SEBA Class 7 Social Science Chapter 1 পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Chapter 1 পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন Notes and select need one. SCERT Class 7 Samaj Bichitra Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Textual Solutions.
SEBA Class 7 Social Science Chapter 1 পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Question Answer in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Notes in Assamese for All Chapters, You can practice these here.
পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন
Chapter: 1
| Part – 1 |
| অনুশীলনী – ১ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি?
উত্তৰঃ ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলিলে ইয়াৰ গঠন, আকৃতি আৰু বৈশিষ্টৰ পৰিৱৰ্তনক বুজায়।
(খ) ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা কি কি?
উত্তৰঃ ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰকসমূহ হ’ল- ৰ’দ, বতাহ, বৰষুণ, নদী, সাগৰৰ ঢৌ হিমবাহ আদি।
(গ) পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান?
উত্তৰঃ পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ ৬০০০⁰ চেলচিয়াছতকৈ বেছি।
(ঘ) ছিমা (SiMa) শব্দটো ক’ৰপৰা আহিছে?
উত্তৰঃ ছিমা (SiMa) শব্দটো ‘Si’- এ ছিলিকন আৰু ‘Ma’- এ মেগনেছিয়ামৰ পৰা আহিছে।
২। পৃথিৱীৰ উপৰিভাগৰপৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে ছবিৰ সহায়ত বুজাই লিখা।
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ কেন্দ্ৰলৈ তিনিটা স্তৰ আছে-
(i) ভূত্বক: পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। পৰ্বত-পাহাৰ, মালভূমি, সমভূমি, সাগৰ-মহাসাগৰ আদি অৱয়ববোৰ ইয়াতেই অৱস্থিত। বায়ুমণ্ডলে ভূত্বককে স্পৰ্শ কৰি আছে। ভূত্বক গড়ে প্রায় ২০ কিলোমিটাৰ ডাঠ। এই স্তৰটো কঠিন শিলাৰে গঠিত। ভূত্বক প্ৰধানকৈ ছিলিকন আৰু এলুমিনিয়ামৰদ্বাৰা গঠিত।
(ii) গুৰুমণ্ডল বা প্ৰবাৰ স্তৰ: ভূত্বকৰ নিম্নভাগৰপৰা প্ৰায় ২৯০০ কিলোমিটাৰ গভীৰতালৈ বিস্তৃত স্তৰটোৱেই হৈছে গুৰুমণ্ডল বা প্ৰবাৰ স্তৰ। ভূত্বক আৰু এই স্তৰটোক পৃথক কৰা অংশক ম’হ’ৰ’ভিচিক বিচ্ছিন্নতা (Mohorovicic Discontinuity) বা ম’হ’ বোলে। ভূত্বকতকৈ এই স্তৰৰ উত্তাপ বেছি। সেয়েহে, ইয়াত থকা পদাৰ্থবোৰ গলিত অৱস্থাত আছে। ভূত্বকৰ হেঁচাত এই গলিত পদাৰ্থবোৰ বাহিৰলৈ ওলাই আহিব নোৱাৰি একধৰণৰ উর্ধমুখী সোঁতৰ সৃষ্টি কৰে। এনে সোঁতৰ ক্ৰিয়াৰ ফলতেই পৃথিৱীখন অস্থিৰ অৱস্থাত থাকে।
(iii) কেন্দ্ৰমণ্ডল: অন্তঃ কেন্দ্ৰমণ্ডল আৰু বহিঃ কেন্দ্ৰমণ্ডল – গুৰুমণ্ডলৰ নিম্নাংশৰপৰা পৃথিৱীৰ কেন্দ্ৰ পৰ্যন্ত বিয়পি থকা অংশটোৱেই কেন্দ্রমণ্ডল। এই স্তৰটোৰ গভীৰতা প্রায় ৩,৪৮৬ কিলোমিটাৰ। এই স্তৰটো মূলতঃ লো আৰু নিকেলৰদ্বাৰা গঠিত কাৰণে ইয়াক নিফ (NiFe) স্তৰ বুলিও জনা যায়। ইয়াত ‘Ni’- এ নিকেল আৰু ‘Fe’ – এ লোক বুজাইছে। কেন্দ্ৰমণ্ডলৰ বাহিৰৰ অংশটো তৰল আৱৰণেৰে গঠিত। ইয়াক বহিঃকেন্দ্রমণ্ডল (Outer Core) বোলা হয়। আনহাতে পৃথিৱীৰ কেন্দ্ৰক আগুৰি থকা অংশটোক অন্তঃকেন্দ্রমণ্ডল (Inner Core) বোলা হয়।

৩। পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা?
উত্তৰঃ ভূ আন্দোলনৰ ফলত পৃথিৱীৰ উপৰিভাগৰ কোনো অংশ ওপৰলৈ উঠি যাব পাৰে আৰু কোনো অংশ তললৈ বহি যাব পাৰে। ইয়াৰ ফলত ভূ পৃষ্ঠত বিভিন্ন ধৰণৰ ভূ অৱয়বৰ সৃ্ষ্টি হয়। এই ভূ অৱয়ববোৰেই হৈছে পৃথিৱীৰ আভ্যন্তৰীণ কাৰক।
৪। ভূমিকম্প কি? ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে?
উত্তৰঃ ভূমিকম্প হৈছে একপ্ৰকাৰৰ প্রলয়ংকাৰী প্ৰাকৃতিক দুর্যোগ।
ভূমিকম্পৰ কেন্দ্ৰ: ভূমিকম্প যি ঠাইত ভূপৃষ্ঠৰ তলত উৎপন্ন হয়, সেই ঠাইক ভূমিকম্পৰ কেন্দ্ৰ বোলা হয়।
উপকেন্দ্ৰ: ভূমিকম্পৰ কেন্দ্ৰৰ ঠিক ওপৰত ভূপৃষ্ঠত থকা ঠাইক উপকেন্দ্ৰ বোলা হয়।
৫। আগ্নেয়গিৰি উদ্গিৰণ বুলিলে কি বুজা?
