SEBA Class 6 Maths Chapter 8 অঙ্কন

SEBA Class 6 Maths Chapter 8 অঙ্কন Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Maths Chapter 8 অঙ্কন Question Answer Assamese Medium and select need one. Class 6 Maths Textbook Question Answer As Per SEBA New Book Syllabus Download PDF. SCERT Class 6 Mathematics Textbook Solutions.

SEBA Class 6 Maths Chapter 8 অঙ্কন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Maths Chapter 8 অঙ্কন Notes are part of All Subject Solutions. Here we have given SEBA Class 6 Maths Solutions Assamese Medium for All Chapters, You can practice these here.

Chapter: 8

কৰি চাওঁ আহা 8.1

1. 10 চেমি দৈর্ঘ্যৰ এডাল ৰেখাক আধাৰ হিচাপে লোৱা। একেধৰণৰ তৰংগিত তৰংগক (টৌ খেলি থকা) প্রতিনিধিত্ব কৰা দুটা অর্ধবৃত্ত অংকন কৰা। প্রতিটো অর্ধবৃত্তৰ ব্যাসার্ধ কিমান হ’ব?

উত্তৰঃ স্তৰ 1: 10 চে. মি. দৈর্ঘ্যৰ এডাল ৰেখাখণ্ড AB অংকন কৰা হ’ল। কম্পাচৰ সহায়ত AB ৰ আধা 10/2 = 5 চে. মি. হোৱাকৈ বিন্দু C চিহ্নিত কৰা হ’ল।

স্তৰ 2: কম্পাচৰ সহায়ত AC (বা BC) ৰ আধা 5/2 = 2.5 চে. মি. হোৱাকৈ এটা বিন্দু D (আৰু E) চিহ্নিত কৰা হ’ল।

স্তৰ 3: D বিন্দুক কেন্দ্ৰ আৰু AD ব্যাসার্ধ হিচাপে লৈ এটা অর্ধবৃত্ত অংকন কৰা হ’ল। একেদৰে, E বিন্দুক কেন্দ্ৰ আৰু BE ব্যাসার্ধ হিচাপে লৈ আন এটা অর্ধবৃত্ত অংকন কৰা হ’ল। ওপৰত অঙ্কন কৰা অর্ধবৃত্ত দুটাই হ’ল আমি অংকন কৰিবলগীয়া অর্ধবৃত্ত যাৰ ব্যাসার্ধ 2.5 চে. মি.।

2. তৰংগবোৰ অৰ্ধবৃত্ততকৈ সৰু হোৱাকৈ আকৃতিটো পুনৰ অংকন কৰিবলৈ চেষ্টা কৰা। এনেকুৱা দুটা একেধৰণৰ তৰংগ পাবলৈ কম্পাচৰ জোঙা মূৰটো ক’ত ৰাখিব লাগিব?

উত্তৰঃ স্তৰ 1: AB = 10 চে.মি. দৈর্ঘ্যৰ এডাল ৰেখাখণ্ড অংকন কৰা হ’ল। কম্পাচৰ সহায়ত A ৰ পৰা 2. চে. মি. দূৰত্বত এটা বিন্দু C চিহ্নিত কৰা হ’ল। একেদৰে B ৰ পৰা 2 চে. মি. দূৰত্বত এটা বিন্দু D চিহ্নিত কৰা হ’ল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

স্তৰ 2: C বিন্দুক কেন্দ্ৰ আৰু AC ক ব্যসার্ধ হিচাপে লৈ এটা অর্ধবৃত্ত অংকন কৰা হ’ল। একেদৰে, D বিন্দুক কেন্দ্ৰ আৰু BD ক ব্যাসার্ধ হিচাপে লৈ আন এটা অর্ধবৃত্ত অংকন কৰা হ’ল। এই অর্ধবৃত্ত দুটাই হ’ল আমি অংকন কৰিবলগীয়া দুটা অর্ধবৃত্ত। এনেকুৱা দুটা অর্ধবৃত্ত অংকন কৰিবলৈ কম্পাচৰ জোঙা মূৰটো ৰেখাডালৰ বিন্দু C আৰু Dত ৰাখিব লাগিব।

