SEBA Class 7 Social Science Chapter 11 প্ৰশাসনঃ ৰাজতন্ত্ৰৰপৰা গণতন্ত্ৰলৈ Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Chapter 11 প্ৰশাসনঃ ৰাজতন্ত্ৰৰপৰা গণতন্ত্ৰলৈ Notes and select need one. SCERT Class 7 Samaj Bichitra Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Textual Solutions.
SEBA Class 7 Social Science Chapter 11 প্ৰশাসনঃ ৰাজতন্ত্ৰৰপৰা গণতন্ত্ৰলৈ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Question Answer in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Notes in Assamese for All Chapters, You can practice these here.
প্ৰশাসনঃ ৰাজতন্ত্ৰৰপৰা গণতন্ত্ৰলৈ
Chapter: 11
| Part – 1 |
| অনুশীলনী – ১ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) প্রশাসন বুলিলে কি বুজা?
উত্তৰঃ প্ৰশাসন বুলিলে কোনো এখন দেশ, ৰাজ্য বা অনুষ্ঠান সুচাৰুৰূপে পৰিচালনা কৰিবলৈ গঠন কৰা নীতি-নিয়ম আৰু পৰিচালনা ব্যৱস্থাক বুজায়।
(খ) সমাজৰ কোনবোৰ শ্ৰেণী অসুৰক্ষিত গোটৰ অন্তৰ্ভুক্ত?
উত্তৰঃ সমাজৰ অসুৰক্ষিত গোটৰ অন্তৰ্ভুক্ত শ্ৰেণীবোৰ হ’ল— বৃদ্ধ লোক, মহিলা, কৰ্মহীন লোক, বিশেষভাৱে সক্ষম লোক, আৰু শিশু।
(গ) এখন দেশৰ আইন প্রণয়ন আৰু কাৰ্যকৰীকৰণৰ দায়িত্ব কাৰ হাতত থাকে?
উত্তৰঃ এখন দেশৰ আইন প্ৰণয়নৰ দায়িত্ব ‘বিধানমণ্ডল’ (যেনে: সংসদ) আৰু সেয়া কাৰ্যকৰী কৰাৰ দায়িত্ব ‘কাৰ্যপালিকা’ বা চৰকাৰৰ হাতত থাকে।
(ঘ) ৰাষ্ট্ৰীয় নিৰাপত্তা কোনে সুনিশ্চিত কৰে?
উত্তৰঃ ৰাষ্ট্ৰীয় নিৰাপত্তা দেশৰ চৰকাৰ আৰু প্ৰতিৰক্ষা বাহিনীয়ে (সৈন্যবাহিনী, আৰক্ষী আদি) সুনিশ্চিত কৰে।
(ঙ) কিহৰ ভিত্তিত প্রশাসনৰ কাৰ্যাৱলী ভিন ভিন হ’ব পাৰে?
উত্তৰঃ দেশৰ শাসন ব্যৱস্থাৰ প্ৰকাৰৰ (যেনে- ৰাজতন্ত্ৰ, গণতন্ত্ৰ, একনায়কত্ববাদ আদি) ভিত্তিত প্ৰশাসনৰ কাৰ্যাৱলী ভিন ভিন হ’ব পাৰে।
২। প্রশাসনে কৰা জনসেৱামূলক কামৰ তিনিটা উদাহৰণ দিয়া।
উত্তৰঃ প্রশাসনে কৰা জনসেৱামূলক কামৰ তিনিটা উদাহৰণ হ’ল―
(ক) ৰাস্তা-ঘাট আৰু দলং নিৰ্মাণ কৰা।
(খ) খোৱাপানী আৰু চিকিৎসা সেৱা আগবঢ়োৱা।
(গ) শিক্ষাৰ প্ৰসাৰৰ বাবে বিদ্যালয় স্থাপন কৰা।
৩। বিদ্যালয় পৰিচালনা আৰু প্ৰশাসনৰ মাজত কি কি মিল আছে?
উত্তৰঃ দুয়োটাতে শৃংখলা বজাই ৰাখিবলৈ কিছুমান নীতি-নিয়ম থাকে, দুয়োটা ব্যৱস্থাতে এজন মুৰব্বী থাকে (যেনে- বিদ্যালয়ত প্ৰধান শিক্ষক, প্ৰশাসনত ৰজা বা ৰাষ্ট্ৰপতি), আৰু দুয়োৰে লক্ষ্য হৈছে নিজৰ অধীনৰ লোকসকলৰ (ছাত্ৰ-ছাত্ৰী বা জনসাধাৰণৰ) উন্নতি সাধন কৰা।
| অনুশীলনী – ২ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) বর্তমান কোন দেশত সাংবিধানিক ৰাজতন্ত্ৰৰ প্ৰচলন আছে?