উত্তৰঃ আগ্নেয়গিৰিৰ উদ্গিৰণো আভ্যন্তৰীণ শক্তিৰদ্বাৰা সৃষ্টি হোৱা এটি পৰিঘটনা। ভূ-আন্দোলনৰ ফলত কেতিয়াবা ভূত্বকত থকা ফাঁকেদি ভূগৰ্ভৰপৰা উত্তপ্ত গলিত পদার্থ, ধোঁৱা, ছাঁই, বাষ্প আদি প্রবল বেগেৰে বাহিৰ ওলাই আহি চাৰিওফালে বিয়পি পৰে। ইয়াক আগ্নেয়গিৰিৰ উদ্গিৰণ বুলি কোৱা হয়।
| অনুশীলনী – ২ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) বাহ্যিক শক্তিৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ বাহ্যিক শক্তিৰ দুটা উদাহৰণ হ‘ল- ৰ’দ আৰু বতাহ।
(খ) ক্ষয়কাৰ্য কেইপ্ৰকাৰ আৰু কি কি?
উত্তৰঃ ক্ষয়কাৰ্য দুই প্ৰকাৰৰ।
১। বিচূর্ণীভৱন।
২। ক্ষয়ীভৱন।
(গ) অৱক্ষেপণ বুলিলে কি বুজা?
উত্তৰঃ পৰিবহণ প্রক্রিয়াই ক্ষয় হোৱা পদাৰ্থবোৰ কঢ়িয়াই নি দ ঠাইত জমা কৰে। এনেদৰে জমা কৰা কাৰ্যকে অৱক্ষেপণ (Deposition) বোলা হয়।
(ঘ) বালিয়ৰি কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ বালিয়ৰি দুই প্ৰকাৰৰ।
(i) অনুদৈৰ্ঘ্য বালিয়ৰি।
(ii) অনুপ্ৰস্থ বালিয়ৰি।
২। সৌৰশক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে?
উত্তৰঃ বছৰ বছৰ ধৰি সূৰ্যৰ তাপ বেছিকৈ পোৱা পৰ্বতৰ ঢালবোৰত থকা শিলাস্তৰত ফাঁট মেলে। এইদৰে ফাঁট মেলি ভাঙি-চিঙি যোৱাৰ ফলত কালক্ৰমত উচ্চভূমি ক্ষয়জাত পর্বতৰ (Residual Mountains) সৃষ্টি কৰিব পাৰে।
৩। হিমবাহৰ সৃষ্টি কেনেকৈ হয়?
উত্তৰঃ সাধাৰণতে জমা হৈ থকা বৰফবোৰৰ ওপৰৰ স্তৰৰ হেঁচা আৰু পৃথিৱীৰ মধ্যাকর্ষণ শক্তিৰ ফলতেই হিমবাহৰ সৃ্ষ্টি হয়।
৪। সাগৰৰ ঢৌৱে কেনেকৈ উপকূলভূমিৰ পৰিৱৰ্তন সাধন কৰে?
উত্তৰঃ উপকূল আৰু ইয়াৰ ওচৰৰ ঠাইবোৰত সাগৰৰ ঢৌ, সোঁত আৰু জোৱাৰৰ প্ৰভাৱত বিভিন্ন ধৰণৰ অৱয়বৰ সৃষ্টি হয়। বতাহ, বোৱতী পানী, হিমবাহ আদি কাৰকবোৰৰ তুলনাত সাগৰৰ ঢৌ আৰু সাগৰীয় সোঁতৰ যোগেদি উপকূলভূমিৰ পৰিৱৰ্তন সাধন কৰে।
| Part – 2 |
তলৰ প্ৰশ্নবোৰৰ (১ নং ৰপৰা ৫ নং লৈ) শুদ্ধ উত্তৰটোৰ কাষত থকা ‘০’ চিনটো পূৰ কৰা-
১। পৃথিৱীৰ ভূত্বক ঘাইকৈ কেইখন ডাঙৰ ফলকত বিভক্ত হৈ আছে?
(ক) ২
(খ) ৩
(গ) ৫
(ঘ) ৭
উত্তৰঃ (ঘ) ৭
২। উপকূল কি?
(ক) সাগৰৰ পাৰ।
(খ) নদীৰ পাৰ।
(গ) হ্ৰদৰ পাৰ।
(ঘ) বিলৰ পাৰ।
উত্তৰঃ (ক) সাগৰৰ পাৰ।
৩। কোনটো কাৰকৰ বাবে মৰুভূমিত বাৰখানৰ সৃষ্টি হয়?
(ক) হিমবাহ।
(খ) বতাহ।
(গ) সাগৰৰ ঢৌ।
(ঘ) সৌৰশক্তি।
উত্তৰঃ (খ) বতাহ।
৪। কোনটো শক্তিক পৃথিৱীৰ আভ্যন্তৰীণ শক্তি হিচাপে গণ্য কৰা হয়?
(ক) জলপ্রবাহ।
(খ) ভূমিকম্প।
(গ) বতাহ।
(ঘ) সৌৰশক্তি।
উত্তৰঃ (খ) ভূমিকম্প।
৫। চুনামী ক’ত সৃষ্টি হয়?
(ক) নদীত।
(খ) সাগৰত।
(গ) মৰুভূমিত।
(ঘ) পর্বতত।
উত্তৰঃ (খ) সাগৰত।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

