Class 11 Business Studies Important Chapter 1 ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য

resppost2025

Class 11 Business Studies Important Chapter 1 ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Business Studies Important Chapter 1 ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য Solutions in Assamese and select need one. Class 11 Business Studies Additional Solutions Assamese Medium Download PDF. HS 1st Year Business Studies Important Question Answer Assamese Medium.

Class 11 Business Studies Important Chapter 1 ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Business Studies Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Business Studies Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 1

প্রথম খণ্ড: ব্যৱসায়ৰ বুনিয়াদ
IMPORTANT QUESTION AND ANSWER

১। সকলো সমাজত মানুহে কিয় বিভিন্ন প্ৰকাৰৰ কামকাজ হাতত লয়?

উত্তৰঃ সকলো সমাজতে মানুহে তেওঁলোকৰ আৱশ্যকতা পূৰণৰ বাবে বিভিন্ন প্ৰকাৰৰ কামকাজ হাতত লয়।

resppost2025

২। মানুহৰ কামকাজবোৰ কিমান ভাগত বিভক্ত কৰিব পাৰি?

উত্তৰঃ মানুহৰ কামকাজবোৰ দুটা ভাগত বিভক্ত কৰিব পাৰি– আৰ্থিক আৰু অনা-আর্থিক।

৩। গৃহিনীয়ে পৰিয়ালৰ বাবে কৰা কামবোৰক কি বুলি কোৱা হয়?

sqare

উত্তৰঃ গৃহিনীয়ে পৰিয়ালৰ বাবে কৰা কামবোৰক অনা-আর্থিক কার্য বুলি কোৱা হয়।

৪। আর্থিক কাৰ্য্যসমূহক কেইভাগত ভগাব পাৰি?

উত্তৰঃ আর্থিক কাৰ্য্যসমূহক তিনিভাগত ভগাব পাৰি।

৫। বিপদাশংকা বুলিলে কি বুজা?

sqare

উত্তৰঃ ক্ষতি বা লোকচানৰ সম্ভাৱনীয়তাক ব্যৱসায়ৰ বিপদাশংকা বুলি কোৱা হয়।

৬। আর্থিক কামকাজবোৰৰ তিনিটা প্ৰধান ভাগবোৰৰ নাম লিখা?

উত্তৰঃ আর্থিক কামকাজবোৰৰ তিনিটা প্ৰধান ভাগবোৰৰ নাম হ’ল-

sidebar2026

(ক) ব্যৱসায় (Business)।

(খ) পেচা বা বৃত্তি (Profession)।

2026

(গ) নিয়োগ (Employment)।

৭। মানৱ সম্পদৰ ব্যৱস্থাপনাৰ লক্ষ্য কি?

উত্তৰঃ মানৱ সম্পদৰ ব্যৱস্থাপনাৰ লক্ষ্য হ’ল প্রতিষ্ঠানৰ বিভিন্ন প্রকাৰৰ কাম ৰূপায়ন কৰাৰ বাবে প্রয়োজনীয় দক্ষতা সম্পন্ন লোকৰ প্রাপ্তি সুনিশ্চিত কৰা।

৮। বিত্তায়ন বুলিলে কি বুজা?

উত্তৰঃ বিত্তায়ন বুলিলে এটা ব্যৱসায় প্রতিষ্ঠান চলাই ৰাখিবলৈ প্রয়োজন হোৱা পুঁজিৰ সংগ্ৰহ আৰু তাৰ প্ৰয়োগৰ কথা বুজায়।

sidebar2026

৯। বিভিন্ন প্ৰকাৰৰ ব্যৱসায়িক কাম কাজক প্রধানকৈ কেইটা ভাগত ভগাব পাৰি আৰু কি কি?

উত্তৰঃ বিভিন্ন প্ৰকাৰৰ ব্যৱসায়িক কাম কাজক প্রধানকৈ দুটা ভাগত ভগাব পাৰি- উদ্যোগ আৰু বাণিজ্য।

১০। আর্থিক কাৰ্য্যসমূহৰ তিনিটা ভাগৰ নাম লিখা?

উত্তৰঃ আর্থিক কাৰ্য্যসমূহৰ তিনিটা ভাগৰ নাম হ’ল-

(i) যথাক্রমে ব্যৱসায় (business)।

(ii) পেচা বা বৃত্তি (Profession)। আৰু

(iii) নিয়োগ (employment)।

১১। উদ্যোগ বুলিলে কি বুজা?

উত্তৰঃ উদ্যোগ বুলিলে সেইবোৰ আৰ্থিক কাৰ্য্যক বুজায় যি একাধিক সম্পদক ব্যৱহাৰৰ উপযোগী পণ্যলৈ ৰূপান্তৰৰ সৈতে জড়িত থাকে।

১২। উদ্যোগ শব্দটো কি বুজাবলৈ ব্যৱহাৰ কৰা হয়?

উত্তৰঃ উদ্যোগ শব্দটো একেজাতীয় বা সম্পর্কযুক্ত পণ্যৰ উৎপাদনৰসৈতে জড়িত প্রতিষ্ঠান-সমূহক (firms) বুজাবলৈ ব্যৱহাৰ কৰা হয়।

১৩। উদোগক কেইটা ভাগত ভগাব পাৰি আৰু কি কি?

উত্তৰঃ উদোগক তিনিটা ভাগত ভগাব পাৰি।

ভাগকেইটা হ’ল-

(ক) প্রাথমিক উদ্যোগ (Primary Industry)।

2026

(খ) গৌণ উদ্যোগ (Secondary industries)।

(গ) সেৱামূলক উদ্যোগ (Tertiary Industries)।

১৪। ব্যৱসায়ৰ বৈশিষ্ট্যসমূহ লিখা?

উত্তৰঃ ব্যৱসায়ৰ বৈশিষ্ট্যসমূহ হ’ল-

(ক) এক আর্থিক কাৰ্য্য।

(খ) পণ্য আৰু সেৱাৰ উৎপাদন বা সংগ্ৰহ।

(গ) মানুহৰ অভাৱ পুৰণৰ বাবে পণ্য আৰু সেৱাৰ বিক্ৰী বা বিনিময়।

(ঘ) ধাৰাবাহিক ৰূপে পণ্য আৰু সেৱাৰ লেনদেন।

(ঙ) মুনাফা অর্জন।

(চ) প্রতিদানৰ অনিশ্চিয়তা।

(ছ) বিপদশংকাৰ উপক্রম।

১৫। সঠিক বিত্তীয় পৰিকল্পনাৰ দ্বাৰা নিৰ্দ্ধাৰণ কৰিবলগীয়া বিষয়কেইটা লিখা?

উত্তৰঃ সঠিক বিত্তীয় পৰিকল্পনাৰ দ্বাৰা নিৰ্দ্ধাৰণ কৰিবলগীয়া বিষয়কেইটা হ’ল-

(ক) কিমান পৰিমাণৰ মূলধনৰ প্ৰয়োজন হ’ব।

(খ) কি উৎসৰ পৰা মূলধন সংগ্ৰহ কৰা হ’ব আৰু

(গ) প্রতিষ্ঠানৰ মূলধন ব্যৱহাৰৰ সৰ্ব্বোত্তম পদ্ধতি নিৰ্দ্ধাৰণ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top