SEBA Class 7 Social Science Chapter 8 মধ্যযুগৰ অসম Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Chapter 8 মধ্যযুগৰ অসম Notes and select need one. SCERT Class 7 Samaj Bichitra Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Textual Solutions.
SEBA Class 7 Social Science Chapter 8 মধ্যযুগৰ অসম
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Question Answer in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Notes in Assamese for All Chapters, You can practice these here.
মধ্যযুগৰ অসম
Chapter: 8
| Part – 1 |
| অনুশীলনী – ১ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) শদিয়া কোন ৰাজবংশৰ শাসনকেন্দ্র আছিল?
উত্তৰঃ শদিয়া চুতীয়া ৰাজবংশৰ শাসনকেন্দ্র আছিল।
(খ) ভূঞাসকল কোন আছিল?
উত্তৰঃ ভূঞাসকল কমতা বা কামৰূপৰ ৰজাসকলৰ ভূ-সামন্ত আছিল।
(গ) ভূঞাসকলে কেতিয়াৰপৰা মধ্য অসমৰ এক উল্লেখযোগ্য ৰাজনৈতিক শক্তি হিচাপে মূৰ ডাঙি উঠিছিল?
উত্তৰঃ কমতা ৰজা সন্ধ্যাৰ শাসনকালত ৰাজ্যখন দুৰ্বল হৈ পৰাৰ সুযোগ গ্ৰহণ কৰি নিজৰ কৰ্তৃত্ব অসমৰ পশ্চিমফাললৈ বিস্তাৰিত কৰাৰ পাছৰ পৰাই ভূঞাসকল এক উল্লেখযোগ্য শক্তিলৈ পৰিণত হৈছিল
(ঘ) ডিমাপুৰ আৰু মাইবঙত কোন ৰাজবংশই শাসন কৰিছিল?
উত্তৰঃ ডিমাপুৰ আৰু মাইবঙত কছাৰী ৰাজবংশই শাসন কৰিছিল।
(ঙ) কোন ৰাজবংশৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱে অসমীয়া ভাষাত পদ্মপুৰাণ ৰচনা কৰিছিল?
উত্তৰঃ কোচ ৰাজবংশৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱে অসমীয়া ভাষাত ‘পদ্মপুৰাণ’ ৰচনা কৰিছিল।
| অনুশীলনী – ২ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) আহোমসকলে অসমত কোন দিশেৰে প্ৰৱেশ কৰিছিল আৰু ক’ত প্ৰথম ৰাজধানী স্থাপন কৰিছিল?
উত্তৰঃ আহোমসকলে বৰ্তমান ব্ৰহ্মদেশৰ মাওলুং ৰাজ্যৰ পৰা আহি পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিল আৰু পোনপ্ৰথমে ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউত তেওঁলোকৰ প্ৰথম ৰাজধানী স্থাপন কৰিছিল।
(খ) মীৰজুমলাৰ লগত অহা লেখকজনৰ নাম কি?
উত্তৰঃ মীৰজুমলাৰ লগত অহা লেখকজনৰ নাম হ’ল― চিহাবুদ্দিন তালিচ।
(গ) আহোমসকলে সীমান্তৱৰ্তী পাহাৰীয়া জাতিবোৰৰ লগত কৰা বন্দোবস্তটোক কি বুলি কোৱা হৈছিল?
উত্তৰঃ আহোমসকলে সীমান্তৱৰ্তী পাহাৰীয়া জাতিবোৰৰ লগত কৰা বন্দোবস্তটোক পচা বুলি কোৱা হৈছিল।
(ঘ) আহোমসকলে বুৰঞ্জী প্ৰথমতে কোনটো ভাষাত লিখিছিল?
উত্তৰঃ আহোমসকলে বুৰঞ্জী প্ৰথমতে টাই-আহোম ভাষাত লিখিছিল।
২। ১৬০৩ খ্ৰীষ্টাব্দৰপৰা ১৬৭০ খ্ৰীষ্টাব্দৰ সময়ছোৱাক কিয় আহোম শাসনৰ সংকটকাল বুলি কোৱা হয়?
উত্তৰঃ ১৬০৩ খ্ৰীষ্টাব্দৰ পৰা ১৬৭০ খ্ৰীষ্টাব্দৰ সময়ছোৱাক আহোম শাসনৰ সংকটকাল বুলি কোৱা হয়, কাৰণ এই গোটেই সময়খিনি জুৰি আহোম আৰু মোগলৰ মাজত সঘনে সংঘাত বা যুদ্ধ চলি আছিল।
| Part – 2 |
তলৰ প্ৰশ্নবোৰৰ (১ নং ৰপৰা ৫ নং লৈ) শুদ্ধ উত্তৰটোৰ কাষত থকা ‘O’ চিনটো পূৰ কৰা-
১। ১৬৭১ খ্ৰীষ্টাব্দত আহোমে শৰাইঘাট ৰণত পৰাজিত কৰা মোগল সেনাপতিজন কোন আছিল?
(ক) মিৰজুমলা।
(খ) ৰামসিংহ।
(গ) ঔৰংগজেৱ।
(ঘ) তুৰ্বক খান।
উত্তৰঃ (খ) ৰামসিংহ।
২। কমতা ৰাজ্যৰ শেষৰ ৰজাগৰাকী কোন?
(ক) বৈদ্যদেৱ।
(খ) নীলাম্বৰ।
(গ) চিলাৰায়।
(ঘ) বিশ্বসিংহ।
উত্তৰঃ (খ) নীলাম্বৰ।
৩। চুতীয়াসকলৰ প্ৰথমগৰাকী ৰজা কোন আছিল?
(ক) ৰত্নধ্বজ পাল।
(খ) বীৰপাল।
(গ) তাম্ৰধ্বজ।
(ঘ) দুৰ্লভ নাৰায়ণ।
উত্তৰঃ (খ) বীৰপাল।
৪। কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য বৃটিছৰ অধীনলৈ যায়?
(ক) ১৯৪৭
(খ) ১৮২৬
(গ) ১৭৬৯
(ঘ) ১৮২৮
উত্তৰঃ (খ) ১৮২৬
৫। কোনটো ৰাজবংশই বুৰঞ্জী প্ৰণয়নৰ প্ৰথা আৰম্ভ কৰিছিল?
(ক) চুতীয়া।
(খ) আহোম।
(গ) পাল।
(ঘ) কোচ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

