SEBA Class 7 Social Science Chapter 5 আদি-মধ্যযুগৰ ভাৰত Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Chapter 5 আদি-মধ্যযুগৰ ভাৰত Notes and select need one. SCERT Class 7 Samaj Bichitra Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Textual Solutions.
SEBA Class 7 Social Science Chapter 5 আদি-মধ্যযুগৰ ভাৰত
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Question Answer in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Notes in Assamese for All Chapters, You can practice these here.
আদি-মধ্যযুগৰ ভাৰত
Chapter: 5
| Part – 1 |
| অনুশীলনী – ১ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ভাৰতৰ ইতিহাস অধ্যয়নত আদি-মধ্যযুগ বুলিলে কোনছোৱা সময়ক বুজা যায়?
উত্তৰঃ ভাৰতৰ ইতিহাসত সপ্তম শতিকাৰপৰা বাৰ শতিকালৈ (প্রায় ৫০০ বছৰ) সময়ছোৱাক আদি-মধ্যযুগ বুলি অভিহিত কৰা হয়।
(খ) ৰজাই কোনবোৰ লোকক ভূমি দান কৰিছিল?
উত্তৰঃ ৰজাই নিজৰ ইচ্ছামতে ব্রাহ্মণ-পুৰোহিত, ধৰ্মীয় স্থান আৰু নিজৰ বিষয়ববীয়াসকলক ভূমি দান কৰিছিল। তদুপৰি কৃষিজীৱী কৈৱর্তসকলকো ভূমি দান কৰা হৈছিল।
(গ) পুষ্যভূতি বংশৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰঃ ৫৮০ খ্রীষ্টাব্দত প্রভাকৰবৰ্ধনে থানেশ্বৰতে পুষ্যভূতি ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল।
(ঘ) হর্ষবর্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন কোন আছিল?
উত্তৰঃ হর্ষবর্ধনৰ ৰাজত্বকালত ভাৰতলৈ হিউৱেনচাং চীনা পৰিব্ৰাজকজন আহিছিল।
২। সাহিত্য আৰু ধর্মীয় দিশত ৰাষ্ট্ৰকূটসকলৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ৰাষ্ট্ৰকূটসকলৰ শাসনকালত সাহিত্য আৰু ধর্মীয় দিশত যথেষ্ট বিকাশ হৈছিল-
সাহিত্য: তেওঁলোকৰ শাসনকালত সংস্কৃত আৰু প্ৰাকৃত ভাষাই বিকাশ লাভ কৰিছিল। ৰজা অমোঘবর্ষ এগৰাকী সাহিত্যৰ পৃষ্ঠপোষক আছিল আৰু তেওঁ কানাড়া ভাষাত ‘কবিৰাজমার্গ’ নামৰ এখন উল্লেখযোগ্য কাব্য ৰচনা কৰিছিল৷
ধর্মীয় দিশ: তেওঁলোকে দক্ষিণ ভাৰতৰ বিভিন্ন স্থানত বহু মন্দিৰ নিৰ্মাণ কৰিছিল। প্ৰথম কৃষ্ণৰ শাসনকালত নির্মাণ কৰা ইলোৰাৰ কৈলাশনাথ মন্দিৰ ইয়াৰ এক উল্লেখযোগ্য উদাহৰণ।
৩। গুৰ্জৰ-প্ৰতিহাৰসকলৰ পতনৰ কাৰণবোৰ কি কি?
উত্তৰঃ গুৰ্জৰ-প্ৰতিহাৰসকলৰ পতনৰ মূল কাৰণবোৰ হ’ল-
(i) দশম শতিকাৰ আৰম্ভণিতে তেওঁলোক ৰাষ্ট্ৰকূটসকলৰ আক্ৰমণৰ সন্মুখীন হৈছিল আৰু ৰাষ্ট্ৰকূট ৰজাই কনৌজ ছাৰখাৰ কৰি ধ্বংসস্তূপত পৰিণত কৰিছিল।
(ii) এই দুৰ্বলতাৰ সুযোগ লৈ তেওঁলোকৰ অধীনত থকা প্ৰাদেশিক শাসকসকলে স্বাধীনতা ঘোষণা কৰে, যিয়ে গুৰ্জৰ-প্ৰতিহাৰসকলক নিশকতীয়া কৰি পেলায়।
(iii) একাদশ শতিকাত গজনীৰ চুলতান মামুদৰ ভাৰত আক্ৰমণৰ ফলত তেওঁলোকৰ ৰাজনৈতিক স্থিতি একেবাৰে নিঃশেষ হৈ পৰিছিল।
৪। পালসকলে কেনেদৰে প্ৰশাসনিক কার্য চলাইছিল তাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ পালসকলে তেওঁলোকৰ ৰাজ্যখনক প্ৰশাসনীয় সুবিধাৰ বাবে ‘ভুক্তি’, ‘বিষয়’ আৰু ‘মণ্ডল’ নামৰ তিনিটা গোটত ভাগ কৰিছিল। প্ৰতিটো গোটৰ দায়িত্বত এজন বা ততোধিক বিষয়া আছিল। গ্রামপতি আৰু দশগ্রামিকা নামৰ বিষয়াৰ হাতত গাঁওবোৰ প্ৰশাসনৰ দায়িত্ব অর্পণ কৰা হৈছিল।
৫। প্রশাসনিক সুবিধাৰ বাবে ৰাষ্ট্ৰকূট আৰু গুৰ্জৰ-প্ৰতিহাৰসকলে নিজৰ নিজৰ ৰাজ্যবোৰক কি কি ভাগত ভাগ কৰিছিল? নামবোৰ উল্লেখ কৰা।
উত্তৰঃ (i) ৰাষ্ট্ৰকূটসকলৰ প্ৰশাসনিক ভাগ: ৰাষ্ট্ৰ (প্রদেশ), বিষয় (জিলা) আৰু ভুক্তি।
(ii) গুৰ্জৰ-প্ৰতিহাৰসকলৰ প্ৰশাসনিক ভাগ: ৰাজ্য, প্রদেশ, ভুক্তি, আৰু মণ্ডল (প্ৰতিটো মণ্ডলৰ তলত কেইবাখনো নগৰ আৰু গাঁও আছিল)।
| অনুশীলনী – ২ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি কোন আছিল?
