Class 8 Social Science Additional Chapter 10 মধ্যযুগৰ অসম

Class 8 Social Science Additional Chapter 10 মধ্যযুগৰ অসম Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 10 মধ্যযুগৰ অসম Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Chapter 10 মধ্যযুগৰ অসম Notes and select needs one.

Class 8 Social Science Additional Chapter 10 মধ্যযুগৰ অসম

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download for All Subject, You can practice these here.

মধ্যযুগৰ অসম

Chapter – 10

PART – II: HISTORY

ADDITIONAL QUESTION ANSWER

১। কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল?

উত্তৰঃ খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহিছিল।

২। অসম বুৰঞ্জীৰ ‘মধ্যযুগ’ কোনটো সময়ছোৱাক কোৱা হয়?

উত্তৰঃ খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আগভাগৰ সময়ছোৱাক অসম বুৰঞ্জীৰ ‘মধ্যযুগ ‘বুলি কোৱা হয়।

৩। সোৱণশিৰি আৰু দিচাংৰ ঠাইখিনিত কোনে ৰাজত্ব কৰিছিল?

উত্তৰঃ সোৱণশিৰি আৰু দিচাংৰ ঠাইখিনিত চুতীয়াসকলে ৰাজত্ব কৰিছিল।

৪। দিখৌ নৈৰ পৰা কলং নৈ লৈকে বিস্তৃত ভূ- ভাগখন কাৰ ৰাজ্যৰ অন্তৰ্গত আছিল?

উত্তৰঃ দিখৌ নৈৰ পৰা কলং নৈ লৈকে বিস্তৃত ভূ- ভাগখন কছাৰী ৰাজ্যৰ অন্তৰ্গত আছিল।

৫। কিমান খ্ৰীষ্টাব্দত আহোমসকল অসমলৈ আহিছিল?

উত্তৰঃ ১২২৮ খ্ৰীষ্টাব্দত আহোমসকল অসমলৈ আহিছিল।

৬। আহোমসকল অসমত কিমান বছৰ কাল ৰাজত্ব কৰিছিল?

উত্তৰঃ আহোমসকল অসমত ৬০০ বছৰ কাল ৰাজত্ব কৰিছিল।

৭। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?

উত্তৰঃ স্বৰ্গদেউ চুকাফা আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা।

৮। স্বৰ্গদেউ চুকাফাই কোনটো পৰ্বত অতিক্ৰম কৰি অসমত প্ৰবেশ কৰিছিল?

উত্তৰঃ পাটকাই পৰ্বত অতিক্ৰম কৰি স্বৰ্গদেউ চুকাফাই অসমত প্ৰবেশ কৰিছিল।

৯। স্বৰ্গদেউ চুকাফাই পোন প্ৰথমে ক’ত ৰাজধানী স্থাপন কৰিছিল?

উত্তৰঃ চৰাইদেউত স্বৰ্গদেউ চুকাফাই পোন প্ৰথমে ৰাজধানী স্থাপন কৰিছিল।

১০। স্বৰ্গদেউ চুকাফাই অসমলৈ আহোতে কোন দুজন মন্ত্ৰীক লগত লৈ আহিছিল?

উত্তৰঃ স্বৰ্গদেউ চুকাফাই অসমলৈ আহোতে বুঢ়াগোহাঁই আৰু বৰগোহাঁই নামৰ দুজন মন্ত্ৰীক লগত লৈ আহিছিল।

১১। স্বৰ্গদেউ চুকাফাই অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?

উত্তৰঃ স্বৰ্গদেউ চুকাফাই অসমত সুদীৰ্ঘ ৩৬ বছৰ ৰাজত্ব কৰিছিল।

১২। স্বৰ্গদেউ চুকাফাৰ কিমান চনত মৃত্যু হৈছিল?

উত্তৰঃ ১২৬৮ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকাফাৰ চনত মৃত্যু হৈছিল।

১৩। আহোমসকল কাৰ বংশধৰ বুলি নিজকে পৰিচয় দিয়ে?

উত্তৰঃ আহোমসকল স্বৰ্গৰাজ লেংডন অৰ্থাৎ ইন্দ্ৰ দেৱতাৰ বংশধৰ বুলি নিজকে পৰিচয় দিয়ে।

১৪। স্বৰ্গদেউ চুকাফাৰ পাছত আহোম ৰাজবংশৰ কেইজন ৰজাই অসমত ৰাজ কৰিছিল?

উত্তৰঃ স্বৰ্গদেউ চুকাফাৰ পাছত আহোম ৰাজবংশৰ ৩৯ জন ৰজাই অসমত ৰাজত্ব কৰিছিল।

১৫। আহোমসকলে কোন দেৱতাক পূজা অৰ্চনা কৰিছিল?

