Class 11 Business Studies Important Chapter 3 ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ

Class 11 Business Studies Important Chapter 3 ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Business Studies Important Chapter 3 ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ Solutions in Assamese and select need one. Class 11 Business Studies Additional Solutions Assamese Medium Download PDF. HS 1st Year Business Studies Important Question Answer Assamese Medium.

Class 11 Business Studies Important Chapter 3 ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Business Studies Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Business Studies Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 3

প্রথম খণ্ড: ব্যৱসায়ৰ বুনিয়াদ
IMPORTANT QUESTION AND ANSWER

১। বিধিবদ্ধ নিগমবোৰ কি?

উত্তৰঃ বিধিবদ্ধ নিগমবোৰ হৈছে সংসদৰ বিশেষ আইনক দ্বাৰা গঠিত ৰাজহুৱা নিগম।

২। মিশ্র (mixed) অর্থনীতি বুলিলে কি বুজা?

উত্তৰঃ ভাৰতীয় অর্থনীতিত যিহেতু ব্যক্তিগত তথা চৰকাৰী মালিকানাধীন দুয়োবিধ ব্যৱসায়িক উদ্যোগ আছে সেয়ে ইয়াক মিশ্র (mixed) অর্থনীতি বুলি জনা যায়।

৩। আমাৰ অর্থনীতিক ভাগ কৰা দুটা খণ্ড লিখা?

উত্তৰঃ আমাৰ অর্থনীতিক ব্যক্তিগত আৰু ৰাজহুৱা এই দুটা খণ্ডত ভাগ কৰিব পাৰি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। মিশ্র অর্থনীতি ব্যৱস্থাত কোন দুটা উদ্যোগক কার্য সম্পাদন কৰিবলৈ অনুমতি দিয়া হয়?

উত্তৰঃ মিশ্র অর্থনীতি ব্যৱস্থাত ব্যক্তিগত আৰু চৰকাৰী এই দুয়োবিধ উদ্যোগকে কার্য সম্পাদন কৰিবলৈ অনুমতি দিয়া হয়।

৫। ১৯৫১ চনৰ পাছত চৰকাৰে পঞ্চবার্ষিক পৰিকল্পনাৰ জৰিয়তে কি উদ্দেশ্যে ৰাজহুৱা খণ্ডৰ উদ্যোগ স্থাপন কৰিছিল?

উত্তৰঃ ১৯৫১ চনৰ পাছত, চৰকাৰে পঞ্চবার্ষিক পৰিকল্পনাবোৰত পিছ পৰি থকা অঞ্চলবোৰত বিশেষ মনোযোগ দিয়াৰ উদ্দেশ্যে ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰ স্থাপন কৰে।

৬। ৰাজহুৱা উদ্যোগ এটা কেনেধৰণে সংগঠিত হ’ব পাৰে?

উত্তৰঃ ৰাজহুৱা উদ্যোগ এটা তলত দিয়া ধৰণে সংগঠিত হ’ব পাৰে-

(ক) বিভাগীয় সংগঠন (Departmental undertaking)।

(খ) বিধিৱদ্ধ নিগম (Statutory corporation)।

(গ) চৰকাৰী কোম্পানী (Government Company)।

৭। বিভাগীয় সংগঠন কি?

উত্তৰঃ বিভাগীয় সংগঠন হৈছে আটাইতকৈ পুৰণি আৰু পৰম্পৰাগত ৰূপ।

৮। বিভাগীয় সংগঠনবোৰক স্বায়ত্বশাসিত বা স্বতন্ত্র প্রতিষ্ঠান হিচাপে গণ্য কৰা হয় নে?

উত্তৰঃ নহয়, বিভাগীয় সংগঠনবোৰক স্বায়ত্বশাসিত বা স্বতন্ত্র প্রতিষ্ঠান হিচাপে গণ্য কৰা নহয়, কাৰণ ইয়াৰ নিজৰ কোনো আইনী সত্তা (legal entity) নাথাকে।

৯। ৰাজহুৱা উদ্যোগসমূহ কিহৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ৰূপত সংগঠিত হ’ব পাৰে?

উত্তৰঃ কামৰ প্ৰকৃতি তথা চৰকাৰৰ লগত থকা সম্বন্ধৰ ওপৰত নিৰ্ভৰ কৰি ৰাজহুৱা উদ্যোগসমূহ যিকোনো ৰূপত সংগঠিত হ’ব পাৰে।

১০। ১৯৫৬ চনৰ কোম্পানী আইন অনুসৰি চৰকাৰী কোম্পানী হিচাপে কোন কোম্পানী গণ্য কৰা হয়?

উত্তৰঃ ১৯৫৬ চনৰ কোম্পানী আইন মতে, এনে কোম্পানী যাৰ আদায়কৃত মূলধনৰ কমেও ৫১% অংশ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বা উভয়ৰ মিলিত মালিকানাত থাকে, তাক চৰকাৰী কোম্পানী বুলি গণ্য কৰা হয়।

১১। স্মাৰক আৰু অন্তর্লিপি কি?

উত্তৰঃ স্মাৰক আৰু অন্তর্লিপি হৈছে কোম্পানীৰ উদ্দেশ্য তথা নিয়ম-কানুন সন্নিবিষ্ট প্রধান নথি।

১২। ভাৰতৰ কোন বেংকৰ আটাইতকৈ বেছি ATM আছে?

উত্তৰঃ ভাৰতীয় স্টেট বেংকৰ (SBI) আটাইতকৈ বেছি ATM আছে।

১৩। গোটেই ভাৰতত কোন বেংকৰ নেটৱৰ্ক সেৱাৰ পৰিধি সর্ববৃহৎ?

উত্তৰঃ গোটেই ভাৰতত ভাৰতীয় স্টেট বেংকৰ নেটৱৰ্ক সেৱাৰ পৰিধি সর্ববৃহৎ।

১৪। ২০০৫ চনত SBI কি ধৰণৰ প্রয়াস হাতত লৈছিল?

উত্তৰঃ ২০০৫ চনত SBI এ ভাবমূর্তি নির্মাণৰ বিশাল প্রয়াস হাতত লৈছিল।

১৫। SBIৰ আধুনিকীকৰণৰ পৰা কোনবোৰ সুবিধা লাভ হৈছে?

উত্তৰঃ SBIৰ আধুনিকীকৰণৰ পৰা গ্ৰাহক হিতকাৰী সেৱা আৰু কাম কাজৰ উন্নতি লাভ হৈছে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top