SEBA Class 7 Social Science Chapter 2 বতৰ জলবায়ু আৰু ঋতু পৰিৱৰ্তন Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Chapter 2 বতৰ জলবায়ু আৰু ঋতু পৰিৱৰ্তন Notes and select need one. SCERT Class 7 Samaj Bichitra Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Textual Solutions.
SEBA Class 7 Social Science Chapter 2 বতৰ জলবায়ু আৰু ঋতু পৰিৱৰ্তন
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Question Answer in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Notes in Assamese for All Chapters, You can practice these here.
বতৰ জলবায়ু আৰু ঋতু পৰিৱৰ্তন
Chapter: 2
| Part – 1 |
| অনুশীলনী – ১ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পার্থক্য উল্লেখ কৰা।
উত্তৰঃ
| বতৰ | জলবায়ু |
| ১। বতৰ হৈছে বায়ুমণ্ডলৰ এক নির্দিষ্ট সময়ৰ সাময়িক অৱস্থা যি কম সময়ৰ ভিতৰতে সলনি হ’ব পাৰে। | কিন্তু জলবায়ু হৈছে এখন ঠাইৰ ৩০ ৰপৰা ৫০ বছৰৰ দীৰ্ঘদিনীয়া বতৰৰ গড় অৱস্থা। |
| ২। বতৰৰ পৰিৱৰ্তন সঘনাই হয়। কিন্তু জলবায়ুৰ পৰিৱৰ্তন সহজে নহয়। | জলবায়ুৰ পৰিৱৰ্তন সহজে নহয়। |
(খ) বতাহ কেনেকৈ এটা অঞ্চলৰপৰা আন এটা অঞ্চললৈ প্রবাহিত হয়?
উত্তৰঃ বায়ুমণ্ডলৰ চাপৰ পাৰ্থক্যৰ বাবে বতাহৰ সৃষ্টি হয়। গধুৰ বায়ু বা উচ্চ চাপ অঞ্চলৰপৰা বায়ু নিম্নচাপ অঞ্চললৈ গতি কৰে, আৰু এনেদৰে বায়ু চলাচল কৰাকে বতাহ বোলে।
(গ) বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস কি?
উত্তৰঃ বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস হৈছে সূৰ্য।
(ঘ) আর্দ্রতা বুলিলে কি বুজা?
উত্তৰঃ বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণৰ জোখকে আর্দ্রতা (Humidity) বোলা হয়।
(চ) বায়ুৰ চাপ জোখা যন্ত্রটোৰ নাম কি?
উত্তৰঃ বায়ুৰ চাপ জোখা যন্ত্রটোৰ নাম হ‘ল বেৰ’মিটাৰ।
(ছ) বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি?
উত্তৰঃ বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা মুখ্য কাৰকসমূহ হ’ল—
(i) অক্ষাংশ (Latitude)।
(ii) সমুদ্রপৃষ্ঠৰপৰা উচ্চতা (Altitude)।
(iii) সাগৰৰ সান্নিধ্য (Distance from Sea)।
(iv) সাগৰীয় সোঁত (Ocean Currents)।
(v) পৰ্বত-পাহাৰৰ অৱস্থান (Relief/Mountains)।
(vi) ভূ-প্রকৃতি আৰু ভূমিৰ ঢাল (Topography & Slope)।
(vii) উদ্ভিদৰ স্থিতি (Vegetation)।
২। বৰষুণৰ সৃষ্টি কেনেকৈ হয়?
