SEBA Class 7 Social Science Important Chapter 3 ভাৰতৰ কৃষি আৰু উদ্যোগ Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 3 ভাৰতৰ কৃষি আৰু উদ্যোগ Notes and select need one. SCERT Class 7 Samaj Bichitra Additional Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Important Solutions.
SEBA Class 7 Social Science Important Chapter 3 ভাৰতৰ কৃষি আৰু উদ্যোগ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Additional Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Important Question Answer in Assamese for All Chapters, You can practice these here.
ভাৰতৰ কৃষি আৰু উদ্যোগ
Chapter: 3
| IMPORTANT QUESTION ANSWER |
চমু প্রশ্নোত্তৰ:
১। ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কিমান শতাংশ লোক প্রত্যক্ষভাৱে কৃষিৰ লগত জড়িত?
উত্তৰঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ ৫৪.৬ শতাংশ লোক প্রত্যক্ষভাৱে কৃষিৰ লগত জড়িত।
২। ভাৰতৰ কৃষি ঋতুক প্রধানকৈ কেইটা ভাগত ভগোৱা হৈছে আৰু কি কি?
উত্তৰঃ ভাৰতৰ কৃষি ঋতুক প্ৰধানকৈ তিনিটা ভাগত ভগোৱা হৈছে খাৰিফ ঋতু, ৰবি ঋতু আৰু জায়দ ঋতু।
৩। মৌচুমী বা গ্রীষ্মকালত কৰা শস্যক কি বুলি কোৱা হয়?
উত্তৰঃ মৌচুমী বা গ্রীষ্মকালত কৰা শস্যক খাৰিফ শস্য বুলি কোৱা হয়।
৪। স্থানান্তৰিত কৃষিক উত্তৰ-পূব ভাৰতত কি খেতি বুলি জনা যায়?
উত্তৰঃ স্থানান্তৰিত কৃষিক উত্তৰ-পূব ভাৰতত ‘ঝুম খেতি’ বুলি জনা যায়।
৫। পাহাৰৰ ঢালযুক্ত ঠাইত খটখটীৰ দৰে মাটি কাটি কৰা কৃষিক কি বোলে?
উত্তৰঃ পাহাৰৰ ঢালযুক্ত ঠাইত খটখটীৰ দৰে মাটি কাটি কৰা কৃষিক বেদিকা কৃষি বোলে।
৬। যি কৃষিব্যৱস্থাত শস্যৰ খেতি আৰু পশুপালন একেলগে কৰা হয়, তাক কি বোলে?
উত্তৰঃ যি কৃষিব্যৱস্থাত শস্যৰ খেতি আৰু পশুপালন একেলগে কৰা হয়, তাক মিশ্র কৃষি বোলে।
৭। অসম, পশ্চিমবঙ্গ আৰু কেৰালাত বিস্তৃতভাৱে কৰা এবিধ ৰোপণ শস্যৰ নাম লিখা।
উত্তৰঃ অসম, পশ্চিমবঙ্গ আৰু কেৰালাত বিস্তৃতভাৱে কৰা এবিধ ৰোপণ শস্যৰ নাম হ’ল- ৰবৰ।
৮। ট্রাক ফার্মিং কি?
উত্তৰঃ শাক-পাচলি বেছিদিনলৈ ভালে নথকাৰ বাবে, ট্রাকেৰে সৰবৰাহ কৰি নগৰৰ বজাৰত দ্রুতভাৱে যোগান ধৰা কৃষিকার্যক ট্রাক ফার্মিং বোলে।
৯। কপাহ খেতিৰ বাবে কেনেকুৱা মাটি অতি উপযোগী?
উত্তৰঃ কপাহ খেতিৰ বাবে ক’লা মাটি অতি উপযোগী।
১০। ভাৰতত সেউজ বিপ্লৱৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ ভাৰতত সেউজ বিপ্লৱৰ নেতৃত্ব ড° এম. এছ. স্বামীনাথনে দিছিল।
১১। উদ্যোগবোৰক আকাৰ, কেঁচামাল আদিৰ ওপৰত ভিত্তি কৰি ঘাইকৈ কেইটা ভাগত ভগোৱা হৈছে?
উত্তৰঃ আকাৰ, কেঁচামাল আদিৰ ওপৰত ভিত্তি কৰি উদ্যোগবোৰক ঘাইকৈ তিনিটা ভাগত ভগোৱা হৈছে।
সেইকেইটা হ’ল-
(i) কুটিৰ শিল্প উদ্যোগ।
(ii) ক্ষুদ্ৰ উদ্যোগ।
(iii) বৃহৎ উদ্যোগ।
১২। ভাৰতত প্ৰথমটো লো-তীখা কাৰখানা ক’ত আৰু কেতিয়া স্থাপন হৈছিল?
উত্তৰঃ ভাৰতত প্ৰথমটো লো-তীখা কাৰখানা ১৯০৭ খ্ৰীষ্টাব্দত জামছেদপুৰত স্থাপন হৈছিল।
১৩। ভাৰতৰ কোনটো শিল্প অঞ্চলক ভাৰতৰ ‘ৰুঢ়’ (Ruhr) শিল্প অঞ্চল বুলি কোৱা হয়?
উত্তৰঃ ছোটনাগপুৰ মালভূমি শিল্প অঞ্চলক ভাৰতৰ ‘ৰুঢ়’ (Ruhr) শিল্প অঞ্চল বুলি কোৱা হয়।
১৪। হুগলী শিল্প অঞ্চলৰ প্ৰধান উদ্যোগ কি?
উত্তৰঃ হুগলী শিল্প অঞ্চলৰ প্ৰধান উদ্যোগ হৈছে মৰাপাটৰ সামগ্ৰী আৰু বস্তু উদ্যোগ।
১৫। ভাৰতত প্ৰথমটো বস্ত্র উদ্যোগ ক’ত স্থাপন কৰা হৈছিল?
উত্তৰঃ ভাৰতত প্ৰথমটো বস্ত্র উদ্যোগ ১৮৫৪ খ্রীষ্টাব্দত মুম্বাই চহৰত স্থাপন কৰা হৈছিল।
দীঘলীয়া প্রশ্নোত্তৰ:
১। ভাৰতত দেখা পোৱা যিকোনো তিনিবিধ কৃষি প্ৰকাৰৰ বিষয়ে চমুকৈ বর্ণনা কৰা।
উত্তৰঃ ভাৰতত দেখা পোৱা তিনিবিধ প্রধান কৃষি প্রকাৰ হ’ল-
(i) স্থানান্তৰিত কৃষি: পাহাৰীয়া এলেকাত হাবি-বন কাটি জুই লগাই মাটি মুকলি কৰি কৰা অস্থায়ী খেতিক স্থানান্তৰিত কৃষি বা ঝুম খেতি বোলে।
(ii) নিবিড় কৃষি: যিবোৰ দেশত জনসংখ্যা বেছি কিন্তু খেতিৰ মাটি কম, তেনে ঠাইত সীমিত মাটিতে অধিক পৰিশ্ৰম আৰু সাৰ প্ৰয়োগ কৰি কৰা খেতিক নিবিড় কৃষি বোলে।
(iii) ৰোপণ কৃষি: য’ত বৃহৎ অঞ্চলত একেধৰণৰ শস্য বা ফল-মূলৰ খেতি কৰা হয় (যেনে- চাহ, ৰবৰ, কফি), তাক ৰোপণ কৃষি বোলে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

