SEBA Class 7 Social Science Important Chapter 5 আদি-মধ্যযুগৰ ভাৰত Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 5 আদি-মধ্যযুগৰ ভাৰত Notes and select need one. SCERT Class 7 Samaj Bichitra Additional Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Important Solutions.
SEBA Class 7 Social Science Important Chapter 5 আদি-মধ্যযুগৰ ভাৰত
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Additional Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Important Question Answer in Assamese for All Chapters, You can practice these here.
আদি-মধ্যযুগৰ ভাৰত
Chapter: 5
| IMPORTANT QUESTION ANSWER |
চমু প্রশ্নোত্তৰ:
১। ভাৰতৰ ইতিহাসত আদি-মধ্যযুগ বুলি কোনটো সময়ছোৱাক কোৱা হয়?
উত্তৰঃ সপ্তম শতিকাৰপৰা দ্বাদশ শতিকালৈ (প্রায় ৫০০ বছৰ) সময়ছোৱাক ভাৰতৰ ইতিহাসত আদি-মধ্যযুগ বুলি কোৱা হয়।
২। পুষ্যভূতি বংশৰ ৰাজধানী ক’ত আছিল?
উত্তৰঃ পুষ্যভূতি বংশৰ ৰাজধানী বৰ্তমানৰ হাৰিয়ানাৰ থানেশ্বৰ নামৰ ঠাইত আছিল।
৩। হর্ষবর্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিৱাজকগৰাকীৰ নাম কি আছিল?
উত্তৰঃ হর্ষবর্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিৱাজকগৰাকীৰ নাম হিউৱেনচাং আছিল।
৪। হর্ষবর্ধনৰ শাসনকালত কৃষকসকলে কিমান অংশ কৰ হিচাপে দিব লাগিছিল?
উত্তৰঃ কৃষকসকলে উৎপাদনৰ ছয়ভাগৰ এভাগ কৰ হিচাপে দিব লাগিছিল।
৫। ত্রিকোণীয় প্রতিযোগিতা কোন কোন ৰাজবংশৰ মাজত হৈছিল?
উত্তৰঃ কনৌজক কেন্দ্ৰ কৰি পাল, ৰাষ্ট্ৰকূট আৰু গুৰ্জৰ-প্ৰতিহাৰসকলৰ মাজত ত্রিকোণীয় প্রতিযোগিতা হৈছিল।
৬। পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ পাল বংশৰ প্ৰতিষ্ঠাপক আছিল গোপাল।
৭। বিখ্যাত বিক্রমশীলা বিশ্ববিদ্যালয় কোনে স্থাপন কৰিছিল?
উত্তৰঃ পাল ৰজা ধৰ্মপালে বিক্রমশীলা বিশ্ববিদ্যালয় স্থাপন কৰিছিল।
৮। ৰাষ্ট্ৰকূট বংশ কোনে প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ ৭৩৩ খ্রীষ্টাব্দত দন্তিদূৰ্গ নামৰ এজন সামন্ত প্ৰভুৱে ৰাষ্ট্ৰকূট বংশৰ প্ৰতিষ্ঠা কৰিছিল।
৯। ইলোৰাৰ কৈলাসনাথ মন্দিৰ কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল?
উত্তৰঃ ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণৰ শাসনকালত ইলোৰাৰ কৈলাসনাথ মন্দিৰ নিৰ্মাণ কৰা হৈছিল।
১০। কানাড়া ভাষাত ৰচিত ‘কবিৰাজমার্গ’ নামৰ কাব্যখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ ৰাষ্ট্ৰকূট ৰজা অমোঘবৰ্ষই ‘কবিৰাজমার্গ’ ৰচনা কৰিছিল।
১১। গুৰ্জৰ-প্ৰতিহাৰ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ গুৰ্জৰ-প্ৰতিহাৰ বংশৰ প্ৰতিষ্ঠাপক আছিল হৰিচন্দ্ৰ নামৰ এজন ব্রাহ্মণ।
১২। ভাৰতবৰ্ষত আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি কোন আছিল?
উত্তৰঃ ভাৰতবৰ্ষত আক্ৰমণ কৰা প্রথম বিদেশী শক্তি আছিল আৰৱসকল।
১৩। চুলতান মামুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল?
উত্তৰঃ চুলতান মামুদে ১০০০ খ্রীষ্টাব্দৰপৰা ১০২৭ খ্ৰীষ্টাব্দৰ ভিতৰত ১৭ বাৰ ভাৰত আক্ৰমণ কৰিছিল।
১৪। তৰাইনৰ প্ৰথম যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?
