SEBA Class 7 Social Science Chapter 14 কিনা-বেচাৰ মাধ্যমৰূপে বজাৰ Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Chapter 14 কিনা-বেচাৰ মাধ্যমৰূপে বজাৰ Notes and select need one. SCERT Class 7 Samaj Bichitra Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Textual Solutions.
SEBA Class 7 Social Science Chapter 14 কিনা-বেচাৰ মাধ্যমৰূপে বজাৰ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Question Answer in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Notes in Assamese for All Chapters, You can practice these here.
কিনা-বেচাৰ মাধ্যমৰূপে বজাৰ
Chapter: 14
| Part – 1 |
| অনুশীলনী – ১ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) চিকিৎসকক কিয় আমি মাননী বা ফিজ দিওঁ?
উত্তৰঃ অসুখ-বিসুখ হ’লে চিকিৎসকজনে আগবঢ়োৱা চিকিৎসাসেৱাৰ বিনিময়ত তেওঁক মাননী বা ফিজ (Fees) দিয়া হয়।
(খ) বজাৰ মানে কি?
উত্তৰঃ বজাৰ (Market) হ’ল এনে এক ব্যৱস্থা য’ত মুদ্ৰা বা টকা-পইচাৰ মাধ্যমত সা-সামগ্ৰী বা সেৱাৰ বেচা-কিনা কৰা হয়।
(গ) বজাৰ ব্যৱস্থাৰ অপৰিহাৰ্য অংগবোৰ কি কি?
উত্তৰঃ বজাৰ ব্যৱস্থাৰ অপৰিহাৰ্য অংগবোৰ হ’ল— পণ্য বা দ্ৰব্য-সামগ্ৰী, ক্ৰেতা, বিক্ৰেতা আৰু বস্তুৰ দৰ।
(ঘ) অর্ধ-সাপ্তাহিক বজাৰ বুলিলে কি বুজা?
উত্তৰঃ সপ্তাহৰ দুটা নিৰ্দিষ্ট বাৰত কোনো নিৰ্দিষ্ট ঠাইত অস্থায়ীভাৱে বহা বজাৰক অৰ্ধ-সাপ্তাহিক বজাৰ বোলা হয়।
২। দৈনিক বজাৰ আৰু স্থায়ী বজাৰৰ সুবিধাবোৰ কি কি?
উত্তৰঃ দৈনিক বজাৰত আমাৰ দৈনন্দিন ব্যৱহাৰ্য সা-সামগ্ৰী, শাক-পাচলি আদি সহজে পোৱা যায় আৰু অঞ্চলটোৰ মানুহে সহজে বস্তু ক্ৰয় কৰিব পাৰে। আনহাতে, স্থায়ী বজাৰৰ দোকানবোৰ নিৰ্দিষ্ট স্থানত থাকে আৰু প্ৰতিদিনে খোলা থাকে, যাৰ ফলত প্ৰয়োজনৰ যিকোনো মুহূৰ্ততে সামগ্ৰী সহজেই সংগ্ৰহ কৰিব পাৰি।
৩। সাপ্তাহিক বজাৰত কি কি ধৰণৰ দ্রব্য-সামগ্ৰী বেচা-কিনা কৰা হয়?
উত্তৰঃ সাপ্তাহিক বজাৰত ধান, মাহ, তামোল-পাণ, শাক-পাচলি আদিৰ লগতে হাঁহ-কুকুৰা, মাছ, ছাগলী, কাপোৰ, বাচন-বৰ্তন, বাঁহ-বেত, কাঠৰ সামগ্ৰী আদিও বেচা-কিনা কৰা হয়।
| অনুশীলনী – ২ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) খুচুৰা বজাৰ মানে কি?
