Class 11 Business Studies Important Chapter 8 ব্যৱসায় বিত্তৰ উৎসসমূহ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Business Studies Important Chapter 8 ব্যৱসায় বিত্তৰ উৎসসমূহ Solutions in Assamese and select need one. Class 11 Business Studies Additional Solutions Assamese Medium Download PDF. HS 1st Year Business Studies Important Question Answer Assamese Medium.
Class 11 Business Studies Important Chapter 8 ব্যৱসায় বিত্তৰ উৎসসমূহ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Business Studies Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Business Studies Important Solutions in Assamese for All Chapters, You can practice these here.
ব্যৱসায় বিত্তৰ উৎসসমূহ
Chapter: 8
| দ্বিতীয় খণ্ড: কোম্পানী সংগঠন , বিত্ত আৰু বেহা-বেপাৰ |
| IMPORTANT QUESTION AND ANSWER |
১। সঞ্চিত লাভ বুলিলে কি বুজা?
উত্তৰঃ এটা কোম্পানীয়ে সাধাৰণতে ইয়াৰ অংশধাৰক-সকলক সকলোবোৰ লভ্যাংশ বিতৰণ নকৰি ভৱিষ্যতৰ বাবে ইয়াৰ এটা অংশ ৰাখি থয়। ইয়াকে সঞ্চিত লাভ বোলে।
২। এটা ব্যৱসায়ী সংগঠনৰ লাভৰ পুনৰ বিনিয়োগ বহুতো উপাদানৰ ওপৰত নিৰ্ভৰ কৰে সেই উপাদানবোৰ লিখা?
উত্তৰঃ এটা ব্যৱসায়ী সংগঠনৰ লাভৰ পুনৰ বিনিয়োগ বহুতো উপাদানৰ ওপৰত নিৰ্ভৰ কৰে যেনে- প্রকৃত লাভ, লভ্যাংশৰ নীতি আৰু সংগঠনৰ স্থায়িত্ব আদি।
৩। ৰাজহুৱা জমা বুলিলে কি বুজা?
উত্তৰঃ ব্যৱসায় সংগঠনবোৰে জনসাধাৰণৰ পৰা প্রত্যক্ষভাৱে জমা গ্ৰহণ কৰাকে ৰাজহুৱা জমা বোলা হয়।
৪। যিকোনো ব্যক্তিয়ে ৰাজহুৱা জমা নিধিত ধন জমা থ’ব বিচাৰিলে কি কৰিব লাগে?
উত্তৰঃ যিকোনো ব্যক্তিয়ে ৰাজহুৱা জমা নিধিত ধন জমা থ’ব বিচাৰিলে নিৰ্দ্ধাৰিত প্ৰ-পত্ৰ পূৰণ কৰিব লাগে।
৫। অংশ মূলধন বুলিলে কি বুজায়?
উত্তৰঃ অংশপত্ৰ বিলিৰ দ্বাৰা কোম্পানীয়ে পোৱা মূলধনক অংশ মূলধন বোলে।
৬। অংশপত্ৰ বুলিলে কি বুজায়?
উত্তৰঃ কোম্পানীৰ মূলধনক সৰু সৰু অংশত বিভক্ত কৰাক অংশপত্ৰ বোলা হয়।
৭। প্রতিটো অংশক কি বোলা হয়?
উত্তৰঃ প্ৰতিটো অংশক নামমাত্র মূল্য (Nominal Value) বোলা হয়।
৮। অংশধাৰক বুলিলে কি বুজা?
উত্তৰঃ যি ব্যক্তিয়ে অংশ ধাৰণ কৰে তেওঁক অংশধাৰক বোলা হয়।
৯। কোম্পানীয়ে সাধাৰণতে কেই ধৰণৰ অংশ বিলি কৰে?
উত্তৰঃ কোম্পানীয়ে সাধাৰণতে দুই ধৰণৰ অংশ বিলি কৰে– সাধাৰণ অংশ (সমাংশ) আৰু অগ্ৰাধিকাৰ অংশ।
১০। বাণিজ্যিক পত্র কিয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে ব্যৱহাৰ কৰে?
উত্তৰঃ বাণিজ্যিক পত্র হ্রস্বকালীন বিত্তৰ জোৰা মাৰিবৰ বাবে অবন্ধকমুক্ত প্ৰতিশ্ৰুতি পত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়।
১১। বাণিজ্যিক পত্রৰ সাধাৰণ ম্যাদকাল কিমান?
উত্তৰঃ বাণিজ্যিক পত্রৰ ম্যাদ সাধাৰণতে ৯০ দিনৰ পৰা ২৬৩ দিনলৈ হয়।
১২। বাণিজ্যিক পত্র কোন প্ৰতিষ্ঠানসমূহক বিলি কৰা হয়?
উত্তৰঃ বাণিজ্যিক পত্র বীমা কোম্পানী, পেঞ্চন নিধি, আৰু বেংক আদিলৈ বিলি কৰা হয়।
১৩। ৰাজহুৱা জমা কাক কোৱা হয়?
উত্তৰঃ জনসাধাৰণৰ পৰা ব্যৱসায় সংগঠনে প্রত্যক্ষভাৱে গ্ৰহণ কৰা জমাক ৰাজহুৱা জমা বোলে।
১৪। ৰাজহুৱা জমা নিৰ্বাহ কৰিবলৈ জনসাধাৰণে কি কৰিব লাগে?
উত্তৰঃ ৰাজহুৱা জমা নিৰ্বাহ কৰিবলৈ জনসাধাৰণে নিৰ্দ্ধাৰিত প্ৰ-পত্ৰ পূৰণ কৰিব লাগে।
১৫। ৰাজহুৱা জমাৰ বিধি-নিয়ম কোনে নিৰ্ধাৰণ কৰে?
উত্তৰঃ ৰাজহুৱা জমাৰ বিধি-নিয়ম ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) নিৰ্ধাৰণ কৰে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