উত্তৰঃ আহোমসকলে চোমদেউ নামৰ দেৱতাক পূজা অৰ্চনা কৰিছিল।

১৬। বামনি কোৱঁৰ বুলি কোনজন স্বৰ্গদেউক কোৱা হয়?

উত্তৰঃ বামনি কোৱঁৰ বুলি স্বৰ্গদেউক চুডাংফাক কোৱা হয়।

১৭। স্বৰ্গদেউক চুডাংফাই অসমৰ ৰাজধানী কোনটো ঠাইলৈ স্থানান্তৰ কৰিছিল?

উত্তৰঃ স্বৰ্গদেউক চুডাংফাই অসমৰ ৰাজধানী ‘চৰগুৱা’ নামৰ ঠাইলৈ স্থানান্তৰ কৰিছিল।

১৮। আহোমৰ চতুৰ্দশ ৰজা কোন আছিল?

উত্তৰঃ আহোমৰ চতুৰ্দশ ৰজা আছিল স্বৰ্গদেউ চুহুংমুং দিহিঙ্গিয়া।

১৯। ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নীৰ নাম আছিল?

উত্তৰঃ ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নীৰ নাম আছিল মূলাগাভৰু।

২০। মূলাগাভৰুৱে স্বামীৰ হত্যাৰ প্ৰতিশোধ লবলৈ কাৰ সৈতে যুদ্ধ কৰি প্ৰাণ আহুতি দিছিল?

উত্তৰঃ মূলাগাভৰুৱে স্বামীৰ হত্যাৰ প্ৰতিশোধ লবলৈ তুৰ্বক খানৰ সৈতে যুদ্ধ কৰি প্ৰাণ আহুতি দিছিল।

২১। কোনজন ৰজাৰ দিনৰ পৰা আহোমসকলে আহোমৰ নামৰ লগতে হিন্দু নাম গ্ৰহণ কৰিছিল?

উত্তৰঃ স্বৰ্গদেউ চুহুংমুং দিহিঙ্গিয়াৰ দিনৰ পৰা আহোমসকলে আহোমৰ নামৰ লগতে হিন্দু নাম গ্ৰহণ কৰিছিল।

২২। স্বৰ্গদেউ চুহুংমুং দিহিঙ্গিয়াই গ্ৰহণ কৰা হিন্দু নাম কি আছিল?

উত্তৰঃ স্বৰ্গদেউ চুহুংমুং দিহিঙ্গিয়াই গ্ৰহণ কৰা হিন্দু নাম আছিল ‘স্বৰ্গ নাৰায়ণ’।

২৩। বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কোনে কৰিছিল?

উত্তৰঃ স্বৰ্গদেউ চুহুংমুং দিহিঙ্গিয়াই বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিছিল।

২৪। চুতীয়া ৰাজ্য শাসন কৰিবলৈ স্বৰ্গদেৱে কাক দায়িত্ব দিছিল?

উত্তৰঃ শদিয়াখোৱা গোহাঁইক চুতীয়া ৰাজ্য শাসন কৰিবলৈ স্বৰ্গদেৱে দায়িত্ব দিছিল।

২৫। বংগৰ নৱাব মীৰজুমলাৰই কিমান খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰিছিল?

উত্তৰঃ বংগৰ নৱাব মীৰজুমলাৰই ১৬৬২ খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰিছিল।

২৬। বংগৰ নৱাব মীৰজুমলাৰই কাৰ দিনত অসম আক্ৰমন কৰিছিল?

উত্তৰঃ বংগৰ নৱাব মীৰজুমলাৰই স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত অসম আক্ৰমন কৰিছিল।

২৭। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ পৰৱৰ্তী ৰজা কোন আছিল?

উত্তৰঃ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ পৰৱৰ্তী ৰজা আছিল স্বৰ্গদেউ চক্ৰধবজ সিংহ।

২৮। গদাধৰ সিংহৰ পুত্ৰৰ নাম কি আছিল?

উত্তৰঃ গদাধৰ সিংহৰ পুত্ৰৰ নাম আছিল ৰুদ্ৰ সিংহ।

২৯। আহোমসকলৰ শ্ৰেষ্ঠ ৰজা বুলি কাক কোৱা হৈছিল?

উত্তৰঃ আহোমসকলৰ শ্ৰেষ্ঠ ৰজা বুলি স্বৰ্গদেউ ৰুদ্ৰ সিংহক কোৱা হৈছিল।

৩০। স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ কিমান খ্ৰীষ্টাব্দত মৃত্যু হৈছিল?

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ ১৭১৪ খ্ৰীষ্টাব্দত মৃত্যু হৈছিল।

৩১। স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ মৃত্যুৰ পাছত আহোম ৰজা কোন হৈছিল?

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ মৃত্যুৰ পাছত শিৱ সিংহ আহোমৰ ৰজা হৈছিল।

৩২। কোনজন ৰজাৰ দিনৰ পৰা আহোম ৰাজ্যৰ পতন আৰম্ভ হৈছিল?

