Class 8 Social Science Additional Chapter 12 নব্য ধৰ্মীয় ভাবধাৰাৰ উত্থান

Class 8 Social Science Additional Chapter 12 নব্য ধৰ্মীয় ভাবধাৰাৰ উত্থান Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 12 নব্য ধৰ্মীয় ভাবধাৰাৰ উত্থান Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Notes and select needs one.

Class 8 Social Science Additional Chapter 12 নব্য ধৰ্মীয় ভাবধাৰাৰ উত্থান

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download for All Subject, You can practice these here.

নব্য ধৰ্মীয় ভাবধাৰাৰ উত্থান

Chapter – 12

PART – II: HISTORY

ADDITIONAL QUESTION ANSWER

১। ‘ভক্তি’ শব্দটো ক’ৰ পৰা আহিছে?

উত্তৰঃ ‘ভক্তি’ শব্দটো সংস্কৃত শব্দ ‘ভজ’ ৰ পৰা আহিছে।

২। ‘ভজ’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘ভজ’ শব্দৰ  অৰ্থ হ’ল পূজা কৰা আনুগত্য প্ৰকাশ বিশ্বাস অথবা প্ৰেম।

৩। ভক্তিৰ আভিধানিক অৰ্থ কি?

উত্তৰঃ ভক্তিৰ আভিধানিক অৰ্থ ঈশ্বৰৰ প্ৰতি গভীৰ ভাবে অনুৰক্তি বা আনুগত্য প্ৰকাশ কৰাক বুজায়।

৪। ভক্তি মানে কি?

উত্তৰঃ ভক্তি হল এনে আক মানসিক অৱস্থা যত ভক্তই ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰি ঐশ্বৰিক আনন্দ লাভ কৰে।

৫। পোনপ্ৰথমে ভক্তি শব্দটো ক’ত উল্লেখ পোৱা গৈছিল?

উত্তৰঃ বৈদিক সাহিত্যৰ উপনিষদত পোনপ্ৰথমে ভক্তি শব্দটো উল্লেখ পোৱা গৈছিল।

৬। অলভাৰসকল কি পন্থী আছিল?

উত্তৰঃ অলভাৰসকল বিষ্ণুপন্থী আছিল।

৭। শংকৰাচাৰ্যৰ কি বিশ্বাসী আছিল?

উত্তৰঃ শংকৰাচাৰ্যৰ আছিল অদ্বৈবাদত বিশ্বাসী।

৮। মানুহে কেনেদৰে মুক্তি লাভ কৰিব পাৰে?

উত্তৰঃ সৎজ্ঞান আৰু সৎকৰ্মৰ যোগেদি মানুহে মুক্তি লাভ কৰিব পাৰে।

৯। অদ্বৈবাদৰ মূল কথাষাৰ কি আছিল?

উত্তৰঃ সৎজ্ঞান আৰু সৎকৰ্মৰ যোগেদি মানুহে মুক্তি লাভ কৰিব পাৰে এইটোৱেই অদ্বৈবাদৰ মূল কথা।

১০। দাক্ষিণাত্যৰ ভক্তি আন্দোলনৰ ধাৰা কিমান শতিকালৈ বৰ্তি আছিল?

উত্তৰঃ দাক্ষিণাত্যৰ ভক্তি আন্দোলনৰ ধাৰা খ্ৰীষ্টীয় এঘাৰ শতিকালৈ বৰ্তি আছিল।

১১। ভক্তি আন্দোলনৰ গুৰিয়াল কোন আছিল?

উত্তৰঃ ৰামানুজন আছিল ভক্তি আন্দোলনৰ গুৰিয়াল।

১২। বৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ প্ৰচাৰক কোন আছিল?

উত্তৰঃ বৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ প্ৰচাৰক আছিল ৰামানুজন।

১৩। ইতিহাসবিধসকলে ভক্তি আন্দোলনক কি কি ভাগত ভাগ কৰিছিল?

উত্তৰঃ ইতিহাসবিধসকলে ভক্তি আন্দোলনক সগুন আৰু নিৰ্গুন এই দুই ভাগত ভাগ কৰিছে।

১৪। কিমান শতিকাৰ পৰা ভাৰতত ইছলাম ধৰ্মালম্বী লোকসকলৰ আৱিৰ্ভাৱ ঘটিছিল?

উত্তৰঃ খ্ৰীষ্টীয় নৱম শতিকাৰ পৰা ভাৰতত ইছলাম ধৰ্মালম্বী লোকসকলৰ আৱিৰ্ভাৱ ঘটিছিল।

১৫। জ্ঞানদেৱে কিহৰ দ্বাৰা ভগবানৰ বাণী জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল?

উত্তৰঃ জ্ঞানদেৱে গীত মতৰ দ্বাৰা ভগবানৰ বাণী জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল।

১৬। গুজৰাট আৰু ৰাজস্থানত কাৰ নেতৃত্বত নব্য ভক্তিবাদৰ প্ৰসাৰতা লাভ কৰিছিল?

উত্তৰঃ গুজৰাট আৰু ৰাজস্থানত ৰবিদাস, দাদু দয়াল আৰু মীৰাবাঈৰ নেতৃত্বত নব্য ভক্তিবাদৰ প্ৰসাৰতা লাভ কৰিছিল।

১৭। উত্তৰ ভাৰতৰ নব্য ভক্তিবাদৰ গুৰিয়াল কোন আছিল?

উত্তৰঃ উত্তৰ ভাৰতৰ নব্য ভক্তিবাদৰ গুৰিয়াল আছিল ৰামানন্দ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top