Class 11 Geography Important Chapter 19 পৃথিৱীৰ জলবায়ু আৰু ইয়াৰ পৰিৱৰ্তন

Class 11 Geography Important Chapter 19 পৃথিৱীৰ জলবায়ু আৰু ইয়াৰ পৰিৱৰ্তন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography Important Chapter 19 পৃথিৱীৰ জলবায়ু আৰু ইয়াৰ পৰিৱৰ্তন Solutions in Assamese and select need one. Class 11 Elective Geography Additional Solutions Assamese Medium Download PDF. HS 1st Year Elective Geography Important Question Answer in Assamese.

Class 11 Geography Important Chapter 19 পৃথিৱীৰ জলবায়ু আৰু ইয়াৰ পৰিৱৰ্তন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Geography Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 19

চতুর্থ গোট: বায়ুমণ্ডল, বতৰ আৰু জলবায়ু
IMPORTANT QUESTION AND ANSWER

১। জলবায়ু কাক বোলে?

উত্তৰঃ বিস্তীর্ণ এলেকাৰ ক্ষেত্ৰত প্রযোজ্য হোৱাকৈ কমপক্ষেও পঞ্চাছ বছৰ জুৰি প্ৰকাশ পোৱা বায়ুমণ্ডলৰ উষ্ণতা, আর্দ্রতা, অধঃক্ষে পণ, বতাহৰ গতিবিধি প্রভৃতি অৱস্থাসমূহৰ সামগ্রিক ৰেহৰৰূপক এলেকাটোৰ জলবায়ু বোলে।

২। উচ্চভূমি জলবায়ু অথবা পার্বত্য জলবায়ু বুলিলে কি বুজা?

উত্তৰঃ উচ্চতাৰ প্ৰতিফল স্বৰূপে তুন্দ্রা অথবা হিমাবৃত জলবায়ুৰ সমমানৰ শীতল হৈ পৰা পার্বত্য এলেকাৰ জলবায়ুক উচ্চভূমি জলবায়ু অথবা পার্বত্য জলবায়ু (EH) বোলে।

৩। কাৰ আঁচনি অনুসৰি পৃথিৱীৰ সমুদায় লক্ষণৰ জলবায়ুসমূহক A, B, C, D আৰু E নামৰ পাঁচটা বৰ্গ (group) অথবা প্ৰাথমিক পৰ্যায়ৰ বিভাগত বিভক্ত কৰা হৈছে?

উত্তৰঃ কোপেনৰ আঁচনি অনুসৰি পৃথিৱীৰ সমুদায় লক্ষণৰ জলবায়ুসমূহক A, B, C, D আৰু E নামৰ পাঁচটা বৰ্গ (group) অথবা প্ৰাথমিক পৰ্যায়ৰ বিভাগত বিভক্ত কৰা হৈছে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। কিমান চনৰ কোনটো মাহত আইচলেণ্ডত হোৱা জ্বালামুখী উদ্‌গীৰণৰ ফলত সমগ্র পশ্চিম ইউৰোপ আৰু উত্তৰ আটলান্টিকৰ আকাশ কেইবাদিনলৈকে ধুসৰ হৈ পৰা দেখা গৈছিল?

উত্তৰঃ ২০১০ চনৰ এপ্রিল মাহত আইচলেণ্ডত হোৱা জ্বালামুখী উদ্‌গীৰণৰ ফলত সমগ্র পশ্চিম ইউৰোপ আৰু উত্তৰ আটলান্টিকৰ আকাশ কেইবাদিনলৈকে ধুসৰ হৈ পৰা দেখা গৈছিল।

৫। বছৰৰ প্ৰতিটো দিনতে আবেলিৰ তাপমান প্রায় কিমান চেলচিয়াচলৈ উঠে আৰু শেহনিশা কিমান চেলচিয়াচলকৈ নামে?

উত্তৰঃ বছৰৰ প্ৰতিটো দিনতে আবেলিৰ তাপমান প্রায় ৩০° চেলচিয়াচলৈ উঠে আৰু শেহনিশা ২০° চেলচিয়াচলকৈ নামে।

৬। বর্গ-E: হিমশীতল জলবায়ুত পোৱা তিনিটা জলবায়ু কি কি?

