Class 11 Business Studies Important Chapter 5 ব্যৱসায়ৰ উদগমনৰ ধৰণসমূহ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Business Studies Important Chapter 5 ব্যৱসায়ৰ উদগমনৰ ধৰণসমূহ Solutions in Assamese and select need one. Class 11 Business Studies Additional Solutions Assamese Medium Download PDF. HS 1st Year Business Studies Important Question Answer Assamese Medium.
Class 11 Business Studies Important Chapter 5 ব্যৱসায়ৰ উদগমনৰ ধৰণসমূহ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Business Studies Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Business Studies Important Solutions in Assamese for All Chapters, You can practice these here.
ব্যৱসায়ৰ উদগমনৰ ধৰণসমূহ
Chapter: 5
| প্রথম খণ্ড: ব্যৱসায়ৰ বুনিয়াদ |
| IMPORTANT QUESTION AND ANSWER |
১। পঞ্জীয়ণৰ অৰ্থ কি?
উত্তৰঃ পঞ্জীয়ণৰ অৰ্থ হৈছে অনলাইন দোকানীজনৰ ওচৰত তোমাৰ এটা ‘একাউন্ট’ থাকিব।
২। শ্বপিং কার্ট কি?
উত্তৰঃ শ্বপিং কার্ট হৈছে তুমি অনলাইন ভঁড়ালত ব্রউজ কৰোঁতে যিবোৰ বস্তু বাছিলা সেইবোৰৰ অনলাইন ৰেকৰ্ড।
৩। ডিজিটেল নগদ ধন কি?
উত্তৰঃ ডিজিটেল নগদ ধন হৈছে এক ধৰণৰ তড়িৎ মূদ্রা যাৰ অস্তিত্ব অকল চাইবাৰস্পেচতহে (Cyberspace) আছে।
৪। ‘কুকিছ’ কি?
উত্তৰঃ ‘কুকিছ’ হৈছে টেলিফোনত থকা কলাৰ আই ডিৰ ব্যৱস্থাৰ দৰে এবিধ ব্যৱস্থা যি ব্যৱস্থাই টেলিমার্কেটাৰসকলক ভালেমান প্ৰাসংগিক তথ্যৰ যোগান ধৰে যেনে, উপভোক্তাৰ নাম, ঠিকনা আৰু পূৰ্বতে দাম আদায়ৰ তথ্য।
৫। যিকোনো ব্যৱসায় আৰম্ভ কৰিবলৈ হ’লে কিহৰ প্ৰয়োজন হয়?
উত্তৰঃ যিকোনো ব্যৱসায় আৰম্ভ কৰিবলৈ হ’লে টকা, মানুহ আৰু যন্ত্রপাতি (হার্ডৱেৰ)ৰ প্ৰয়োজন।
৬। আউটছৰ্ছিং কি?
উত্তৰঃ আউটছৰ্ছিং হৈছে আন এক প্ৰৱণতা যিটোয়ে ব্যৱসায়ৰ আমূল পৰিৱৰ্তন ঘটাই আছে।
৭। বিদ্যালয় এখনৰ মূল উদ্দেশ্য কি?
উত্তৰঃ বিদ্যালয় এখনৰ মূল উদ্দেশ্য হৈছে পাঠ্যক্ৰম আৰু সহ-পাঠ্যক্ৰমৰ কাম-কাজেৰে শিশু এটাক বিকশিত কৰা।
৮। জেনেৰেল ইলেকট্রিক কি?
উত্তৰঃ জেনেৰেল ইলেকট্রিক হ’ল ভাৰতত থকা এটা বৃহত্তম কেপ্তিভ বিপিঅ’ (BPO)।
৯। আউটছৰ্ছিংৰ ব্যৱহাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো লিখা?
উত্তৰঃ আউটছৰ্ছিংৰ ব্যৱহাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হ’ল আনৰ কৰ্ম কুশলতা আৰু অভিজ্ঞতাৰ পৰা লাভ আহৰণ কৰা।
১০। বিদেশত কৰা আউটছৰ্ছিঙে কেনেকৈ অর্থনৈতিক উন্নয়নত উৎসাহ দিয়ে?
উত্তৰঃ বিদেশত কৰা আউটছৰ্ছিঙে উদ্যমশীলতা আৰু কর্মসংস্থান উৎসাহিত কৰে আৰু যিখন দেশত আউটছৰ্ছিং কৰা হয় সেই দেশৰ ৰপ্তানি বৃদ্ধি কৰে।
১১। ইনফর্মেটিক্স খণ্ডৰ বিশ্বৰ আউটছৰ্ছিঙৰ কিমান শতাংশ ভাৰতত হয়?
উত্তৰঃ ইনফর্মেটিক্স খণ্ডৰ বিশ্বৰ আউটছৰ্ছিঙৰ প্ৰায় ৬০ শতাংশ ভাৰতত হয়।
১২। ২০০৮ চনৰ ভিতৰত আউটছৰ্ছিং খণ্ডৰ ৰাজহ কিমান হ’ব বুলি আশা কৰা হৈছিল?
উত্তৰঃ ২০০৮ চনৰ ভিতৰত আউটছৰ্ছিং খণ্ডৰ ৰাজহ ২০ বিলিয়ন ডলাৰৰো অধিক হ’ব বুলি আশা কৰা হৈছিল।
১৩। আউটছৰ্ছিংৰ চাৰিটা গুৰুত্বপূৰ্ণ অংশবোৰ লিখা?
উত্তৰঃ আউটছৰ্ছিং চাৰিটা গুৰুত্বপূৰ্ণ অংশৰে গঠিত— বস্তু উৎপন্ন কৰাৰ ঠিকা, গৱেষণাৰ ঠিকা, বিক্ৰীৰ ঠিকা আৰু তথ্যযোগান।
১৪। ই-ব্যৱসায় আৰু আউটছৰ্ছিং কিহৰ বহিঃপ্রকাশ?
উত্তৰঃ ই-ব্যৱসায় আৰু আউটছৰ্ছিং হৈছে পৰিৱৰ্তনৰ সুস্পষ্ট বহিঃপ্রকাশ।
১৫। আভ্যন্তৰীণ শক্তিৰ উদাহৰণ কি?
উত্তৰঃ উন্নয়ন আৰু দক্ষতাৰ বাবে কৰা অনুসন্ধান।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


