SEBA Class 7 Social Science Important Chapter 2 বতৰ জলবায়ু আৰু ঋতু পৰিৱৰ্তন Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 2 বতৰ জলবায়ু আৰু ঋতু পৰিৱৰ্তন Notes and select need one. SCERT Class 7 Samaj Bichitra Additional Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Important Solutions.
SEBA Class 7 Social Science Important Chapter 2 বতৰ জলবায়ু আৰু ঋতু পৰিৱৰ্তন
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Additional Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Important Question Answer in Assamese for All Chapters, You can practice these here.
বতৰ জলবায়ু আৰু ঋতু পৰিৱৰ্তন
Chapter: 2
| IMPORTANT QUESTION ANSWER |
চমু প্রশ্নোত্তৰ:
১। বতৰ কাক বোলে?
উত্তৰঃ কোনো কোনো সময়ত আকাশখন মুকলি হৈ থাকে আৰু পিছ মুহূৰ্ততে ক’লা মেঘে আৱৰি ধৰে, ইয়াৰপৰা বায়ুমণ্ডলৰ বিশেষ একোটা অৱস্থাক বুজা যায় যাক বতৰ বুলি কোৱা হয়।
২। জলবায়ু কাক বোলে?
উত্তৰঃ এখন ঠাইৰ ৩০ বছৰৰ পৰা ৫০ বছৰৰ গড় বতৰৰ অৱস্থাকেই জলবায়ু বোলা হয়।
৩। বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস কি?
উত্তৰঃ বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস হ’ল সূর্য।
৪। বায়ুৰ চাপ জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়?
উত্তৰঃ বায়ুৰ চাপ জুখিবলৈ বেৰ’মিটাৰ নামৰ যন্ত্ৰ ব্যৱহাৰ কৰা হয়।
৫। আর্দ্রতা বুলিলে কি বুজা?
উত্তৰঃ বায়ুমণ্ডলত থকা এনে জলীয় বাষ্পৰ পৰিমাণৰ জোখকে আর্দ্রতা বোলা হয়।
৬। ঘনীভৱন কাক বোলে?
উত্তৰঃ বায়ুমণ্ডলত জলীয় বাষ্প শীতল হৈ পানীৰ কণিকালৈ ৰূপান্তৰিত হোৱা প্রক্রিয়াটোকে ঘনীভৱন বোলে।
৭। পৃথিৱীৰ তাপমণ্ডল কেইটা আৰু কি কি?
উত্তৰঃ পৃথিৱীৰ তাপমণ্ডল তিনিটা গ্রীষ্মমণ্ডল, নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল।
৮। বতাহ কাক বোলে?
উত্তৰঃ গতিশীল বা চলাচল কৰা বায়ুকে বতাহ বোলে যি সদায় উচ্চ চাপ অঞ্চলৰপৰা নিম্নচাপ অঞ্চললৈ বলে।
৯। বতৰ আৰু জলবায়ুৰ দুটা প্ৰধান উপাদানৰ নাম লিখা।
উত্তৰঃ বতৰ আৰু জলবায়ুৰ প্ৰধান উপাদানবোৰ হ’ল- তাপ আৰু চাপ।
১০। ভাৰতক কি জলবায়ুৰ দেশ বুলি কোৱা হয়?
উত্তৰঃ ভাৰতক মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয়।
১১। ভাৰতৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰধান সোঁত দুটা কি কি?
উত্তৰঃ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰধান সোঁত দুটা হ’ল আৰৱ সাগৰৰপৰা অহা সোঁত আৰু বংগোপসাগৰৰপৰা অহা সোঁত।
১২। পৃথিৱীৰ ভিতৰতে সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম কি?
উত্তৰঃ পৃথিৱীৰ ভিতৰতে সৰ্বাধিক বৰষুণ হোৱা ঠাইখন হ’ল- মেঘালয়ৰ মৌচিনৰাম।
১৩। অসমৰ দিহিং-পাটকাই বৰ্ষাৰণ্যক কি বুলি অভিহিত কৰা হয়?
উত্তৰঃ অসমৰ দিহিং-পাটকাই বৰ্ষাৰণ্যক ‘পূবৰ আমাজন’ বুলি অভিহিত কৰা হয়।
১৪। ঋতু কেইটা আৰু কি কি?
উত্তৰঃ অসমত ঘাইকৈ ছটা ঋতু দেখা যায়- গ্রীষ্ম, বর্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত।
১৫। মেজি জ্বলাই ভোগালী বিহু কোন ঋতুত উদ্যাপন কৰা হয়?
