Class 8 Social Science Additional Chapter 21 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা

Class 8 Social Science Additional Chapter 21 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 21 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Notes and select needs one.

Class 8 Social Science Additional Chapter 21 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download for All Subject, You can practice these here.

গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা

Chapter – 21

PART – III: ECONOMICS

ADDITIONAL QUESTION ANSWER

১। ক্রেতা বা গ্ৰাহক বুলিলে কি বুজা?

উত্তৰঃ যিয়ে নিজৰ প্ৰয়োজনীয় দ্ৰব্য বা সামগ্ৰী আৰু সেৱা বজাৰৰপৰা ক্ৰয় কৰি উপভোগ কৰে তেওঁকেই ক্রেতা বা গ্ৰাহক বুলি কোৱা হয়।

২। অৰ্থনীতিৰ ভাষাত গ্ৰাহকজনক কি বুলি কোৱা হয়?

উত্তৰঃ অৰ্থনীতিৰ ভাষাত গ্ৰাহকজনক উপভোক্তা বুলি কোৱা হয়।

৩। MRP মানে কি?

উত্তৰঃ MRP মানে হ’ল- উচ্চতম খুচুৰা মূল্য বা সৰ্বোচ্চ খুচুৰা মূল্য।

৪। গ্ৰাহক অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয়?

উত্তৰঃ গ্ৰাহক অধিকাৰ দিৱস ১৫ মাৰ্চ তাৰিখে পালন কৰা হয়।

৫। আমাৰ দেশৰ কৃষিক্ষেত্ৰৰ পৰা উৎপাদিত হোৱা খাদ্য সামগ্ৰীবোৰ কি কি?

উত্তৰঃ আমাৰ দেশৰ কৃষিক্ষেত্ৰৰ পৰা উৎপাদিত হোৱা খাদ্য সামগ্ৰীবোৰ হ’ল- খোৱা তেল, আটা, ময়দা, ডালিয়া, ঘি, মাখন, বিভিন্ন মছলা আদি।

৬। ১৫ মাৰ্চ তাৰিখে কি দিৱস হিচাপে পালন কৰা হয়?

উত্তৰঃ ১৫ মাৰ্চ তাৰিখে গ্ৰাহক অধিকাৰ দিৱস হিচাপে পালন কৰা হয়।

৭। আই এছ আই ব্যৱহাৰযোগ্য শিল্পজাত সামগ্ৰীবোৰ কি কি?

উত্তৰঃ আই এছ আই ব্যৱহাৰযোগ্য শিল্পজাত সামগ্ৰীবোৰ হ’ল- ৰ’ড, প্ৰেছাৰ কুকাৰ, ষ্টিলৰ বাচন, বৈদ্যুতিক সামগ্ৰী আদিৰ ক্ষেত্ৰত আই এছ আই চিহ্ন ব্যৱহাৰ কৰা হয়।

৮। এফ পি অ’ চিহ্ন কোনবিলাক সামগ্ৰীত ব্যৱহাৰ কৰা হয়?

উত্তৰঃ এফ পি অ’ চিহ্ন জাম, জেলী, আচাৰ, চৰ্বত আদিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।

৯। ভাৰতত গ্ৰাহক সুৰক্ষা আইন কেতিয়া প্ৰৱৰ্তিত কৰা হয়?

উত্তৰঃ ভাৰতত গ্ৰাহক সুৰক্ষা আইন ২০১৯ চনৰ আগষ্ট মাহৰ ৯ তাৰিখৰ পৰা প্ৰৱৰ্তিত কৰা হয়।

১০। কেন্দ্ৰীয় কতৃপক্ষই কোনো সামগ্ৰী বা সেৱাৰ ভূৱা বিজ্ঞাপন প্ৰচাৰ কৰোঁতাৰ বিৰুদ্ধে কিমান লাখ টকা জৰিমনা গ্ৰহণত ব্যৱহাৰ কৰিছে?

উত্তৰঃ কেন্দ্ৰীয় কতৃপক্ষই কোনো সামগ্ৰী বা সেৱাৰ ভূৱা বিজ্ঞাপন প্ৰচাৰ কৰোঁতাৰ বিৰুদ্ধে ১০ লাখ টকা জৰিমনা গ্ৰহণত ব্যৱহাৰ কৰিছে।

১১। গ্ৰাহকৰ বিভিন্ন ক্ষেত্ৰত সহায়ৰ বাবে বিভিন্ন জ্ঞান আৰু তথ্য সমৃদ্ধ দুটা ব্যৱহাৰযোগ্য ৱেৱছাইট বোৰ কি কি?

উত্তৰঃ গ্ৰাহকৰ বিভিন্ন ক্ষেত্ৰত সহায়ৰ বাবে বিভিন্ন জ্ঞান আৰু তথ্য সমৃদ্ধ দুটা ব্যৱহাৰযোগ্য ৱেৱছাইট বোৰ হ’ল- www.jagograhakjago.gov.in আৰু www. jagograhakjago.com

১২। অৰ্থনৈতিক ব্যৱস্থাৰ কিছুমান বিশেষ কাৰ্যাৱলী কোনবোৰ?

উত্তৰঃ অৰ্থনৈতিক ব্যৱস্থাৰ কিছুমান বিশেষ কাৰ্যাৱলীসমূহ হ’ল উৎপাদন, উপভোগ, বিনিময়, বিনিয়োগ, বিতৰণ, নিয়োগ আদি।

১৩। ৰাষ্ট্ৰসংঘই গ্ৰাহকৰ সুৰক্ষাৰ বাবে কিছুমান নীতি-নিৰ্দেশনা কেতিয়া নিৰ্ণয় কৰিছিল?

উত্তৰঃ ৰাষ্ট্ৰসংঘই গ্ৰাহকৰ সুৰক্ষাৰ বাবে কিছুমান নীতি-নিৰ্দেশনা ১৯৮৫ চনত।

১৪। ভাৰতীয় সংসদৰ যুটীয়া সদনে গ্ৰাহকৰ সুৰক্ষা আইন কেতিয়া গৃহীত কৰা হৈছিল?

উত্তৰঃ ভাৰতীয় সংসদৰ যুটীয়া সদনে গ্ৰাহকৰ সুৰক্ষা আইন ১৯৮৬ চনৰ ২৪ ডিচেম্বৰ তাৰিখে।

১৫। গ্ৰাহক সুৰক্ষা আইনৰ অধীনত কেইটা পৰ্যায়ত গ্ৰাহক সুৰক্ষা পৰিষদ গঠন কৰা হৈছিল?

উত্তৰঃ গ্ৰাহক সুৰক্ষা আইনৰ অধীনত তিনিটা পৰ্যায়ত গ্ৰাহক সুৰক্ষা পৰিষদ গঠন কৰা হৈছিল।

১৬। সম্প্ৰতি বিশ্বৰ কিমানখন ৰাষ্ট্ৰই গ্ৰাহক সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিছিল?

উত্তৰঃ সম্প্ৰতি বিশ্বৰ ১০০ খনৰো অধিক ৰাষ্ট্ৰই গ্ৰাহক সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top