উত্তৰঃ ১১৯১ খ্ৰীষ্টাব্দত তৰাইনৰ প্রথম যুদ্ধ মহম্মদ ঘোৰী আৰু পৃথ্বিৰাজ চৌহানৰ মাজত হৈছিল।
১৫। ভাৰতত চুলতানী আমোলৰ আৰম্ভণি কোনে কৰিছিল?
উত্তৰঃ ১২০৬ খ্রীষ্টাব্দত কুতুবুদ্দিন আইবাকে ভাৰতত চুলতানী আমোলৰ আৰম্ভণি কৰিছিল।
দীঘলীয়া প্রশ্নোত্তৰ:
১। হর্ষবর্ধনৰ প্ৰশাসনীয় ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ হর্ষবর্ধনে প্ৰশাসনৰ সুবিধাৰ বাবে তেওঁৰ সাম্ৰাজ্যখনক প্রদেশ, ভুক্তি, বিষয়, গাঁও আদি ভাগত ভাগ কৰি লৈছিল। এই প্ৰতিটো ভাগৰ বাবে একোজন বিষয়াও নিয়োগ কৰা হৈছিল। তেওঁৰ ৰাজত্বকালত দুজন বিশেষ বিষয়া আছিল-বনপদ (বনৰক্ষী বিষয়া) আৰু সৰ্ব-পল্লি-পত্তী (সকলো গাঁৱৰ মূৰব্বী)। হিউৱেনচাঙৰ টোকা অনুসৰি, হর্ষবর্ধনৰ শাসনকালত কৰৰ বোজা কম আছিল আৰু কৃষকৰ উৎপাদনৰ ছয়ভাগৰ এভাগ কৰ হিচাপে দিব লাগিছিল।
২। ত্রিকোণীয় প্রতিযোগিতা কি আছিল আৰু ইয়াৰ কাৰণ কি আছিল?
উত্তৰঃ ৬৪৮ খ্রীষ্টাব্দত হর্ষবর্ধনৰ মৃত্যুৰ পাছত উত্তৰ ভাৰতত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছিল। সেই সময়ত ভাৰতৰ তিনিটা প্রধান ৰাজবংশ- পাল, ৰাষ্ট্ৰকূট আৰু গুৰ্জৰ প্ৰতিহাৰসকলৰ মাজত আধিপত্য বিস্তাৰৰ বাবে তীব্র প্রতিযোগিতা চলিছিল। কনৌজক কেন্দ্ৰ কৰি আধিপত্য বিস্তাৰৰ বাবে এই তিনিওটা শক্তিৰ মাজত যি সংঘর্ষ হৈছিল, তাকে বুৰঞ্জীত ত্রিকোণীয় প্রতিযোগিতা বুলি জনা যায়।
৩। সাহিত্য, স্থাপত্য আৰু শিল্পকলাৰ ক্ষেত্ৰত পালসকলৰ অৱদানসমূহ বৰ্ণনা কৰা।
উত্তৰঃ সাহিত্য, স্থাপত্য আৰু শিল্পকলাৰ ক্ষেত্ৰত পালসকলৰ যথেষ্ট অৱদান আছিল। তেওঁলোকৰ শাসনকালতে বাংলা ভাষাৰ ভালেখিনি বিকাশ হৈছিল। পাল ৰজাসকলে কেইবাটাও মন্দিৰ নিৰ্মাণ কৰাৰ লগতে বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষক হোৱাৰ বাবে বহুতো বৌদ্ধ বিহাৰো নিৰ্মাণ কৰিছিল। ইয়াৰ উপৰিও, পাল ৰজা ধৰ্মপালে প্রখ্যাত বিক্রমশীলা বিশ্ববিদ্যালয় স্থাপন কৰিছিল।
৪। ৰাষ্ট্ৰকূটসকলৰ প্ৰশাসনীয় ব্যৱস্থা কেনেকুৱা আছিল?
উত্তৰঃ প্ৰশাসনৰ সুবিধাৰ বাবে ৰাষ্ট্ৰকূটসকলেও পালসকলৰ দৰে নিজৰ ৰাজ্যখনক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিছিল- ৰাষ্ট্ৰ (প্রদেশ), বিষয় (জিলা) আৰু ভুক্তি। ৰাষ্ট্ৰ বা প্ৰদেশৰ দায়িত্বত থকা বিষয়াজনক ‘ৰাষ্ট্ৰপতি’ বুলি কোৱা হৈছিল। আনহাতে, বিষয় বা জিলাৰ বিষয়াজনক ‘বিষয়পতি’ বুলি কোৱা হৈছিল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

