SEBA Class 7 Social Science Chapter 9 ভাৰতত ভক্তিবাদ আৰু সামাজিক সমন্বয় Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Chapter 9 ভাৰতত ভক্তিবাদ আৰু সামাজিক সমন্বয় Notes and select need one. SCERT Class 7 Samaj Bichitra Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Textual Solutions.
SEBA Class 7 Social Science Chapter 9 ভাৰতত ভক্তিবাদ আৰু সামাজিক সমন্বয়
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Question Answer in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Notes in Assamese for All Chapters, You can practice these here.
ভাৰতত ভক্তিবাদ আৰু সামাজিক সমন্বয়
Chapter: 9
| Part – 1 |
| অনুশীলনী – ১ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ভাৰতত নতুন ধর্মীয় চিন্তাধাৰাৰ বাহক কোন আছিল?
উত্তৰঃ ভাৰতত নতুন ধর্মীয় চিন্তাধাৰাৰ বাহক আছিল আধ্যাত্মিক গুৰুসকল।
(খ) সমন্বয়বাদ মানে কি?
উত্তৰঃ ভিন্ন ধৰ্মীয় বিশ্বাস আৰু প্ৰচলিত প্ৰথাৰ সংমিশ্ৰণ ঘটি যি এক নতুন আধ্যাত্মিক ধাৰাৰ সৃষ্টি হৈছিল, তাকে সমন্বয়বাদ (Syncretism) বুলি জনা যায়।
(গ) ভক্তি শব্দৰ প্ৰথম উল্লেখ ক’ত পোৱা যায়?
উত্তৰঃ ভক্তি শব্দৰ প্ৰথম উল্লেখ উপনিষদত পোৱা যায়।
(ঘ) ভক্তিবাদৰ উত্থান প্রথমে ক’ত ঘটিছিল?
উত্তৰঃ খ্ৰীষ্টীয় সপ্তম শতিকাত ভক্তিবাদৰ উত্থান পোনপ্ৰথমে বৰ্তমানৰ তামিলনাড়ু ৰাজ্যত ঘটিছিল।
(ঙ) বীৰশৈৱমতৰ অনুগামীসকলক কিয় লিংগায়ত বোলা হৈছিল?
উত্তৰঃ বীৰশৈৱমতৰ অনুগামীসকলে শিৱক এক ইষ্টলিংগ ৰূপত উপাসনা কৰিছিল, আৰু সেইকাৰণেই তেওঁলোকক ‘লিংগায়ত’ বোলা হৈছিল।
২। বৌদ্ধধৰ্ম ভাৰতৰ বাহিৰলৈ কেনেদৰে সম্প্ৰসাৰিত হৈছিল?
উত্তৰঃ ৰজা-মহাৰজাসকলৰ পৰা লাভ কৰা ৰাজনৈতিক পৃষ্ঠপোষকতাৰ ফলত বৌদ্ধ ধৰ্ম ভাৰতৰ বাহিৰলৈ, যেনে— চীন, জাপান আৰু শ্ৰীলংকালৈ প্ৰসাৰিত হৈছিল।
৩। ভক্তি বুলিলে কি বুজা?
উত্তৰঃ ‘ভক্তি’ শব্দটো সংস্কৃতৰ ‘ভজ’ শব্দৰপৰা আহিছে, যাৰ অৰ্থ হ’ল পূজা কৰা বা আনুগত্য প্ৰকাশ কৰা। ভক্তি হ’ল এনে এক মানসিক অৱস্থা য’ত এজন ভক্তই ভগৱানৰ ওচৰত নিজকে সম্পূৰ্ণৰূপে সমৰ্পণ কৰি গভীৰ প্ৰশান্তি লাভ কৰে। কঠোৰ নিয়ম-নীতিৰ বিপৰীতে কেৱল ঈশ্বৰৰ প্ৰতি থকা প্ৰকৃত ভালোপোৱাই হৈছে ভক্তি।
৪। উপনিষদত কি ধাৰণাক অদ্বৈতবাদ বুলি অভিহিত কৰা হয়?
