SEBA Class 7 Social Science Chapter 10 ভাৰতৰ সাংস্কৃতিক ঐতিহ্য Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Chapter 10 ভাৰতৰ সাংস্কৃতিক ঐতিহ্য Notes and select need one. SCERT Class 7 Samaj Bichitra Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Textual Solutions.
SEBA Class 7 Social Science Chapter 10 ভাৰতৰ সাংস্কৃতিক ঐতিহ্য
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Question Answer in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Notes in Assamese for All Chapters, You can practice these here.
ভাৰতৰ সাংস্কৃতিক ঐতিহ্য
Chapter: 10
| Part – 1 |
| অনুশীলনী – ১ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ভাৰতৰ বেছিভাগ ভাষাৰ মূল স্বৰূপ ভাষাটো কি?
উত্তৰঃ ভাৰতৰ বেছিভাগ ভাষাৰ মূল স্বৰূপ ভাষাটো হ’ল সংস্কৃত ভাষা বা প্ৰাচীন ভাৰতীয় আৰ্য ভাষা।
(খ) সংস্কৃত ভাষাক কিয় ‘দেৱভাষা’ বোলা হয়?
উত্তৰঃ প্ৰাচীন কালত বেদ, উপনিষদকে ধৰি হিন্দু ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থসমূহ আৰু মন্ত্ৰসমূহ সংস্কৃত ভাষাত ৰচিত হৈছিল। ইয়াক দেৱতাসকলৰ মুখনিঃসৃত ভাষা বা দেৱতাসকলৰ লগত মত-বিনিময় কৰা ভাষা বুলি বিশ্বাস কৰা হয় বাবেই সংস্কৃত ভাষাক ‘দেৱভাষা’ বোলা হয়।
(গ) অপভ্রংশ কি?
উত্তৰঃ প্ৰাচীন ভাৰতত প্ৰাকৃত ভাষাৰ পৰৱৰ্তী স্তৰত মানুহৰ মুখ বাগৰি যি বিকৃত বা সৰলীকৃত ভাষাৰ ৰূপৰ সৃষ্টি হৈছিল, তাক অপভ্ৰংশ বুলি কোৱা হয়। ইয়াৰ পৰাই আধুনিক ভাৰতীয় আৰ্য ভাষাসমূহৰ (যেনে- অসমীয়া, বঙালী, হিন্দী আদি) উৎপত্তি হৈছে।
২। ‘সংগম সাহিত্য’ কাক বোলে? এই সাহিত্যৰ অন্তৰ্ভুক্ত মহাকাব্য দুখনৰ নাম লিখা।
উত্তৰঃ প্ৰাচীন কালত দক্ষিণ ভাৰতত তামিল কবি, সাহিত্যিক আৰু পণ্ডিতসকলৰ কেইবাখনো মহামিলন বা সন্মিলন অনুষ্ঠিত হৈছিল। এই সন্মিলনসমূহক ‘সংগম’ বোলা হৈছিল। এই সংগমসমূহত ৰচিত বিশাল সাহিত্যৰাজিক ‘সংগম সাহিত্য’ বোলা হয়। এই সাহিত্যৰ অন্তৰ্ভুক্ত দুখন মহাকাব্য হ’ল- শিলাপ্পাদিকাৰম (Silappatikaram) আৰু মণিমেক্লাই (Manimekalai)।
৩। সংস্কৃত ভাষাত লিখা দুখন সাধুকথাৰ পুথিৰ নাম লিখা।
উত্তৰঃ সংস্কৃত ভাষাত লিখা দুখন সাধুকথাৰ পুথি হ’ল- পঞ্চতন্ত্ৰ (বিষ্ণু শৰ্মাৰ দ্বাৰা ৰচিত) আৰু হিতোপদেশ (নাৰায়ণ পণ্ডিতৰ দ্বাৰা ৰচিত)।
| অনুশীলনী – ২ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ভাৰতৰ সংগীতৰ মূল ভেটি কি?
উত্তৰঃ ভাৰতৰ সংগীতৰ মূল ভেটি হ’ল সামবেদ।
(খ) ভাৰতৰ শাস্ত্রীয় সংগীতৰ প্ৰধান ভাগ দুটা কি কি?
উত্তৰঃ ভাৰতৰ শাস্ত্রীয় সংগীতৰ প্ৰধান ভাগ দুটা হ’ল— হিন্দুস্তানী সংগীত (উত্তৰ ভাৰতত প্ৰচলিত) আৰু কৰ্ণাটকী সংগীত (দক্ষিণ ভাৰতত প্ৰচলিত)।
(গ) কালিদাসে ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
উত্তৰঃ কালিদাসে ৰচনা কৰা দুখন নাটকৰ নাম হ’ল— অভিজ্ঞানম্ শকুন্তলম্ আৰু বিক্ৰমোৰ্বশীয়ম্ বা মালবিকাগ্নিমিত্ৰম।
(ঘ) সমৰকলাৰ লগত জড়িত দুবিধ নৃত্যৰ নাম লিখা।
উত্তৰঃ সমৰকলাৰ লগত জড়িত দুবিধ নৃত্যৰ নাম হ’ল― মণিপুৰৰ থাং-টা আৰু পঞ্জাৱৰ গট্কা।
২। মোগল চিত্রকলাৰ প্ৰধান বিষয়বস্তুবোৰ কি কি?
