Class 8 Social Science Additional Chapter 8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ

Class 8 Social Science Additional Chapter 8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Chapter 8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ Notes and select needs one.

Class 8 Social Science Additional Chapter 8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download. for All Subject, You can practice these here.

ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ

Chapter – 8

PART – I: GEOGRAPHY

ADDITIONAL QUESTION ANSWER

১। মানচিত্ৰ বিদ্যা স্কেল বা মাপনী বুলিলে কি বুজা?

উত্তৰঃ যিটো অনুপাতত পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ মাজৰ প্ৰকৃত দূৰত্বক কম কৰি লোৱা হয় তাকেই মানচিত্ৰ বিদ্যা স্কেল বা মাপনী বুলি কোৱা হয়।

২। আৰ্হি চিত্ৰ বুলিলে কি বুজা?

উত্তৰঃ মানচিত্ৰ অংকনৰ ক্ষেত্ৰত স্কেল অপৰিহাৰ্য স্কেল নথকা চিত্ৰক মানচিত্ৰ নুবুলি আৰ্হি চিত্ৰ বুলি কোৱা হয়।

৩। মানচিত্ৰ অংকনত ব্যৱহাৰ হোৱা স্কেল কেই প্ৰকাৰৰ?

উত্তৰঃ মানচিত্ৰ অংকনত ব্যৱহাৰ হোৱা স্কেল তিনি প্ৰকাৰৰ।

৪। মানচিত্ৰ অংকনত ব্যৱহাৰ হোৱা স্কেল তিনি প্ৰকাৰৰ কি কি?

উত্তৰঃ মানচিত্ৰ অংকনত ব্যৱহাৰ হোৱা স্কেল তিনি প্ৰকাৰৰ হ’ল- 

(১) ভাষা বা উক্তিৰ স্কেল।

(২) নিৰূপক ভগ্নাংশৰ স্কেল।

(৩) ৰৈখিক স্কেল।

৫। দূৰ সংবেদন বুলিলে কি বুজা?

উত্তৰঃ কোনো এটা বস্তু বা পদাৰ্থক স্পৰ্শ নকৰাকৈ আতঁৰৰপৰাই নিৰীক্ষণ কৰি বা জোখ-মাখ লৈ প্ৰয়োজনীয় তথ্য আহৰণ কৰিব পৰা প্ৰযুক্তি কৌশলকে দূৰ সংবেদন বুলি কোৱা হয়।

৬। ভৌগোলিক তথ্য ব্যৱস্থা বুলিলে কি বুজা?

উত্তৰঃ যিটো ব্যৱস্থাই তথ্য সংগ্ৰহ, পৰীক্ষণ, বিশ্লেষণ, প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ সম্পন্ন কৰে তাকে ভৌগোলিক তথ্য ব্যৱস্থা বুলি কোৱা হয়।

৭। পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ বা অৱয়বৰ অৱস্থান নিৰ্ণয় কৰিবলৈ কি স্থাপন কৰা হয়?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ বা অৱয়বৰ অৱস্থান নিৰ্ণয় কৰিবলৈ মহাকাশত কৃত্ৰিম উপগ্ৰহ স্থাপন কৰা হয়।

৮। কোনো ঠাইৰ সঠিক অৱস্থান নিৰ্ণয় কৰিবলৈ কি ব্যৱহাৰ কৰা হয়?

উত্তৰঃ কোনো ঠাইৰ সঠিক অৱস্থান নিৰ্ণয় কৰিবলৈ জি পি এছ ব্যৱহাৰ কৰা হয়।

৯। আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ কি?

উত্তৰঃ আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে মেছোপটেমিয়াত (বৰ্তমানৰ ইৰাক)।

১০। প্ৰাচীন যুগৰ পণ্ডিতসকলৰ ভিতৰত ট’লেমিয়ে কিমান খ্ৰীষ্টপূৰ্বত মানচিত্ৰ অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাইছিল?

উত্তৰঃ প্ৰাচীন যুগৰ পণ্ডিতসকলৰ ভিতৰত ট’লেমিয়ে খ্ৰীষ্টপূৰ্ব ৯০-১৬৮ মানচিত্ৰ অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাইছিল।

১১। ভাৰতত খ্ৰীষ্টপূৰ্ব কিমান চনৰপৰা মানচিত্ৰ তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা যায়?

উত্তৰঃ ভাৰতত খ্ৰীষ্টপূৰ্ব ২৫০০ চনৰপৰাই মানচিত্ৰ তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা যায়।

১২। তেওঁলোকৰ ৰাজ্যৰ সীমা দেখুৱাবলৈ কোনে মানচিত্ৰ তৈয়াৰ কৰিছিল?

উত্তৰঃ তেওঁলোকৰ ৰাজ্যৰ সীমা দেখুৱাবলৈ ৰজা-মহাৰজাসকলে মানচিত্ৰ তৈয়াৰ কৰিছিল।

১৩। আমাৰ দেশত প্ৰথমে কোনে মানচিত্ৰ প্ৰস্তুতকৰণত বিজ্ঞানসন্মত কৌশলৰ সূচনা কৰিছিল?

উত্তৰঃ আমাৰ দেশত প্ৰথমে ইংৰাজসকলে মানচিত্ৰ প্ৰস্তুতকৰণত বিজ্ঞানসন্মত কৌশলৰ সূচনা কৰিছিল।

১৪। চাৰ্ভে অব্ ইণ্ডিয়া কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ চাৰ্ভে অব্ ইণ্ডিয়া ১৭৬৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল।

১৫। কিমান শতিকাত জেনেৰেল উইলিয়াম লেমটনে মানচিত্ৰ অংকনত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিছিল?

উত্তৰঃ ১৯ শতিকাত জেনেৰেল উইলিয়াম লেমটনে মানচিত্ৰ অংকনত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিছিল।

১৬। ১৯ শতিকাত কোনে মানচিত্ৰ অংকনত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিছিল?

উত্তৰঃ ১৯ শতিকাত জেনেৰেল উইলিয়াম লেমটনে মানচিত্ৰ অংকনত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিছিল।

১৭। স্থানিক তথ্য প্ৰযুক্তি বুলিলে কি বুজা?

উত্তৰঃ স্থানিক তথ্য প্ৰযুক্তি বুলিলে সাধাৰণতে দূৰ সংবেদন, ভৌগোলিক তথ্য ব্যৱস্থা আৰু গোলকীয় স্থান নিৰ্ণয়ন ব্যৱস্থা এই তিনিটা পদ্ধতিকে সামৰি লোৱা হয়।

১৮। ৰৈখিক স্কেল কিহৰ সহায়ত প্ৰকাশ কৰা হয়?

উত্তৰঃ ৰৈখিক স্কেল সৰল ৰেখাৰ সহায়ত প্ৰকাশ কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top