SEBA Class 7 Social Science Chapter 13 ভাৰতত ৰাজ্যিক প্রশাসন ব্যৱস্থা Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Chapter 13 ভাৰতত ৰাজ্যিক প্রশাসন ব্যৱস্থা Notes and select need one. SCERT Class 7 Samaj Bichitra Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Textual Solutions.
SEBA Class 7 Social Science Chapter 13 ভাৰতত ৰাজ্যিক প্রশাসন ব্যৱস্থা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Question Answer in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Notes in Assamese for All Chapters, You can practice these here.
ভাৰতত ৰাজ্যিক প্রশাসন ব্যৱস্থা
Chapter: 13
| Part – 1 |
| অনুশীলনী – ১ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ৰাজ্যিক প্রশাসন বুলিলে কি বুজা?
উত্তৰঃ ভাৰতৰ ৰাজ্যিক প্ৰশাসন বুলিলে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ প্ৰশাসন ব্যৱস্থাক বুজায় য’ত ৰাজ্যিক চৰকাৰে ৰাজ্যখনৰ আইন-শৃংখলা ৰক্ষা, নীতি প্ৰণয়ন আৰু ৰূপায়ন, উন্নয়নমূলক কাম-কাজ আৰু জনসাধাৰণৰ সেৱা নিশ্চিত কৰে।
(খ) ৰাজ্য এখনৰ প্ৰশাসনিক কাম-কাজ কোনে পৰিচালনা কৰে?
উত্তৰঃ ৰাজ্য এখনৰ প্ৰশাসনিক কাম-কাজ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, মন্ত্ৰীসভা আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে মিলি পৰিচালনা কৰে।
২। ভাৰতত গণতান্ত্ৰিক কাৰ্যকলাপ চলাই নিয়াৰ ক্ষেত্ৰত ৰাজ্যিক প্ৰশাসনৰ ভূমিকা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ ভাৰতত গণতান্ত্ৰিক কাৰ্যকলাপ সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত ৰাজ্যিক প্ৰশাসনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰতৰ সংসদীয় ব্যৱস্থা অনুসৰি কেন্দ্ৰত দুখন সদন আছে আৰু ইয়াৰ ৰাজ্যসভাৰ সদস্যসকলক জনসাধাৰণে পৰোক্ষভাৱে নিৰ্বাচন কৰি পঠিয়ায়। এই প্ৰক্ৰিয়াত জনসাধাৰণে ৰাজ্যৰ বিধানসভা সমষ্টিৰ বিধায়কক ভোটদান কৰি নিৰ্বাচন কৰে আৰু বিধায়কসকলে বিশেষ পদ্ধতিৰে ৰাজ্যসভাৰ সদস্যসকলক নিৰ্বাচন কৰে। এনেদৰে ৰাজ্যিক প্ৰশাসনে নাগৰিকক গণতান্ত্ৰিক ব্যৱস্থাত প্ৰতিনিধিত্ব আৰু অংশগ্ৰহণৰ সুবিধা দিয়ে।
ইয়াৰোপৰি, ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে ৰাজ্যিক প্ৰশাসনে সমস্যাক প্ৰাৰম্ভিক পৰ্যায়তে সমাধান কৰি ক্ষমতাৰ অপব্যৱহাৰ আৰু স্বেচ্ছাচাৰিতা হ্ৰাস কৰে, যিয়ে গণতন্ত্ৰত ক্ষমতা আৰু দায়িত্বৰ ভাৰসাম্য ৰক্ষা কৰে।
৩। নাগৰিকসকলৰ জীৱন-ধাৰণৰ মান সুচল কৰাৰ বাবে ৰাজ্যিক প্রশাসনে প্রদান কৰা বিভিন্ন ধৰণৰ জনসেৱাৰ উদাহৰণ দিয়া।
উত্তৰঃ নাগৰিকসকলৰ জীৱন-ধাৰণৰ মান সুচল কৰাৰ বাবে ৰাজ্যিক প্রশাসনে বিভিন্ন ধৰণৰ জনসেৱামূলক আঁচনি হাতত লয়, যেনে:
(i) চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে সমগ্ৰ ৰাজ্যত সুলভ মূল্যত চিকিৎসা সেৱা প্ৰদান কৰা।
(ii) শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনাৰ জৰিয়তে শিক্ষাৰ প্ৰসাৰ কৰা।
(iii) আৰক্ষী আৰু আন আইন প্ৰয়োগকাৰী সংস্থাৰ জৰিয়তে আইন-শৃংখলা বজাই ৰখা।
(iv) উৎপাদন আৰু বিতৰণৰ জৰিয়তে বিদ্যুৎ সেৱা সহজলভ্য কৰা।
(v) বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ জৰিয়তে দৰিদ্ৰ আৰু পিছপৰা লোকসকলক সহায় কৰা।
| অনুশীলনী – ২ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ৰাজ্যিক কাৰ্যপালিকা বুলিলে কাক বুজায়?
উত্তৰঃ ভাৰতৰ ৰাজ্যিক স্তৰৰ কাৰ্যপালিকা বুলিলে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্ৰীপৰিষদক বুজায়।
(খ) ৰাজ্যপাল হ’বলৈ কি কি যোগ্যতা লাগে?
উত্তৰঃ ৰাজ্যপাল হ’বলৈ ভাৰতীয় নাগৰিক হোৱাৰ লগতে ন্যূনতম বয়স ৩৫ বছৰ হ’ব লাগে।
(গ) ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলক কোনে নিযুক্তি দিয়ে?