উত্তৰঃ যি বজাৰত খুচুৰা ব্যৱসায়ী আৰু গ্ৰাহকৰ মাজত বস্তুৰ বেচা-কিনা হয়, বা পাইকাৰী বজাৰৰপৰা দ্ৰব্য ক্ৰয় কৰি গ্ৰাহকক বিক্ৰী কৰা হয়, তাকে খুচুৰা বজাৰ বোলে।
(খ) বাস্তৱিক বজাৰৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ দৈনিক বজাৰ, সাপ্তাহিক বজাৰ বা স্থানীয় বজাৰ হ’ল বাস্তৱিক বজাৰৰ উদাহৰণ।
(গ) স্থানীয় বজাৰৰ সুবিধাবোৰ কি কি?
উত্তৰঃ স্থানীয় বজাৰৰ সুবিধা হ’ল- ঘৰৰ ওচৰতে বজাৰৰ পৰা কম খৰচতে নিত্য প্ৰয়োজনীয় বস্তুবোৰ ক্ৰয় কৰিব পাৰে।
(ঘ) ৰাষ্ট্ৰীয় বজাৰ বুলিলে কি বুজা?
উত্তৰঃ ৰাষ্ট্ৰ বা দেশ এখনৰ ভৌগোলিক সীমাৰ ভিতৰত গ্ৰাহক আৰু বিক্ৰেতাৰ মাজত দ্ৰব্য-সামগ্ৰী বেচা-কিনা কৰা ব্যৱস্থাকে ৰাষ্ট্ৰীয় বজাৰ বুলি কোৱা হয়।
| Part – 2 |
তলৰ প্ৰশ্নবোৰৰ (১ নং ৰপৰা ৫ নং লৈ) শুদ্ধ উত্তৰটোৰ কাষত থকা ‘O’ চিনটো পূৰ কৰা-
১। স্থায়ী বজাৰৰ দোকানবোৰ কেতিয়া খোলা থাকে?
(ক) এটা নির্দিষ্ট দিনত।
(খ) দুটা নির্দিষ্ট দিনত।
(গ) প্রতিদিনে।
(ঘ) প্রতি পষেকত।
উত্তৰঃ (গ) প্রতিদিনে।
২। ক্রেতা আৰু বিক্রেতাৰ উপস্থিতিব ভিত্তিত বজাৰক কেইটা ভাগত ভগাব পাৰি?
(ক) ২
(খ) ৩
(গ) ৪
(ঘ) ৫
উত্তৰঃ (ক) ২
৩। কোনখন বজাৰত ৱেবচাইট বা এপ্ ব্যৱহাৰ কৰি দ্রব্য ক্ৰয় কৰিব পাৰি?
(ক) দৈনিক।
(খ) সাপ্তাহিক।
(গ) পষেকীয়া।
(ঘ) অনলাইন।
উত্তৰঃ (ঘ) অনলাইন।
৪। ভাৰতৰ সৰ্ববৃহৎ কলৰ বজাৰখন ক’ত অবস্থিত?
(ক) গোৱালপাৰাত।
(খ) কামৰূপত।
(গ) ধুবুৰীত।
(ঘ) যোৰহাটত।
উত্তৰঃ (ক) গোৱালপাৰাত।
৫। কোনখন বজাৰত বিশ্বৰ দেশবোৰৰ মাজত দ্রব্য-সামগ্রীৰ ক্রয়-বিক্রয় হয়?
(ক) স্থানীয় বজাৰ।
(খ) আঞ্চলিক বজাৰ।
(গ) ৰাষ্ট্ৰীয় বজাৰ।
(ঘ) আন্তঃৰাষ্ট্ৰীয় বজাৰ।
উত্তৰঃ (ঘ) আন্তঃৰাষ্ট্ৰীয় বজাৰ।
৬। খেলিমেলিকৈ থকা আখৰ/যুক্তাক্ষৰবোৰ সজাই শব্দ গঠন কৰি কাষৰ বাকচত লিখা-
(ক) ৰী উৎ ন দ পা কা
উত্তৰঃ উৎপাদনকাৰী।
(খ) ন অ লা ই ন
উত্তৰঃ অনলাইন।
(গ) ক ন্ত র্জা আ তি
উত্তৰঃ আন্তৰ্জাতিক।
(ঘ) ট নে ই ৰ ন্টা
উত্তৰঃ ইণ্টাৰনেট।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

