SEBA Class 7 Social Science Chapter 7 মধ্যযুগীয়া ভাৰতৰ প্ৰাদেশিক ৰাজ্যবোৰ Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Chapter 7 মধ্যযুগীয়া ভাৰতৰ প্ৰাদেশিক ৰাজ্যবোৰ Notes and select need one. SCERT Class 7 Samaj Bichitra Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Textual Solutions.
SEBA Class 7 Social Science Chapter 7 মধ্যযুগীয়া ভাৰতৰ প্ৰাদেশিক ৰাজ্যবোৰ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Question Answer in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Notes in Assamese for All Chapters, You can practice these here.
মধ্যযুগীয়া ভাৰতৰ প্ৰাদেশিক ৰাজ্যবোৰ
Chapter: 7
| Part – 1 |
| অনুশীলনী – ১ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) কাশ্মীৰত শাসন কৰা আটাইতকৈ শক্তিশালী ৰজাজন কোন?
উত্তৰঃ কাশ্মীৰত শাসন কৰা আটাইতকৈ শক্তিশালী ৰজাজন আছিল জইন-উল-আবিদিন।
(খ) কোনজন মোগল সম্রাটে কাশ্মীৰখন মোগল সাম্ৰাজ্যৰ অধীনলৈ আনিছিল?
উত্তৰঃ মোগল সম্রাট আকবৰে ১৫৮৬ খ্ৰীষ্টাব্দত কাশ্মীৰ ৰাজ্যখন মোগল সাম্ৰাজ্যৰ অধীনলৈ আনিছিল।
(গ) বিখ্যাত হলদিঘাটৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল?
উত্তৰঃ বিখ্যাত হলদিঘাটৰ যুদ্ধ মহাৰাণা প্ৰতাপ আৰু মোগলসকলৰ মাজত সংঘটিত হৈছিল।
(ঘ) জৌনপুৰ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা কোন?
উত্তৰঃ জৌনপুৰ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা আছিল চুলতান ইব্রাহিম শ্বাহ।
(ঙ) শ্বাৰকী স্থাপত্যশৈলী বুলিলে কি বুজা?
উত্তৰঃ জৌনপুৰৰ শ্বাৰকী ৰাজবংশৰ অধীনত গঢ় লৈ উঠা স্থাপত্যশৈলীক শ্বাৰকী স্থাপত্যশৈলী বোলা হয়। এই শৈলীত টোগলক আৰু স্থানীয় শৈলীৰ সংমিশ্রণ ঘটা দেখা যায়।
(চ) গুজৰাটৰ আটাইতকৈ শক্তিশালী ৰজাজন কোন আছিল?
উত্তৰঃ গুজৰাটৰ আটাইতকৈ শক্তিশালী ৰজা আছিল মহমুদ বাঘাৰা।
(ছ) মালৱত শাসন কৰা ৰাজবংশ দুটাৰ নাম কি?
উত্তৰঃ মালৱত শাসন কৰা ৰাজবংশ দুটাৰ নাম হ’ল- ঘোৰী আৰু খালজি।
| অনুশীলনী – ২ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) বিজয়নগৰ সাম্রাজ্য ভাৰতৰ কোন প্ৰান্তত অৱস্থিত?
উত্তৰঃ বিজয়নগৰ সাম্রাজ্য দক্ষিণ ভাৰতত অৱস্থিত।
(খ) বিজয়নগৰ সাম্ৰাজ্যত শাসন কৰা ৰাজবংশকেইটা কি কি?
উত্তৰঃ বিজয়নগৰ সাম্ৰাজ্যত শাসন কৰা ৰাজবংশকেইটা হ’ল- সংগম, চালুভা, তুলুভা আৰু আৰভিডু।
(গ) অমুক্তমাল্যদা কোনে ৰচনা কৰিছিল?
উত্তৰঃ অমুক্তমাল্যদা বিজয়নগৰৰ ৰজা কৃষ্ণদেৱৰায়ে ৰচনা কৰিছিল।
(ঘ) হাজাৰা ৰামস্বামী মন্দিৰ ক’ত অৱস্থিত?
উত্তৰঃ হাজাৰা ৰামস্বামী মন্দিৰ কৰ্ণাটকৰ হাম্পিত অৱস্থিত, যিখন প্ৰাচীন বিজয়নগৰ সাম্ৰাজ্যৰ ৰাজধানী আছিল।
(ঙ) গুলবর্গা কোনখন ৰাজ্যৰ ৰাজধানী আছিল?
উত্তৰঃ গুলবৰ্গা বাহমনী ৰাজ্যৰ ৰাজধানী আছিল।
| অনুশীলনী – ৩ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) বংগলৈ কোন কোন দেশৰ ভ্ৰমণকাৰী আহিছিল?