উত্তৰঃ বর্গ-E: হিমশীতল জলবায়ুত পোৱা তিনিটা জলবায়ু হ’ল– তুন্দ্রা (ET), হিমাবৃত (EF) আৰু উচ্চভূমি (EH) জলবায়ু।

৭। কোপেনৰ আঁচনি অনুসৰি পৃথিৱীৰ সমুদায় লক্ষণৰ জলবায়ুসমূহক কেইটা পৰ্যায়ত বিভক্ত কৰা হৈছে?

উত্তৰঃ কোপেনৰ আঁচনি অনুসৰি পৃথিৱীৰ সমুদায় লক্ষণৰ জলবায়ুসমূহক পাঁচটা পৰ্যায়ত বিভক্ত কৰা হৈছে।

৮। জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণ কি?

উত্তৰঃ জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণ হ’ল– বননিৰ্মূল, যান্ত্রিকীকৰণ, গাড়ী আৰু কল-কাৰখানাৰ পৰা নিঃসৃত ধোঁৱা।

৯। শীতল জলবায়ু অঞ্চলৰ গছপুলৰ বৈশিষ্ট্য কি?

উত্তৰঃ শীতল জলবায়ু অঞ্চলৰ গছপুলৰ বৈশিষ্ট্য হ’ল– উত্ত  সৰুকৈ পাতেৰে থকা, ৰাভনসকল, চিৰসেউজ গছপুল থাকে, যেনে শলগছ, চিনাৰ গছ।

১০। শুষ্ক জলবায়ু দুই প্রকাৰ কি কি?

উত্তৰঃ শুষ্ক জলবায়ু দুই প্রকাৰ হ’ল– ষ্টেপচ (Steppes) অথবা মৰুপ্ৰায় জলবায়ু (BS) আৰু মৰুদেশীয় জলবায়ু।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। গোলকীয় উত্তাপ বৃদ্ধি বুলিলে কি বুজা? ইয়াৰ প্রধান উৎস আৰু ফলাফলবোৰ আলোচনা কৰা।

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধি (Global Warming) হৈছে পৃথিৱীৰ গড় উষ্ণতাৰ ধীৰ কিন্তু নিৰন্তৰ বৃদ্ধি, যাৰ প্ৰধান কাৰণ হৈছে বায়ুমণ্ডলত সেউজগৃহ গেছৰ অধিক হাৰত উপস্থিতি। এই সেউজগৃহ গেছবোৰ যেনে কার্বন-ডাইঅক্সাইড (CO₂), মিথেন (CH₄), নাইট্ৰাছ অক্সাইড (N₂O), আৰু ক্লৰ’ফ্লৰ’ কাৰ্বন (CFC) বায়ুমণ্ডলত দীর্ঘসময় ধৰি থাকি পৃথিৱীৰ পৰা ওলোৱা তাপ ধৰি ৰাখে। ফলস্বৰূপে বায়ুমণ্ডল গৰম হৈ পৰে আৰু পৃথিৱীৰ গড় উষ্ণতা বাঢ়ি যায়। এই ঘটনাৰ প্ৰধান উৎস হ’ল– বন উচ্ছেদ, অতি বেছি পৰিমাণে খনিজ জ্বালানী দহন (যেনে- তেল, কয়লা, গেছ), উদ্যান আৰু গৃহপালিত পশুপালনৰ পৰা গেছ নিঃসৰণ, শিল্প-কাৰখানাৰ ধোঁৱা, আৰু শীতলীকৰণ যন্ত্ৰৰ পৰা নিঃসৃত CFC। এই গোলকীয় উত্তাপ বৃদ্ধিৰ ভয়ংকৰ ফলাফলৰ ভিতৰত হিমবাহ গলি সাগৰৰ জলস্তৰ বাঢ়ি যোৱা, উপকূলীয়া অঞ্চল ডুবি যোৱা, খৰাং, অনিয়মিত বৰষুণ, খাদ্য সংকট, জৈৱবৈচিত্ৰ্য হ্ৰাস, নতুন ৰোগৰ প্ৰসাৰ আৰু জনবসতিসমূহ স্থানান্তৰ হোৱাৰ দৰে সমস্যা দেখা দিছে। ইয়াৰ ফলত বিশ্বজুৰি পৰিৱেশগত, অৰ্থনৈতিক আৰু সামাজিক সংকট দিনক দিনে গভীৰ হৈ পৰিছে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top