উত্তৰঃ ভাৰতবৰ্ষত আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি আছিল আৰৱসকল।
(খ) আৰৱসকলৰ আগমনৰ সময়ত সিন্ধু অঞ্চলৰ ৰজা কোন আছিল?
উত্তৰঃ আৰৱসকলৰ আগমনৰ সময়ত সিন্ধু অঞ্চলৰ ৰজা আছিল দাহিৰ।
(গ) চুলতান মামুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল?
উত্তৰঃ চুলতান মামুদে ১০০০ খ্ৰীষ্টাব্দৰপৰা ১০২৭ খ্ৰীষ্টাব্দৰ ভিতৰত মুঠ ১৭ বাৰ ভাৰত আক্ৰমণ কৰিছিল।
(ঘ) ভাৰতত কেতিয়াৰপৰা চুলতানী আমোলৰ আৰম্ভণি হৈছিল?
উত্তৰঃ ১২০৬ খ্ৰীষ্টাব্দৰপৰা কুতুবুদ্দিন আইবাকৰ নেতৃত্বত ভাৰতত চুলতানী আমোলৰ আৰম্ভণি হৈছিল।
২। আৰৱসকলে কোন কোন অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল?
উত্তৰঃ আৰৱসকলে বৰ্তমান পাকিস্তানৰ অন্তৰ্গত সিন্ধু প্ৰদেশৰ দেৱাল (বৰ্তমান কৰাচীৰ কাষত অৱস্থিত), ব্রাহ্মণবাদ (বর্তমান পাকিস্তানৰ মানুবা), হায়দৰাবাদ আৰু মুলতান অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল।
| Part – 2 |
তলৰ প্ৰশ্নবোৰৰ (১ নং ৰপৰা ৫ নং লৈ) শুদ্ধ উত্তৰটোৰ কাষত থকা ‘০’ চিনটো পূব কৰা-
১। ভূমিদান প্রধানত কেই প্ৰকাৰৰ আছিল?
(ক) ২
(খ) ৩
(গ) ৪
(ঘ) ৫
উত্তৰঃ (ক) ২
২। উক্তি- আদি-মধ্যযুগত ৰজাৰ ক্ষমতা হ্রাস পাইছিল।
যুক্তি- এই সময়ছোৱাত ভূ-স্বামীসকল প্ৰভাৱশালী হৈ পৰিছিল।
(ক) উক্তিটো শুদ্ধ কিন্তু যুক্তিটো ভুল।
(খ) উক্তিটো ভুল কিন্তু যুক্তিটো শুদ্ধ।
(গ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা।
(ঘ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা নহয়।
উত্তৰঃ (গ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা।
৩। আদি-মধ্যযুগৰ ক্ষেত্রত কোনটো বাক্য শুদ্ধ?
(ক) ভূ-দান ব্যৱস্থাৰ উত্থান হৈছিল।
(খ) ব্যৱসায় বাণিজ্যৰ উত্থান হৈছিল।
(গ) সৰু সৰু ৰাজবংশৰ পতন হৈছিল।
(ঘ) কৰতলীয়া ৰাজ্যৰ পতন হৈছিল।
উত্তৰঃ (ক) ভূ-দান ব্যৱস্থাৰ উত্থান হৈছিল।
৪। কবিৰাজমার্গ কি ভাষাত ৰচিত?
(ক) তামিল।
(খ) পালি।
(গ) কানাড়া।
(ঘ) হিন্দী।
উত্তৰঃ (গ) কানাড়া।
৫। ‘ত্রিকোণীয় কণৌজ’ নামৰ শাসনকেন্দ্ৰিক প্রতিযোগিতা কাৰ কাৰ মাজত হৈছিল?
(ক) ৰাষ্ট্ৰকূট-পাল-প্ৰতিহাৰসকলৰ মাজত।
(খ) ৰাষ্ট্ৰকূট-ৰাজপুত-প্ৰতিহাৰসকলৰ মাজত।
(গ) পাল-গুপ্ত-ৰাজপুতসকলৰ মাজত।
(ঘ) পাল-প্ৰতিহাৰ-আৰৱসকলৰ মাজত।
উত্তৰঃ (ক) ৰাষ্ট্ৰকূট-পাল-প্ৰতিহাৰসকলৰ মাজত।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