উত্তৰঃ বংগলৈ ইউৰোপীয় আৰু চীনা ভ্রমণকাৰী আহিছিল।
(খ) কোনটো ৰাজবংশৰ দিনত পর্তুগীজসকলে বংগত কাৰখানা স্থাপন কৰিছিল?
উত্তৰঃ হুছেইন শ্বাহ ৰাজবংশৰ দিনত পর্তুগীজসকলে বংগত কাৰখানা স্থাপন কৰিছিল।
(গ) উৰিষ্যাৰ শক্তিশালী ৰাজবংশটো কি আছিল?
উত্তৰঃ উৰিষ্যাৰ শক্তিশালী ৰাজবংশটো আছিল গজপতি ৰাজবংশ।
(ঘ) উৰিষ্যাৰ কোনখন ঠাই মধ্যযুগৰ ধৰ্ম আৰু সংস্কৃতিৰ কেন্দ্ৰস্থল আছিল?
উত্তৰঃ উৰিষ্যাৰ পুৰী (জগন্নাথ মন্দিৰ) মধ্যযুগৰ ধৰ্ম আৰু সংস্কৃতিৰ কেন্দ্ৰস্থল আছিল।
(ঙ) কমল খান গখ্খৰক কোন আছিল?
উত্তৰঃ কমল খান গখ্খৰক আছিল গখ্খৰ নামৰ জনজাতিৰ মুখিয়াল, যাক আকবৰে নিজৰ মনচবদাৰ পাতিছিল।
| Part – 2 |
তলৰ প্ৰশ্নবোৰৰ (১ নং ৰপৰা ৫ নং লৈ) শুদ্ধ উত্তৰটোৰ কাষত থকা ‘০’ চিনটো পূৰ কৰা-
১। কাশ্মীৰৰ ৰজা জইন-উল-আবিদিনে কৰা কাৰ্যবোৰ কি কি?
(A) নদীত বান্ধ দি জলসিঞ্চনৰ ব্যৱস্থা।
(B) বেহা-বেপাৰত উৎসাহ।
(C) থলুৱা শিল্পক উৎসাহ।
(D) নদীৰ ওপৰত দলং নির্মাণ।
(ক) A, B, C
(খ) A, C, D
(গ) B, C, D
(ঘ) A, B, D
উত্তৰঃ (খ) A, C, D
২। ৰজা আৰু ৰাজ্যৰ সন্দৰ্ভত তলৰ কোনটো শুদ্ধ ক্রম?
| (A) মহাৰাণা কুম্ভ | (i) বিজয় নগৰ |
| (B) হুছেইন শ্বাহ চাৰকী | (ii) গুজৰাট |
| (C) মহমুদ বাঘাৰা | (iii) জৌনপুৰ |
| (D) কৃষ্ণদেৱৰায় | (iv) বাহমনী |
| (E) মহম্মদ গবন | (v) মেৱাৰ |
(ক) (A)-(ii) (B)-(iii) (C)-(iv) (D)-(v) (E)-(i)
(খ) (A)-(iii) (B)-(i) (C)-(ii) (D)-(iv) (E)-(v)
(গ) (A)-(ii) (B)-(iii) (C)-(iv) (D)-(i) (E)-(v)
(ঘ) (A)-(v) (B)-(iii) (C)-(ii) (D)-(i) (E)-(iv)
উত্তৰঃ (ঘ) (A)-(v) (B)-(iii) (C)-(ii) (D)-(i) (E)-(iv)
৩। উক্তি – মধ্যযুগত দাক্ষিণাত্যৰ এখন শক্তিশালী সাম্রাজ্য আছিল বিজয়নগৰ।
যুক্তি – কৃষ্ণদেৱৰায় বিজয়নগৰৰ এগৰাকী উল্লেখযোগ্য ৰজা আছিল।
(ক) উক্তিটো শুদ্ধ কিন্তু যুক্তিটো ভুল।
(খ) উক্তিটো ভুল কিন্তু যুক্তিটো শুদ্ধ।
(গ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তিটো উক্তিৰ বাখ্যা।
(ঘ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তিটো উক্তিৰ বাখ্যা নহয়।
উত্তৰঃ (গ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তিটো উক্তিৰ বাখ্যা।
৪। ঘটনাবোৰৰ সময় সাপেক্ষে কোনটো শুদ্ধ ক্রম?
(A) ইলিয়াচ খানৰদ্বাৰা বংগত স্বাধীন ৰাজ্য স্থাপন।
(B) আকবৰৰদ্বাৰা মালৱ ৰাজ্য দখল।
(C) হলদীঘাটৰ যুদ্ধ।
(D) চামচুদ্দিন শ্বাহৰদ্বাৰা কাশ্মীৰত নতুন শাসনৰ আৰম্ভণি।
(ক) ABCD
(খ) BCDA
(গ) DABC
(ঘ) DACB
উত্তৰঃ (গ) DABC

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

