SEBA Class 7 Social Science Important Chapter 4 দক্ষিণ আফ্ৰিকা Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 4 দক্ষিণ আফ্ৰিকা Notes and select need one. SCERT Class 7 Samaj Bichitra Additional Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Important Solutions.
SEBA Class 7 Social Science Important Chapter 4 দক্ষিণ আফ্ৰিকা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Additional Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Important Question Answer in Assamese for All Chapters, You can practice these here.
দক্ষিণ আফ্ৰিকা
Chapter: 4
| IMPORTANT QUESTION ANSWER |
চমু প্রশ্নোত্তৰ:
১। দক্ষিণ আফ্ৰিকাৰ উত্তৰ দিশত থকা দুখন দেশৰ নাম লিখা।
উত্তৰঃ দক্ষিণ আফ্ৰিকাৰ উত্তৰ দিশত থকা দুখন দেশৰ নাম হ’ল- নামিবিয়া আৰু জিম্বাব’ৱে।
২। দক্ষিণ আফ্ৰিকাৰ ভিতৰতে সোমাই থকা ক্ষুদ্ৰ দেশখনৰ নাম কি?
উত্তৰঃ দক্ষিণ আফ্ৰিকাৰ ভিতৰতে সোমাই থকা ক্ষুদ্ৰ দেশখনৰ নাম হ’ল- লেছ’ট’।
৩। দক্ষিণ আফ্ৰিকাৰ মাজভাগত থকা মালভূমি অঞ্চলটোক কি বুলি কোৱা হয়?
উত্তৰঃ দক্ষিণ আফ্ৰিকাৰ মাজভাগত থকা মালভূমি অঞ্চলটোক হাইভেল্ড বুলি কোৱা হয়।
৪। হাইভেল্ড মালভূমিক আৱৰি থকা পৰ্বতমালাৰ নাম কি?
উত্তৰঃ হাইভেল্ড মালভূমিক আৱৰি থকা পৰ্বতমালাৰ নাম হ’ল- ড্রেকেনছবার্গ।
৫। দক্ষিণ আফ্ৰিকাৰ মৰুপ্ৰায় অঞ্চল দুটাৰ নাম কি?
উত্তৰঃ দক্ষিণ আফ্ৰিকাৰ মৰুপ্ৰায় অঞ্চল দুটাৰ নাম হ’ল- গ্রেইট কাৰু আৰু লিটল কাৰু।
৬। দক্ষিণ আফ্ৰিকাৰ প্ৰধান নদীখনৰ নাম কি?
উত্তৰঃ দক্ষিণ আফ্ৰিকাৰ প্ৰধান নদীখনৰ নাম হ’ল- ওৰেঞ্জ।
৭। ওৰেঞ্জ নদীৰ প্ৰধান উপনৈ খনৰ নাম কি?
উত্তৰঃ ওৰেঞ্জ নদীৰ প্ৰধান উপনৈ খনৰ নাম হ’ল- ভাল।
৮। দক্ষিণ আফ্রিকাত ‘Big Five’ বুলিলে কোন কোন বন্যপ্রাণীক বুজায়?
উত্তৰঃ দক্ষিণ আফ্রিকাত ‘Big Five’ বুলিলে সিংহ, বাঘ, হাতী, গঁড় আৰু ম’হক বুজায়।
৯। দক্ষিণ আফ্রিকাত মুঠতে কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে?
উত্তৰঃ দক্ষিণ আফ্রিকাত মুঠতে ১৯ খন ৰাষ্ট্ৰীয় উদ্যান আছে।
১০। দক্ষিণ আফ্ৰিকাৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি?
উত্তৰঃ দক্ষিণ আফ্ৰিকাৰ সৰ্ববৃহৎ নগৰখনৰ নাম হ’ল- জাহানেছবার্গ।
১১। জোহানেছবার্গ নগৰখনক কি বুলি জনা যায়?
উত্তৰঃ জোহানেছবার্গ নগৰখনক ‘সোণৰ নগৰ’ বুলি জনা যায়।
১২। দক্ষিণ আফ্ৰিকাৰ আটাইতকৈ ব্যস্ত বন্দৰ-নগৰখনৰ নাম কি?
