Class 11 Business Studies Important Chapter 10 আভ্যন্তৰীণ বেহা-বেপাৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Business Studies Important Chapter 10 আভ্যন্তৰীণ বেহা-বেপাৰ Solutions in Assamese and select need one. Class 11 Business Studies Additional Solutions Assamese Medium Download PDF. HS 1st Year Business Studies Important Question Answer Assamese Medium.
Class 11 Business Studies Important Chapter 10 আভ্যন্তৰীণ বেহা-বেপাৰ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Business Studies Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Business Studies Important Solutions in Assamese for All Chapters, You can practice these here.
আভ্যন্তৰীণ বেহা-বেপাৰ
Chapter: 10
| দ্বিতীয় খণ্ড: কোম্পানী সংগঠন , বিত্ত আৰু বেহা-বেপাৰ |
| IMPORTANT QUESTION AND ANSWER |
১। যিবিলাক পণ্য সামগ্রী গোটেই বছৰ জুৰি বিক্রী হয়, তেনেকুৱা সামগ্ৰীৰ বাবে কিহৰ উপযুক্ত?
উত্তৰঃ যিবিলাক পণ্য সামগ্রী গোটেই বছৰ জুৰি বিক্রী হয়, তেনেকুৱা সামগ্ৰীৰ বাবেহে বহুশাখাযুক্ত বা শৃংখলিত দোকান উপযুক্ত।
২। বেহা-বেপাৰ কি?
উত্তৰঃ লাভৰ উদ্দেশ্যে পণ্য সামগ্ৰী আৰু সেৱাৰ কিনা-বেচাই হ’ল বেহা-বেপাৰ।
৩। মানৱ জাতিয়ে কিহৰ পৰা বেহা-বেপাৰত জড়িত হৈ আহিছে?
উত্তৰঃ সভ্যতাৰ আদিৰ পৰাই মানৱ জাতিয়ে বেহা-বেপাৰত জড়িত হৈ আহিছে।
৪। বেহা-বেপাৰৰ গুৰুত্ব কিয় বৃদ্ধি পাইছে?
উত্তৰঃ নতুন সামগ্ৰীৰ সম্প্ৰসাৰণ, বিকাশ আৰু পৃথিৱীজুৰি সহজলভ্যতাৰ ফলত বেহা-বেপাৰৰ গুৰুত্ব বৃদ্ধি পাইছে।
৫। আজিৰ দিনত কোনো ব্যক্তি বা দেশৰ বিষয়ে কি দাবী কৰিব নোৱাৰি?
উত্তৰঃ আজিৰ দিনত কোনো এজন ব্যক্তি নাইবা এখন দেশে এইবুলি দাবী কৰিব নোৱাৰে যে তেওঁলোক প্রয়োজনীয় দ্রব্যসামগ্ৰী নাইবা সেৱাৰ উৎপাদনত আত্মনিৰ্ভৰশীল।
৬। ক্রেতা আৰু বিক্রেতাৰ ভৌগলিক অৱস্থানৰ পৰা, বেহা-বেপাৰক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু ভাগবোৰ কি কি?
উত্তৰঃ ক্রেতা আৰু বিক্রেতাৰ ভৌগলিক অৱস্থানৰ পৰা, বেহা-বেপাৰক দুটা মুখ্য ভাগত ভাগ কৰিব পাৰি।
যেনে-
(ক) আভ্যন্তৰীণ বেহা-বেপাৰ।
(খ) বৈদেশিক বেহা-বেহাৰ।
৭। আভ্যন্তৰীণ বেহা-বেপাৰ বুলিলে কি বুজা?
উত্তৰঃ এখন দেশৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত সংঘটিত হোৱা দ্রব্যবস্তু আৰু সেৱাৰ ক্রয়-বিক্রয়কেই আভ্যন্তৰীণ বেহা-বেপাৰ বুলি কোৱা হয়।
৮। বৈদেশিক বেহা-বেপাৰ কি?
উত্তৰঃ দুখন বা ততোধিক দেশৰ মাজত সংঘটিত হোৱা বেহা-বেপাৰক বৈদেশিক বেহা-বেপাৰ বোলা হয়।
৯। আভ্যন্তৰীণ বেহা-বেপাৰক মুলতঃ কেইটা ভাগত ভাগ কৰা হয় আৰু ভাগবোৰ কি কি?
উত্তৰঃ আভ্যন্তৰীণ বেহা-বেপাৰক মুলতঃ দুটা ভাগত ভাগ কৰা হয়।
যেনে-
(ক) পাইকাৰী ব্যৱসায়। আৰু
(খ) খুচুৰা ব্যৱসায়।
১০। পাইকাৰী ব্যৱসায় বুলিলে কি বুজা?
উত্তৰঃ উৎপাদনকাৰীৰ পৰা বৃহৎ মাত্ৰাত ক্ৰয় কৰি বিভিন্ন স্থানৰ খুচুৰা বিক্রেতাক তুলনামুলকভাৱে কম মাত্ৰাত সেইবোৰ যোগান ধৰা মধ্যস্থতাকাৰী ব্যৱসায়ক পাইকাৰী ব্যৱসায় বোলা হয়।
১১। খুচুৰা ব্যৱসায় বুলিলে কি বুজা?
উত্তৰঃ তুলনামূলকভাৱে কম মাত্রাত ক্ৰয় কৰি পণ্য সামগ্ৰীসমূহ সর্বশেষ ভোক্তাক বিক্ৰী আৰু যোগান ধৰা কাৰ্যকে খুচুৰা ব্যৱসায় বোলা হয়।
১২। আভ্যন্তৰীণ বেহা-বেপাৰৰ প্ৰধান লক্ষ্য কি?
উত্তৰঃ দেশ এখনৰ ভিতৰত ক্ষিপ্ৰতাৰে আৰু কম খৰছত সামগ্ৰীৰ বিতৰণেই হ’ল আভ্যন্তৰীণ বেহা-বেপাৰৰ প্ৰধান লক্ষ্য।
১৩। কৃষিজাত সামগ্ৰীৰ বিপননৰ ক্ষেত্রত কিহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে?
উত্তৰঃ কৃষিজাত সামগ্ৰীৰ বিপননৰ ক্ষেত্রত কৃষক সংস্থা আৰু ইয়াৰ লগত জড়িত অন্যান্য সংঘবোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
১৪। বিপনন নীতি কোনে তৈয়াৰ কৰে?
উত্তৰঃ বিপনন নীতি কৃষিজাত সামগ্রী বিক্ৰীৰ লগত জড়িত সংগঠনবোৰে তৈয়াৰ কৰে।
১৫। ‘চেম্বাৰ্চ অৱ কমাৰ্চ এণ্ড ইন্ডাষ্ট্রী’য়ে কাৰ লগত বিভিন্ন বিষয়ত আলোচনা কৰে?
উত্তৰঃ ‘চেম্বাৰ্চ অৱ কমাৰ্চ এণ্ড ইন্ডাষ্ট্রী’য়ে চৰকাৰৰ লগত বিভিন্ন বিষয়ত আলোচনা কৰে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


