Class 11 Business Studies Important Chapter 2 ব্যৱসায় সংগঠনৰ প্ৰকাৰ সমূহ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Business Studies Important Chapter 2 ব্যৱসায় সংগঠনৰ প্ৰকাৰ সমূহ Solutions in Assamese and select need one. Class 11 Business Studies Additional Solutions Assamese Medium Download PDF. HS 1st Year Business Studies Important Question Answer Assamese Medium.
Class 11 Business Studies Important Chapter 2 ব্যৱসায় সংগঠনৰ প্ৰকাৰ সমূহ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Business Studies Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Business Studies Important Solutions in Assamese for All Chapters, You can practice these here.
ব্যৱসায় সংগঠনৰ প্ৰকাৰ সমূহ
Chapter: 2
| প্রথম খণ্ড: ব্যৱসায়ৰ বুনিয়াদ |
| IMPORTANT QUESTION AND ANSWER |
১। ব্যক্তিগত মালিকীস্বত্ব ব্যৱসায় কি?
উত্তৰঃ ব্যক্তিগত মালিকীস্বত্ব ব্যৱসায় হৈছে এনে একপ্ৰকাৰৰ ব্যৱসায় য’ত এজন ব্যক্তিয়ে সম্পূর্ণ দায়িত্ব বহন কৰি মূলধন যোগান ধৰে, ব্যৱসায়ৰ বিপদ-শংকা বহন কৰে আৰু পৰিচালনা কৰে।
২। ব্যক্তিগত মালিকীস্বত্ত্ব ব্যৱসায় কিয় চলোৱা হয়? উদাহৰণ দিয়া।
উত্তৰঃ ব্যক্তিগত মালিকীস্বত্ত্ব ব্যৱসায় স্থানীয় চাহিদা পূৰণৰ বাবে চলোৱা হয়। উদাহৰণ: ৰূপ সজ্জাৰ দোকান, চুলি কটা দোকান আৰু ক্ষুদ্র আয়তনৰ খুচুৰা ব্যৱসায়।
৩। যৌথহিন্দু পৰিয়ালৰ ব্যৱসায়ৰ সদস্য নিয়ন্ত্রিত হোৱা দুটা ধৰণ লিখা।
উত্তৰঃ যৌথহিন্দু পৰিয়ালৰ ব্যৱসায়ৰ সদস্য নিয়ন্ত্রিত হোৱা দুটা ধৰণ হ’ল-
(ক) দয়াভাগা।
(খ) মিতাক্ষৰা।
৪। নামমাত্ৰ অংশীদাৰ কি?
উত্তৰঃ নামমাত্ৰ অংশীদাৰ হৈছে যিজনে অংশীদাৰী ব্যৱসায়ত তেওঁৰ নাম অংশীদাৰ হিচাবে ব্যৱহাৰ কৰিব দিয়ে কিন্তু তেওঁ মূলধনত বৰঙণি নোযোগায়।
৫। সমবায়ৰ অৰ্থ কি?
উত্তৰঃ সমবায়ৰ অৰ্থ হৈছে একেলগে আনৰ লগত সমূহীয়া উদ্দেশ্যৰ হকে কাম কৰা।
৬। সমবায় সমিতি কি?
উত্তৰঃ সমবায় সমিতি হৈছে ব্যক্তিসকলৰ ইচ্ছাধীন সন্মিলন।
৭। বিভিন্ন ধৰণৰ সমবায় সমিতি সমূহ কিহৰ ওপৰত ভিত্তি কৰি ভাগ কৰা হৈছে?
উত্তৰঃ বিভিন্ন ধৰণৰ সমবায় সমিতি সমূহ প্রকৃতি আৰু কাম কাজৰ ওপৰত ভিত্তি কৰি ভাগ কৰা হৈছে।
৮। গোপন অংশীদাৰ কি?
উত্তৰঃ গোপন অংশীদাৰ হ’ল যিজনক প্রতিষ্ঠানৰ অংশীদাৰ হিচাবে ৰাইজে নাজানে।
৯। গৃহ নির্মাণ সমবায় সমিতিৰ উদ্দেশ্য কি?
উত্তৰঃ গৃহ নির্মাণ সমবায় সমিতিৰ উদ্দেশ্য হৈছে গৃহ নিৰ্মাণ কৰি সদস্যসকলৰ বাসস্থানৰ সমস্যা সমাধান কৰা আৰু সদস্যসকলক কিস্তিত ধন পৰিশোধ কৰাৰ বিকল্প সুবিধা দিয়া।
১০। কোম্পানী ব্যৱসায় কিমান চনৰ ভাৰতীয় কোম্পানী আইনৰ দ্বাৰা নিয়ন্ত্রিত হয়?
উত্তৰঃ কোম্পানী ব্যৱসায় ১৯৫৬ চনৰ ভাৰতীয় কোম্পানী আইনৰ দ্বাৰা নিয়ন্ত্রিত হয়।
১১। অংশ পত্ৰ বুলিলে কি বুজা?
উত্তৰঃ কোম্পানীৰ মূলধন ক্ষুদ্র অংশত ভাগ কৰাকে অংশ পত্ৰ বুলি কোৱা হয়।
১২। টাটা কোম্পানীৰ গোটসমূহ কেইটা ব্যৱসায় খণ্ডত কাৰ্য্যকৰী হৈ আছে সেইবোৰৰ লিখা?
উত্তৰঃ টাটা কোম্পানীৰ গোটসমূহ সাতটা ব্যৱসায় খণ্ডত কাৰ্য্যকৰী হৈ আছে- তথ্য ব্যৱস্থা আৰু যোগাযোগ, অট’মৱাইল, কাৰিকৰী, বস্তু সৰঞ্জাম, সেৱা, শক্তি, গ্ৰাহকৰ পণ্য দ্রব্য, আৰু ৰাসায়নিক দ্রব্য।
১৩। ভেলৰ ডাঙৰ শক্তি কি?
উত্তৰঃ ভেলৰ ডাঙৰ শক্তি হৈছে অতি নিপুণ আৰু দায়িত্ব সহকাৰে কাম কৰা ৪৩,৫০০ জন কৰ্ম্মচাৰী।
১৪। কোম্পানী সাধাৰণতে কেইবিধ আৰু কি কি?
উত্তৰঃ কোম্পানী সাধাৰণতে দুবিধ-
(ক) প্রাইভেট। আৰু
(খ) পাবলিক।
১৫। উপযুক্ত ব্যৱসায় সংগঠন বাছনি কৰোঁতে কোন কোনটো মুখ্য কাৰক বিবেচনা কৰিব লাগে?
উত্তৰঃ উপযুক্ত ব্যৱসায় সংগঠন বাছনি কৰোঁতে প্ৰাৰম্ভিক খৰচ, দেনা দায়িত্ব, ধাৰাবাহিকতা, মূলধন, পৰিচালকৰ সক্ষমতা, নিয়ন্ত্ৰণৰ পৰিমাণ আৰু ব্যৱসায়ৰ প্ৰকৃতি আদিকে মুখ্য কাৰক হিচাপে বিবেচনা কৰিব লাগে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


