Class 8 Social Science Additional Chapter 13 ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন

Class 8 Social Science Additional Chapter 13 ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 13 ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Notes and select needs one.

Class 8 Social Science Additional Chapter 13 ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download for All Subject, You can practice these here.

ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন

Chapter – 13

PART – II: HISTORY

ADDITIONAL QUESTION ANSWER

১। কিমান খ্ৰীষ্টাব্দত তুৰ্কীসকলে কনষ্টান্টিনোপল দখল কৰিছিল?

উত্তৰঃ ১৪৫৩ খ্ৰীষ্টাব্দত।

২। কলম্বাছৰ দ্বাৰা কিমান খ্ৰীষ্টাব্দত আমেৰিকা আবিষ্কৃত হৈছিল?

উত্তৰঃ ১৪৯২ খ্ৰীষ্টাব্দত।

৩। আমেৰিকাৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰঃ আমেৰিকাৰ আৱিষ্কাৰ কলম্বাছে কৰিছিল।

৪। কিমান খ্ৰীষ্টাব্দত পতুৰ্গীজ নাৱিক ‘ভাস্কো-ডা-গামাই’ ভাৰতবৰ্ষৰ লগত বেহা-বেপাৰ কৰি কালিকট বন্দৰত উপস্থিত হয়?

উত্তৰঃ ১৪৯৮ খ্ৰীষ্টাব্দত পতুৰ্গীজ নাৱিক ‘ভাস্কো-ডা-গামাই’ ভাৰতবৰ্ষৰ লগত বেহা-বেপাৰ কৰি কালিকট বন্দৰত উপস্থিত হয়।

৫। কিমান শতিকাৰপৰা কিমান শতিকাৰ শেষলৈ পশ্চিম ইউৰোপৰ অৰ্থনীতি বাণিজ্যক প্ৰসাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত আছিল?

উত্তৰঃ ষোল্ল শতিকাৰপৰা ওঠৰ শতিকাৰ শেষলৈ।

৬। ‘মাৰ্চেন্টিলিজম’ বা বাণিজ্যবাদ বুলিলে কি বুজা?

উত্তৰঃ সুচল, সমাতাপূৰ্ণ বেহা-বেপাৰৰ যোগেদি সোণ, ৰূপ আদি আহৰণ কৰি দেশৰ সমৃদ্ধি আৰু সামৰিক নিৰাপত্তা নিশ্চিত কৰাত দেশবোৰে গুৰুত্ব দিছিল। এনেধৰণৰ অৰ্থনৈতিক ধাৰণাক ‘মাৰ্চেন্টিলিজম’ বা বাণিজ্যবাদ বুলি কোৱা হয়।

৭। কিমান খ্ৰীষ্টাব্দত পতুৰ্গীজ চৰকাৰে ভাৰতত থকা বাণিজ্য কুঠিবোৰৰ ৰক্ষণাবেক্ষণৰ কাৰণে এজন গৱৰ্ণৰ নিযুক্তি দিয়াৰ লগতে ক’চিন আৰু কান্নোৰত একোটাকৈ সামৰিক ঘাটি প্ৰতিষ্ঠা কৰা হয়?

উত্তৰঃ ১৫০৫ খ্ৰীষ্টাব্দত পতুৰ্গীজ চৰকাৰে ভাৰতত থকা বাণিজ্য কুঠিবোৰৰ ৰক্ষণাবেক্ষণৰ কাৰণে এজন গৱৰ্ণৰ নিযুক্তি দিয়াৰ লগতে ক’চিন আৰু কান্নোৰত একোটাকৈ সামৰিক ঘাটি প্ৰতিষ্ঠা কৰা হয়।

৮। সাম্ৰাজ্যবাদ বুলিলে কি বুজা?

উত্তৰঃ চহকী আৰু সমৰিকভাৱে শক্তিশালী ৰাষ্ট্ৰবোৰে যেতিয়া ব্যৱসায়-বাণিজ্য, সংস্কৃতি অথবা যুদ্ধৰ দ্বাৰা আন ৰাষ্ট্ৰৰ ওপৰত প্ৰভূত্ব বিস্তাৰ কৰাৰ পোষকতা কৰে তাকেই সাম্ৰাজ্যবাদ বুলি কোৱা হয়।

৯। বৰ্তমানৰ নেদাৰলেণ্ডৰপৰা অহা ওলন্দাজ বেপাৰীসকলে কিমান খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ পুলিকটত তেওঁলোকৰ প্ৰথমটো দুৰ্গ সাজে?

উত্তৰঃ ১৬০৯ খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ পুলিকটত তেওঁলোকৰ প্ৰথমটো দুৰ্গ সাজে।

১০। গ্ৰেট বৃটেইনৰ বনিকসকলে কিমান খ্ৰীষ্টাব্দত বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানী নামৰ এটা বেচৰকাৰী কোম্পানী প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ১৫৯৯ খ্ৰীষ্টাব্দত বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানী নামৰ এটা বেচৰকাৰী কোম্পানী প্ৰতিষ্ঠা কৰিছিল।

১১। কিমান খ্ৰীষ্টাব্দত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মোগল সম্ৰাট জাহাঙ্গীৰ দৰবাৰলৈ উইলিয়াম হ’কিন্স নামৰ বিষয়া এগৰাকীক চুৰাটত ফেক্টৰী স্থাপনৰ বাবে অনুমতি ল’বলৈ পঠিয়াইছিল?

উত্তৰঃ ১৬০৯ খ্ৰীষ্টাব্দত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মোগল সম্ৰাট জাহাঙ্গীৰ দৰবাৰলৈ উইলিয়াম হ’কিন্স নামৰ বিষয়া এগৰাকীক চুৰাটত ফেক্টৰী স্থাপনৰ বাবে অনুমতি ল’বলৈ পঠিয়াইছিল।

১২। কিমান খ্ৰীষ্টাব্দত সম্ৰাট মান্তি হয়?

উত্তৰঃ ১৬১৩ খ্ৰীষ্টাব্দত সম্ৰাট মান্তি হয়।

১৩। কিমান খ্ৰীষ্টাব্দত বৃটেইনৰ ৰাজকুমাৰ দ্বিতীয় চাৰ্লচে বোম্বাই (বৰ্তমানৰ মুম্বাই) ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিয়ে?

উত্তৰঃ ১৬৬১ খ্ৰীষ্টাব্দত বৃটেইনৰ ৰাজকুমাৰ দ্বিতীয় চাৰ্লচে বোম্বাই (বৰ্তমানৰ মুম্বাই) ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিয়ে।

১৪। বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ একমাত্ৰ উদ্দেশ্য কি আছিল?

উত্তৰঃ বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ একমাত্ৰ উদ্দেশ্য হ’ল- ভাৰতবৰ্ষত বেহা-বেপাৰ কৰি ইয়াৰ দ্বাৰা নানা উপায়ে লাভবান হোৱা।

১৫। কিমান খ্ৰীষ্টাব্দত মোগল সম্ৰাট ফাৰুখছিয়াৰে দিয়া ফৰমানৰ দ্বাৰা কোম্পানীয়ে বিনা শুল্কই সমগ্ৰ ভাৰতবৰ্ষত বেহা-বেপাৰ কৰিবলৈ অনুমতি পাইছিল?

উত্তৰঃ ১৭১৬ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ফাৰুখছিয়াৰে দিয়া ফৰমানৰ দ্বাৰা কোম্পানীয়ে বিনা শুল্কই সমগ্ৰ ভাৰতবৰ্ষত বেহা-বেপাৰ কৰিবলৈ অনুমতি পাইছিল।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top