Class 8 Social Science Additional Chapter 7 অসমৰ নদ-নদী

Class 8 Social Science Additional Chapter 7 অসমৰ নদ-নদী Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 7 অসমৰ নদ-নদী Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Notes and select needs one.

Class 8 Social Science Additional Chapter 7 অসমৰ নদ-নদী

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download. for All Subject, You can practice these here.

অসমৰ নদ-নদী

Chapter – 7

PART – I: GEOGRAPHY

ADDITIONAL QUESTION ANSWER

১। অসমৰ প্ৰধান নৈ কেইখন?

উত্তৰঃ অসমৰ প্ৰধান নৈ দুখন।

২। অসমৰ প্ৰধান নৈ দুখন কি কি?

উত্তৰঃ অসমৰ প্ৰধান নৈ দুখন হ’ল- ব্ৰহ্মপুত্ৰ আৰু বৰাক।

৩। ব্ৰহ্মপুত্ৰ অৱবাহিকা বুলিলে কি বুজা?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত এই নৈ-উপনৈসমূহে যিখিনি ঠাইৰপৰা জল আহৰণ কৰিছে সেই সমগ্ৰ ঠাইখিনিকে ব্ৰহ্মপুত্ৰ অৱবাহিকা বুলি কোৱা হয়।

৪। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত কিমান ডিগ্ৰী উত্তৰ অক্ষাংশত অৱস্থিত?

উত্তৰঃ ব্ৰহ্মপুত্ৰ আৰু উপত্যকাত ৯০°-৯৬° উত্তৰ অক্ষাংশত অৱস্থিত।

৫। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত কিমান ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত?

উত্তৰঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত ২৪°-২৮° পূব দ্ৰাঘিমাংশত অৱস্থিত।

৬। ব্ৰহ্মপুত্ৰ উৎসৰ পৰা মোহনালৈকে দৈৰ্ঘ্য প্ৰায় কিমান কিল’মিটাৰ?

উত্তৰঃ ব্ৰহ্মপুত্ৰ উৎসৰ পৰা মোহনালৈকে দৈৰ্ঘ্য প্ৰায় ২,৯০৬ কিল’মিটাৰ।

৭। ব্ৰহ্মপুত্ৰৰ অসম অংশৰ প্ৰাচীন নাম কি আছিল?

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ অসম অংশৰ প্ৰাচীন নাম হ’ল- লৌহিত্য।

৮। চেমা-য়ুং-দুং নামৰ হিমবাহ এটি কিহৰ উৎস?

উত্তৰঃ চেমা-য়ুং-দুং নামৰ হিমবাহ এটি ব্ৰহ্মপুত্ৰ নৈৰ উৎস।

৯। চেমা-য়ুং-দুং স্থানৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা কিমান মিটাৰ?

উত্তৰঃ চেমা-য়ুং-দুং স্থানৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা ৫,১৫০ মিটাৰ।

১০। উৎসৰ পৰা নৈখনে উত্তৰৰ তিব্বত মালভূমি আৰু দক্ষিণে অৱস্থিত হিমালয় পৰ্বতৰ মাজেৰে পূব দিশে প্ৰায় কিমান কিল’মিটাৰ দূৰত্ব বৈ আহিছে?

উত্তৰঃ উৎসৰ পৰা নৈখনে উত্তৰৰ তিব্বত মালভূমি আৰু দক্ষিণে অৱস্থিত হিমালয় পৰ্বতৰ মাজেৰে পূব দিশে প্ৰায় ১,৭০০ কিল’মিটাৰ দূৰত্ব বৈ আহিছে।

১১। নৈখনৰ স্থানীয় নাম কি?

উত্তৰঃ নৈখনৰ স্থানীয় নাম চাংপো।

১২। অৰুণাচল প্ৰদেশৰ ওপৰ অংশৰ নৈখনৰ স্থানীয় নাম কি?

উত্তৰঃ অৰুণাচল প্ৰদেশৰ ওপৰ অংশৰ নৈখনৰ স্থানীয় নাম হ’ল- চিয়াং।

১৩। নদীৰ গতিপথৰ আকৃতি ইংৰাজীৰ কি আখৰটিৰ দৰে হয়?

উত্তৰঃ নদীৰ গতিপথৰ আকৃতি ইংৰাজীৰ U আখৰটিৰ দৰে হয়।

১৪। অসমত নৈখনৰ গতিপথৰ দূৰত্ব প্ৰায় কিল’মিটাৰ?

উত্তৰঃ অসমত নৈখনৰ গতিপথৰ দূৰত্ব প্ৰায় ৬৪০ কিল’মিটাৰ।

১৫। শদিয়াৰ পৰা ধুবুৰীলৈ নৈখনৰ ঢাল প্ৰতি কিল’মিটাৰত গড়ে কিমান চেণ্টিমিটাৰ?

উত্তৰঃ শদিয়াৰ পৰা ধুবুৰীলৈ নৈখনৰ ঢাল প্ৰতি কিল’মিটাৰত গড়ে ১৩-১৪ চেণ্টিমিটাৰ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top