3. বিভিন্ন দৈৰ্ঘ্যৰ ৰেখাক আধাৰ হিচাপে লৈ ওপৰৰ তৰংগবোৰ অংকন কৰিবলৈ চেষ্টা কৰা।

উত্তৰঃ স্তৰ 1: 8 চে. মি. দৈর্ঘ্যৰ এডাল ৰেখাখণ্ড AB অংকন কৰা হ’ল। কম্পাচৰ সহায়ত AB ৰ আধা 8/2 = 4 চে. মি. হোৱাকৈ বিন্দু C চিহ্নিত কৰা হ’ল।

স্তৰ 2: কম্পাচৰ সহায়ত AC (বা BC) ৰ আধা 4/2 = 2 চে. মি. হোৱাকৈ এটা বিন্দু D (আৰু E) চিহ্নিত কৰা হ’ল।

স্তৰ 3: D বিন্দুক কেন্দ্র আৰু AD ব্যাসার্ধ হিচাপে লৈ AB ৰ ওপৰৰ ফালে এটা অর্ধবৃত্ত অংকন কৰা হ’ল। একেদৰে, E বিন্দুক কেন্দ্ৰ আৰু BE ব্যাসার্ধ হিচাপে লৈ AB ৰ তলৰ ফালে আন এটা অর্ধবৃত্ত অংকন কৰা হ’ল। ওপৰত অঙ্কন কৰা অর্ধবৃত্ত দুটাই হ’ল আমি অংকন কৰিবলগীয়া তৰংগবোৰ যাৰ ব্যাসার্ধ 2 চে. মি.।

4. অর্ধবৃত্তৰে চাৰিটা এনেধৰণৰ তৰংগ অংকন কৰা।

উত্তৰঃ স্তৰ 1: AB = 10 চে. মি. দৈর্ঘ্যৰ এডাল ৰেখাখণ্ড অংকন কৰা হ’ল। কম্পাচৰ সহায়ত, AB ৰ ওপৰত 1 চে. মি.কৈ দূৰত্বত কিছুমান বিন্দু C, D, E, F, G, H, I, J আৰু K) চিহ্নিত কৰা হ’ল।

স্তৰ 2: এতিয়া C বিন্দুক কেন্দ্ৰ কৰি আৰু AC ব্যাসার্ধ হিচাপে লৈ এটা অর্ধবৃত্ত অংকন কৰা হ’ল।

স্তৰ 3: একেদৰে E, G আৰু I বিন্দুক কেন্দ্র হিচাপে আৰু AC ৰ সমান ব্যাসার্ধ লৈ আন তিনিটা অর্ধবৃত্ত অংকন কৰা হ’ল। এইচাৰিটাই হ’ল আমি অংকন কৰিবলগীয়া অর্ধবৃত্ত।

কৰি চাওঁ আহা 8.2

1. তুমি কাষৰ বৰ্গটোৰ নাম ক’ব পাৰিবানে?

(a) ABDC

(b) ABCD

(c) ACDB

(d) ADBC

উত্তৰঃ হয়।

কৰি চাওঁ আহা 8.3

1.

ঘূর্ণনৰ পিছত আয়ত এটা, আয়ত হৈ থাকিবনে?

উত্তৰঃ হয়। ঘূর্ণনৰ পিছত আয়ত হৈ থাকিব।

2. এটা আয়ত ABCD অংকন কৰা। A বিন্দুটো স্থিৰ কৰি ৰাখি, তিনিটা ঘূর্ণন আয়ত আঁকা আৰু সেইবোৰে আয়তৰ বৈশিষ্ট্যসমূহ মানি চলে নে নাই পৰীক্ষা কৰা।

উত্তৰঃ

স্তৰ 1: 3 cm আৰু 4cm বাহু বিশিষ্ট ABCD এটা আয়ত অংকন কৰা হ’ল।

স্তৰ 2: A বিন্দুটো একে ঠাইতে ৰাখি, ABCD আয়তটো তলত দিয়া তিনিপ্ৰকাৰে ঘূৰাই দিয়া হ’ল।

দেখা গ’ল যে প্রতিটো স্থানীয়মান আয়তেই একোটা আয়ত হয়, কাৰণ এইবোৰে আয়তৰ বৈশিষ্ট্যসমূহ মানি চলিছে।

