SEBA Class 7 Social Science Chapter 3 ভাৰতৰ কৃষি আৰু উদ্যোগ Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Chapter 3 ভাৰতৰ কৃষি আৰু উদ্যোগ Notes and select need one. SCERT Class 7 Samaj Bichitra Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Textual Solutions.
SEBA Class 7 Social Science Chapter 3 ভাৰতৰ কৃষি আৰু উদ্যোগ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Question Answer in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Notes in Assamese for All Chapters, You can practice these here.
ভাৰতৰ কৃষি আৰু উদ্যোগ
Chapter: 3
| Part – 1 |
| অনুশীলনী – ১ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ভাৰতৰ কৃষি ঋতু কেইটা আৰু কি কি?
উত্তৰঃ ভাৰতৰ কৃষি ঋতু প্ৰধানকৈ তিনিটা- খাৰিফ ঋতু, ৰবি ঋতু আৰু জায়দ ঋতু।
(খ) ভাৰতৰ কোন কোন ৰাজ্যত কি কি ৰোপন শস্যৰ খেতি কৰা হয়?
উত্তৰঃ ৰোপণ শস্য আৰু সেইবোৰৰ খেতি কৰা ৰাজ্য বা অঞ্চলসমূহ তলত একেলগে উল্লেখ কৰা হ’ল:
অসম: ইয়াত প্ৰধানকৈ চাহ খেতি ৰোপণ পদ্ধতিৰে কৰা হয়।
অসম, পশ্চিমবঙ্গ, কেৰালা, তামিলনাডু, কৰ্ণাটক, ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশ: এই ৰাজ্যসমূহত বিস্তৃতভাৱে ৰবৰ, কুঁহিয়াৰ, কল, আনাৰস, নাৰিকল আৰু কফি আদি ৰোপণ শস্যৰ খেতি কৰা হয়।
পূব আৰু পশ্চিম উপকূলীয় সমভূমি, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপ: এই অঞ্চলসমূহত প্ৰধানকৈ কফি, ৰবৰ আৰু শিমলু-আলু আদি ৰোপণ শস্যৰ খেতি কৰা হয়।
(গ) ঝুম খেতি কাক বোলে?
উত্তৰঃ ভাৰতৰ পাহাৰীয়া এলেকাবোৰত হাবিবন মোকলাই আৰু জুই লগাই মুকলি কৰা মাটিত পৰম্পৰাগতভাৱে কৰা খেতিক স্থানান্তৰিত কৃষি বা ‘ঝুম খেতি’ বোলে।
(ঘ) মিশ্র কৃষি বুলিলে কি বুজা?
উত্তৰঃ যি কৃষি ব্যৱস্থাত শস্যৰ খেতি আৰু পশুপালন একেলগে কৰা হয়, তাকে মিশ্র কৃষি বোলে।
(ঙ) ট্রাক ফার্মিং কি? এই পদ্ধতিৰ কৃষিত সাধাৰণতে কিহৰ খেতি কৰা হয়?
উত্তৰঃ শাক-পাচলিজাতীয় শস্যবোৰ পৰিবহণৰ যোগেদি বিশেষকৈ ট্রাকেৰে এৰাতিৰ ভিতৰতে নগৰৰ বজাৰ ঢুকি পাব পৰা অঞ্চলত কৰা খেতিক ট্রাক ফার্মিং বোলে। এই পদ্ধতিৰ কৃষিত সাধাৰণতে শাক-পাচলিৰ খেতি কৰা হয়।
২। কৃষিক কিয় ভাৰতীয় অর্থনীতিৰ মূল ভেটি বুলি কোৱা হয়?
