Class 8 Social Science Additional Chapter 3 বসতি

Class 8 Social Science Additional Chapter 3 বসতি Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 3 বসতি Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Chapter 3 বসতি Notes and select needs one.

Class 8 Social Science Additional Chapter 3 বসতি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download. for All Subject, You can practice these here.

বসতি

Chapter – 3

PART – I: GEOGRAPHY

ADDITIONAL QUESTION ANSWER

১। বসতি কেই প্ৰকাৰৰ?

উত্তৰঃ বসতি দুই প্ৰকাৰৰ।

২। কেন্দ্ৰীভূত বসতি কাক বোলে?

উত্তৰঃ কোনো কোনো অঞ্চলত আকৌ বিভিন্ন সা-সুবিধা থকাৰ কাৰণে মানুহৰ বসতি একে ঠাইতে থূপ খাই থাকে। এনে ধৰণে থূপ খাই থকা বসতিক কেন্দ্ৰীভূত বসতি বোলে।

৩। ৰৈখিক বসতি বুলিলে কি বুজা?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ কিছুমান বসতি বাট-পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থাকে। এনে বসতিক ৰৈখিক বসতি বোলে।

৪। বৰ্গাক্ষেত্রাকাৰ বসতি বুলিলে কি বুজা?

উত্তৰঃ গাঁৱত থকা কৃষিক্ষেত্ৰক কেন্দ্ৰ কৰিও এক ধৰণৰ বসতিৰ সৃষ্টি হোৱা দেখা যায় এনে ধৰণৰ বসতিক বৰ্গাক্ষেত্রাকাৰ বসতি বোলে।

৫। নগৰীয়া বসতিক কি বুলি কোৱা হয়?

উত্তৰঃ নগৰীয়া বসতিক পৌৰ বসতি বুলি কোৱা হয়।

৬। পৌৰ শব্দৰ অৰ্থ কি?

উত্তৰঃ পৌৰ শব্দৰ অৰ্থ হ’ল নগৰ।

৭। মানুহৰ স্থায়ী বসতিৰ প্ৰধান কাৰণ বুলিলে কি বুজা?

উত্তৰঃ খেতি চপাই পোৱা শস্যবোৰ ভৱিষ্যতৰ বাবে মজুত কৰি ৰাখিবলৈও মানুহে স্থায়ীভাৱে বসবাসৰ পোষকতা কৰে। সেয়ে কৃষি কাৰ্যকে মানুহৰ স্থায়ী বসতিৰ প্ৰধান কাৰণ বুলি কোৱা হয়।

৮। বসতি ঘাইকৈ কি কি?

উত্তৰঃ বসতি ঘাইকৈ গ্ৰাম্য বসতি আৰু নগৰীয়া বসতি।

৯। পানী আৰু মাটিৰ প্ৰয়োজন পূৰ হোৱাৰ পাছত বসতি স্থাপনৰ বাবে কিহৰ আৱশ্যক হয়?

উত্তৰঃ পানী আৰু মাটিৰ প্ৰয়োজন পূৰ হোৱাৰ পাছত বসতি স্থাপনৰ বাবে ওখ ঠাইৰ আৱশ্যক হয়।

১০। নগৰীয়া বসতিক কি বসতি বুলি কোৱা হয়?

উত্তৰঃ নগৰীয়া বসতিক পৌৰ বসতি বুলিও কোৱা হয়।

১১। পৃথিৱীৰ বহুতো নগৰ-চহৰ ক’ত অৱস্থিত?

উত্তৰঃ পৃথিৱীৰ বহুতো নগৰ-চহৰ নদীৰ পাৰত অৱস্থিত।

১২। কৃষি, পগুপালন, মাছ ধৰা আদি কি বৃত্তিত অৱস্থিত?

উত্তৰঃ প্ৰাথমিক বৃত্তিত অৱস্থিত।

১৩। দ্বিতীয় বৃত্তি কোনবিলাক?

উত্তৰঃ দ্বিতীয় বৃত্তি কল-কাৰখানা, কাম-কাজ, ঘৰুৱা শিল্পকৰ্ম ইত্যাদি।

১৪। গৱেষণা, পৰিচালনা, ব্যৱস্থাপনা আদি কি বৃত্তিত অৱস্থিত?

উত্তৰঃ চতুৰ্থক বৃত্তিত অৱস্থিত।

১৫। গাঁৱলীয়া বসতিৰ এটা বৈশিষ্ট্য লিখা?

উত্তৰঃ গাঁৱলীয়া বসতিৰ এটা বৈশিষ্ট্য হ’ল- বাসিন্দাসকলৰ বৃত্তি মূলতঃ কৃষি।

১৬। নগৰীয়া বসতিৰ এটা বৈশিষ্ট্য লিখা?

উত্তৰঃ নগৰীয়া বসতিৰ এটা বৈশিষ্ট্য হ’ল- বসতি ঘন আৰু স্তূপীকৃত।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top