3. তোমালোকৰ জ্যামিতি বাকচত দুটা সংহতি বর্গ (set square) আছে। এটা হৈছে 30⁰ 60⁰ 90⁰ সংহতি বর্গ আৰু আনটো হৈছে 45⁰ 45⁰ 90⁰ সংহতি বর্গ। তুমি আৰু তোমাৰ বন্ধুৱে যুটীয়াভাৱে তলত দিয়া কামবোৰ কৰিব পাৰা।

(a) তোমালোক দুয়োজনৰে 30⁰ 60⁰ 90⁰ সংহতি বৰ্গ এযোৰ থাকিব। সেইযোৰ কাষৰ চিত্ৰত দেখুৱাৰ দৰে ৰাখা। গঠন হোৱা চতুর্ভুজবোৰ

(i) এইটোৰ প্ৰতিটো কোণৰ মান কিমান?

(ii) এইটোৰ বিপৰীত বাহুবোৰৰ জোখ কিমান?

(iii) গঠন হোৱা চতুর্ভুজটোৰ নাম কি তুমি ক’ব পাৰিবানে?

(iv) এইটোৰ আন কি ধর্ম বিচাৰি পাইছা?

উত্তৰঃ (i) প্রতিটো কোণৰ মাপ 90°

(ii) বিপৰীত বাহুবোৰ সমান।

(iii) চতুর্ভুজটো আয়ত।

(b) যদি তুমি 45°, 45°,90° সংহতি বর্গ এযোৰ চিত্ৰত দেখুওৱাৰ দৰে ৰাখা, তেন্তে তুমি অন্য এটা চতুর্ভুজ পাবা।

(i) তুমি মন কৰিছানে যে এইটোৰ সকলোবোৰ বাহু সমান?

উত্তৰঃ (i) প্রতিটো বাহুৰ দৈর্ঘ্য সমান।

(ii) এইটোৰ কোণবোৰৰ বিষয়ে তুমি কি ক’বা?

উত্তৰঃ (ii) প্রত্যেকটো কোণৰ পৰিমাণ 90°

(iii) তুমি এই চতুর্ভুজটোৰ নাম কি দিবা?

উত্তৰঃ (iii) চতুর্ভুজটো এটা বর্গ।

(iv) এই চতুর্ভুজটোৰ কিছুমান ধৰ্মৰ বিষয়ে ক’ব পাৰিবানে?

উত্তৰঃ (iv) বৰ্গটোৰ প্ৰত্যেকটো বাহু আৰু প্ৰত্যেকটো কোণেই সমান।

4. ধৰা হ’ল, ৰাতুলৰ ঘৰ ‘A’ বিন্দুত আছে। ঘৰৰ পৰা তেওঁ 6 কিলোমিটাৰ পূবফালে গৈ আৰু তাৰ পৰা 4 কিলোমিটাৰ দক্ষিণ ফালে গ’ল। তাৰ পৰা তেওঁ আকৌ 3 কিলোমিটাৰ পশ্চিমৰ ফালে গৈ আৰু তাৰ পৰা 4 কিলোমিটাৰ উত্তৰ ফালে গ’ল।

(i) অৱশেষত ক’ত তেওঁৰ অৱস্থিতি হ’ব?

উত্তৰঃ (i) অৱশেষত ৰাতুলৰ অৱস্থিতি আছিল 3 কি. মি. পূবফালে।

(ii) তেওঁ গতি কৰা চতুর্ভুজৰ আকৃতিটো কি?

উত্তৰঃ (ii) তেওঁ গতি কৰা চতুর্ভুজটোৰ আকৃতি আয়ত।

(iii) এই ক্ষেত্রত, 3 কিমিৰ ঠাইত 4 কিমি গতি কৰিলে, কি আকৃতি পোৱা গ’লহেঁতেন?

উত্তৰঃ (iii) 3 কিমিৰ ঠাইত 4 কিমি গতি কৰিলে বর্গাকৃতি পোৱা গ’লহেঁতেন?

