Class 8 Social Science Additional Chapter 1 প্ৰাকৃতিক সম্পদ Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 1 প্ৰাকৃতিক সম্পদ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Chapter 1 প্ৰাকৃতিক সম্পদ Notes and select needs one.
Class 8 Social Science Additional Chapter 1 প্ৰাকৃতিক সম্পদ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download. for All Subject, You can practice these here.
প্ৰাকৃতিক সম্পদ
Chapter – 1
PART – I: GEOGRAPHY
| ADDITIONAL QUESTION ANSWER |
১। প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা?
উত্তৰঃ মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানকেই প্ৰাকৃতিক সম্পদ বোলে।
২। মানুহৰ বাবে অতি উপযোগী সম্পদবোৰ কি কি?
উত্তৰঃ মানুহৰ বাবে অতি উপযোগী সম্পদবোৰ হ’ল- মাটি, পানী, বতাহ, খনিজ পদাৰ্থ, উদ্ভিদ, বন্যপ্ৰাণী আদি।
৩। পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমি আছে?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ ২৯ শতাংশ ভূমি আছে।
৪। ভূমি কিহৰ আধাৰ?
উত্তৰঃ ভূমি জীৱজগতৰ আধাৰ।
৫। ভূমি সম্পদবোৰ কি কি?
উত্তৰঃ ভূমি সম্পদবোৰ হ’ল- মানুহৰ অন্ন, বস্ত্ৰ, বাসস্থান আৰু ইন্ধনৰ মূলতেই হৈছে ভূমি সম্পদ।
৬। কিহৰ ওপৰত ভিত্তি কৰি কৃষি, শিল্প, যাতায়াত, যোগাযোগ আদি গঢ় লৈ উঠে?
উত্তৰঃ ভূমিৰ ওপৰত ভিত্তি কৰি কৃষি, শিল্প, যাতায়াত, যোগাযোগ আদি গঢ় লৈ উঠে।
৭। ভূমি গঠনৰ এটা তৰপ গঠন হ’বলৈ কিমান বছৰৰ প্ৰয়োজন হয়?
উত্তৰঃ ভূমি গঠনৰ এটা তৰপ গঠন হ’বলৈ বহু শ বছৰৰ প্ৰয়োজন হয়।
৮। ভূমি কিহত ব্যৱহৃত হয়?
উত্তৰঃ সাধাৰণতে কৃষিকাৰ্য, উদ্যোগ, খনিজ সম্পদ আহৰণ, বনানীকৰণ, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ভূমি ব্যৱহৃত হয়।
৯। পাহাৰীয়া অঞ্চলত বসতি যথেষ্ট কি?
উত্তৰঃ পাতল।
১০। জনসংখ্যাৰ বৃদ্ধি কি হৈছে?
উত্তৰঃ জনসংখ্যাৰ বৃদ্ধি বাঢ়িছে।
১১। ২০১৮ চনৰ বিশ্ব-বেংকৰ এক তথ্য অনুসৰি ভাৰতৰ কিমান ভূমি কৃষিকাৰ্যত ব্যৱহাৰ কৰা হয়?
উত্তৰঃ ২০১৮ চনৰ বিশ্ব-বেংকৰ এক তথ্য অনুসৰি ভাৰতৰ ৬০.৪৩% ভূমি কৃষিকাৰ্যত ব্যৱহাৰ কৰা হয়।
১২। বসতিৰ বাবে ব্যৱহৃত মাটিৰ পৰিমাণ কি হৈ আহিছে?
উত্তৰঃ বৃদ্ধি হৈ আহিছে।
১৩। গ্ৰামাঞ্চলত কৃষকৰ বাবে কি জীয়াই থকাৰ সম্বল?
উত্তৰঃ গ্ৰামাঞ্চলত কৃষকৰ বাবে মাটিয়েই জীয়াই থকাৰ সম্বল।
১৪। নগৰত জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান?
উত্তৰঃ নগৰত জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক।
১৫। বৰ্ধিত জনসংখ্যাৰ বাবে ভূমিৰ প্ৰয়োজন কি?
উত্তৰঃ বৰ্ধিত জনসংখ্যাৰ বাবে ভূমিৰ প্ৰয়োজন বেছি।
১৬। বিভিন্ন কাৰণত মাটিৰ স্বাভাৱিক বৈশিষ্ট্য, গুণাগুণ আৰু গাঁথনি বিনষ্ট হৈ কি ঘটে?
উত্তৰঃ বিভিন্ন কাৰণত মাটিৰ স্বাভাৱিক বৈশিষ্ট্য, গুণাগুণ আৰু গাঁথনি বিনষ্ট হৈ মাটিৰ অৱক্ষয় ঘটে।
১৭। ভূমিস্খলন বুলিলে কি বুজা?
উত্তৰঃ নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ভূখণ্ড তললৈ খহি পৰাকে ভূমিস্খলন বোলে।
১৮। ভূমিস্খলন কিয় হয়?
উত্তৰঃ পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা বা গছ-গছনি ধ্বংস কৰাৰ ফলত ভূমিস্খলন হ’ব পাৰে।
১৯। মাটি কিয় ক্ষয়প্ৰাপ্ত হয়?
উত্তৰঃ ৰ’দ, বতাহ, বৰষুণ, নদী, হিমবাহ আদিৰ কাৰ্যৰ ফলত মাটি ক্ষয়প্ৰাপ্ত হয়।
২০। গৰাখহনীয়া কাক বোলে?
উত্তৰঃ নদীৰ গতিপথত কাষৰ মাটি খহাই নিয়াকে গৰাখহনীয়া বোলে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


