী কিমান শতাংশ স্থলপৃষ্ঠৰ ওপৰত পৰে।

উত্তৰঃ পৃথিৱীৰ মুঠ বৃষ্টিপাতৰ ৭৭.৮ শতাংশ সমুদ্রপৃষ্ঠত আৰু বাকী ২২.২ শতাংশ স্থলপৃষ্ঠৰ ওপৰত পৰে।

৮। মহাদেশসমূহৰ অভ্যন্তৰ অঞ্চলসহ বিস্তীর্ণ সমভূমি অৱস্থানৰ উপকূলীয় অঞ্চলবোৰত সচৰাচৰ বাৰ্ষিক কিমান চেন্টিমিটাৰ পৰিসৰৰ বৰষুণ হয়?

উত্তৰঃ মহাদেশসমূহৰ অভ্যন্তৰ অঞ্চলসহ বিস্তীর্ণ সমভূমি অৱস্থানৰ উপকূলীয় অঞ্চলবোৰত সচৰাচৰ বাৰ্ষিক ১০০-২০০ চেন্টিমিটাৰ পৰিসৰৰ বৰষুণ হয়।

৯। ঝঞ্ঝা মেঘৰ আন এটা নাম কি?

উত্তৰঃ ঝঞ্ঝা মেঘৰ আন এটা নাম হ’ল― বৃষ্টিকাৰী মেঘ।

১০। ডাৱৰক কেইটা ভাগত ভাগ কৰা হয়?

উত্তৰঃ ডাৱৰক চাৰিটা ভাগত ভাগ কৰা হয়।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। ডাৱৰৰ চাৰিটা ভাগসমূহ বৰ্ণনা কৰা।

উত্তৰঃ ডাৱৰৰ চাৰিটা ভাগসমূহ হ’ল—

(i) অলক মেঘ: ভূ-পৃষ্ঠৰ পৰা ৮০০০-১২০০ মিটাৰ উচ্চতাত এই মেঘ সৃষ্টি হয়। ইহঁতৰ বৰণ শুধ বগা আৰু আকৃতিত কোমল ঊণ অথবা ধুনি থোৱা তুলাৰ দৰে। ফৰকাল বতৰৰ নীলা আকাশত দেখা এই শ্রেণীৰ মেঘ ক্ষুদ্রাতি ক্ষুদ্র তুষাৰ কণাৰে গঠিত যায়।

(ii) পুঞ্জ মেঘ: এই শ্ৰেণীৰ মেঘ ক’লা অথবা গাঢ় বৰণৰ। ইহঁতক ৪০০০-৭০০০ মিটাৰ উচ্চতাৰ ভিতৰত পোৱা যায়। ইহঁত দেখাত একোটা গম্বুজৰ দৰে। উষ্ণ আৰু আর্দ্র বায়ু ঊর্ধ্বগমনৰ ফলত এই মেঘ সৃষ্টি হয়। ইহঁতৰ তলদেশ অতিশয় বহল দেখা যায়।

(iii) স্তৰ মেঘ: আকাশৰ বিস্তীর্ণ অংশ আৱৰি ৰখা ই এক বহুস্তৰীয় গঠনৰ মেঘ। ভূ-পৃষ্ঠৰ পৰা ১০০০ মিটাৰমান উচ্চতাত বায়ুমণ্ডলীয় উষ্ণতাত অৱনতি অথবা বায়ুত অতিৰিক্তভাৱে জলীয় বাষ্প সংযোগ ঘটাৰ ফলত ইহঁতৰ উৎপত্তি ঘটে। সেয়েহে, উষ্ণতাৰ বিভিন্ন পৰিসৰত বেলেগ বেলেগ স্তৰ আকৃতিত এই মেঘ পোৱা যায়।

(iv) ঝঞ্ঝা অথবা বৃষ্টিকাৰী মেঘ: এই শ্ৰেণীৰ মেঘ ক’লা অথবা গাঢ় কপিল বৰ্ণৰ। ভূ-পৃষ্ঠৰ নিচেই কম উচ্চতাৰ পৰা আৰম্ভ কৰি ১২০০০মিঃ পর্যন্ত (পুঞ্জঝঞ্ঝা মেঘৰ ক্ষেত্রত) বিভিন্ন উচ্চতাত ইহঁতে অৱস্থান কৰে। এই শ্ৰেণীৰ অন্তর্ভুক্ত সকলোবোৰ মেঘেই অতিশয় ঘন। সেয়েহে, ইহঁতে পৃথিৱী অভিমুখী সৌৰ কিৰণক পথৰুদ্ধ কৰে।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top