SEBA Class 7 Social Science Chapter 6 মধ্যযুগৰ ভাৰত Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Chapter 6 মধ্যযুগৰ ভাৰত Notes and select need one. SCERT Class 7 Samaj Bichitra Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Textual Solutions.
SEBA Class 7 Social Science Chapter 6 মধ্যযুগৰ ভাৰত
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Question Answer in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Notes in Assamese for All Chapters, You can practice these here.
মধ্যযুগৰ ভাৰত
Chapter: 6
| Part – 1 |
| অনুশীলনী – ১ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) তুর্কীসকলে অসম আক্ৰমণ কৰাৰ কথা ক’ত উল্লেখ আছে?
উত্তৰঃ তুর্কীসকলে অসম আক্ৰমণ কৰাৰ কথা উত্তৰ গুৱাহাটীৰ কানাই বৰশীবোৱা শিলালিপিত উল্লেখ আছে।
(খ) কোন গৰাকী চুলতানে দিল্লীৰপৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল?
উত্তৰঃ মহম্মদ-বিন-তোগলকে দিল্লীৰপৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল।
(গ) ইবন বটুতা ক’ৰ পৰা ভাৰতলৈ আহিছিল?
উত্তৰঃ ইবন বটুতা মৰক্কোৰ পৰা ভাৰতলৈ আহিছিল।
(ঘ) ছৈয়দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ ছৈয়দ বংশৰ প্ৰতিষ্ঠাপক খিজিল খাঁ বা খিজিৰ খাঁ আছিল।
(ঙ) ১৫২৬ খ্ৰীষ্টাব্দৰ পানীপথৰ যুদ্ধত কোনে কাক পৰাস্ত কৰিছিল?
উত্তৰঃ ১৫২৬ খ্ৰীষ্টাব্দৰ পানীপথৰ যুদ্ধত বাবৰে ইব্রাহীম লোডীক পৰাস্ত কৰিছিল।
(চ) কোনে দিল্লীত তিনিখন বজাৰ স্থাপন কৰিছিল?
উত্তৰঃ আলাউদ্দিন খিলজিয়ে দিল্লীত তিনিখন বজাৰ স্থাপন কৰিছিল।
(ছ) চুলতানী সকলৰ প্ৰশাসনৰ মূল ভেটি কি আছিল?
উত্তৰঃ চুলতানী সকলৰ প্ৰশাসনৰ মূল ভেটি আছিল- ইছলাম ধর্মীয় আইন বা শ্বৰীয়া আইন।
২। চুলতানী শাসক বুলিলে কি বুজা? চুলতানী শাসনৰ উল্লেখযোগ্য ৰাজবংশকেইটা কি কি?
উত্তৰঃ ১২০৬ খ্ৰীষ্টাব্দৰ পৰা ১৫২৬ খ্ৰীষ্টাব্দলৈ ভাৰতত তুর্কী-আফগানসকলৰ কেইবাটাও বংশই প্রায় ৩০০ বছৰ ৰাজত্ব কৰিছিল। এই ৰজাসকলক চুলতান বোলা হৈছিল আৰু তেওঁলোকৰ শাসনকালক চুলতানী শাসন বুলি কোৱা হয়।
চুলতানী শাসনৰ উল্লেখযোগ্য ৰাজবংশকেইটা হ’ল- দাস বংশ, খিলজি বংশ, তোগলক বংশ, ছৈয়দ বংশ আৰু লোডী বংশ।
৩। কুতুবুদ্দিন আইবাকে প্রতিষ্ঠা কৰা বংশটোক কিয় দাস বংশ বোলা হয়?
উত্তৰঃ কুতুবুদ্দিন আইবাক এজন তুর্কীমূলৰ ক্রীতদাস আছিল। সৰুতেই তেওঁক পাৰস্যৰ কাজী এজনে ক্ৰয় কৰিছিল আৰু পাছলৈ গজনীৰ মহম্মদ ঘোৰীৰ তাত বিক্ৰী কৰিছিল। তেওঁ এজন দাস আছিল বাবেই তেওঁ প্রতিষ্ঠা কৰা ৰাজবংশটোক দাস বংশ বুলি অভিহিত কৰা হয়।
৪। মহম্মদ-বিন-টোগলকক কিয় ‘জ্ঞানী মূর্খ’ ৰজা বুলি কোৱা হয়?
