SEBA Class 7 Social Science Chapter 4 দক্ষিণ আফ্ৰিকা Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Chapter 4 দক্ষিণ আফ্ৰিকা Notes and select need one. SCERT Class 7 Samaj Bichitra Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Textual Solutions.
SEBA Class 7 Social Science Chapter 4 দক্ষিণ আফ্ৰিকা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Question Answer in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Notes in Assamese for All Chapters, You can practice these here.
দক্ষিণ আফ্ৰিকা
Chapter: 4
| Part – 1 |
| অনুশীলনী – ১ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) দক্ষিণ আফ্ৰিকাৰ মাটিকালি কিমান?
উত্তৰঃ দক্ষিণ আফ্ৰিকাৰ মাটিকালি ১.১৯ লাখ বৰ্গ কিলোমিটাৰ।
(খ) হাইভেল্ড মালভূমিখনক কোনখন পর্বতমালাই আগুৰি আছে?
উত্তৰঃ হাইভেল্ড (Highveld) নামৰ মালভূমি অঞ্চলটোক ড্রাকেন্সবার্গ (Drakensberg) নামৰ পৰ্বতমালাই আগুৰি আছে।
(গ) ‘Big Five’ বুলিলে কি বুজা?
উত্তৰঃ Big Five’ বুলিলে দক্ষিণ আফ্রিকাত পোৱা ৫ বিধ প্রধান স্তন্যপায়ী প্রাণীক বুজায়। সেই প্রাণীকেইবিধ হ’ল- কোৱা সিংহ, বাঘ, হাতী, গঁড় আৰু ম’হ।
২। জোহানেছবার্গক কিয় ‘সোণৰ নগৰ’ বুলি জনা যায়?
উত্তৰঃ ১৮৮৬ খ্রীষ্টাব্দত জোহান্সবার্গৰ ওচৰত সোণৰ খনি আৱিষ্কাৰ হৈছিল। এই সোণৰ খনিক কেন্দ্ৰ কৰিয়েই নগৰখন গঢ়ি উঠিছিল বাবে জোহান্সবার্গক ‘সোণৰ নগৰ’ (City of Gold) বুলি জনা যায়।
৩। দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে এটি টোকা প্রস্তুত কৰা (প্রয়োজনত ফটো সংলগ্ন কৰিবা)।
উত্তৰঃ দক্ষিণ আফ্রিকাৰ প্রাকৃতিক পৰিৱেশ অতিশয় বৈচিত্র্যপূর্ণ। দেশখনৰ মাজভাগত ১২০০-ৰ পৰা ১৮০০ মিটাৰ উচ্চতাৰ ‘হাইভেল্ড’ (Highveld) নামৰ এটা মালভূমি অঞ্চল আছে, যাক ড্রাকেন্সবার্গ পর্বতমালাই আগুৰি আছে। দেশখনৰ দক্ষিণ-পশ্চিম অংশত ‘গ্রেইট কাৰু’ (Great Karoo) আৰু ‘লিটল কাৰু’ (Little Karoo) নামৰ দুটা মৰুপ্ৰায় অঞ্চল আছে। দক্ষিণ আফ্রিকাৰ প্ৰধান নদীখন হ’ল ওৰেঞ্জ (Orange), যাৰ দৈর্ঘ্য প্রায় ২,২০০ কিলোমিটাৰ। দেশখনৰ জলবায়ু ঘাইকৈ উপক্রান্তীয় নাতিশীতোষ্ণ আৰু বার্ষিক গড় বৃষ্টিপাতৰ পৰিমাণ প্রায় ৫০ ছেন্টিমিটাৰ। উদ্ভিদ আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰতো দেশখন যথেষ্ট চহকী, য’ত ক্রুগাৰ ৰাষ্ট্ৰীয় উদ্যানকে ধৰি মুঠ ১৯ খন ৰাষ্ট্ৰীয় উদ্যান আছে।
| অনুশীলনী – ২ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) দক্ষিণ আফ্রিকাত বর্ণবৈষম্য বিৰোধী আন্দোলনক কোনে নেতৃত্ব দিছিল?
উত্তৰঃ দক্ষিণ আফ্রিকাত বর্ণবৈষম্য বিৰোধী আন্দোলনক নেলছন মেণ্ডেলাই নেতৃত্ব দিছিল।
(খ) ওলণ্ডাজসকলে কেতিয়া কেপ টাউন চহৰত বসতি স্থাপন কৰিছিল?
উত্তৰঃ ১৬৫২ খ্রীষ্টাব্দত ওলন্দাজসকলে কেপ টাউন (Cape Town) চহৰত বসতি স্থাপন কৰিছিল।
(গ) আফ্রিকান নেশ্বনেল কংগ্রেছ কি?
উত্তৰঃ আফ্রিকান নেশ্বনেল কংগ্রেছ (ANC) হৈছে দক্ষিণ আফ্ৰিকাৰ এটা প্ৰধান ৰাজনৈতিক দল আৰু জাতীয় মুক্তি আন্দোলন। এই দলটোৱেই দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য (Apartheid) বিৰোধী আন্দোলনৰ মূল নেতৃত্ব বহন কৰিছিল, যাৰ এগৰাকী প্ৰধান নেতা আছিল নেলছন মেণ্ডেলা।
২। দক্ষিণ আফ্রিকাত বর্ণবৈষম্য বিৰোধী আন্দোলন কিয় গঢ়ি উঠিছিল?
উত্তৰঃ ১৮০০ খ্রীষ্টাব্দত ব্রিটিছসকল শক্তিশালী হোৱাৰ পাছত ওলন্দাজসকলে দক্ষিণ আফ্ৰিকাৰ ভিতৰুৱা অঞ্চললৈ গৈ নিজা গীর্জা, বিদ্যালয় আদিৰে ক্ষুদ্র ক্ষুদ্ৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এই ৰাজ্যবোৰৰ শাসনকর্তা আছিল সংখ্যালঘু শ্বেতবৰ্ণৰ ওলন্দাজসকল আৰু ইয়াৰ পিছৰ পৰাই কৃষণাংগ খিলঞ্জীয়াসকলৰ প্ৰতি বৈষম্য অধিক বৃদ্ধি পাইছিল। ইয়াৰ উপৰি, ঊনবিংশ শতিকাৰ শেষভাগত হীৰা আৰু সোণ আৱিষ্কাৰ হোৱাৰ পাছত বহিৰাগতৰ আগমন বৃদ্ধি পায় আৰু আগৰেপৰা বসবাস কৰি থকা ক’লা ছালৰ কৃষণাংগ লোকসকলৰ লগত বগা ছালৰ ব্ৰিটিছ আৰু ওলন্দাজসকলৰ সংঘাত আৰম্ভ হয়। কৃষণাংগ লোকসকলৰ ওপৰত হোৱা এই বৈষম্য আৰু সংঘাতৰ পৰিণতিতেই দক্ষিণ আফ্রিকাত বর্ণবৈষম্য বিৰোধী আন্দোলন গঢ়ি উঠিছিল।
| Part – 2 |
১। আফ্রিকা মহাদেশৰ মানচিত্ৰখনত দক্ষিণ আফ্রিকা দেশখন চিহ্নিত কৰি দেশখনৰ পূব আৰু পশ্চিম দিশত থকা সাগৰ দুখনৰ নাম লিখা-

