SEBA Class 7 Social Science Important Chapter 1 পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 1 পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন Notes and select need one. SCERT Class 7 Samaj Bichitra Additional Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Important Solutions.
SEBA Class 7 Social Science Important Chapter 1 পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Additional Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Important Question Answer in Assamese for All Chapters, You can practice these here.
পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন
Chapter: 1
| IMPORTANT QUESTION ANSWER |
চমু প্রশ্নোত্তৰ:
১। পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান?
উত্তৰঃ পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ ৬০০০° চেলছিয়াছতকৈ বেছি।
২। ভূতক (Crust) গড়ে কিমান কিলোমিটাৰ ডাঠ?
উত্তৰঃ ভূতক গড়ে প্রায় ২০ কিলোমিটাৰ ডাঠ।
৩। ভূতকক কিয় ‘ছিয়াল’ (Sial) স্তৰ বোলা হয়?
উত্তৰঃ ভূতক প্ৰধানকৈ ছিলিকন (Si) আৰু এলুমিনিয়াম (AI) ৰে গঠিত, সেয়েহে ইয়াক ‘ছিয়াল’ স্তৰ বুলি কোৱা হয়।
৪। ‘ছিমা’ (SiMa) শব্দটোৱে কি বুজায়?
উত্তৰঃ ‘SiMa’ শব্দৰ ‘Si’-এ ছিলিকন আৰু ‘Ma’-এ মেগনেছিয়ামক বুজায়।
৫। পৃথিৱীৰ কেন্দ্ৰমণ্ডলক কি স্তৰ বুলি জনা যায় আৰু কিয়?
উত্তৰঃ কেন্দ্ৰমণ্ডলক নিফ স্তৰ বুলি জনা যায়, কাৰণ এই স্তৰটো ঘাইকৈ লো আৰু নিকেল ৰে গঠিত।
৬। ভূমিকম্পৰ কেন্দ্ৰ কাক বোলে?
উত্তৰঃ ভূতকৰ যি ঠাইত ভূমিকম্পৰ উৎপত্তি বা আৰম্ভণি হয়, সেই ঠাইক ভূমিকম্পৰ কেন্দ্র বোলে।
৭। ভূমিকম্পৰ অধিকেন্দ্র কি?
উত্তৰঃ ভূমিকম্পৰ কেন্দ্ৰৰ ঠিক ওপৰত থকা ভূপৃষ্ঠব ঠাইখনক ভূমিকম্পৰ অধিকেন্দ্ৰ বোলা হয়।
৮। চুনামী কেনেকৈ সৃষ্টি হয়?
উত্তৰঃ বিৰ তলিত ভূমিকম্পৰ উৎপত্তি হ’লে সাগৰৰ পানীত প্ৰচণ্ড ঢৌৰ সৃষ্টি হয়, যাক চুনামী বোলা হয়।
৯। জ্বালামুখ কাক বোলে?
উত্তৰঃ আগ্নেয়গিৰিৰ সময়ত ভূগৰ্ভৰ পৰা লাভা ওলাই অহা বাট বা নলীৰ মুখখনক জ্বালামুখ বোলে।
১০। বিচূর্ণীভৱন কি?
উত্তৰঃববতাহ, বৰষুণ, নদী আদি বাহ্যিক শক্তিৰ দ্বাৰা ভূপৃষ্ঠৰ কঠিন শিলাবোৰ ভাঙি-ছিঙি চূর্ণ-বিচূর্ণ হোৱা প্ৰক্ৰিয়াক বিচূর্ণীভৱন বোলে।
১১। অশ্বখুৰাকৃতিৰ হ্রদ কেনেকৈ সৃষ্টি হয়?
উত্তৰঃ সমভূমি অঞ্চলত নদীৰ ভাঁজৰ মাত্ৰা বাঢ়ি গৈ এৰা পৰা মূল নদীৰ অংশটো হ্রদত পৰিণত হ’লে, তাক অশ্বখুৰা আকৃতিৰ হ্রদ বোলে।
১২। ব-দ্বীপ (Delta) ক’ত সৃষ্টি হয়?
উত্তৰঃ নদীয়ে সাগৰত পৰাৰ আগতে মোহনা অঞ্চলত মূল নদীখন বহুতো শাখা নদীত বিভক্ত হৈ জমা কৰা পলসৰ ফলত ত্রিভুজ আকৃতিৰ ব-দ্বীপ সৃষ্টি হয়।
১৩। হিমবাহ কি?
