SEBA Class 7 Social Science Chapter 12 সংবিধান Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Chapter 12 সংবিধান Notes and select need one. SCERT Class 7 Samaj Bichitra Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Textual Solutions.
SEBA Class 7 Social Science Chapter 12 সংবিধান
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Question Answer in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Notes in Assamese for All Chapters, You can practice these here.
সংবিধান
Chapter: 12
| Part – 1 |
| অনুশীলনী – ১ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) সংবিধান বুলিলে কি বুজা?
উত্তৰঃ ‘সংবিধান’ৰ ইংৰাজী প্রতিশব্দ ‘Constitution’ শব্দটো লেটিন শব্দ ‘Constitutio’ৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ’ল ‘নিয়ম বা আদেশ’। সেয়েহে ৰাষ্ট্ৰ পৰিচালনাৰ বাবে প্ৰয়োজনীয় নীতি-নিয়ম আৰু আইনৰ সামূহিক ৰূপটোকে সামগ্রিকভাবে সংবিধান বুলি আখ্যা দিব পাৰি। প্ৰত্যেক ৰাষ্ট্ৰৰ একোখন লিখিত বা অলিখিত ৰূপৰ সংবিধান থাকে।
(খ) সংবিধান কেই প্ৰকাৰৰ?
উত্তৰঃ সংবিধান দুই প্ৰকাৰৰ।
(গ) কোনখন দেশত সর্বপ্রথম লিখিত সংবিধান প্রণয়ন কৰা হৈছিল?
উত্তৰঃ আমেৰিকাত সর্বপ্রথম লিখিত সংবিধান প্রণয়ন কৰা হৈছিল।
(ঘ) অলিখিত সংবিধান থকা দেশ এখনৰ নাম লিখা।
উত্তৰঃ অলিখিত সংবিধান থকা দেশ এখনৰ নাম হ’ল― ইংলেণ্ড।
(ঙ) সংবিধানৰ যিকোনো এটা বৈশিষ্ট্য লিখা।
উত্তৰঃ সংবিধানৰ যিকোনো এটা বৈশিষ্ট্য হ’ল―
(i) ৰাষ্ট্ৰৰ সকলো নাগৰিককে সমানে ন্যায় প্রদান কৰাটো নিশ্চিত কৰে।
২। সংবিধানৰ প্ৰয়োজনীয়তা বর্ণনা কৰা।
উত্তৰঃ সংবিধানৰ প্ৰয়োজনীয়তাসমূহ হ’ল―
(ক) সংবিধানে ৰাষ্ট্ৰ পৰিচালনাৰ নীতি-নিয়ম নির্ধাৰণ কৰে। দেশ এখনৰ ভৌগোলিক পৰিৱেশ, ধৰ্ম, ভাষা আদিৰ ভিন্নতাৰ বাবে ঠাইখনত বাস কৰা মানুহৰ কৃষ্টি-সংস্কৃতিৰ ভিন্নতা দেখা যায়। সংবিধানে দেশৰ এনে ভিন্নতাৰ মাজতো দেশ এখন সুকলমে পৰিচালনা কৰাত সহায় কৰে।
(খ) সংবিধানত ৰাষ্ট্ৰ পৰিচালনাৰ তিনিটা অংগ- কার্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকাৰ গঠন আৰু কাৰ্যাৱলী লিপিবদ্ধ কৰা থাকে। ইয়াৰ উপৰি যদি প্রশাসনে তেওঁলোকৰ ক্ষমতাৰ অপব্যৱহাৰ কৰে, তেন্তে সাংবিধানিক পদ্ধতিৰদ্বাৰা তাক নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থাও উল্লেখ আছে।
(গ) দেশৰ নাগৰিকসকলৰ বাবে সংবিধানে কিছুমান মৌলিক অধিকাৰক স্বীকৃতি দিয়ে আৰু এই অধিকাৰবোৰ সুৰক্ষিত কৰাত সংবিধানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
(ঘ) সংবিধানত ৰাষ্ট্ৰৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ সবিশেষ নির্দেশনা থাকে। নির্বাচন পৰিচালনাৰ বাবে সংবিধানৰ অধীনত এক স্বতন্ত্র নির্বাচন আয়োগে কার্যনির্বাহ কৰে।
(ঙ) সংবিধানৰ মাজেৰে এখন ৰাষ্ট্ৰৰ আদৰ্শ, লক্ষ্য, উদ্দেশ্য আৰু দৰ্শনৰ প্ৰতিফলন ঘটে।
| অনুশীলনী – ২ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল?
উত্তৰঃ ভাৰতৰ সংবিধান সভাৰ সভাপতি ৰাজেন্দ্ৰ প্ৰসাদ আছিল।
(খ) ভাৰতৰ সংবিধানৰ খচৰা কমিটিত থকা অসমৰ একমাত্র সদস্যজনৰ নাম কি?
উত্তৰঃ ভাৰতৰ সংবিধানৰ খচৰা কমিটিত থকা অসমৰ একমাত্র সদস্যজনৰ নাম হ’ল― ছৈয়দ মহম্মদ ছাদুল্লা।
(গ) ভাৰতক কিয় ‘অর্ধ-যুক্তৰাষ্ট্ৰ’ বুলি কোৱা হয়?
