Class 11 Business Studies Important Chapter 11 আন্তর্জাতিক ব্যৱসায় – ১, আন্তর্জাতিক ব্যৱসায় – ২ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Business Studies Important Chapter 11 আন্তর্জাতিক ব্যৱসায় – ১, আন্তর্জাতিক ব্যৱসায় – ২ Solutions in Assamese and select need one. Class 11 Business Studies Additional Solutions Assamese Medium Download PDF. HS 1st Year Business Studies Important Question Answer Assamese Medium.
Class 11 Business Studies Important Chapter 11 আন্তর্জাতিক ব্যৱসায় – ১, আন্তর্জাতিক ব্যৱসায় – ২
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Business Studies Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Business Studies Important Solutions in Assamese for All Chapters, You can practice these here.
আন্তর্জাতিক ব্যৱসায় – ১, আন্তর্জাতিক ব্যৱসায় – ২
Chapter: 11
| দ্বিতীয় খণ্ড: কোম্পানী সংগঠন , বিত্ত আৰু বেহা-বেপাৰ |
| IMPORTANT QUESTION AND ANSWER |
১। ২০০৩ চনত ভাৰতৰ বিশ্ব বাণিজ্যত অংশ কিমান আছিল?
উত্তৰঃ ২০০৩ চনত ভাৰতৰ বিশ্ব বাণিজ্যত অংশ ০.৮ শতাংশ আছিল।
২। ভাৰত বৰ্তমান বিশ্বৰ কিমানতম বৃহৎ অৰ্থ ব্যৱস্থা?
উত্তৰঃ ভাৰত বৰ্তমান বিশ্বৰ দশম স্থানত থকা সৰ্ববৃহৎ অৰ্থ ব্যৱস্থা।
৩। যৌথ অংশীদাৰীত্বৰ প্রতিষ্ঠান কেই প্ৰকাৰে স্থাপন কৰিব পাৰি আৰু কি কি?
উত্তৰঃ যৌথ অংশীদাৰীত্বৰ প্রতিষ্ঠান তিনি প্ৰকাৰে স্থাপন কৰিব পাৰি-
(ক) বিদেশী বিনিয়োগকাৰীয়ে এটা স্থানীয় কোম্পানীৰ অংশ ক্ৰয় কৰি।
(খ) স্থানীয় প্রতিষ্ঠানে এটা চলিত অৱস্থাত থকা বিদেশী প্রতিষ্ঠানৰ অংশ আহৰণ কৰি।
(গ) বিদেশী আৰু স্থানীয় উদ্যোগী উভয়ে যুটীয়াভাৱে এটা নতুন প্রতিষ্ঠান স্থাপন কৰি।
৪। অনুজ্ঞাপত্ৰ প্ৰদান বুলিলে কি বুজা যায়?
উত্তৰঃ অনুজ্ঞাপত্ৰ প্ৰদান হৈছে এক চুক্তিবদ্ধ ব্যৱস্থা, য’ত এখন প্ৰতিষ্ঠানে স্বত্বাধিকাৰ, বাণিজ্য গোপনীয়তা বা প্রযুক্তিবিদ্যা ব্যৱহাৰৰ সুবিধা বিদেশৰ অন্য প্ৰতিষ্ঠানক ৰাজকৰৰ বিনিময়ত প্ৰদান কৰে।
৫। অনুজ্ঞাপত্ৰ প্ৰদানকাৰী আৰু গ্ৰহণকাৰী কাক কোৱা হয়?
উত্তৰঃ অনুজ্ঞাপত্ৰ প্ৰদানকাৰী হৈছে সেই প্ৰতিষ্ঠান যিয়ে অনুজ্ঞা দিয়ে আৰু অনুজ্ঞাপত্ৰ গ্ৰহণকাৰী হৈছে সেই বিদেশী প্রতিষ্ঠান যিয়ে স্বত্ব অধিকাৰ বা প্রযুক্তিবিদ্যা ব্যৱহাৰ কৰিবলৈ অনুমতি পায়।
৬। অনুজ্ঞাপত্ৰ কেৱল প্রযুক্তিবিদ্যাৰ ক্ষেত্ৰতে প্ৰযোজ্য নে?
উত্তৰঃ অনুজ্ঞাপত্ৰ কেৱল প্রযুক্তিবিদ্যাৰ ক্ষেত্ৰতে নহয়; ধুনপেছ উদ্যোগত নাম বা নক্সাৰ ব্যৱহাৰলৈও অনুজ্ঞা প্ৰদান কৰা হয়।
৭। সংমিশ্ৰিত অনুজ্ঞাপত্ৰ (crossed license) কাক বোলে?
উত্তৰঃ যেতিয়া দুটা প্ৰতিষ্ঠানে একে একে জ্ঞান, প্রযুক্তিবিদ্যা বা স্বত্বাধিকাৰৰ বিনিময় কৰে, তেতিয়া সেই ব্যৱস্থাক সংমিশ্ৰিত অনুজ্ঞাপত্ৰ বোলে।
৮। ফ্রেন্ডাইজিং বুলিলে কি বুজা যায়?
উত্তৰঃ ফ্রেন্ডাইজিং হৈছে এক প্ৰকাৰৰ অনুজ্ঞাপত্ৰ, য’ত মূল কোম্পানীয়ে এটা স্বতন্ত্র সত্ত্বাক নিৰ্দ্ধাৰিত নিয়ম অনুসৰি ব্যৱসায় কৰাৰ অধিকাৰ প্ৰদান কৰে।
৯। ৰপ্তানিৰ অৰ্থ কি?
উত্তৰঃ ৰপ্তানিৰ অৰ্থ হ’ল এখন ঘৰুৱা দেশৰ পৰা বিদেশলৈ পণ্য আৰু সেৱা প্ৰেৰণ কৰা।
১০। সহজভাৱে ক’বলৈ হ’লে ‘mode’ শব্দটোৰ অৰ্থ কি?
উত্তৰঃ সহজভাৱে ক’বলৈ হ’লে ‘mode’ শব্দটোৰ অৰ্থ হ’ল ধৰণ, কৰণ, ৰীতি বা উপায়।
১১। ITPO ৰ পাঁচটা আঞ্চলিক কার্যালয়ৰ নাম লিখা।
উত্তৰঃ ITPO ৰ পাঁচটা আঞ্চলিক কার্যালয় যেনে- মুম্বাই, মাংগালোৰ, কলকাতা, কানপুৰ আৰু চেন্নাই।
১২। চাৰিটা আন্তর্জাতিক কার্যালয়ৰ নাম লিখা।
উত্তৰঃ চাৰিটা আন্তর্জাতিক কার্যালয় যেনে- জার্মানী, জাপান, সংযুক্ত আৰৱ গণৰাজ্য আৰু আমেৰিকাত অৱস্থিত।
১৩। সীমা শুল্কৰ পৰা মুক্ত হোৱাৰ বাবে ৰপ্তানিকাৰীয়ে কি প্রস্তুত কৰিব লাগে?
উত্তৰঃ সীমা শুল্কৰ পৰা মুক্ত হোৱাৰ বাবে ৰপ্তানিকাৰীয়ে মালৰ ভাড়াৰ বাবে জাহাজৰ বিল প্রস্তুত কৰিব লাগে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

