বেঙ্কৰ কাৰেণ্ট একাউণ্ট বন্ধ কৰাৰ বাবে অনুৰোধ জনাই কৰা আবেদন পত্ৰ।
প্ৰতি,
শাখা প্ৰবন্ধক,
এলাহাবাদ বেঙ্ক,
জাগীৰোড, মৰিগাঁও (অসম)
তাৰিখ: ০২/০২/১২
বিষয়: বেঙ্কৰ কাৰেণ্ট একাউণ্ট বন্ধ কৰাৰ বাবে অনুৰোধ জনাই কৰা আবেদন পত্ৰ।
মহাশয়,
সন্মানপূৰ্বক জনাওঁ যে মই যিটো ব্যৱসায় কৰিবৰ বাবে আপোনাৰ বেঙ্কত এটা কাৰেণ্ট একাউণ্টটো (নং ৩৪৫) খুলিছিলো, সেইটো বন্ধ কৰি দিবলৈ আপোনাক এই পত্ৰযোগে অনুৰোধ কৰিলোঁ যিহেতু মই এই ব্যৱসায় বন্ধ কৰি দিছোঁ। উক্ত একাউণ্টত যি টকা জমা আছে সেয়া মোৰ চেভিংছ একাউণ্টত (নং ৬৭৮) জমা দিবলৈ ইয়াৰ দ্বাৰাই অনুৰোধ জনালোঁ।
আশাকৰো আপুনি উক্ত একাউণ্টটো বন্ধ কৰি মোক বাধিত কৰিব।
ধন্যবাদেৰে
আপোনাৰ বিশ্বাসী
ছবিলাল উপাধ্যায়
নখোলা বজাৰ
জাগীৰোড, মৰিগাঁও (অসম)
Application Requesting to Close The Current Account.
To,
The Branch Manager,
Allahabad Bank,
Jagiroad, Morigaon (Assam)
Date: 02/02/2012
Sub: Application Requesting to Close The Current Account.
Sir,
With due respect I would like to state that I had opened a current account bearing no.345 to be used in my business transaction. Now I request you to kindly close the account because I have already shutdown my business for unavoidable reason.
The amount that left in the said account No.345 may kindly be transferred and deposited in my Savings Bank account No.678.
I hope, your honour will kindly close that account and oblige.
With thanks,
Yours faithfully,
Chhabilal Upadhyaya
Nakhola Market
Jagiroad, Morigaon (Assam)
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- Application for New Telephone at Residence

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.