উত্তৰঃ দক্ষিণ আফ্ৰিকাৰ আটাইতকৈ ব্যস্ত বন্দৰ-নগৰখনৰ নাম হ’ল- ডাৰবান।
১৩। দক্ষিণ আফ্রিকাত কিমান শতাংশ লোক কৃষিখণ্ডত নিয়োজিত হৈ আছে?
উত্তৰঃ দক্ষিণ আফ্রিকাত ১৯ শতাংশ লোক কৃষিখণ্ডত নিয়োজিত হৈ আছে।
১৪। কেপ টাউন চহৰত প্ৰথমে কোন ইউৰোপীয়সকলে বসতি স্থাপন কৰিছিল?
উত্তৰঃ কেপ টাউন চহৰত প্ৰথমে ওলন্দাজ ইউৰোপীয়সকলে বসতি স্থাপন কৰিছিল।
১৫। ব্রিটিছসকলে কেতিয়া কেপ টাউন দখল কৰিছিল?
উত্তৰঃ ব্রিটিছসকলে ১৭৯৫ খ্রীষ্টাব্দত কেপ টাউন দখল কৰিছিল।
দীঘলীয়া প্রশ্নোত্তৰ:
১। দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ দক্ষিণ আফ্ৰিকাৰ প্রাকৃতিক পৰিৱেশ অতি বৈচিত্র্যপূর্ণ। দেশখনৰ মাজভাগত হাইভেল্ড নামৰ এক মালভূমি অঞ্চল আছে আৰু ইয়াক ড্রেকেনছবার্গ নামৰ পৰ্বতমালাই আৱৰি আছে। দেশখনত গ্রেইট কাৰু আৰু লিটল কাৰু নামৰ দুটা মৰুপ্ৰায় অঞ্চল আছে। ইয়াৰ প্ৰধান নদী হ’ল ওৰেঞ্জ আৰু ইয়াৰ জলবায়ু প্রধানকৈ উপক্রান্তীয় নাতিশীতোষ্ণ, য’ত বার্ষিক গড় বৃষ্টিপাতৰ পৰিমাণ প্রায় ৫০ ছেন্টিমিটাৰ।
২। দক্ষিণ আফ্রিকাৰ জনসংখ্যা আৰু সমাজ ব্যৱস্থাৰ এটি চমু আভাষ দিয়া।
উত্তৰঃ জনসংখ্যাৰ ফালৰপৰা দক্ষিণ আফ্রিকা মহাদেশখনৰ ভিতৰতে ষষ্ঠ জনবহুল দেশ আৰু ২০২২ চনৰ তথ্য অনুসৰি ইয়াৰ জনসংখ্যা প্রায় ৬০ নিযুত। ইয়াৰ সমাজ ব্যৱস্থা বৈচিত্র্যপূর্ণ য’ত প্রায় ৮২ শতাংশ আফ্রিকীয় কৃষ্ণকায়, ৮.৫ শতাংশ বৰ্ণসংকৰ, ৭ শতাংশ শ্বেতাংগ আৰু বাকী ২.৫ শতাংশ ভাৰতীয় বা এছিয় মূলৰ লোক আছে। ধর্মীয় দিশৰ পৰা দেশখনৰ প্ৰায় ৮৫ শতাংশ লোক খ্রীষ্টান ধৰ্মাৱলম্বী।
৩। দক্ষিণ আফ্ৰিকাৰ অর্থনৈতিক অৱস্থাৰ বিষয়ে লিখা।
উত্তৰঃ দক্ষিণ আফ্রিকা এখন অতি চহকী দেশ আৰু ইয়াৰ অৰ্থনীতি উদ্যোগ আৰু আধুনিক প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল। দেশখনৰ মুঠ কর্মীলোকৰ প্ৰায় ৬০ শতাংশ সেৱাখণ্ডত, ১৯ শতাংশ কৃষিখণ্ডত আৰু ১৮ শতাংশ উদ্যোগখণ্ডত নিয়োজিত হৈ আছে। খনিজ সম্পদৰ ক্ষেত্ৰত দেশখন অতি চহকী, য’ত সোণ, হীৰা, লোৰ আকৰ, প্লেটিনাম, ক্রমিয়াম আদি প্ৰচুৰ পৰিমাণে পোৱা যায়।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

