Class 8 Social Science Additional Chapter 9 প্ৰাচীন কামৰূপ ৰাজ্য

Class 8 Social Science Additional Chapter 9 প্ৰাচীন কামৰূপ ৰাজ্য Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 9 প্ৰাচীন কামৰূপ ৰাজ্য Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Notes and select needs one.

Class 8 Social Science Additional Chapter 9 প্ৰাচীন কামৰূপ ৰাজ্য

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download. for All Subject, You can practice these here.

প্ৰাচীন কামৰূপ ৰাজ্য

Chapter – 9

PART – II: HISTORY

ADDITIONAL QUESTION ANSWER

১। কোনখন ৰাজ্য ভাৰতীয় সভ্যতা-সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ আছিল?

উত্তৰঃ প্ৰাচীন কামৰূপ ৰাজ্য ভাৰতীয় সভ্যতা- সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ আছিল।

২। প্ৰাচীন ভাৰতবৰ্ষৰ এখন সমৃদ্ধিশালী ৰাজ্যৰ নাম লিখা?

উত্তৰঃ প্ৰাচীন ভাৰতবৰ্ষৰ এখন সমৃদ্ধিশালী ৰাজ্যৰ নাম হ’ল প্ৰাচীন কামৰূপ।

৩। কিমান শতিকাত কালিকা পুৰাণ ৰচনা কৰা হৈছিল বুলি উল্লেখিত আছে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ খ্ৰীষ্টিয় দশম শতিকাত কালিকা পুৰাণ ৰচনা কৰা হৈছিল বুলি উল্লখিত আছে।

৪। কালিকা পুৰাণত কামৰূপ ৰাজ্য কোনখন নৈৰ পূবে আছে বুলি উল্লেখ কৰিছে?

উত্তৰঃ কালিকা পুৰাণত কামৰূপ ৰাজ্য কৰতোৱা নৈৰ পূৱে আছে বুলি উল্লেখ কৰিছে।

৫। কালিকা পুৰাণৰ মতে কামৰূপ ৰাজ্যৰ দৈৰ্ঘ্য কিমান?

উত্তৰঃ কালিকা পুৰাণৰ মতে কামৰূপ ৰাজ্যৰ দৈৰ্ঘ্য হ’ল ১০০ যোজনা।

৬। কালিকা পুৰাণৰ মতে কামৰূপ ৰাজ্যৰ প্ৰস্ত কিমান?

উত্তৰঃ কালিকা পুৰাণৰ মতে কামৰূপ ৰাজ্যৰ প্রস্থ হল ৩০ যোজনা।

৭। প্ৰাচীন কামৰূপ ৰাজ্যৰ আকৃতি কেনেকুৱা আছিল?

উত্তৰঃ প্ৰাচীন কামৰূপ ৰাজ্যৰ আকৃতি ত্ৰিকোণাকাৰ আছিল।

৮। প্ৰাচীন কামৰূপ ৰাজ্যৰ কেন্দ্ৰত কি অৱস্থিত আছিল?

উত্তৰঃ প্ৰাচীন কামৰূপ ৰাজ্যৰ কেন্দ্ৰত কামাখ্যা দেৱীৰ মন্দিৰ অৱস্থিত আছিল।

৯। কিমান শতিকাত যোগিনীতন্ত্ৰ ৰচনা কৰিছিল?

উত্তৰঃ ষোড়শ শতিকাত যোগিনীতন্ত্ৰ ৰচনা কৰিছিল।

১০। যোগিনীতন্ত্ৰ মতে কামৰূপ ৰাজ্যৰ উত্তৰে কি আছিল?

উত্তৰঃ যোগিনীতন্ত্ৰৰ মতে কামৰূপ ৰাজ্যৰ উত্তৰে কাঞ্চনজংঘা পৰ্বত আছিল।

১১। যোগিনীতন্ত্ৰ মতে কামৰূপ ৰাজ্যৰ দক্ষিণে কি আছিল?

উত্তৰঃ যোগিনীতন্ত্ৰ মতে কামৰূপ ৰাজ্যৰ দক্ষিণে ব্ৰহ্মপুত্ৰ আৰু লাক্ষ্যা নদীৰ সংগমস্থলী আছিল।

১২। যোগিনীতন্ত্ৰ মতে কামৰূপ ৰাজ্যৰ পূবে কি আছিল?

উত্তৰঃ যোগিনীতন্ত্ৰ মতে কামৰূপ ৰাজ্যৰ পূবে দিকৰাই নদী আছিল।

১৩। যোগিনীতন্ত্ৰ মতে কামৰূপ ৰাজ্যৰ পশ্চিমে কি আছিল?

উত্তৰঃ যোগিনীতন্ত্ৰ মতে কামৰূপ ৰাজ্যৰ পশ্চিমে কৰতোৱা নদী আছিল।

১৪। কাঞ্চনজংঘা পৰ্বত ক’ত অৱস্থিত আছিল?

উত্তৰঃ কাঞ্চনজংঘা পৰ্বত প্ৰাচীন কামৰূপ ৰাজ্যত অৱস্থিত আছিল।

১৫। যোগিনীতন্ত্ৰত কামৰূপ ৰাজ্যক কেইটা পীঠত বিভক্ত কৰা হৈছিল?

উত্তৰঃ যোগিনীতন্ত্ৰত কামৰূপ ৰাজ্যক চাৰিটা পীঠত বিভক্ত কৰা হৈছিল।

১৬। যোগিনীতন্ত্ৰত কামৰূপ ৰাজ্যক বিভক্ত কৰা পীঠসমূহৰ নাম কি কি?

উত্তৰঃ যোগিনীতন্ত্ৰত কামৰূপ ৰাজ্যক বিভক্ত কৰা পীঠসমূহৰ নাম হ’ল ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top