উত্তৰঃ সূৰ্যৰ তাপৰ ফলত ভূপৃষ্ঠৰ জলাশয়ৰ পানী বাষ্পীভূত হৈ বায়ুমণ্ডললৈ যায়। জলীয় বাষ্প বায়ুমণ্ডলৰ ওপৰলৈ গৈ লাহে লাহে শীতল হ’বলৈ ধৰে আৰু ঘনীভৱন প্ৰক্ৰিয়াৰে পানীৰ কণিকালৈ ৰূপান্তৰিত হয়। এই কণিকাবোৰ ইটো সিটোৰ লগ লাগি ডাৱৰ আৰু পানীৰ টোপালৰ সৃষ্টি কৰে, যি মাধ্যাকর্ষণ শক্তিৰ প্ৰভাৱত বৰষুণ হিচাপে পৃথিৱীলৈ নামি আহে।
৩। বতৰ কাক বোলে? বতৰৰ প্রধান উপাদানকেইটাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ বায়ুমণ্ডলৰ বিশেষ একোটা অৱস্থাক যেনে- ৰ’দ, বৰষুণ, মেঘ আদি বতৰ বুলি কোৱা হয়, যি ক্ষণিকৰ ভিতৰতে পৰিৱৰ্তনশীল।
বতৰৰ প্রধান উপাদানসমূহ হ’ল-
(i) আর্দ্রতা: বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণৰ জোখকে আর্দ্রতা (Humidity) বোলা হয়।
(ii) বতাহ: গতিশীল বা চলাচল কৰা বায়ুকে বতাহ বোলে। বতাহ উচ্চ চাপ অঞ্চলৰপৰা নিম্নচাপ অঞ্চললৈ বলে। এটা অঞ্চলৰপৰা আনটো অঞ্চললৈ প্রবাহিত হওঁতে বতাহে লগত কিছুমান বস্তুও কঢ়িয়াই নিয়ে। সেয়েহে, বতাহক উত্তম বাহক হিচাপে অভিহিত কৰা হয়।
(iii) বৰষুণ: বায়ুমণ্ডলত ঘনীভূত হোৱা পানীৰ কণিকাবোৰ ইটো সিটোৰ লগ লাগি টোপালত পৰিণত হয়। এই টোপালবোৰ পৃথিৱীৰ মধ্যাকর্ষণ শক্তিৰ প্ৰভাৱত বৰষুণ হিচাপে পৃথিৱীলৈ নামি আহে।
| অনুশীলনী – ২ |
১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ভাৰতক কি জলবায়ুৰ দেশ বুলি কোৱা হয়?
উত্তৰঃ ভাৰতক মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয়।
(খ) তামিলনাডুৰ উপকূল অঞ্চলত খৰালি কিয় বৰষুণ হয়?
উত্তৰঃ উত্তৰ-পূব মৌচুমী বতাহ বংগোপসাগৰৰ ওপৰেদি আহোঁতে ই কিছু পৰিমাণে জলীয়বাষ্প শোষণ কৰে । ইয়াৰ ফলত খৰালি কালত (শীতকালত) তামিলনাডুৰ উপকূলীয় অঞ্চলত এই বতাহে অলপ বৰষুণ দিয়ে ।
(গ) কোনটো ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে?
উত্তৰঃ হেমন্ত ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে।
(ঘ) ঋতু বিভাজনৰ ভিত্তি কি?
উত্তৰঃ সচৰাচৰ স্থানীয় বতৰ আৰু জলবায়ুক ভিত্তি কৰি ঋতু বিভাজন কৰা হয়।
(ঙ) দক্ষিণ-পশ্চিম মৌচুমী বতাহ ভাৰতলৈ কোন দুখন সাগৰৰ ওপৰেৰে আহে?
উত্তৰঃ দক্ষিণ-পশ্চিম মৌচুমী বতাহ ভাৰতলৈ আৰব সাগৰ আৰু বংগোপ সাগৰৰ ওপৰেৰে আহে।
২। ভাৰতত বিৰাজ কৰা জলবায়ুৰ বিষয়ে এটা টোকা প্রস্তুত কৰা।
উত্তৰঃ ভাৰতত ঘাইকৈ মৌচুমী জলবায়ু বিৰাজ কৰে। গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত ভাৰতৰ বেছিভাগ ঠাইতে প্ৰচুৰ বৰষুণ হয়। আনহাতে, শীতকালত উত্তৰ-পূব মৌচুমী বতাহ বলে যি সাধাৰণতে শুকান হয় আৰু ইয়াৰ ফলত বতৰ ফৰকাল থাকে, কেৱল তামিলনাডুৰ দৰে কিছু উপকূলীয় অঞ্চলতহে খৰালি বৰষুণ হয়।
