Class 11 Business Studies Important Chapter 7 কোম্পানীৰ গঠন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Business Studies Important Chapter 7 কোম্পানীৰ গঠন Solutions in Assamese and select need one. Class 11 Business Studies Additional Solutions Assamese Medium Download PDF. HS 1st Year Business Studies Important Question Answer Assamese Medium.
Class 11 Business Studies Important Chapter 7 কোম্পানীৰ গঠন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Business Studies Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Business Studies Important Solutions in Assamese for All Chapters, You can practice these here.
কোম্পানীৰ গঠন
Chapter: 7
| দ্বিতীয় খণ্ড: কোম্পানী সংগঠন , বিত্ত আৰু বেহা-বেপাৰ |
| IMPORTANT QUESTION AND ANSWER |
১। সম্মিলিত দফাত কাক বুজোৱা হয়?
উত্তৰঃ সম্মিলিত দফাত সেই ব্যক্তি সকলক বুজোৱা হয়, যিসকলে স্মাৰকলিপিত নাম, ঠিকনা আৰু দস্তখত সহ কোম্পানী গঠন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে।
২। স্মাৰকলিপিত দস্তখতকাৰীসকলে মূলধনৰ বিষয়ে কি সন্মতি দিয়ে?
উত্তৰঃ তেওঁলোকে সন্মতি দিয়ে যে কোম্পানীৰ মূলধনৰ অংশ তেওঁলোকৰ নামৰ বিপৰীতে থোৱা মতে গ্ৰহণ কৰা হ’ব।
৩। স্মাৰকলিপি অনুসৰি ব্যক্তিসকলে কেনেধৰণে কোম্পানী গঠন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে?
উত্তৰঃ তেওঁলোকে স্মাৰকলিপিত স্বাক্ষৰ দি কোম্পানী গঠন কৰিবলৈ ইচ্ছুক বুলি ঘোষণা কৰে।
৪। যোগ্যতামাপক অংশপত্র কাক কোৱা হয়?
উত্তৰঃ যি অংশপত্ৰ সঞ্চালকসকলে কোম্পানীৰ আভ্যন্তৰীণ নিয়ম অনুসৰি ব্যৱসায় আৰম্ভণিৰ আগতে কিনিবলগীয়া হয়, তাক যোগ্যতামাপক অংশপত্র কোৱা হয়।
৫। সঞ্চালকসকলে অংশপত্ৰ কেতিয়া কিনিব লাগে?
উত্তৰঃ সঞ্চালকসকলে অংশপত্ৰ ব্যৱসায় আৰম্ভণিৰ প্ৰমাণপত্ৰ লাভ কৰাৰ আগতে কিনিব লাগে।
৬। যোগ্যতামাপক অংশপত্ৰ কেনেকে নিৰ্ধাৰণ কৰা হয়?
উত্তৰঃ যোগ্যতামাপক অংশপত্ৰ সাধাৰণতে কোম্পানীৰ আভ্যন্তৰীণ নিয়মাৱলীত বিশেষ বিধান হিচাপে উল্লেখ থাকে আৰু তাৰ ভিত্তিত নির্ধাৰণ কৰা হয়।
৭। প্ৰাৰম্ভিক চুক্তিপত্ৰ বুলিলে কি বুজায়?
উত্তৰঃ প্ৰাৰম্ভিক চুক্তিপত্ৰ বুলিলে কোম্পানী নিবন্ধনৰ আগতে প্ৰৱৰ্ত্তকে কোম্পানীৰ পক্ষত তৃতীয় পক্ষৰ সৈতে কৰা চুক্তিসমূহক বুজায়।
৮। প্ৰাৰম্ভিক চুক্তিপত্ৰ কোনে কৰে?
উত্তৰঃ প্ৰৱৰ্ত্তকে কোম্পানীৰ হৈ এই চুক্তিপত্ৰসমূহ কৰে।
৯। প্ৰাৰম্ভিক চুক্তিপত্ৰ কেতিয়া কৰা হয়?
উত্তৰঃ প্ৰাৰম্ভিক চুক্তিপত্ৰসমূহ কোম্পানী নিবন্ধনৰ আগতে, প্ৰৱৰ্তনৰ সময়ছোৱাত কৰা হয়।
১০। প্ৰাৰম্ভিক চুক্তিপত্ৰসমূহ আইনগতভাৱে কোম্পানীক সাঙুৰিব পাৰে নে?
উত্তৰঃ নাই, এই চুক্তিপত্ৰসমূহে আইনগতভাৱে কোম্পানীক বাধ্য কৰিব নোৱাৰে।
১১। কোম্পানী গঠন হোৱাৰ পাছত এই চুক্তিপত্ৰসমূহ কোম্পানীয়ে মানিব পাৰেনে?
উত্তৰঃ হয়, কোম্পানীয়ে ইচ্ছা কৰিলে প্ৰাৰম্ভিক চুক্তিৰ সন্মান চর্তত নতুন চুক্তি কৰিব পাৰে।
১২। প্ৰৱৰ্ত্তকসকলে চুক্তি কৰাৰ সময়ত কাৰ পক্ষ লয় বুলি ধৰা হয়?
উত্তৰঃ তেওঁলোকে কোম্পানীৰ হৈ চুক্তি কৰে বুলি ধৰা হয়।
১৩। সাময়িক চুক্তি কেতিয়া কৰা হয়?
উত্তৰঃ সাময়িক চুক্তি কোম্পানী নিবন্ধন হোৱাৰ পাছত, কিন্তু ব্যৱসায় আৰম্ভ হোৱাৰ আগতে কৰা হয়।
১৪। সাময়িক চুক্তিৰ প্ৰয়োগ কেতিয়া হয়?
উত্তৰঃ সাময়িক চুক্তিৰ প্ৰয়োগ হয় কোম্পানীয়ে ব্যৱসায় আৰম্ভণিৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ পাছত।
১৫। সাময়িক চুক্তিসমূহ কি?
উত্তৰঃ সাময়িক চুক্তিসমূহ হৈছে যিবোৰ নিবন্ধ হোৱাৰ পাচত কিন্তু ব্যৱসায় আৰম্ভ হোৱাৰ আগেয়ে স্বাক্ষৰিত হয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