উত্তৰঃ শক্তিশালী কেন্দ্ৰীয় চৰকাৰ, একক নাগৰিকত্ব, জৰুৰীকালীন ক্ষমতা আদি এককেন্দ্রিক চৰকাৰৰ বৈশিষ্ট্যও ইয়াত পৰিলক্ষিত হয়। সেয়েহে, ভাৰতক যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক ব্যৱস্থাৰ সংমিশ্রণ অর্থাৎ অর্ধ-যুক্তৰাষ্ট্ৰ (Quasi-Federal) বুলি কোৱা হয়।
(ঘ) ভাৰতীয় সংবিধানৰ চূড়ান্ত ৰূপত কেইগৰাকী সদস্যই স্বাক্ষৰ কৰিছিল?
উত্তৰঃ ভাৰতীয় সংবিধানৰ চূড়ান্ত ৰূপত ২৮৪ গৰাকী সদস্যই স্বাক্ষৰ কৰিছিল।
(ঙ) ভাৰতীয় সংবিধান অনুসৰি জৰুৰী অৱস্থা কেইপ্ৰকাৰৰ?
উত্তৰঃ ভাৰতীয় সংবিধান অনুসৰি জৰুৰী অৱস্থা তিনি প্ৰকাৰৰ।
| অনুশীলনী – ৩ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) সংবিধানৰ সংশোধন মানে কি বুজা?
উত্তৰঃ সময় আৰু পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খুৱাবৰ বাবে সংবিধানৰ নীতি-নিয়মবোৰ সলনি বা নতুন নিয়ম সংযোজন কৰা প্ৰক্ৰিয়াকে সংবিধান সংশোধন বোলে।
(খ) কোনটো সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ অন্তৰ্ভূক্ত কৰা হৈছে?
উত্তৰঃ ৮৬ তম সংবিধান সংশোধনীৰ জৰিয়তে (২০০২ চনত) ভাৰতীয় সংবিধানত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ অন্তৰ্ভূক্ত কৰা হৈছে।
(গ) ৪২ তম সংবিধান সংশোধনীৰ যোগেদি ভাৰতৰ সংবিধানত কি কি বিষয় সন্নিৱিষ্ট কৰা হৈছিল?
উত্তৰঃ ৪২ তম সংবিধান সংশোধনীৰ যোগেদি ভাৰতৰ সংবিধানত ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী আদৰ্শ বিষয় সন্নিৱিষ্ট কৰা হৈছিল।
২। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ তিনিটা মূল বৈশিষ্ট্য লিখা।
উত্তৰঃ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ তিনিটা মূল বৈশিষ্ট্য হ’ল―
(ক) ই সংবিধানৰ দাপোণ বা পাতনি স্বৰূপ।
(খ) ই ভাৰতক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰে।
(গ) ই নাগৰিকৰ বাবে ন্যায়, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধৰ লক্ষ্য নিৰ্ধাৰণ কৰে।
৩। অসমৰ বাবে ভাৰতীয় সংবিধানে আগবঢ়োৱা বিশেষ ব্যৱস্থাবোৰৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ জৰিয়তে অসমৰ জনজাতীয় অঞ্চলসমূহৰ (যেনে: কাৰ্বি আংলং, ডিমা হাছাও আৰু বিটিএডি) বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছে।
| Part – 2 |
তলৰ প্ৰশ্নবোৰৰ (১ নং ৰপৰা ৫ নং লৈ) শুদ্ধ উত্তৰটোৰ কাষত থকা” চিনটো পূৰ কৰা-
১। ভাৰতীয় সংবিধানত কেই প্রকাৰৰ জৰুৰীকালীন ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা আছে?
(ক) ২
(খ) ৩
(গ) ৪
(ঘ) ৫
উত্তৰঃ (খ) ৩
২। উক্তি – ভাৰতৰ সংবিধানখন মিশ্রিত সংবিধান।
যুক্তি – ভাৰতৰ সংবিধানখনৰ কিছুমান দফা সংশোধন কৰিব পাৰি আৰু কিছুমান দফা সংশোধন কৰিব নোৱাৰি।
(ক) উক্তিটো শুদ্ধ কিন্তু যুক্তিটো ভুল।
(খ) উক্তিটো ভুল কিন্তু যুক্তিটো শুদ্ধ।
(গ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা।
(ঘ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা নহয়।
উত্তৰঃ (গ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা।
৩। কোনখন দেশত অলিখিত সংবিধান আছে?
(ক) ইংলেণ্ড।
(খ) ৰাছিয়া।
(গ) জাপান।
(ঘ) ফ্রান্স।
উত্তৰঃ (ক) ইংলেণ্ড।
৪। সংবিধানৰ খচৰা কমিটিৰ অসমৰ একমাত্র সদস্য গৰাকী কোন আছিল?
(ক) গোপীনাথ বৰদলৈ।
(খ) চৈয়দ মহম্মদ চাদুল্লা।
(গ) বিষ্ণুৰাম মেধি।
(ঘ) ধৰণীধৰ বসুমতাৰী।
উত্তৰঃ (খ) চৈয়দ মহম্মদ চাদুল্লা।
৫। ভাৰতীয় সংবিধানৰ ৪২ তম সংশোধনীৰ যোগেদি প্রস্তাৱনাত কোন দুটা আদর্শ অন্তর্ভুক্ত কৰা হৈছে?
(ক) সার্বভৌম আৰু ধর্মনিৰপেক্ষ।
(খ) ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী।
(গ) সমাজবাদী আৰু ভ্রাতৃত্ববোধ।
(ঘ) ভ্রাতৃত্ববোধ আৰু সার্বভৌম।
উত্তৰঃ (খ) ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