উত্তৰঃ স্বৰ্গদেউ লক্ষ্মী সিংহ ৰজাৰ দিনৰ পৰা আহোম ৰাজ্যৰ পতন আৰম্ভ হৈছিল।

৩৩। কিমান খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি হৈছিল?

উত্তৰঃ ১৮২৬ খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি হৈছিল।

৩৪। স্বৰ্গদেউ চুহুংমুং দিহিঙ্গিয়াই ক’ত ৰাজধানী পাতিছিল?

উত্তৰঃ স্বৰ্গদেউ চুহুংমুং দিহিঙ্গিয়াই বকতাত ৰাজধানী পাতিছিল।

৩৫। স্বৰ্গদেউ ৰুদ্ৰ সিংহই কত ৰাজধানী কত পাতিছিল?

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰ সিংহই ৰংপুৰত ৰাজধানী পাতিছিল।

৩৬। স্বৰ্গদেউ গৌৰীনাথ সিংহই ক’ত ৰাজধানী পাতিছিল?

উত্তৰঃ স্বৰ্গদেউ গৌৰীনাথ সিংহই যোৰহাটত ৰাজধানী পাতিছিল।

৩৭। পাল বংশৰ শেষ ৰজা কোন আছিল?

উত্তৰঃ পাল বংশৰ শেষ ৰজা আছিল জয়পাল।

৩৮। কিমান খ্ৰীষ্টাব্দলৈ জয়পালে কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল?

উত্তৰঃ ১১০০ খ্ৰীষ্টাব্দলৈ জয়পালে কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল।

৩৯। বৈদ্যদেৱে কিমান খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰিছিল?

উত্তৰঃ বৈদ্যদেৱে ১১৪০ খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰিছিল।

৪০। কাৰ মৃত্যুৰ পাছত কামৰূপৰ ৰাজনৈতিক মানচিত্ৰৰ সলনি হৈছিল?

উত্তৰঃ বৈদ্যদেৱৰ মৃত্যুৰ পাছত কামৰূপৰ ৰাজনৈতিক মানচিত্ৰৰ সলনি হৈছিল।

৪১। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?

উত্তৰঃ বিশ্ব সিংহ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল।

৪২। বিশ্ব সিংহে কোনটো ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল বুলি উল্লেখ আছে?

উত্তৰঃ বিশ্ব সিংহে হিন্দু ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল বুলি উল্লেখ আছে। 

৪৩। কোচসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?

উত্তৰঃ কোচসকলৰ শ্ৰেষ্ঠ ৰজা আছিল নৰনাৰায়ণ।

৪৪। কোচ ৰজা নৰনাৰায়নে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল?

উত্তৰঃ কোচ ৰজা নৰনাৰায়নে ১৬৬২ খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল।

৪৫। বিশ্ব সিংহৰ কিমান জন পুতেক আছিল?

উত্তৰঃ বিশ্ব সিংহৰ ১৮ জন পুতেক আছিল।

৪৬। নৰনাৰায়ণৰ আন এটা নাম কি আছিল?

উত্তৰঃ নৰনাৰায়ণৰ আন এটা নাম আছিল মল্লদেৱ।

৪৭। নৰনাৰায়ণৰ পিতৃৰ নাম কি আছিল?

উত্তৰঃ নৰনাৰায়ণৰ পিতৃৰ নাম আছিল বিশ্ব সিংহ।

৪৮। কোনজন সেনাপতি চিলাৰায় নামে খ্যাত আছিল?

উত্তৰঃ সেনাপতি শুক্লধ্বজ চিলাৰায় নামে খ্যাত আছিল।

৪৯। নৰনাৰায়ণৰ পিছত কোচ ৰাজ্য কি দুটা নামেৰে বিভক্ত হৈছিল?

উত্তৰঃ নৰনাৰায়ণৰ পিছত কোচ ৰাজ্য কোচ বিহাৰ আৰু কোচ হাজো নামেৰে বিভক্ত হৈছিল।

৫০। কিমান খ্ৰীষ্টাব্দত আহোমে চুতীয়া ৰাজ্য দখল কৰিছিল?

উত্তৰঃ ১৫২৩ খ্ৰীষ্টাব্দত আহোমে চুতীয়া ৰাজ্য দখল কৰিছিল।

৫১। ভূঁঞা শব্দৰ অৰ্থ কি?

উত্তৰঃ ভূঁঞা শব্দৰ অৰ্থ হ’ল মাটিৰ মালিক।

৫২। অসমৰ ভূঞাসকলক কি নামেৰে জনা যায়?

উত্তৰঃ অসমৰ ভূঁঞাসকলক বাৰভূঞা নামেৰে জনা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top