অংকন কৰোঁ আহা

1. 3 চেমি আৰু 5 চেমি বাহুৰ দৈর্ঘ্যৰ এটা আয়ত অংকন কৰা। তুমি অংকন কৰা এই আয়তটোবে, আয়তৰ বৈশিষ্ট্যসমূহ মানি চলেনে? পৰীক্ষা কৰি চোৱা।

উত্তৰঃ 

স্তৰ-1: স্কেলৰ সহায়ত ও চেমি দৈর্ঘ্যৰ এডাল AB ৰেখাখণ্ড অংকন কৰা হ’ল।

স্তৰ-2: A বিন্দুত কোণমান যন্ত্ৰটো এনেদৰে স্থাপন কৰা যাতে ইয়াৰ ভূমি আৰু AB ৰেখডাল ওপৰা ওপৰিকৈ থাকে। ABৰ লম্ব হোৱাকৈ চিত্ৰত দেখুওৱা ধৰণে 90° ত এটা বিন্দু চিহ্নিত কৰা হ’ল। এতিয়া তাক A বিন্দুৰ লগত সংলগ্ন কৰাত ABৰ ওপৰত এডাল লম্ব পোৱা গ’ল।

স্তৰ-3: স্তৰ-1ত থকা AB ৰেখাডাল ব্যৱহাৰ কৰি কম্পাচৰ জোঙা মুৰটো আৰু পেঞ্চিলডালৰ আগটো এনেদৰে মিলোৱা হ’ল যাতে সিহঁতৰ মাজৰ দূৰত্ব 5 চেমি হয়। তাৰ পাছত কম্পাচৰ জোঙা মূৰটো A বিন্দুৰ ওপৰত ৰাখি ABৰ লম্বডালৰ ওপৰত এটা বৃত্তৰ চাপ দিয়া হ’ল। এই বৃত্তৰ চাপটোৱে লম্বডালক D বিন্দুত কাটিব। (য’ত AD = 5 চেমি)।

স্তৰ-4: স্তৰ 2ত দেখুওৱা দৰে, B বিন্দুত ABৰ ওপৰত আন এডাল লম্ব অংকন কৰা হ’ল।

স্তৰ-5: স্তৰ 3ত দেখুওৱাৰ দৰে, কম্পাচৰ জোখটো একে ৰাখি B বিন্দুত কম্পাচৰ জোঙা মূৰটো ৰাখা আৰু লম্বডালৰ ওপৰত এটা বিন্দু C চিহ্নিত কৰা হ’ল য’ত BC = 5 চেমি।

স্তৰ-6: স্কেলৰ সহায়ত C আৰু D বিন্দু দুটা সংযোগ কৰিলে 3 আৰু 5 চেমি বাহুৰ দৈর্ঘ্য বিশিষ্ট ABCD আয়ত পোৱা গ’ল। 

বৈশিষ্ট্যসমূহ: আয়তৰ প্ৰতিটো কোণৰ মাপ 90°। আয়তৰ বিপৰীত বাহু সমান।

2. 4 চেমি বাহুৰ দৈৰ্ঘ্যৰ এটা বৰ্গ অংকন কৰা আৰু সেইটোৱে বৰ্গৰ বৈশিষ্ট্যসমূহ মানি চলে নে নাই পৰীক্ষা কৰা।

উত্তৰঃ

স্তৰ-1: স্কেলৰ সহায়ত 4 চেমি দৈর্ঘ্যৰ এডাল AB ৰেখাখণ্ড অংকন কৰা হ’ল।

স্তৰ-2: A বিন্দুত কোণমান যন্ত্রটো এনেদৰে স্থাপন কৰা যাতে ইয়াৰ ভূমি আৰু AB ৰেখা ডাল ওপৰা ওপৰিকৈ থাকে। ABৰ লম্ব হোৱাকৈ চিত্ৰত দেখুওৱা ধৰণে 90° ত এটা বিন্দু চিহ্নিত কৰা হ’ল। এতিয়া তাক A বিন্দুৰ লগত সংলগ্ন কৰাত ABৰ ওপৰত এডাল লম্ব পোৱা গ’ল।

স্তৰ-3: স্তৰ-1ত থকা AB ৰেখাডাল ব্যৱহাৰ কৰি কম্পাচৰ জোঙা মূৰটো আৰু পেঞ্চিলডালৰ আগটো এনেদৰে মিলোৱা হ’ল যাতে সিহঁতৰ মাজৰ দূৰত্ব 4 চেমি হয়। তাৰ পাছত কম্পাচৰ জোঙা মূৰটো A বিন্দুৰ ওপৰত ৰাখি ABৰ লম্বডালৰ ওপৰত এটা বৃত্তৰ চাপ দিয়া হ’ল। এই বৃত্তৰ চাপটোৱে লম্বডালক D বিন্দুত কাটিব। (য’ত AD = 4.চেমি)।

স্তৰ-4: স্তৰ 2ত দেখুওৱা দৰে, B বিন্দুত ABৰ ওপৰত আন এডাল লম্ব অংকন কৰা হ’ল।

স্তৰ-5: স্তৰ 3ত দেখুওৱাৰ দৰে, কম্পাচৰ জোখটো একে ৰাখি B বিন্দুত কম্পাচৰ জোঙা মূৰটো ৰাখা আৰু লম্বডালৰ ওপৰত এটা বিন্দু C চিহ্নিত কৰা হ’ল য’ত BC = 4 চেমি।

স্তৰ-6: স্কেলৰ সহায়ত C আৰু D বিন্দু দুটা সংযোগ কৰিলে 4 চেমি বাহুৰ দৈৰ্ঘ্য বিশিষ্ট ABCD বর্গ পোৱা গ’ল।

বৈশিষ্ট্যসমূহ: বৰ্গৰ প্রতিটো কোণৰ মাপ 90°। বৰ্গ প্ৰতিটো বাহুৰ মাপ সমান।

3. তোমালোকে এনেকুৱা এটা চতুর্ভুজ অংকন কৰিব পাৰিবানে, যাৰ প্রতিটো কোণ 90 deg কিন্তু বিপৰীত বাহুবোৰ সমান নহয়? চেষ্টা কৰি চোৱা।

উত্তৰঃ নোৱাৰি। প্ৰতিটো কোণৰ মাপ 90° হ’লে বর্গ বা আয়ত হ’ব লাগিব।

4. তোমালোকে এনেকুৱা এটা চতুর্ভুজ অংকন কৰিব পাৰিবানে, যাৰ বাহুবোৰ সমান, কিন্তু কোণবোৰ 90° নহয়?

উত্তৰঃ পাৰি। চতুর্ভুজটো এটা ৰম্বাচ হ’ব।

স্তৰ 1: AC যিকোনো দৈর্ঘ্যৰ এডাল ৰেখাখণ্ড লোৱা হ’ল। 

স্তৰ 2: AC ৰ আধাতকৈ বেছি দৈর্ঘ্য  লৈ AC ৰ ওপৰ আৰু তলৰ ফালে A আৰু Cৰ পৰা দুটাকৈ চাপ অংকন কৰা হ’ল। চাপদুটাই B আৰু D বিন্দুত কাটিছে। AB, BC, CD আৰু DA সংযোগ কৰা হ’ল। ABCD এটা ৰম্বাছ।

অংকন কৰোঁ আহা

1. একে ধাৰণাৰে এটা আয়তঅংকন কৰা, যাক তিনিটা একেধৰণৰ বৰ্গত ভগাব পাৰি।

উত্তৰঃ

স্তৰ-1: দৈৰ্ঘ্যৰজোখ নোলোৱাকৈ এডাল ৰেখাখণ্ড AF অংকন কৰা।

স্তৰ-2: কোণমান যন্ত্ৰ ব্যৱহাৰ কৰি A বিন্দুত AF ৰ ওপৰত এডাল লম্ব অংকন কৰা।

স্তৰ-3: আগৰ অংশত দেখুওৱাৰ দৰে, কম্পাচ ব্যৱহৰ কৰি, AFৰ লম্বৰ ওপৰত এটা বিন্দু B চিহ্নিত কৰা, যাতে AB=AF হয়।

স্তৰ-4: AB ৰ সমান দৈৰ্ঘ্যৰ জোখ লৈ কম্পাচৰ জোঙা মূৰটো B বিন্দুত ৰাখা আৰু চিত্ৰত দেখুওৱাৰ দৰে এটা বিন্দু C চিহ্নিত কৰা, যাতে AB = BC হয়।

স্তৰ-5: E বিন্দুটোৰ পৰা আৰম্ভ কৰি F, G আৰু H তিনিটা বিন্দু চিহ্নিত কৰা হ’ল।

স্তৰ-6: BF, CG আৰু DH সংযোগ কৰিলে অংকন কৰিবলগীয়া আকৃতিটো সম্পূর্ণ হ’ব।

গতিকে ADHE আয়তটোৱেই হ’ল আমি অংকন কৰিবলগীয়া আয়ত, যাক তিনিটা একেধৰণৰ বৰ্গত ভাগ কৰিব পাৰি। একেধৰণৰ বৰ্গ তিনিটা হ’ল ABFE, BCGF আৰু CDHG.

2. সকলো আয়তকে কিছুমান একেধৰণৰ বৰ্গত ভাগ কৰিব পাৰিনে? যদি নোৱাৰি, সেই আয়তটোৰ বাহুৰ দৈর্ঘ্য কিমান হ’ব, যিটোক

(a) দুটা একেধৰণৰ বৰ্গত।

উত্তৰঃ

স্তৰ-1: দৈৰ্ঘ্যৰজোখ নোলোৱাকৈ এডাল ৰেখাখণ্ড AF অংকন কৰা।

স্তৰ-2: কোণমান যন্ত্ৰ ব্যৱহাৰ কৰি A বিন্দুত AF ৰ ওপৰত এডাল লম্ব অংকন কৰা।

স্তৰ-3: আগৰ অংশত দেখুওৱাৰ দৰে, কম্পাচ ব্যৱহৰ কৰি, AFৰ লম্বৰ ওপৰত এটা বিন্দু B চিহ্নিত কৰা, যাতে AB = AF হয়।

স্তৰ-4: AB ৰ সমান দৈৰ্ঘ্যৰ জোখ লৈ কম্পাচৰ জোঙা মূৰটো B বিন্দুত ৰাখা আৰু চিত্ৰত দেখুওৱাৰ দৰে এটা বিন্দু C চিহ্নিত কৰা, যাতে AB = BC হয়।

স্তৰ-5: 3 আৰু 4 স্তৰত দেখুওৱা ধৰণে, F বিন্দুটোৰ পৰা আৰম্ভ কৰি E আক D দুটা বিন্দু চিহ্নিত কৰা।

স্তৰ-6: BE আৰু CD সংযোগ কৰিলে অংকন কৰিবলগীয়া আকৃতিটো সম্পূর্ণ হ’ব।

গতিকে ACDF আয়তটোৱেই হ’ল আমি অংকন কৰিবলগীয়া আয়ত, যাক দুটা একেধৰণৰ বৰ্গত ভাগ কৰিব পাৰি। একেধৰণৰ বৰ্গ দুটা হ’ল ABEF আৰু BCDE.

(b) তিনিটা একেধৰণৰ বৰ্গত ভাগ কৰিব নোৱাৰি।

উত্তৰঃ আয়তটোৰ দৈৰ্ঘ্য আৰু প্রস্থ ক্রমে 6 চে.মি. আৰু 2 চে. মি. হ’লে তিনিটা সমান মাপৰ বৰ্গ পোৱা নাযায়।

অংকন কৰোঁ আহা

1. এটা আয়ত অংকন কৰা, যাৰ এডাল কণই ৰিপৰীত কোণবোৰক তলত দিয়া কোণত বিভক্ত কৰে।

(a) 20⁰ আৰু 70⁰

উত্তৰঃ 

স্তৰ 1: যিকোনো দৈৰ্ঘ্যৰ এডাল ৰেখা AB অংকন কৰা। A আৰু B বিন্দু দুটা অংকন কৰিবলগীয়া আয়তটোৰ প্রথম আৰু দ্বিতীয় শীর্ষবিন্দু হ’ব।

স্তৰ-2: কোণমান যন্ত্ৰৰ সহায়ত A বিন্দুত 20⁰ জোখৰ এটা কোণ অংকন কৰা।

স্তৰ -3: B বিন্দুৰ পৰা AB ৰ ওপৰত এডাল লম্ব অংকন কৰা। BC লম্ব আৰু AE ৰেখাৰ কটাকটি কৰা বিন্দুটো চিহ্নিত কৰা। এই C বিন্দুটো আয়তটোৰ তৃতীয় শীর্ষবিন্দু হ’ব।

স্তৰ -4: এতিয়া আমি আয়তটোৰ চতুৰ্থ শীর্ষ বিন্দুটো চিহ্নিত কৰিব লাগে, এইটো কৰাৰ বাবে, A বিন্দুৰ পৰা ABৰ লম্ব হোৱাকৈ এডাল ৰেখা AF অংকন কৰা।

স্তৰ 5: C বিন্দুৰ পৰা BCৰ লম্ব হোৱাকৈ এডাল ৰেখা অংকন কৰা। এই ৰেখাডাল AF ৰেখাক D বিন্দুত কাটিছে। এই বিন্দুটোৱেই হ’ল আয়তটোৰ চতুৰ্থ শীর্ষবিন্দু। এনেদৰে আমি ABCD আয়তটো অংকন কৰিলোঁ।

(b) 30° আৰু 60°

উত্তৰঃ তোমালোকে নিজে চেষ্টা কৰা।

অংকন কৰোঁ আহা

1. 6 চেমি বাহুৰ দৈর্ঘ্য বিশিষ্ট এটা বৰ্গ অংকন কৰা। ইয়াৰ কৰ্ণবোৰ চিনাক্ত কৰা। তোমালোকে স্কেলৰ সহায়ত কৰ্ণবোৰৰ দৈর্ঘ্য পৰিমাপ কৰিব পাৰিবানে? কৰ্ণৰ সমান দৈর্ঘ্যৰ এডাল ৰেখা অংকন কৰিব লাগিলে, তোমালোকে ৰেখাডাল কেনেকৈ অংকন কৰিবা?

উত্তৰঃ স্তৰ-1: 6 চেমি দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড AB অংকন কৰা। A আৰু B বিন্দু দুটা বৰ্গটোৰ প্ৰথম আৰু দ্বিতীয় শীর্ষবিন্দু হ’ব।

স্তৰ 2: B বিন্দুৰ পৰা ABৰ লম্ব হোৱাকৈ এডাল ৰেখা ‘l₁’ অংকন কৰা। ‘l₁’ ৰেখাডালৰ ওপৰত আমি আঁকিবলগীয়া বৰ্গটোৰ তৃতীয় শীর্ষবিন্দু C টো থাকিব।

স্তৰ-3: কম্পাচৰ জোঙা মূৰটো AB ৰেখাখণ্ডৰ A বিন্দুৰ ওপৰত ৰাখি, পেঞ্চিলেৰে l₁ ৰেখাডালৰ ওপৰত 6 চে. মি. দৈৰ্ঘ্যৰ এটা বৃত্তৰ চাপ অংকন কৰা হ’ল যাতে বৃত্তৰ চাপটোৱে l₁ ৰেখাক C বিন্দুত কাটে। এই C বিন্দুটো হ’ল আঁকিবলগীয়া বৰ্গটোৰ তৃতীয় শীর্ষবিন্দু।

স্তৰ-4: A বিন্দুৰ পৰা AB ৰ লম্ব হোৱাকৈ 6 চে. মি. দৈর্ঘ্যৰ এডাল ৰেখা l₃ অংকন কৰা। তাৰ পাছত C বিন্দুৰ পৰা BCৰ লম্ব হোৱাকৈ আন এডাল 6 চে. মি. দৈৰ্ঘ্যৰ ৰেখা l₄অংকন কৰা। l₃ আৰু l₄ ৰেখা দুডালে পৰস্পৰে D বিন্দুত কটাকটি কৰিছে। এই D বিন্দুটো হ’ল আমি আঁকিবলগীয়া বৰ্গটোৰ চতুৰ্থ শীর্ষবিন্দু। ABCD এটা আঁকিবলগীয়া বর্গ।

2. চাৰিটা বাহু বিশিষ্ট এনেকুৱা আকৃতি আছে নেকি, যাৰ বিপৰীত বাহুবোৰ সমান দৈৰ্ঘ্যৰ, কিন্তু আকৃতিটো আয়ত নহয়? তেনেকুৱা আকৃতি সম্ভবনে? তোমালোকে এইটো আঁকিব পাৰিবানে?

উত্তৰঃ হয়। চাৰিটা বাহু বিশিষ্ট যাৰ বিপৰীত বাহুবোৰ সমান দৈৰ্ঘ্যৰ কিন্তু আয়ত নহয়, তেনেকুৱা আকৃতি সম্ভৱ। এই আকৃতিবোৰ বৰ্গ নাইবা ৰম্বাচ হ’ব পাৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top