উত্তৰঃ মেজি জ্বলাই ভোগালী বিহু শীত ঋতুত উদ্যাপন কৰা হয়।
দীঘলীয়া প্রশ্নোত্তৰ:
১। বতৰ আৰু জলবায়ু নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি কি?
উত্তৰঃ বতৰ আৰু জলবায়ু নিয়ন্ত্ৰণ কৰা কাৰকবোৰ হ’ল- অক্ষাংশ, সমুদ্রপৃষ্ঠৰপৰা উচ্চতা, সাগৰৰ সান্নিধ্য, সাগৰীয় সোঁত, পৰ্বত-পাহাৰৰ অৱস্থান, ভূ-প্রকৃতি, ভূমিৰ ঢাল, উদ্ভিদৰ স্থিতি আদি। এই কাৰকবোৰৰ তাৰতম্যৰ বাবেই ঠাই এখনৰ বতৰ আৰু জলবায়ু বেলেগ বেলেগ হয়।
২। বৰষুণৰ সৃষ্টি কেনেকৈ হয় বুজাই লিখা।
উত্তৰঃ সূৰ্যৰ তাপৰ ফলত ভূপৃষ্ঠৰ জলাশয় আৰু মাটিত থকা পানীভাগ বাষ্পীভূত হৈ বায়ুৰ লগত মিলি যায়। এই জলীয় বাষ্প বায়ুমণ্ডলৰ ওপৰলৈ গৈ লাহে লাহে শীতল হ’বলৈ ধৰে আৰু পানীৰ কণিকালৈ ৰূপান্তৰিত হয় যাক ঘনীভৱন বোলে। বায়ুমণ্ডলত ঘনীভূত হোৱা পানীৰ কণিকাৱোৰ ইটো সিটোৰ লগ লাগি টোপালত পৰিণত হয় আৰু পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ প্ৰভাৱত বৰষুণ হিচাপে পৃথিৱীলৈ নামি আহে।
৩। ভাৰতৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ভাৰত মহাসাগৰত সৃষ্টি হৈ দক্ষিণ-পশ্চিম দিশৰপৰা গ্ৰীষ্মকালত অহা জলীয়বাষ্পবাহী বতাহকে দক্ষিণ-পশ্চিম মৌচুমী বতাহ বুলি কোৱা হয়। এই বতাহে সচৰাচৰ জুনৰ প্ৰথম সপ্তাহত কেৰালা উপকূলেৰে ভাৰতত প্ৰৱেশ কৰে আৰু জুলাই মাহৰ মাজভাগৰ ভিতৰত সমগ্ৰ ভাৰততে বিয়পি পৰে। ইয়াৰ দুটা প্ৰধান শাখা আছে- আৰৱ সাগৰৰপৰা অহা সোঁত আৰু বংগোপসাগৰৰপৰা অহা সোঁত যিয়ে ভাৰতৰ বিভিন্ন প্ৰান্তত বৰষুণ দিয়ে।
৪। ভাৰতৰ বৰষুণৰ বিতৰণৰ ওপৰত ভিত্তি কৰি দেশখনক কি কি অঞ্চলত ভাগ কৰিব পাৰি?
উত্তৰঃ ভাৰতৰ বাৰ্ষিক গড় বৃষ্টিপাতৰ ওপৰত ভিত্তি কৰি দেশখনক পাঁচটা অঞ্চলত ভাগ কৰিব পাৰি:
(ক) অতিমাত্ৰা বৰষুণ হোৱা অঞ্চল (বার্ষিক গড়ে ৪০০ ছেন্টিমিটাৰ বৰষুণ হয়)।
(খ) বেছি বৰষুণ হোৱা অঞ্চল (গড়ে ২০০ৰ পৰা ৩০০ ছেন্টিমিটাৰ)।
(গ) মজলীয়া বৰষুণ হোৱা অঞ্চল (গড়ে ১০০ৰ পৰা ২০০ ছেন্টিমিটাৰ)।
(ঘ) পাতলীয়া বৰষুণ হোৱা অঞ্চল (গড়ে ৫০ৰ পৰা ১০০ ছেন্টিমিটাৰ)।
(ঙ) মৰুভূমি আৰু অর্ধ-মৰুভূমি অঞ্চল (গড়ে ৫০ ছেন্টিমিটাৰৰ তলত বৰষুণ হয়)।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