উত্তৰঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ ৫৪.৬ শতাংশ লোক প্ৰত্যক্ষভাৱে কৃষিৰ লগত জড়িত। কৃষিয়ে দেশৰ জনসাধাৰণক খাদ্য আৰু উদ্যোগসমূহক কেঁচামাল যোগান ধৰে। কৃষিখণ্ডৰ উন্নতিৰ লগে লগে দেশৰ উদ্যোগ, পৰিবহণ আৰু বাণিজ্য খণ্ডৰো বিকাশ ঘটে বাবে কৃষিক ভাৰতীয় অর্থনীতিৰ মূল ভেটি বুলি কোৱা হয়।
৩। আমাৰ দেশত কৃষি ঋতু কেইটাত কি কি শস্যৰ খেতি কৰা হয় উদাহৰণেৰে সৈতে লিখা।
উত্তৰঃ (i) খাৰিফ ঋতু (জুন-ছেপ্টেম্বৰ): ধান, কপাহ, মৰাপাট, বজৰা আদি।
(ii) ৰবি ঋতু (অক্টোবৰ-মার্চ): ঘেঁহু, সৰিয়হ, মাহজাতীয় শস্য, লাইশাক আদি।
(iii) জায়দ ঋতু (এপ্রিল-জুন): তিয়ঁহ, তৰমুজ, ধান, জিকা আদি।
৪। ভাৰতত প্ৰচলিত কৃষি পদ্ধতিবোৰৰ বিষয়ে এটি টোকা প্রস্তুত কৰা।
উত্তৰঃ (i) স্থানান্তৰিত বা ঝুম কৃষি: পাহাৰীয়া এলেকাত হাবি-বন পুৰি মুকলি কৰা মাটিত অস্থায়ীভাৱে কৰা খেতি। ইয়াক ‘ছেদন আৰু দাহন’ কৃষি বুলিও কোৱা হয়।
(ii) বেদিকা কৃষি: পৰ্বত-পাহাৰৰ কম ঢালযুক্ত ঠাইত খটখটীৰ দৰে ধাপ কাটি কৰা খেতি, য’ত পানী সহজে নিয়ন্ত্ৰণ কৰিব পাৰি।
(iii) গহন বা নিবিড় কৃষি: জনবহুল ঠাইত সীমিত মাটিত পৰিয়ালৰ ভৰণ-পোষণৰ বাবে সাৰ প্ৰয়োগ কৰি বছৰটোত কেইবাবাৰো কৰা খেতি।
(iv) মিশ্র কৃষি: যি কৃষি ব্যৱস্থাত একেলগে শস্যৰ খেতি আৰু পশুপালন কৰা হয়।
(v) ৰোপন কৃষি: বৃহৎ অঞ্চলত কেৱল একেবিধ শস্য বা ফল-মূলৰ (যেনে: চাহ, ৰবৰ, কফি) খেতি কৰা পদ্ধতি।
(vi) উদ্যান কৃষি: নগৰ-মহানগৰৰ আশে-পাশে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি ফল-মূল, শাক-পাচলি, মছলা আৰু ফুল উৎপাদন কৰা কৃষি।
(vii) ট্রাক ফার্মিং: এৰাতিৰ ভিতৰতে ট্ৰাকেৰে নগৰৰ বজাৰলৈ সৰবৰাহ কৰিব পৰাকৈ কৰা শাক-পাচলিৰ খেতি।
| অনুশীলনী – ২ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি ভাৰতৰ কোন কোন ৰাজ্যত কৰা হয়?
উত্তৰঃ উত্তৰ প্ৰদেশ, বিহাৰ, পঞ্জাব, হাৰিয়ানা আৰু ৰাজস্থানৰ উত্তৰ অংশত ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি কৰা হয়।
(খ) তেলগুটি শস্য দুবিধৰ নাম লিখা।
উত্তৰঃ তেলগুটি শস্য দুবিধৰ নাম হ’ল- বাদাম আৰু সৰিয়হ।
(গ) বৃষ্টিছায়া অঞ্চল কাক বোলে?
উত্তৰঃ পৰ্বতৰ অনুবাত ঢালত (বিপৰীত ফালে) জলীয় ভাপ নথকা শুকান বায়ু নামি অহাৰ ফলত বৰষুণ নোহোৱা অঞ্চলটোক বৃষ্টিচ্ছায়া অঞ্চল বোলা হয়।
| অনুশীলনী – ৩ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) তিনিটা হস্তশিল্পৰ নাম লিখা।
উত্তৰঃ তিনিটা হস্তশিল্পৰ নাম হ’ল- মৃৎশিল্প, সোণ-ৰূপৰ শিল্প আৰু কাঠ-শিল্প।
(খ) কোন চনত ভাৰতত প্রথমটো লো-তীখা কেন্দ্ৰ স্থাপন কৰা হৈছিল?
উত্তৰঃ ১৯০৭ খ্ৰীষ্টাব্দত ভাৰতত প্রথমটো লো-তীখা কেন্দ্ৰ স্থাপন কৰা হৈছিল।
(গ) ছোটনাগপুৰ অঞ্চলটোক কিয় ভাৰতৰ ৰূঢ় শিল্প অঞ্চল বুলি কোৱা হয়?
উত্তৰঃ জার্মানিৰ ৰূঢ় অঞ্চলৰ দৰে ছোটনাগপুৰ মালভূমিও খনিজ পদাৰ্থত চহকী আৰু ইয়াত খনন, ধাতু, গধুৰ যন্ত্ৰ-পাতি আৰু ৰাসায়নিক সামগ্ৰীৰ উদ্যোগ গঢ় লৈ উঠাৰ বাবে ইয়াক ভাৰতৰ ‘ৰূঢ়’ শিল্প অঞ্চল বোলে।
(ঘ) হুগলী শিল্প অঞ্চল কি কি উদ্যোগৰ বাবে বিখ্যাত?