উত্তৰঃ

২। ইউৰোপীয়সকল দক্ষিণ আফ্রিকালৈ অহাৰপৰা তাত নতুন চৰকাৰ গঠন হোৱালৈকে সংঘটিত হোৱা উল্লেখযোগ্য ঘটনাবোৰ একাদিক্রমে তলৰ সময়ৰেখাডালত উল্লেখ কৰা-

উত্তৰঃ ১৪৮৮ খ্ৰীঃ → বাৰ্থলোমিউ ডিয়াছ (প্ৰথম ইউৰোপীয় আগমন)।
১৬৫২ খ্ৰীঃ → জান ভান ৰিবেক (ডাচ বসতি স্থাপন)।
১৮০৬ খ্ৰীঃ → ব্ৰিটেইন (কেপ কলনী দখল কৰে)।
১৯১০ খ্ৰীঃ → দক্ষিণ আফ্রিকা ইউনিয়ন গঠন।
১৯৪৮ খ্ৰীঃ → এপাৰ্থেইড নীতি আৰম্ভ।
১৯৯০ খ্ৰীঃ → নেলছন মেণ্ডেলা মুক্তি পায়।
১৯৯৪ খ্ৰীঃ → নতুন গণতান্ত্ৰিক চৰকাৰ গঠন (মেণ্ডেলা ৰাষ্ট্ৰপতি হয়)।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