উত্তৰঃ মহম্মদ-বিন-তোগলক প্রজাহিতৈষী আছিল যদিও তেওঁৰ আঁচনিবোৰ বাস্তৱ পৰিকল্পনাৰ অভাৱত বিফল হৈছিল। তেওঁ দিল্লীৰপৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰাৰ ফলত বহু ধন-জনৰ ক্ষতি হৈছিল। তামৰ মুদ্রা প্ৰচলন কৰি ইয়াৰ নকল ৰোধ কৰিব নোৱাৰাৰ ফলত দেশৰ অৰ্থনীতি ক্ষতিগ্রস্ত হৈছিল। এনেবোৰ হঠকাৰী সিদ্ধান্তৰ বাবে তেওঁক ‘জ্ঞানী মূর্খ’ ৰজা বোলা হয়।
৫। চুলতানসকলৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে এটি চমুটোকা লিখা।
উত্তৰঃ চুলতানী শাসনত সর্বোচ্চ ক্ষমতাৰ গৰাকী আছিল চুলতান আৰু প্ৰশাসনৰ মূল ভেটি আছিল ইছলাম ধর্মীয় আইন। প্রশাসন পৰিচালনাৰ সুবিধাৰ বাবে কেইবাটাও বিভাগ আছিল, যেনে- ধর্ম আৰু ন্যায়, সামৰিক, ৰাজসভা, দাতব্য আদি । আটাইতকৈ উচ্চ পদবীত থকা বিষয়াজনক ‘রাজিৰ’ বোলা হৈছিল আৰু তেওঁৰ দপ্তৰক ‘দিৱান-ই-রাজাৰত’ বোলা হৈছিল। শাসন বিধাৰ বাবে সাম্ৰাজ্যখনক কিছুমান অঞ্চলত ভাগ কৰা হৈছিল যাক ‘ইক্তা’ বোলা হৈছিল আৰু ইয়াৰ মুৰব্বীক ‘ইক্তাদাৰ’ বা ‘মুকটি’ বোলা হৈছিল।
| অনুশীলনী – ২ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ কাৰ বংশধৰ আছিল?
উত্তৰঃ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ টাইমুৰৰ বংশধৰ আছিল।
(খ) মোগল সাম্ৰাজ্যৰ বিস্তৃতি ক’ৰপৰা ক’লৈ আছিল?
উত্তৰঃ ঔৰংগজেৱৰ সময়ত মোগল সাম্রাজ্য পূবে বংগৰপৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰপৰা দক্ষিণে কর্ণাটকলৈ বিস্তৃত আছিল।
(গ) ‘বাবৰনামা’ কি?
উত্তৰঃ বাবৰনামা’ হৈছে মোগল সম্রাট বাবৰৰ আত্মজীৱনী।
(ঘ) ‘হেমচন্দ্র বিক্রমাদিত্য’ উপাধি কোনে গ্রহণ কৰিছিল?
উত্তৰঃ আফগান সেনাপতি তথা ৱাজিৰ হিমুৱে এই উপাধি গ্রহণ কৰিছিল।
(ঙ) ‘চুল-হি-কূল’ বুলিলে কি বুজা?
উত্তৰঃ সম্রাট আকবৰে সকলোৰে সৈতে শান্তি তথা সহনশীল নীতি প্রয়োগ কৰিছিল, যাক ‘চুল-হি-কুল’ বোলা হয়।
| Part – 2 |
তলৰ প্ৰশ্নবোৰৰ (১ নং ৰপৰা ৫ নং লৈ) শুদ্ধ উত্তৰটোৰ কাষত থকা ‘০’ চিনটো পূৰ কৰা-
১। পানীপথৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল?
(ক) ১৫২৬ খ্রীষ্টাব্দত।
(খ) ১৫৩৬ খ্রীষ্টাব্দত।
(গ) ১৫৪৬ খ্রীষ্টাব্দত।
(ঘ) ১৫৫৬ খ্রীষ্টাব্দত।
উত্তৰঃ (ঘ) ১৫৫৬ খ্রীষ্টাব্দত।
২। অসমৰ কোনগৰাকী ৰজাই বখতিয়াৰ খিলজিক পৰাস্ত কৰিছিল?
(ক) ভাস্কৰ বৰ্মন।
(খ) নৰকাসুৰ।
(গ) পৃথু।
(ঘ) নীলাম্বৰ।
উত্তৰঃ (গ) পৃথু।
৩। কোনটো সঠিক ক্রম?
(ক) দাস বংশ → টোগলক বংশ → খিলজি বংশ → ছৈয়দ বংশ → লোডী বংশ।
(খ) লোডী বংশ →টোগলক বংশ → ছৈয়দ বংশ → দাস বংশ → খিলজি বংশ।
(গ) দাস বংশ → লোডী বংশ → টোগলক বংশ → খিলজি বংশ → টোগলক বংশ।
(ঘ) দাস বংশ → খিলজি বংশ → টোগলক বংশ → ছৈয়দ বংশ → লোডী বংশ।
উত্তৰঃ (ক) দাস বংশ → টোগলক বংশ → খিলজি বংশ → ছৈয়দ বংশ → লোডী বংশ।
৪। উক্তি – মহম্মদ বিন টোগলকক ‘জ্ঞানী মূর্খ’ ৰজা বুলি জনা যায়।
যুক্তি – তেওঁৰ আঁচনিবোৰ বাস্তৱ পৰিকল্পনাৰ অভাৱত বিফল হৈছিল।
(ক) উক্তিটো শুদ্ধ কিন্তু যুক্তিটো ভুল।
(খ) উক্তিটো ভুল কিন্তু যুক্তিটো শুদ্ধ।
(গ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তিটো উক্তিৰ বাখ্যা।
(ঘ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তিটো উক্তিৰ বাখ্যা নহয়।
উত্তৰঃ (গ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তিটো উক্তিৰ বাখ্যা।
৫। ৱাজিৰ কি বিভাগৰ মুৰব্বী আছিল?
(ক) চোৰাংচোৱা।
(খ) ন্যায়িক।
(গ) বিত্ত।
(ঘ) ধর্মীয়।
উত্তৰঃ (গ) বিত্ত।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