উত্তৰঃ মোগল চিত্রকলাৰ প্ৰধান বিষয়বস্তুবোৰ আছিল ৰাজদৰবাৰৰ দৃশ্য, যুদ্ধৰ বৰ্ণনা, ৰজা-মহাৰজাৰ চিকাৰৰ দৃশ্য, প্ৰকৃতিৰ দৃশ্য (যেনে জীৱ-জন্তু আৰু চৰাইৰ চিত্ৰ), আৰু ৰাজকীয় প্ৰতিকৃতি।
৩। সচিত্র পুথি কাক বোলে? অসমৰ তিনিখন সচিত্ৰ পুথিৰ নাম লিখা।
উত্তৰঃ যিবোৰ পুথিত বিষয়বস্তুৰ লগত সংগতি ৰাখি পাতত চিত্ৰ অংকন কৰা হয়, তাক সচিত্ৰ পুথি বোলা হয়। অসমৰ তিনিখন সচিত্ৰ পুথি হ’ল— হস্তীবিদ্যাৰ্ণৱ, চিত্ৰভাগৱত, আৰু গীতগোবিন্দ বা আনন্দলহৰী।
৪। ভাৰতৰ কোনটো অঞ্চলৰ মন্দিৰশৈলীক ‘বেছৰ’ বুলি জনা যায়?
উত্তৰঃ ভাৰতৰ দাক্ষিণাত্য বা মধ্য ভাৰতৰ (বিশেষকৈ বিন্ধ্য পৰ্বতৰ পৰা কৃষ্ণা নদীলৈকে, বৰ্তমানৰ কৰ্ণাটক অঞ্চলৰ) মন্দিৰশৈলীক ‘বেছৰ’ বুলি জনা যায়। এই শৈলীত উত্তৰ ভাৰতৰ ‘নাগৰ’ আৰু দক্ষিণ ভাৰতৰ ‘দ্ৰাবিড়’ শৈলীৰ সংমিশ্ৰণ দেখা পোৱা যায়।
| Part – 2 |
তলৰ প্ৰশ্নবোৰৰ (১ নং ৰপৰা ৫ নং লৈ) শুদ্ধ উত্তৰটোৰ কাষত থকা ‘O’ চিনটো পূৰ কৰা-
১। কোনখন তামিল ভাষাৰ মহাকাব্য?
(ক) মৃচ্ছকটিকম্।
(খ) মহাবীৰ চৰিতম্।
(গ) মণিমেক্লাই।
(ঘ) মুদ্রাৰাক্ষক।
উত্তৰঃ (গ) মণিমেক্লাই।
২। কোনটো শুদ্ধ ক্রমং?
| (A) পানিনি | (i) মুদ্রাবাক্ষক |
| (B) কালিদাস | (ii) চিহ্নযাত্রা |
| (C) বিশাখাদত্ত | (iii) অষ্টাধায়ী |
| (D) শংকৰদেৱ | (iv) অভিজ্ঞানম্ শকুন্তলম্ |
(ক) (A)-(iii) (B)-(iv) (C)-(i) (D)-(ii)
(খ) (A)-(iii) (B)-(i) (C)-(ii) (D)-(iv)
(গ) (A)-(i) (B)-(ii) (C)-(iii) (D)-(iv)
(ঘ) (A)-(ii) (B)-(iii) (C)-(iv) (D)-(i)
উত্তৰঃ (ক) (A)-(iii) (B)-(iv) (C)-(i) (D)-(ii)
৩। ভাৰত নাট্যম, কথাকলি, ওডিছী, সত্রীয়া আদি নৃত্যবোৰক কি বোলা হয়?
(ক) লোক নৃত্য।
(খ) লোক নাট্য।
(গ) নৃত্য-নাটিকা।
(ঘ) শাস্ত্রীয় নৃত্য।
উত্তৰঃ (ঘ) শাস্ত্রীয় নৃত্য।
৪। কোনটো নৃত্য শক্তি প্রদর্শন বা সমৰকলাৰ লগত জড়িত?
(ক) ৰ’ফ।
(খ) বাগৰুম্বা।
(গ) মণিপুৰী।
(ঘ) গট্কা।
উত্তৰঃ (ঘ) গট্কা।
৫। উক্তি – ভাৰতৰ চিত্রকলাৰ উত্তৰণত মোগল যুগৰ অৱদান আছিল।
যুক্তি – সম্রাট আকবৰ আৰু জাহাংগীৰৰ ৰাজত্বকালত চিত্রকলাই উৎকর্ষ লাভ কৰিছিল।
(ক) উক্তিটো শুদ্ধ কিন্তু যুক্তিটো ভুল।
(খ) উক্তিটো ভুল কিন্তু যুক্তিটো শুদ্ধ।
(গ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা।
(ঘ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা নহয়।
উত্তৰঃ (গ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

