Class 8 Social Science Additional Chapter 11 মধ্যযুগৰ অসমীয়া সমাজ

Class 8 Social Science Additional Chapter 11 মধ্যযুগৰ অসমীয়া সমাজ Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 11 মধ্যযুগৰ অসমীয়া সমাজ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Notes and select needs one.

Class 8 Social Science Additional Chapter 11 মধ্যযুগৰ অসমীয়া সমাজ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download for All Subject, You can practice these here.

মধ্যযুগৰ অসমীয়া সমাজ

Chapter – 11

PART – II: HISTORY

ADDITIONAL QUESTION ANSWER

১। মধ্য যুগৰ শাসন কেনেকুৱা আছিল?

উত্তৰঃ মধ্য যুগৰ শাসন ৰাজতান্ত্ৰিক আছিল।

২। মধ্য যুগত ৰজাসকলৰ ৰাজনৈতিক দৰ্শন কি আছিল?

উত্তৰঃ ৰাজনৈতিক সুস্থিৰতা আনি প্ৰজাৰ সৰ্বময়  কল্যাণৰ হকে কাম কৰাই আছিল মধ্য যুগত ৰজাসকলৰ ৰাজনৈতিক দৰ্শন।

৩। বাৰ ভূঞাসকলৰ নিজা বিচাৰলয়ক কি বুলি কোৱা হৈছিল?

উত্তৰঃ বাৰ ভূঞাসকলৰ নিজা বিচাৰলয়ক কাৰখানা বুলি কোৱা হৈছিল।

৪। আহোম সকলে ৰাজ্যখন কাৰ পৰামৰ্শৰ মতে পৰিচালনা কৰিছিল?

উত্তৰঃ বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই নামৰ তিনিজন মন্ত্ৰীৰ পৰামৰ্শৰ মতে ৰাজ্য পৰিচালনা কৰিছিল।

৫। পচা প্ৰথা কোনে উদ্ভাৱন কৰিছিল?

উত্তৰঃ আহোম স্বৰ্গদউসকলে পচা প্ৰথা উদ্ভাৱন কৰিছিল।

৬। পচা প্ৰথাৰ মূল উদ্দেশ্য কি আছিল?

উত্তৰঃ পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয়া জনজাতি লোকসকলকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই আছিল পচা প্ৰথাৰ মূল উদ্দেশ্য।

৭। পাইক মানে কি?

উত্তৰঃ ১৫ বছৰৰ পৰা ৫০ বছৰলৈ সকলো সক্ষম পুৰুষসকলক একো একোজন পাইক বুলি কোৱা হয়।

৮। কেইজন পাইক মিলি একোটা গোট হয়?

উত্তৰঃ ৩ বা ৪ জন পাইক মিলি একোটা গোট হয়।

৯। নগাখাট মানে কি?

উত্তৰঃ নগাসকলক দান কৰা মাটিত নগাখাট মানে বোলা হৈছিল।

১০। মধ্য যুগৰ সামাজিক দৃষ্টিভংগী কেনেকুৱা আছিল?

উত্তৰঃ মধ্য যুগৰ সামাজিক দৃষ্টিভংগী আছিল যথেষ্ট উদাৰ।

১১। আহোম যুগৰ সামন্তবাদী সমাজখন ঘাইকৈ কি দুটা শ্ৰেণীত বিভক্ত আছিল?

উত্তৰঃ আহোম যুগৰ সামন্তবাদী সমাজখন ঘাইকৈ সম্ভ্ৰান্ত শ্ৰেণী আৰু অধীনস্থ প্ৰজা বা ৰায়ত শ্ৰেণীত বিভক্ত আছিল।

১২। মধ্য যুগত মহিলাৰ স্থান কি আছিল?

উত্তৰঃ মধ্য যুগত অসমীয়া মহিলাসকলৰ স্থান  আছিল উচ্চ।

১৩। মধ্য যুগত অসমৰ অৰ্থনীতিৰ মূলভেটি কি আছিল?

উত্তৰঃ মধ্য যুগত অসমৰ অৰ্থনীতিৰ মূলভেটি  আছিল কৃষি।

১৪। মধ্য যুগত জনজাতীয় লোকসকলৰ মাজত কি খেতিৰ প্ৰচলন আছিল?

উত্তৰঃ মধ্য যুগত জনজাতীয় লোকসকলৰ মাজত জুম খেতিৰ প্ৰচলন আছিল।

১৫। মধ্য যুগত মানুহৰ প্ৰধান বৈশিষ্ট কি আছিল?

উত্তৰঃ মধ্য যুগত মানুহৰ প্ৰধান বৈশিষ্ট আছিল আত্মনিৰ্ভৰশীলতা।

১৬। মধ্য যুগত জনসাধাণৰ প্ৰধান বৃত্তি কি আছিল?

উত্তৰঃ মধ্য যুগত জনসাধাণৰ প্ৰধান বৃত্তি  আছিল কৃষি।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top