উত্তৰঃ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলক ৰাজ্যপালে নিযুক্তি দিয়ে।
(ঘ) ৰাজ্যিক বিধানমণ্ডলত গৃহীত বিল এখন কেতিয়া আইনত পৰিণত হয়?
উত্তৰঃ ৰাজ্যিক বিধানমণ্ডলত গৃহীত বিল এখন ৰাজ্যপালে চহী কৰাৰ পাছতহে আইনত পৰিণত হয়।
(ঙ) ৰাজ্যৰ নিম্ন আৰু উচ্চ সদন দুখন কি কি?
উত্তৰঃ ৰাজ্যৰ নিম্ন সদনখন হ’ল ‘বিধানসভা’ আৰু উচ্চ সদনখন হ’ল ‘বিধান পৰিষদ’।
(চ) বিধানসভাৰ সদস্যৰ নিম্নতম আৰু উচ্চতম সংখ্যাগত সীমা কিমান হ’ব লাগে?
উত্তৰঃ সংবিধান অনুসৰি বিধানসভাৰ সদস্য সংখ্যা ৬০ গৰাকীতকৈ কম হ’ব নোৱাৰে আৰু ৫০০ গৰাকীতকৈ অধিক হ’ব নোৱাৰে।
(ছ) উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে?
উত্তৰঃ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু সংশ্লিষ্ট ৰাজ্যৰ ৰাজ্যপালৰ পৰামৰ্শমৰ্মে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।
(জ) ভাৰতত বৰ্তমান কেইখন কেন্দ্রীয় শাসিত অঞ্চল আছে?
উত্তৰঃ ২০২৫ খ্ৰীষ্টাব্দলৈ ভাৰতত বৰ্তমান ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে।
২। ৰাজ্যপালৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।
উত্তৰঃ ৰাজ্যপাল ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী। তেওঁৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ হ’ল-
ৰাজ্যপালে মুখ্যমন্ত্ৰী নেতৃত্বাধীন মন্ত্ৰী পৰিষদক নিযুক্তি দিয়ে আৰু ছত্তিশগড়, ঝাৰখণ্ড আদি ৰাজ্যত জনজাতীয় কল্যাণ মন্ত্ৰীকো নিযুক্তি দিয়ে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ আয়ুক্ত, ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলক ৰাজ্যপালে নিযুক্তি দিয়ে।
বিশেষ কাৰণত বিধানসভাৰ অধিৱেশন আহ্বান আৰু মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে ৫ বছৰৰ সময়সীমাৰ ম্যাদ উকলি যোৱাৰ আগতেই বিধানসভা ভংগ কৰাৰ কৰ্তৃত্ব ৰাজ্যপালৰ থাকে। ৰাজ্যিক বিধানমণ্ডলত গৃহীত বিল এখন ৰাজ্যপালে চহী কৰাৰ পাছতহে আইনত পৰিণত হয়।
ৰাজ্যত সাংবিধানিক অচলৱস্থাৰ সৃষ্টি হ’লে সংবিধানৰ অনুচ্ছেদ ৩৫৬ ৰ অধীনত ৰাজ্যত জৰুৰীকালীন অৱস্থা বা ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰিবলৈ তেওঁ ৰাষ্ট্ৰপতিক পৰামৰ্শ দিব পাৰে। এনে অৱস্থাত তেওঁ ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি হিচাপে ৰাজ্য শাসনৰ দায়িত্ব লয়।
| Part – 2 |
তলৰ প্রশ্নবোৰৰ (১ নং ৰপৰা ৫ নং লৈ) শুদ্ধ উত্তৰটোৰ কাষত থকা ‘O’ চিনটো পূৰ কৰা―
১। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ৰাজ্যত ৰাজ্যিক জৰুৰী অৱস্থা বা ৰাষ্ট্রপতি শাসন ঘোষণা কৰিব পাৰে?
(ক) ৩৬৫
(খ) ৩৫৬
(গ) ৩৭৫
(ঘ) ৩৫৭
উত্তৰঃ (খ) ৩৫৬
২। ৰাজ্যৰ ৰাজাপালৰ নুন্যতম বয়স কিমান?
(ক) ৪০ বছৰ।
(খ) ৩৫ বছৰ।
(গ) ২৫ বছৰ।
(ঘ) ১৮ বছৰ।
উত্তৰঃ (খ) ৩৫ বছৰ।
৩। কোন গৰাকী ৰাজ্য চৰকাৰৰ মুৰব্বী।
(ক) ৰাজ্যপাল।
(খ) ৰাষ্ট্রপতি।
(গ) মুখ্যমন্ত্রী।
(ঘ) গৃহমন্ত্রী।
উত্তৰঃ (ক) ৰাজ্যপাল।
৪। অসমত বিধানসভা সমষ্টিৰ সংখ্যা কিমান?
(ক) ১২৫ টা।
(খ) ১২৬ টা।
(গ) ২২৫ টা।
(ঘ) ৫৪৫ টা।
উত্তৰঃ (খ) ১২৬ টা।
৫। আমাৰ দেশৰ নিম্ন সদন কোনখন?
(ক) ৰাজ্যসভা।
(খ) বিধানসভা।
(গ) লোকসভা।
(ঘ) বিধান পৰিষদ।
উত্তৰঃ (গ) লোকসভা।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