৩। ভাৰতৰ পৰিপ্ৰেক্ষিতত বলা মৌচুমী বতাহৰ এটি আভাস দিয়া।
উত্তৰঃ ভাৰতত প্ৰধানকৈ দুই প্ৰকাৰৰ মৌচুমী বতাহ বলে:
(i) দক্ষিণ-পশ্চিম মৌচুমী বতাহ: এই বতাহ গ্ৰীষ্মকালত ভাৰত মহাসাগৰৰপৰা আহে। ইয়াৰ দুটা শাখা-আৰৱ সাগৰৰ শাখা আৰু বংগোপসাগৰ শাখা। এই বতাহে ভাৰতত প্ৰচুৰ বৃষ্টিপাত ঘটায়।
(ii) উত্তৰ-পূব মৌচুমী বতাহ: এই বতাহ শীতকালত উত্তৰ দিশৰপৰা বলে আৰু ই সাধাৰণতে শুকান হয়।
৪। ভাৰতৰ বিভিন্ন অঞ্চলত বৰষুণৰ বিতৰণৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতৰ বাৰ্ষিক গড় বৃষ্টিপাত ১১৮ চেন্টিমিটাৰ 7। বৰষুণৰ তাৰতম্য অনুসৰি ভাৰতক পাঁচটা অঞ্চলত ভগোৱা হৈছে।
(i) অতিমাত্ৰা বৰষুণ হোৱা অঞ্চল: বার্ষিক গড় ৪০০ চে.মি. তকৈ বেছি বৰষুণ হয় (যেনে- মেঘালয়ৰ মৌচিনৰাম)।
(ii) বেছি বৰষুণ হোৱা অঞ্চল: ২০০ ৰ পৰা ৩০০ চে.মি. বৰষুণ হয় (যেনে- অসম, ত্ৰিপুৰা আদি)।
(iii) মধ্যমীয়া বৰষুণ হোৱা অঞ্চল: ১০০ ৰ পৰা ২০০ চে.মি. বৰষুণ হয়।
(iv) পাতলীয়া বৰষুণ হোৱা অঞ্চল: ৫০ ৰ পৰা ১০০ চে.মি. বৰষুণ হয়।
(v) মৰুভূমি আৰু অর্ধ-মৰুভূমি অঞ্চল: ৫০ চে.মি. তকৈ কম বৰষুণ হয় (যেনে- ৰাজস্থান, লাডাখ)।
| Part – 2 |
তলত দিয়া বিকল্প কেইটাৰপৰা (১ নং ৰপৰা ৫ নং লৈ) শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা-
১। অসমৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রটো ____________ অৱস্থিত।
(ক) বৰঝাৰত।
(খ) দিছপুৰত।
(গ) খানাপাৰত।
(ঘ) আমবাৰীত।
উত্তৰঃ (ক) বৰঝাৰত।
২। বায়ুৰ চাপৰ একক হৈছে _______________।
(ক) চেন্টিমিটাৰ।
(খ) মিলিমিটাৰ।
(গ) মিলিবাৰ।
(ঘ) চেলচিয়াছ।
উত্তৰঃ (গ) মিলিবাৰ।
৩। সাগৰপৃষ্ঠত বায়ুৰ চাপ আটাইতকৈ _______________।
(ক) কম।
(খ) বেছি।
(গ) মধ্যমীয়া।
(ঘ) পাতল।
উত্তৰঃ (খ) বেছি।
৪। বিশ্বৰ ভিতৰতে ______________ত সর্বাধিক বৰষুণ হয়।
(ক) মিজোৰাম।
(খ) মৌচিনৰাম।
(গ) দার্জিলিং।
(ঘ) অসম।
উত্তৰঃ (খ) মৌচিনৰাম।
৫। ভাৰতৰ বার্ষিক গড় বৃষ্টিপাত হ’ল ______________ চেন্টিমিটাৰ।
(ক) ১১২
(খ) ১১৮
(গ) ১২৮
(ঘ) ১২২
উত্তৰঃ (খ) ১১৮
৬। খেলিমেলিকৈ থকা আখৰ/যুক্তাক্ষৰবোৰ সজাই শব্দ গঠন কৰি কাষৰ বাকচত লিখা-
| (ক) ৰ ৎ ল শ কা | |
| (খ) ণ হা ক র্ষ ম | |
| (গ) ৰ দৈ ব লা চি | |
| (ঘ) বা প্র য়ু হ বা | |
| (ঙ) জী ৰ য়া উ চি সে |
উত্তৰঃ
| (ক) ৰ ৎ ল শ কা | শৰৎকাল। |
| (খ) ণ হা ক র্ষ ম | মহাকৰ্ষণ। |
| (গ) ৰ দৈ ব লা চি | বৰদৈচিলা। |
| (ঘ) বা প্র য়ু হ বা | বায়ুপ্ৰবাহ। |
| (ঙ) জী ৰ য়া উ চি সে | চিৰসেউজীয়া। |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