উত্তৰঃ বর্তমান জাপান, ভূটান আদি দেশত সাংবিধানিক ৰাজতন্ত্ৰৰ প্ৰচলন আছে।
(খ) সংসদীয় গণতন্ত্ৰৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা।
উত্তৰঃ সংসদীয় গণতন্ত্ৰৰ প্ৰচলন থকা এখন দেশৰ নাম হ’ল― ভাৰত।
(গ) প্রাচীন গ্ৰীচৰ এথেন্সত কেনেধৰণৰ শাসনব্যৱস্থা আছিল?
উত্তৰঃ প্ৰাচীন গ্ৰীচৰ এথেন্সত ‘প্ৰত্যক্ষ গণতন্ত্ৰ’ আছিল।
(ঘ) জনজাতীয় বা বংশগত প্রশাসনৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ জনজাতীয় বা বংশগত প্রশাসনৰ এটা উদাহৰণ হ’ল― ৰাজতন্ত্ৰ বা কোনো জনজাতীয় দলপতিৰ শাসন ব্যৱস্থা।
(ঙ) অভিজাততন্ত্ৰৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা।
উত্তৰঃ অভিজাততন্ত্ৰৰ প্ৰচলন থকা এখন দেশৰ হ’ল― গ্ৰীচৰ স্পাৰ্টা।
(চ) সাম্যবাদৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা।
উত্তৰঃ সাম্যবাদৰ প্ৰচলন থকা এখন দেশৰ নাম হ’ল―চীন।
(ছ) আমেৰিকা যুক্তৰাষ্ট্ৰত কেতিয়া গণতন্ত্র প্রতিষ্ঠা হৈছিল?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰত ১৭৮৭ চনত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল।
(জ) বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক দেশখনৰ নাম লিখা।
উত্তৰঃ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ নাম হ’ল― ভাৰত।
২। আব্রাহাম লিংকনৰ গণতন্ত্ৰ সম্পৰ্কীয় উক্তিটো কি?
উত্তৰঃ আব্ৰাহাম লিংকনৰ মতে, “গণতন্ত্ৰ হৈছে জনসাধাৰণৰ, জনসাধাৰণৰ দ্বাৰা আৰু জনসাধাৰণৰ বাবে গঠিত চৰকাৰ”।
| Part – 2 |
তলৰ প্ৰশ্নবোৰৰ (১ নং ৰপৰা ৫ নং লৈ) শুদ্ধ উত্তৰটোৰ কাষত থকা ‘O’ চিনটো পুৰ কৰা-
১। ৰাজ্যৰ সাংবিধানিক মুৰব্বী কোন?
(ক) মুখ্যমন্ত্রী।
(খ) ৰাষ্ট্রপতি।
(গ) ৰাজ্যপাল।
(ঘ) বিধানসভাৰ অধ্যক্ষ।
উত্তৰঃ (গ) ৰাজ্যপাল।
২। প্রাচীন কালত প্রজাৰ বাবে কোনে প্রশাসন কার্য পৰিচালনা কৰিছিল?
(ক) মন্ত্রীয়ে।
(খ) ৰজাই।
(গ) সেনাপতিয়ে।
(ঘ) সৈন্যবাহিনীয়ে।
উত্তৰঃ (খ) ৰজাই।
৩। ইজিপ্তৰ ফাৰাওৰ শাসন কোনটো প্রশাসন ব্যৱস্থাৰ অন্তৰ্গত?
(ক) গণতন্ত্র।
(খ) ৰাজতন্ত্র।
(গ) অভিজাততন্ত্র।
(ঘ) স্বৈৰতন্ত্র।
উত্তৰঃ (খ) ৰাজতন্ত্র।
৪। গণতন্ত্রৰ ভাগ কেইটা?
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (ক) দুটা।
৫। বিশ্বৰ বৃহত্তম গণতান্ত্রিক দেশখনৰ নাম কি?
(ক) ইংলেণ্ড।
(খ) চীন।
(গ) জাপান।
(ঘ) ভাৰত।
উত্তৰঃ (ঘ) ভাৰত।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