উত্তৰঃ দুই মেৰু আৰু ওখ পর্বতীয়া অঞ্চলত জমা হৈ থকা বৰফবোৰ নদীৰ দৰে নামি আহিলেই তাক হিমবাহ বোলা হয়।
১৪। কাঠফুলা আকৃতিৰ শিলা ক’ত দেখা যায়?
উত্তৰঃ মৰুভূমিত বতাহৰ ক্ষয়কাৰ্যৰ ফলত শিলৰ নামনি অংশ বেছিকৈ ক্ষয় হৈ এনে কাঠফুলা আকৃতিৰ শিলা সৃষ্টি হয়।
১৫। ল’ৱেছ কাক বোলে?
উত্তৰঃ মৰুভূমিৰ ক্ষুদ্র ক্ষুদ্ৰ ধূলিকণাবোৰ বতাহৰ দ্বাৰা প্ৰবাহিত হৈ বহু দূৰত জমা হোৱাৰ ফলত সৃষ্টি হোৱা সাৰুৱা উচ্চ ভূমিক ল’ৱেছ বোলে।
দীঘলীয়া প্রশ্নোত্তৰ:
১। পৃথিৱীৰ অন্তৰ্ভাগৰ স্তৰসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ পৃথিৱীৰ অন্তৰ্ভাগক প্রধানকৈ তিনিটা স্তৰত ভাগ কৰা হৈছে-
(i) ভূতক: এইটো পৃথিৱীৰ আটাইতকৈ ওপৰৰ কঠিন আৱৰণ, যি গড়ে প্রায় ২০ কিলোমিটাৰ ডাঠ। ছিলিকন আৰু এলুমিনিয়ামৰ প্ৰাধান্যৰ বাবে ইয়াক ‘ছিয়াল’ (Sial) স্তৰ বোলা হয়।
(ii) গুৰুমণ্ডল: ভূতকৰ তলত প্ৰায় ২৯০০ কিলোমিটাৰ গভীৰতালৈ বিস্তৃত স্তৰটোৱেই গুৰুমণ্ডল। ইয়াৰ পদাৰ্থবোৰ গলিত অৱস্থাত থাকে। ছিলিকন আৰু মেগনেছিয়ামৰ আধিক্যৰ বাবে ইয়াক ‘ছিমা’ (SiMa) স্তৰ বুলি জনা যায়।
(iii) কেন্দ্রমণ্ডল: গুৰুমণ্ডলৰ তলৰ পৰা পৃথিৱীৰ কেন্দ্ৰলৈকে বিস্তৃত প্রায় ৩৪৮৬ কি.মি. গভীৰ স্তৰটো হৈছে কেন্দ্ৰমণ্ডল। ই ঘাইকৈ লো আৰু নিকেলেৰে গঠিত বাবে ইয়াক নিফ (NiFe) স্তৰ বোলে। ইয়াক বহি:কেন্দ্ৰমণ্ডল আৰু অন্ত:কেন্দ্রমণ্ডল হিচাপে দুটা ভাগত ভগোৱা হৈছে।
২। আগ্নেয়গিৰি উদিাৰণ কাক বোলে আৰু ইয়াৰ ফলত ভূপৃষ্ঠত কেনে ধৰণৰ পৰিৱৰ্তন ঘটিব পাৰে?
উত্তৰঃ ভূ-আন্দোলনৰ ফলত কেতিয়াবা ভূতকত থকা ফাকেদি ভূগৰ্ভৰ পৰা উত্তপ্ত গলিত পদার্থ, ধোঁৱা, ছাঁই, ভাপ আদি প্রবল বেগেৰে বাহিৰ ওলাই অহা পৰিঘটনাক আগ্নেয়গিৰিৰ উদ্গিৰণ বোলা হয়।
ইয়াৰ ফলত ভূপৃষ্ঠত বিভিন্ন পৰিৱৰ্তন হয়:
(i) ভূগৰ্ভৰ পৰা ওলাই অহা লাভা ভূপৃষ্ঠত জমা হৈ পৰ্বত, পাহাৰ, মালভূমি আৰু সমভূমিৰ সৃষ্টি কৰিব পাৰে।
(ii) জ্বালামুখত (Crater) পানী জমা হৈ পিছলৈ হ্ৰদৰ সৃষ্টি হ’ব পাৰে।
(iii) ভূগৰ্ভৰ পৰা ওলাই অহা উত্তপ্ত পদার্থই চাৰিওফালৰ নগৰ, চহৰ আৰু অৰণ্য আদি ধ্বংস কৰিব পাৰে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