উত্তৰঃ শংকৰাচাৰ্যৰ মতে আত্মা (অৰ্থাৎ মানুহ) আৰু পৰমাত্মা (অৰ্থাৎ ঈশ্বৰ)-ৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। একেশ্বৰবাদৰ এই অভিন্ন ধাৰণাকে উপনিষদত ‘অদ্বৈতবাদ’ বুলি অভিহিত কৰা হয়।
| অনুশীলনী – ২ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) কাৰ নেতৃত্বত খ্রীষ্টিয় তেৰ শতিকাত নব্য ভক্তিবাদৰ ধাৰা আৰম্ভ হৈছিল?
উত্তৰঃ মহাৰাষ্ট্ৰৰ জ্ঞানেশ্বৰ বা জ্ঞানদেৱৰ নেতৃত্বত খ্ৰীষ্টিয় তেৰ শতিকাত নব্য ভক্তিবাদৰ ধাৰা আৰম্ভ হৈছিল।
(খ) মীৰাবাঈ কোন আছিল?
উত্তৰঃ মীৰাবাঈ আছিল মেৱাৰৰ ৰজাৰ পত্নী, যিয়ে কৃষ্ণ ভক্তিত নিমজ্জিত হৈ সকলো বৈষয়িক সুখ-আনন্দ ত্যাগ কৰিছিল।
(গ) উত্তৰ ভাৰতৰ নব্য ভক্তিবাদৰ গুৰিয়াল কোন আছিল?
উত্তৰঃ উত্তৰ ভাৰতৰ নব্য ভক্তিবাদৰ গুৰিয়াল আছিল ৰামানন্দ।
(ঘ) দোহা কি?
উত্তৰঃ দোহা হৈছে কবীৰে ৰচনা কৰা ভক্তিমার্গীয় কবিতা। এই দোহাবোৰত কবীৰে হিন্দু আৰু ইছলাম দুয়োটা ধৰ্মৰে কঠোৰ নীতিবোৰৰ সমালোচনা কৰিছিল।
(ঙ) গীত গোবিন্দ কোনে ৰচনা কৰিছিল?
উত্তৰঃ দ্বাদশ শতিকাৰ শেষৰ ফালে গীত-গোবিন্দ জয়দেৱে ৰচনা কৰিছিল।
| Part – 2 |
তলৰ প্ৰশ্নবোৰৰ (১ নং ৰপৰা ৫ নং লৈ) শুদ্ধ উত্তৰটোৰ কাষত থকা ‘O’ চিনটো পূৰ কৰা—
১। লিংগায়তৰ গুৰিয়াল কোন আছিল?
(ক) ৰামানুজ।
(খ) একনাথ।
(গ) বামৱন্না।
(ঘ) মীৰাবাঈ।
উত্তৰঃ (গ) বামৱন্না।
২। আলৱাৰসকল কাৰ উপাসক আছিল?
(ক) শিৱৰ।
(খ) বিষ্ণুৰ।
(গ) গণেশৰ।
(ঘ) প্ৰকৃতিৰ।
উত্তৰঃ (খ) বিষ্ণুৰ।
৩। ৰামানন্দৰ প্ৰিয় শিষ্য কোন আছিল?
(ক) শংকৰাচাৰ্য।
(খ) কবীৰ।
(গ) চৈতন্যদেৱ।
(ঘ) নামদেৱ।
উত্তৰঃ (খ) কবীৰ।
৪। ৰাম-চৰিত মানস কোনে ৰচনা কৰিছিল?
(ক) সুৰ দাস।
(খ) কবীৰ।
(গ) তুলসী দাস।
(ঘ) একনাথ।
উত্তৰঃ (গ) তুলসী দাস।
৫। শ্ৰীমন্ত শংকৰদেৱে কি ভাষাত গীত, পদ, নাট আদি ৰচনা কৰিছিল?
(ক) পালি।
(খ) প্রাকৃত।
(গ) সংস্কৃত।
(ঘ) ব্রজাৱলী।
উত্তৰঃ (ঘ) ব্রজাৱলী।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

