Class 8 Social Science Additional Chapter 22 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা

Class 8 Social Science Additional Chapter 22 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 22 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Notes and select needs one.

Class 8 Social Science Additional Chapter 22 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download for All Subject, You can practice these here.

সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা

Chapter – 22

PART – III: POLITICAL SCIENCE

ADDITIONAL QUESTION ANSWER

১। মানৱ সমাজৰ এটা সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক অনুষ্ঠান কি?

উত্তৰঃ ৰাষ্ট্ৰ হৈছে মানৱ সমাজৰ এটা সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক অনুষ্ঠান।

২। সংবিধান বুলিলে কি বুজা?

উত্তৰঃ ৰাষ্ট্ৰ পৰিচালনাৰ এই নীতি-নিয়ম আৰু আইন কানুনসমূহকে সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয়।

৩। সংবিধানৰ এটা বৈশিষ্ট্য লিখা?

উত্তৰঃ সংবিধানৰ এটা বৈশিষ্ট্য হ’ল সংবিধান হ’ল কিছুমান আইন আৰু নীতি-নিয়মৰ সমষ্টি।

৪। সংশোধন বুলিলে কি বুজা?

উত্তৰঃ সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোকে সংশোধন বুলি কোৱা হয়।

৫। সংবিধান চৰকাৰৰ তিনিটা অংগ কি কি?

উত্তৰঃ সংবিধান চৰকাৰৰ তিনিটা অংগ হ’ল কাৰ্যপালিকা, বিধানমণ্ডল, আৰু ন্যায়পালিকা।

৬। ১৯৯০ চনৰ সংবিধান মতে ৰাষ্ট্ৰৰ সকলো ক্ষমতাৰ অধিকাৰী কোন আছিল?

উত্তৰঃ ১৯৯০ চনৰ সংবিধান মতে ৰাষ্ট্ৰৰ সকলো ক্ষমতাৰ অধিকাৰী ৰজা আছিল।

৭। নেপালৰ জনসাধাৰণে ৰাজতন্ত্র আঁতৰাবৰ বাবে কিমান চনত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদ আৰম্ভ কৰে?

উত্তৰঃ নেপালৰ জনসাধাৰণে ৰাজতন্ত্র আঁতৰাবৰ বাবে ২০০৬ চনত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদ আৰম্ভ কৰে।

৮। কিমান চনত নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয়?

উত্তৰঃ ২০০৮ চনