Class 8 Social Science Additional Chapter 9 প্ৰাচীন কামৰূপ ৰাজ্য

Class 8 Social Science Additional Chapter 9 প্ৰাচীন কামৰূপ ৰাজ্য Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 9 প্ৰাচীন কামৰূপ ৰাজ্য Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Chapter 9 প্ৰাচীন কামৰূপ ৰাজ্য Notes and select needs one.

Class 8 Social Science Additional Chapter 9 প্ৰাচীন কামৰূপ ৰাজ্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download. for All Subject, You can practice these here.

প্ৰাচীন কামৰূপ ৰাজ্য

Chapter – 9

PART – II: HISTORY

ADDITIONAL QUESTION ANSWER

১। কোনখন ৰাজ্য ভাৰতীয় সভ্যতা-সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ আছিল?

উত্তৰঃ প্ৰাচীন কামৰূপ ৰাজ্য ভাৰতীয় সভ্যতা- সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ আছিল।

২। প্ৰাচীন ভাৰতবৰ্ষৰ এখন সমৃদ্ধিশালী ৰাজ্যৰ নাম লিখা?

উত্তৰঃ প্ৰাচীন ভাৰতবৰ্ষৰ এখন সমৃদ্ধিশালী ৰাজ্যৰ নাম হ’ল প্ৰাচীন কামৰূপ।

৩। কিমান শতিকাত কালিকা পুৰাণ ৰচনা কৰা হৈছিল বুলি উল্লেখিত আছে?

উত্তৰঃ খ্ৰীষ্টিয় দশম শতিকাত কালিকা পুৰাণ ৰচনা কৰা হৈছিল বুলি উল্লখিত আছে।

৪। কালিকা পুৰাণত কামৰূপ ৰাজ্য কোনখন নৈৰ পূবে আছে বুলি উল্লেখ কৰিছে?

উত্তৰঃ কালিকা পুৰাণত কামৰূপ ৰাজ্য কৰতোৱা নৈৰ পূৱে আছে বুলি উল্লেখ কৰিছে।

৫। কালিকা পুৰাণৰ মতে কামৰূপ ৰাজ্যৰ দৈৰ্ঘ্য কিমান?

উত্তৰঃ কালিকা পুৰাণৰ মতে কামৰূপ ৰাজ্যৰ দৈৰ্ঘ্য হ’ল ১০০ যোজনা।

৬। কালিকা পুৰাণৰ মতে কামৰূপ ৰাজ্যৰ প্ৰস্ত কিমান?

উত্তৰঃ কালিকা পুৰাণৰ মতে কামৰূপ ৰাজ্যৰ প্রস্থ হল ৩০ যোজনা।

৭। প্ৰাচীন কামৰূপ ৰাজ্যৰ আকৃতি কেনেকুৱা আছিল?

উত্তৰঃ প্ৰাচীন কামৰূপ ৰাজ্যৰ আকৃতি ত্ৰিকোণাকাৰ আছিল।

৮। প্ৰাচীন কামৰূপ ৰাজ্যৰ কেন্দ্ৰত কি অৱস্থিত আছিল?

উত্তৰঃ প্ৰাচীন কামৰূপ ৰাজ্যৰ কেন্দ্ৰত কামাখ্যা দেৱীৰ মন্দিৰ অৱস্থিত আছিল।

৯। কিমান শতিকাত যোগিনীতন্ত্ৰ ৰচনা কৰিছিল?

উত্তৰঃ ষোড়শ শতিকাত যোগিনীতন্ত্ৰ ৰচনা কৰিছিল।

১০। যোগিনীতন্ত্ৰ মতে কামৰূপ ৰাজ্যৰ উত্তৰে কি আছিল?

উত্তৰঃ যোগিনীতন্ত্ৰৰ মতে কামৰূপ ৰাজ্যৰ উত্তৰে কাঞ্চনজংঘা পৰ্বত আছিল।

১১। যোগিনীতন্ত্ৰ মতে কামৰূপ ৰাজ্যৰ দক্ষিণে কি আছিল?

উত্তৰঃ যোগিনীতন্ত্ৰ মতে কামৰূপ ৰাজ্যৰ দক্ষিণে ব্ৰহ্মপুত্ৰ আৰু লাক্ষ্যা নদীৰ সংগমস্থলী আছিল।

১২। যোগিনীতন্ত্ৰ মতে কামৰূপ ৰাজ্যৰ পূবে কি আছিল?

উত্তৰঃ যোগিনীতন্ত্ৰ মতে কামৰূপ ৰাজ্যৰ পূবে দিকৰাই নদী আছিল।

১৩। যোগিনীতন্ত্ৰ মতে কামৰূপ ৰাজ্যৰ পশ্চিমে কি আছিল?

উত্তৰঃ যোগিনীতন্ত্ৰ মতে কামৰূপ ৰাজ্যৰ পশ্চিমে কৰতোৱা নদী আছিল।

১৪। কাঞ্চনজংঘা পৰ্বত ক’ত অৱস্থিত আছিল?

উত্তৰঃ কাঞ্চনজংঘা পৰ্বত প্ৰাচীন কামৰূপ ৰাজ্যত অৱস্থিত আছিল।

১৫। যোগিনীতন্ত্ৰত কামৰূপ ৰাজ্যক কেইটা পীঠত বিভক্ত কৰা হৈছিল?

উত্তৰঃ যোগিনীতন্ত্ৰত কামৰূপ ৰাজ্যক চাৰিটা পীঠত বিভক্ত কৰা হৈছিল।

১৬। যোগিনীতন্ত্ৰত কামৰূপ ৰাজ্যক বিভক্ত কৰা পীঠসমূহৰ নাম কি কি?

উত্তৰঃ যোগিনীতন্ত্ৰত কামৰূপ ৰাজ্যক বিভক্ত কৰা পীঠসমূহৰ নাম হ’ল ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ।

১৭। প্ৰাচীন কামৰূপ ৰাজ্যৰ দৈৰ্ঘ্য কিমান মাইল আছিল?

উত্তৰঃ প্ৰাচীন কামৰূপ ৰাজ্যৰ দৈৰ্ঘ্য ৪৫০ মাইল আছিল।

১৮। প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰস্থ কিমান মাইল আছিল?

উত্তৰঃ প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰস্থ ১৩৫ মাইল আছিল।

১৯। কামৰূপ ৰাজ্যৰ প্ৰথম শাসক কোন আছিল?

উত্তৰঃ কামৰূপ ৰাজ্যৰ প্ৰথম শাসক আছিল মহীৰঙ্গ দানৱ।

২০। মহীৰঙ্গ দানৱৰ ৰাজ্যৰ ৰাজধানী কত আছিল?

উত্তৰঃ মহীৰঙ্গ দানৱৰ ৰাজ্যৰ ৰাজধানী বৰ্তমান গুৱাহাটী-শ্বিলং পথৰ কাষৰ মৈৰাং পাহাৰত আছিল।

২১। মহীৰঙ্গ দানৱৰ মৃত্যুৰ পাছত পৰৱৰ্তী কালত কোনে কামৰূপৰ শাসক হৈছিল?

উত্তৰঃ মহীৰঙ্গ দানৱৰ মৃত্যুৰ পাছত পৰৱৰ্তী কালত নৰকাসুৰ কামৰূপৰ শাসক হৈছিল।

২২। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ প্ৰায় কিমান জন ৰজাই সুদীৰ্ঘ কাল কামৰূপত ৰাজত্ব কৰিছিল?

উত্তৰঃ প্ৰায় পঁচিশজন ৰজাই সুদীৰ্ঘ কাল কামৰূপত ৰাজত্ব কৰিছিল।

২৩। নৰকক কিয় ভৌম বোলা হৈছিল?

উত্তৰঃ কিছুমান আখ্যানৰ মতে নৰক ধৰিত্ৰী বা ভূমিৰ পৰা জন্ম হোৱাৰ বাবে নৰকক ভৌম বোলা হৈছিল।

২৪। নৰকে প্ৰতিষ্ঠা কৰা বংশটোক কি বুলি আখ্যা দিয়া হৈছিল?

উত্তৰঃ নৰকে প্ৰতিষ্ঠা কৰা বংশটোক ‘ভৌম-নৰক ‘বংশ বুলি আখ্যা দিয়া হৈছিল।

২৫। নৰকৰ পাছত কামৰূপৰ সিংহাসনত কোনে বহিছিল?

উত্তৰঃ নৰকৰ পুত্ৰ ভগদত্ত নৰকৰ পাছত কামৰূপৰ সিংহাসনত বহিছিল।

২৬। ভগদত্তৰ বীৰত্বৰ কাহিনী ক’ত বৰ্ণনা পোৱা যায়?

উত্তৰঃ মহাভাৰতৰ কেবাটাও অধ্যায়ত ভগদত্তৰ বীৰত্বৰ কাহিনীৰ বৰ্ণনা পোৱা যায়।

২৭। ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল?

উত্তৰঃ ভগদত্তৰ জীয়ৰীৰ নাম আছিল ভানুমতী।

২৮। ভগদত্তই তেওঁৰ জীয়ৰী ভানুমতীক কাৰ সৈতে বিবাহ দিছিল?

উত্তৰঃ ভগদত্তই তেওঁৰ জীয়ৰী ভানুমতীক দুৰ্যোধনলৈ বিবাহ দিছিল।

২৯। গুৱাহাটীৰ দীঘলী পুখুৰী কোনে খন্দাইছিল?

উত্তৰঃ গুৱাহাটীৰ দীঘলী পুখুৰী ৰজা ভগদত্তই খন্দাইছিল।

৩০। গুৱাহাটীৰ দীঘলী পুখুৰী ৰজা ভগদত্তই কেতিয়া খন্দাইছিল?

উত্তৰঃ গুৱাহাটীৰ দীঘলী পুখুৰী ৰজা ভগদত্তই পুত্ৰী ভানুমতীৰ সয়ম্বৰৰ সময়ত খন্দাইছিল।

৩১। ৩৫০ আৰু ৩৮০ খ্ৰীষ্টাব্দৰ ভিতৰত  কামৰূপত কোনে নতুন যুগৰ সূচনা কৰিছিল?

উত্তৰঃ পুষ্য বৰ্মণে ৩৫০ আৰু ৩৮০ খ্ৰীষ্টাব্দৰ ভিতৰত কামৰূপত এক নতুন যুগৰ সূচনা কৰিছিল।

৩২। পুষ্য বৰ্মণে প্ৰতিষ্ঠা কৰা বংশটোক কি বুলি জনা যায়?

উত্তৰঃ পুষ্য বৰ্মণে প্ৰতিষ্ঠা কৰা বংশটোক বৰ্মন বংশ বুলি জনা যায়।

৩৩। পুষ্য বৰ্মণে প্ৰতিষ্ঠা কৰা বংশৰ ৰজাসকলে কামৰূপত কিমান বছৰ ৰাজত্ব কৰিছিল?

উত্তৰঃ পুষ্য বৰ্মণে প্ৰতিষ্ঠা কৰা বংশৰ ৰজাসকলে কামৰূপত প্ৰায় তিনিশ বছৰ জুৰি ৰাজত্ব কৰিছিল।

৩৪। পুষ্য বৰ্মণৰ পুত্ৰৰ নাম কি আছিল?

উত্তৰঃ পুষ্য বৰ্মণৰ পুত্ৰৰ নাম আছিল সমুদ্ৰ বৰ্মন।

৩৫। পুষ্য বৰ্মণৰ মৃতুৰ পাছত কোনে কামৰূপত কোনে ৰাজত্ব কৰিছিল?

উত্তৰঃ পুষ্য বৰ্মণৰ মৃতুৰ পাছত কামৰূপত সমুদ্ৰ বৰ্মণে ৰাজত্ব কৰিছিল।

৩৬। সমুদ্ৰ বৰ্মণ এজন কেনেকুৱা শাসক আছিল?

উত্তৰঃ সমুদ্ৰ বৰ্মণ এজন দক্ষ শাসক আছিল।

৩৭। সমুদ্ৰ বৰ্মণৰ পত্নীৰ নাম কি আছিল?

উত্তৰঃ সমুদ্ৰ বৰ্মণৰ পত্নীৰ নাম আছিল দত্তদেৱী।

৩৮। সমুদ্ৰ বৰ্মনৰ পৰৱৰ্তী ৰজা কোন আছিল?

উত্তৰঃ সমুদ্ৰ বৰ্মনৰ পৰৱৰ্তী ৰজা আছিল বল বৰ্মন।

৩৯। বল বৰ্মনে কামৰূপত কিমান খ্ৰীষ্টাব্দলৈ শাসন কৰিছিল?

উত্তৰঃ বল বৰ্মনে কামৰূপত  ৪০৫ পৰা ৪২০  খ্ৰীষ্টাব্দলৈ শাসন কৰিছিল।

৪০। কোনজন ৰজাৰ দিনত কামৰূপ আৰু কাশ্মীৰৰ মাজত মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল?

উত্তৰঃ বল বৰ্মণৰ দিনত কামৰূপ আৰু কাশ্মীৰৰ মাজত মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল।

৪১। ‘ৰাজতৰংগিনি’ কোনে ৰচনা কৰিছিল?

উত্তৰঃ কলহনে ‘ৰাজতৰংগিনি’ ৰচনা কৰিছিল।

৪২। মেঘবাহন কোনখন ৰাজ্যৰ ৰজা আছিল?

উত্তৰঃ মেঘবাহন কাশ্মীৰৰ ৰজা আছিল।

৪৩। মেঘবাহন কাৰ সয়ম্বৰলৈ কামৰূপত আহিছিল?

উত্তৰঃ মেঘবাহন অমৃতপ্ৰভাৰ সয়ম্বৰলৈ কামৰূপত আহিছিল। 

৪৪। অমৃতপ্ৰভাৰ বৰমাল্য কোনে গ্ৰহণ কৰিছিল?

উত্তৰঃ অমৃতপ্ৰভাৰ বৰমাল্য কাশ্মীৰৰ ৰজা মেঘবাহনে গ্ৰহণ কৰিছিল।

৪৫। বল বৰ্মনৰ পৰৱৰ্তী কামৰূপৰ দুজন শাসকৰ নাম লিখা?

উত্তৰঃ বল বৰ্মনৰ পৰৱৰ্তী কামৰূপৰ দুজন শাসকৰ নাম হ’ল মহেন্দ্ৰ বৰ্মন আৰু ভাস্কৰ বৰ্মন।

৪৬। কুমাৰ ৰজা বুলি কাক কোৱা হয়?

উত্তৰঃ ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি কোৱা হয়।

৪৭। ভাস্কৰ বৰ্মনৰ শাসনকালক কি বুলি কোৱা হয়?

উত্তৰঃ ভাস্কৰ বৰ্মনৰ শাসনকালক ভাস্কৰবাদ বা কামৰূপী চনত বুলি কোৱা হয়।

৪৮। কুমাৰ ভাস্কৰ বৰ্মনৰ কিমান খ্ৰীষ্টাব্দত মৃত্যু হৈছিল?

উত্তৰঃ ৬৫০ খ্ৰীষ্টাব্দত কুমাৰ ভাস্কৰ বৰ্মনৰ  মৃত্যু হৈছিল।

৪৯। কুমাৰ ভাস্কৰ বৰ্মনৰ মৃত্যু পাছত কামৰূপৰ সিংহাসন কোনে দখল কৰিছিল?

উত্তৰঃ শালস্তম্ভ নামৰ এজন নেতাই কুমাৰ ভাস্কৰ বৰ্মনৰ মৃত্যু পাছত কামৰূপৰ সিংহাসন দখল কৰিছিল।

৫০। শ্ৰীহৰ্ষদেৱ কোন আছিল?

উত্তৰঃ শ্ৰীহৰ্ষদেৱ শালস্তম্ভ বংশৰ ভিতৰৰ এজন ৰজা আছিল।

৫১। শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি আছিল?

উত্তৰঃ শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম আছিল ত্যাগ সিং।

৫২। পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল?

উত্তৰঃ পাল বংশৰ প্ৰথম ৰজাজনৰ নাম  আছিল ব্ৰহ্মপাল।

৫৩। পাল বংশৰ ৰজসকলে কিমান বছৰ কামৰূপত ৰাজকাৰ্য পৰিচালনা কৰিছিল?

উত্তৰঃ ১৫০ বছৰ কাল পাল বংশৰ ৰজাসকলে কামৰূপত ৰাজকাৰ্য পৰিচালনা কৰিছিল।

৫৪। পাল বংশৰ শাসক সকলৰ ভিতৰত আটাইতকৈ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল?

উত্তৰঃ ৰত্নপাল পাল বংশৰ শাসক সকলৰ ভিতৰত আটাইতকৈ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল।

৫৫। কামৰূপত পাল বংশৰ শাসন কিমান শতিকাৰ পৰা আৰম্ভ হৈছিল?

উত্তৰঃ দশম শতিকাৰ পৰা কামৰূপত পাল বংশৰ শাসন আৰম্ভ হৈছিল।

৫৬। দুৰ্জ্জয় নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ৰত্নপালে দুৰ্জ্জয় নগৰ প্ৰতিষ্ঠা কৰিছিল।

৫৭। পাল বংশৰ শেষ ৰজাজন কোন আছিল?

উত্তৰঃ পাল বংশৰ শেষ ৰজাজন আছিল জয়পাল।

৫৮। জয়পালৰ মৃত্যু কিমান খ্ৰীষ্টাব্দত হৈছিল?

উত্তৰঃ জয়পালৰ মৃত্যু আনুমানিক ১১৪২ খ্ৰীষ্টাব্দত হৈছিল।

৫৯। পাল বংশৰ পতনৰ পাছত হোৱা কামৰূপৰ দুজন ৰজাৰ নাম লিখা?

উত্তৰঃ পাল বংশৰ পতনৰ পাছত হোৱা কামৰূপৰ দুজন ৰজাৰ নাম উদয়কৰ্ণ আৰু বল্লৱদেৱ। 

৬০। শিললিপিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰক কি বুলি উল্লেখ আছে?

উত্তৰঃ শিললিপিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰক উত্তৰ- কুলদেশ বুলি উল্লেখ আছে।

৬১। শিললিপিত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰক কি বুলি উল্লেখ আছে?

উত্তৰঃ শিললিপিত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰক দক্ষিণ- কুলদেশ বুলি উল্লেখ আছে।

৬২। প্ৰাচীন কামৰূপত কি শাসন ব্যৱস্থা আছিল?

উত্তৰঃ প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থা আছিল।

৬৩। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰঃ পুষ্য বৰ্মণ আছিল বৰ্মন বংশৰ প্ৰতিষ্ঠাপক।

৬৪। প্ৰাচীন কামৰূপত ভগৱান বিষ্ণুৰ দ্বিতীয় ৰূপ বুলি কোনজন ৰজাৰ কথা বৰ্ণনা কৰা হৈছিল?

উত্তৰঃ পুষ্য বৰ্মণক প্ৰাচীন কামৰূপত ভগৱান বিষ্ণুৰ দ্বিতীয় ৰূপ বুলি বৰ্ণনা কৰা হৈছিল।

৬৫। চক্ৰপাণি ৰজা বুলি কোনজন ৰজাক কোৱা হয়?

উত্তৰঃ চক্ৰপাণি ৰজা বুলি নাৰায়ন বৰ্মণক  কোৱা হয়।

৬৬। সেনাবাহিনীৰ মুৰব্বীজনক কি নামেৰে নামাকৰণ কৰা হৈছিল?

উত্তৰঃ সেনাবাহিনীৰ মুৰব্বীজনক সেনাধ্যক্ষ নামেৰে নামাকৰণ কৰা হৈছিল।

৬৭। ভাস্কৰ বৰ্মনৰ কিমান নৌবাহিনী আছিল?

উত্তৰঃ ভাস্কৰ বৰ্মনৰ ৩০ হাজাৰ জাহাজেৰে পৰিপূৰ্ণ নৌবাহিনী আছিল।

৬৮। ভাস্কৰ বৰ্মনৰ কিমান হস্তিবাহিনী আছিল?

উত্তৰঃ ভাস্কৰ বৰ্মনৰ ২০ হাজাৰ হস্তিবাহিনী আছিল।

৬৯। দেৱতাৰ নামত দান কৰা ভূমিক কি বুলি কোৱা হয়?

উত্তৰঃ দেৱতাৰ নামত দান কৰা ভূমিক দেবোত্তৰ  ভূমি বুলি কোৱা হয়।

৭০। ব্ৰহ্মোত্তৰ ভূমি মানে কি?

উত্তৰঃ ব্ৰাহ্মণসকলক দান কৰা ভূমিক ব্ৰহ্মোত্তৰ ভূমি বুলি কোৱা হয়।

৭২। ধৰ্মোত্তৰ ভূমি মানে কি?

উত্তৰঃ মন্দিৰৰ বাবে দান কৰা ভূমিক ধৰ্মোত্তৰ ভূমি বুলি কোৱা হয়।

৭৩। ব্ৰাহ্মণক দান কৰা গাঁৱক কি বুলি কোৱা হয়?

উত্তৰঃ ব্ৰাহ্মণক দান কৰা গাঁৱক অগ্ৰহাৰ বুলি  কোৱা হয়।

৭৪। প্ৰাচীন কামৰূপৰ সমাজখন কিহেৰে গঠিত আছিল?

উত্তৰঃ প্ৰাচীন কামৰূপৰ সমাজখন বিভিন্ন নৃ- গোষ্ঠীৰে গঠিত আছিল।

৭৫। বিভিন্ন নৃ-গোষ্ঠীসমূহৰ নাম লিখা?

উত্তৰঃ বিভিন্ন নৃ- গোষ্ঠীসমূহৰ নাম হ’ল- অষ্ট্ৰিক, দ্ৰাবিড়, তিব্বতধৰ্মীয় আদি।

৭৬। বৰ্ণাশ্ৰম মানে কি?

উত্তৰঃ হিন্দু ধৰ্মৰ শাস্ত্ৰত মানুহৰ স্বভাৱ আৰু সাধ্য অনুসৰি বৃত্তি নিৰ্বাচন কৰাকে বৰ্ণাশ্ৰম বুলি কোৱা হয়।

৭৭। বৰ্ণাশ্ৰম অনুসৰি মানুহৰ নিৰ্ণয় কৰা চাৰিটা বৰ্ণসমূহ কি কি?

উত্তৰঃ বৰ্ণাশ্ৰম অনুসৰি মানুহৰ নিৰ্ণয় কৰা চাৰিটা বৰ্ণসমূহ  ব্ৰাহ্মণ, ক্ষত্ৰিয়, বশ্য আৰু শূদ্ৰ।

৭৮। চি- ইউ- কি গ্ৰন্থখনৰ লেখক কোন আছিল?

উত্তৰঃ চি- ইউ- কি গ্ৰন্থখনৰ লেখক আছিল  হিউৱেন চাঙ।

৭৯। প্ৰাচীন কালৰে পৰা কামৰূপত মানুহৰ প্ৰধান জীৱিকা কি আছিল?

উত্তৰঃ প্ৰাচীন কালৰে পৰা কামৰূপত মানুহৰ প্ৰধান জীৱিকা আছিল কৃষি।

৮০। পাহাৰীয়া অঞ্চলসমূহত কি পদ্ধতিৰে কৃষি কৰ্ম কৰা হৈছিল?

উত্তৰঃ পাহাৰীয়া অঞ্চলসমূহত ঝুম পদ্ধতিৰে কৃষি কৰ্ম কৰা হৈছিল।

৮১। কামৰূপৰ এক প্ৰাচীনতম কিহৰ উদ্যোগ  আছিল?

উত্তৰঃ কামৰূপৰ এক প্ৰাচীনতম সোণ উৎপাদনৰ উদ্যোগ আছিল।

৮২। কৌটিল্যৰ অৰ্থশাস্ত্ৰত কামৰূপৰ ক’ত সোণ পোৱাৰ কথা উল্লেখ আছে?

উত্তৰঃ কৌটিল্যৰ অৰ্থশাস্ত্ৰত কামৰূপৰ সুৱৰ্ণ কুণ্ডত সোণ পোৱাৰ কথা উল্লেখ আছে।

৮৩। প্ৰাচীন কামৰূপত প্ৰচুৰ পৰিমাণে কি কাপোৰ উৎপাদন কৰা হৈছিল?

উত্তৰঃ প্ৰাচীন কামৰূপত প্ৰচুৰ পৰিমাণে কপাহী কাপোৰ উৎপাদন কৰা হৈছিল।

৮৪। প্ৰাচীন কালৰে পৰা ভাৰতৰ আন ৰাজ্যৰ লগত কি সম্পৰ্ক আছিল?

উত্তৰঃ প্ৰাচীন কালৰে পৰা ভাৰতৰ আন ৰাজ্যৰ লগত বাণিজ্যিক আৰু সাংস্কৃতিক  সম্পৰ্ক আছিল।

৮৫। প্ৰাচীন কামৰূপৰ পৰা বিদেশলৈ কি কি ৰপ্তানি কৰা হৈছিল?

উত্তৰঃ প্ৰাচীন কামৰূপৰ পৰা বিদেশলৈ হাতীৰ দাঁত, গঁড়ৰ খৰ্গ, কাঠ, লো, সোণ, তেজপাত আদি ৰপ্তানি কৰা হৈছিল।

৮৬। প্ৰাচীন কামৰূপত শিক্ষা কেনেকৈ দিয়া হৈছিল?

উত্তৰঃ প্ৰাচীন কামৰূপত গুৰুগৃহ, সংস্কৃত টোলসমূহ আৰু গ্ৰাম্য পাঠশালাসমূহত শিক্ষা দিয়া হৈছিল।

৮৭। প্ৰাচীন কামৰূপত শিক্ষাৰ কেন্দ্ৰসমূহত চাৰিবেদৰ লগতে কি বিষয়ৰ জ্ঞান দিয়া হৈছিল?

উত্তৰঃ চাৰিবেদৰ লগতে আয়ুৰ্বেদ, ধনুৰ্ভেদ, তন্ত্ৰ বেদাংগ, ইতিহাস, পুৰাণ আদিৰ জ্ঞান দিয়া হৈছিল।

৮৯। প্ৰাচীন কামৰূপত কি ভাষাই ব্যপকতা লাভ কৰিছিল?

উত্তৰঃ প্ৰাচীন কামৰূপত সংস্কৃত ভাষাই ব্যপকতা লাভ কৰিছিল।

৯০। প্ৰাচীন কামৰূপত ৰাজকৰ্ম পৰিচালনা কৰিবলৈ কি ভাষা প্ৰয়োগ কৰা হৈছিল?

উত্তৰঃ প্ৰাচীন কামৰূপত ৰাজকৰ্ম পৰিচালনা কৰিবলৈ সংস্কৃত ভাষা প্ৰয়োগ কৰা হৈছিল।

৯১। প্ৰাচীন কামৰূপৰ নাৰীসকল কেনেকুৱা আছিল?

উত্তৰঃ প্ৰাচীন কামৰূপৰ নাৰীসকল গুণী জ্ঞানী আৰু ধৰ্মপৰায়নতা আছিল।

৯২। দত্তদেৱী কোন আছিল?

উত্তৰঃ দত্তদেৱী সমুদ্ৰ বৰ্মনৰ পত্নী আছিল।

৯৩। বল বৰ্মনৰ পত্নীৰ নাম কি আছিল?

উত্তৰঃ বল বৰ্মনৰ পত্নীৰ নাম আছিল ৰত্নাৱতী।

৯৪। ভুতি বৰ্মনৰ পত্নীৰ নাম কি আছিল?

উত্তৰঃ ভুতি বৰ্মনৰ পত্নীৰ নাম আছিল বিজনায়াৱতী।

৯৫। প্ৰাচীন কালৰে পৰা কামৰূপত কি ধৰ্মৰ প্ৰচলন আছিল?

উত্তৰঃ প্ৰাচীন কালৰে পৰা কামৰূপত শৈৱ ধৰ্মৰ প্ৰচলন আছিল।

৯৬। কালিকা পুৰাণত কামৰূপৰ শৈৱ উপাসনাৰ কেইটা কেন্দ্ৰৰ নাম উল্লেখ আছে?

উত্তৰঃ কালিকা পুৰাণত কামৰূপৰ শৈৱ উপাসনাৰ ১৫  টা কেন্দ্ৰৰ নাম উল্লেখ আছে।

৯৭। প্ৰাচীন কামৰূপ কি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰ আছিল?

উত্তৰঃ প্ৰাচীন কামৰূপ শক্তি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰ আছিল।

৯৮। প্ৰাচীন কালত শক্তি পূজাৰ মুখ্য কেন্দ্ৰ হিচাপে কোনখন ৰাজ্যক স্বীকৃতি দিয়া হৈছিল?

উত্তৰঃ প্ৰাচীন কালত শক্তি পূজাৰ মুখ্য কেন্দ্ৰ হিচাপে কামৰূপ ৰাজ্যক স্বীকৃতি দিয়া হৈছিল।

৯৯। প্ৰাচীন কামৰূপৰ এটা শক্তি পূজাৰ মন্দিৰৰ নাম লিখা?

উত্তৰঃ প্ৰাচীন কামৰূপৰ এটা শক্তি পূজাৰ মন্দিৰৰ নাম হ’ল মা কামাখ্যা দেৱীৰ মন্দিৰ।

১০০। শাক্ত ধৰ্মত উপাস্যদেৱৱীসকলৰ নাম কি কি আছিল?

উত্তৰঃ শাক্ত ধৰ্মত উপাস্যদেৱৱীসকলৰ নামসমূহ  হ’ল দুৰ্গা, কালি, উমা, কামাখ্যা, তাৰা, চণ্ডী, আদি।

১০১। শিৱ আৰু শক্তিৰ দৰে কামৰূপত আৰু কাৰ উপাসনা  হৈছিল?

উত্তৰঃ শিৱ আৰু শক্তিৰ দৰে কামৰূপত আৰু ভগৱান বিষ্ণুৰ উপাসনা হৈছিল।

১০২। প্ৰাচীন সাহিত্যসমূহৰ পৰা পুৰণি কালত কামৰূপত আৰু কি পূজাৰ প্ৰচলন থকাৰ প্ৰমাণ পোৱা যায়?

উত্তৰঃ প্ৰাচীন সাহিত্যসমূহৰ পৰা পুৰণি কালত কামৰূপত আৰু সূৰ্য পূজাৰ প্ৰচলন থকাৰ প্ৰমাণ পোৱা যায়।

১০৩। ভাৰতত তুৰ্কী সাম্ৰাজ্যৰ প্ৰথমজন চুলতান কোন আছিল?

উত্তৰঃ ভাৰতত তুৰ্কী সাম্ৰাজ্যৰ প্ৰথমজন চুলতান আছিল কুতুবুদ্দিন আইবাক।

১০৪। কুতুবুদ্দিন আইবাকৰ সেনাপতিৰ নাম কি আছিল?

উত্তৰঃ কুতুবুদ্দিন আইবাকৰ সেনাপতিৰ নাম আছিল বখতিয়াৰ খিলজিৰ।

১০৫। বখতিয়াৰ খিলজিৰ আক্ৰমণৰ সময়ত কামৰূপৰ শাসক কোন আছিল?

উত্তৰঃ বখতিয়াৰ খিলজিৰ আক্ৰমণৰ সময়ত কামৰূপৰ শাসক আছিল পৃথু।

১০৬। পৃথুৱে কিমান খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্য শাসন কৰিছিল?

উত্তৰঃ ১১৮৫ ৰ পৰা ১২২৮ খ্ৰীষ্টাব্দলৈ পৃথুৱে  কামৰূপ ৰাজ্য শাসন কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top