Class 8 Social Science Additional Chapter 10 মধ্যযুগৰ অসম

Class 8 Social Science Additional Chapter 10 মধ্যযুগৰ অসম Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 10 মধ্যযুগৰ অসম Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Notes and select needs one.

Class 8 Social Science Additional Chapter 10 মধ্যযুগৰ অসম

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download for All Subject, You can practice these here.

মধ্যযুগৰ অসম

Chapter – 10

PART – II: HISTORY

ADDITIONAL QUESTION ANSWER

১। কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল?

উত্তৰঃ খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহিছিল।

২। অসম বুৰঞ্জীৰ ‘মধ্যযুগ’ কোনটো সময়ছোৱাক কোৱা হয়?

উত্তৰঃ খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আগভাগৰ সময়ছোৱাক অসম বুৰঞ্জীৰ ‘মধ্যযুগ ‘বুলি কোৱা হয়।

৩। সোৱণশিৰি আৰু দিচাংৰ ঠাইখিনিত কোনে ৰাজত্ব কৰিছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ সোৱণশিৰি আৰু দিচাংৰ ঠাইখিনিত চুতীয়াসকলে ৰাজত্ব কৰিছিল।

৪। দিখৌ নৈৰ পৰা কলং নৈ লৈকে বিস্তৃত ভূ- ভাগখন কাৰ ৰাজ্যৰ অন্তৰ্গত আছিল?

উত্তৰঃ দিখৌ নৈৰ পৰা কলং নৈ লৈকে বিস্তৃত ভূ- ভাগখন কছাৰী ৰাজ্যৰ অন্তৰ্গত আছিল।

৫। কিমান খ্ৰীষ্টাব্দত আহোমসকল অসমলৈ আহিছিল?

উত্তৰঃ ১২২৮ খ্ৰীষ্টাব্দত আহোমসকল অসমলৈ আহিছিল।

৬। আহোমসকল অসমত কিমান বছৰ কাল ৰাজত্ব কৰিছিল?

উত্তৰঃ আহোমসকল অসমত ৬০০ বছৰ কাল ৰাজত্ব কৰিছিল।

৭। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?

উত্তৰঃ স্বৰ্গদেউ চুকাফা আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা।

৮। স্বৰ্গদেউ চুকাফাই কোনটো পৰ্বত অতিক্ৰম কৰি অসমত প্ৰবেশ কৰিছিল?

উত্তৰঃ পাটকাই পৰ্বত অতিক্ৰম কৰি স্বৰ্গদেউ চুকাফাই অসমত প্ৰবেশ কৰিছিল।

৯। স্বৰ্গদেউ চুকাফাই পোন প্ৰথমে ক’ত ৰাজধানী স্থাপন কৰিছিল?

উত্তৰঃ চৰাইদেউত স্বৰ্গদেউ চুকাফাই পোন প্ৰথমে ৰাজধানী স্থাপন কৰিছিল।

১০। স্বৰ্গদেউ চুকাফাই অসমলৈ আহোতে কোন দুজন মন্ত্ৰীক লগত লৈ আহিছিল?

উত্তৰঃ স্বৰ্গদেউ চুকাফাই অসমলৈ আহোতে বুঢ়াগোহাঁই আৰু বৰগোহাঁই নামৰ দুজন মন্ত্ৰীক লগত লৈ আহিছিল।

১১। স্বৰ্গদেউ চুকাফাই অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?

উত্তৰঃ স্বৰ্গদেউ চুকাফাই অসমত সুদীৰ্ঘ ৩৬ বছৰ ৰাজত্ব কৰিছিল।

১২। স্বৰ্গদেউ চুকাফাৰ কিমান চনত মৃত্যু হৈছিল?

উত্তৰঃ ১২৬৮ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকাফাৰ চনত মৃত্যু হৈছিল।

১৩। আহোমসকল কাৰ বংশধৰ বুলি নিজকে পৰিচয় দিয়ে?

উত্তৰঃ আহোমসকল স্বৰ্গৰাজ লেংডন অৰ্থাৎ ইন্দ্ৰ দেৱতাৰ বংশধৰ বুলি নিজকে পৰিচয় দিয়ে।

১৪। স্বৰ্গদেউ চুকাফাৰ পাছত আহোম ৰাজবংশৰ কেইজন ৰজাই অসমত ৰাজ কৰিছিল?

উত্তৰঃ স্বৰ্গদেউ চুকাফাৰ পাছত আহোম ৰাজবংশৰ ৩৯ জন ৰজাই অসমত ৰাজত্ব কৰিছিল।

১৫। আহোমসকলে কোন দেৱতাক পূজা অৰ্চনা কৰিছিল?

উত্তৰঃ আহোমসকলে চোমদেউ নামৰ দেৱতাক পূজা অৰ্চনা কৰিছিল।

১৬। বামনি কোৱঁৰ বুলি কোনজন স্বৰ্গদেউক কোৱা হয়?

উত্তৰঃ বামনি কোৱঁৰ বুলি স্বৰ্গদেউক চুডাংফাক কোৱা হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top