উত্তৰঃ মৰাপাটৰ সামগ্ৰী, বস্তু উদ্যোগ, কাগজ, গধুৰ অভিযান্ত্রিক যন্ত্র-পাতি, ৰাসায়নিক উদ্যোগ, ঔষধ আৰু বৈদ্যুতিক সামগ্ৰীৰ উদ্যোগৰ বাবে বিখ্যাত।
(ঙ) মুম্বাই-পুনে শিল্প অঞ্চল ক’ৰপৰা ক’লৈকে বিস্তৃত হৈ আছে?
উত্তৰঃ এই অঞ্চল মুম্বাই-থানেৰপৰা পুনেলৈ, নাছিক আৰু ছোলাপুৰ জিলালৈকে বিস্তৃত হৈ আছে।
(চ) ভাৰতত সকলো ঠাইতে শিল্প অঞ্চল গঢ়ি নুঠাৰ মূল কাৰণটো কি?
উত্তৰঃ দেশখনত খনিজ পদাৰ্থৰ অসমান বিতৰণেই হৈছে সকলো ঠাইতে শিল্প অঞ্চল গঢ়ি নুঠাৰ মূল কাৰণ।
| Part – 2 |
তলৰ প্ৰশ্নবোৰৰ (১ নং ৰপৰা ৫ নং লৈ) শুদ্ধ উত্তৰটোৰ কাষত থকা ‘০’ চিনটো পূৰ কৰা-
১। উক্তি – কৃষি ভাৰতীয় অর্থনীতিৰ মূল ভেটি।
যুক্তি – কৃষিখণ্ডৰ উন্নতিৰ লগে লগে উদ্যোগ, পৰিবহণ, বাণিজ্য আদি আন আন যুক্তি খণ্ডৰ বিকাশ ঘটে।
(ক) উক্তিটো শুদ্ধ কিন্তু যুক্তিটো ভুল।
(খ) উক্তিটো ভুল কিন্তু যুক্তিটো শুদ্ধ।
(গ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা।
(ঘ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা নহয়।
উত্তৰঃ (গ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা।
২। কিমান খ্ৰীষ্টাব্দত ভাৰতৰ প্ৰথমটো লো-তীখাৰ কেন্দ্র স্থাপন কৰা হৈছিল?
(ক) ১৮৫০
(খ) ১৮৫৩
(গ) ১৯০৭
(ঘ) ১৯৬১
উত্তৰঃ (গ) ১৯০৭
৩। কোনটো খাৰিফ শস্য?
(ক) জিকা।
(খ) পালেংশাক।
(গ) বাদাম।
(ঘ) ধান।
উত্তৰঃ (ঘ) ধান।
৪। পর্বত পাহাৰৰ কম ঢালযুক্ত ঠাইত ঢাপ কাটি কৰা কৃষিক কি বুলি কোৱা হয়?
(ক) মিশ্র কৃষি।
(খ) ৰোপন কৃষি।
(গ) উদ্যান কৃষি।
(ঘ) বেদিকা কৃষি।
উত্তৰঃ (ঘ) বেদিকা কৃষি।
৫। কোনটো ভাৰতৰ ‘ৰূঢ়’ শিল্প অঞ্চল?
(ক) হুগলী।
(খ) ছোটনাগপুৰ মালভূমি।
(গ) মুম্বাই-পুনে।
(ঘ) গুৰুগ্রাম-দিল্লী-মিৰাট।
উত্তৰঃ (খ) ছোটনাগপুৰ মালভূমি।
৬। প্ৰতিটো ক্ৰমৰপৰা অমিলটো বাছি উলিয়াই কাষৰ বাকচত লিখা-
(ক) কপাহ উদ্যোগ, চাহ উদ্যোগ, সাৰ উদ্যোগ, মৃৎ-শিল্প উদ্যোগ।
উত্তৰঃ সাৰ উদ্যোগ।
(খ) চাহ, জালুক, ইলাচি, তেজপাত।
উত্তৰঃ চাহ।
(গ) বজৰা, ৰাগি, বাদাম, জোৱাৰ।
উত্তৰঃ বাদাম।
(ঘ) চাহ, ৰবৰ, ঘেঁহু, কফি।
উত্তৰঃ ঘেঁহু।
(ঙ) খাৰিফ, ঝুম, ৰবি, জায়দ।
উত্তৰঃ ঝুম।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

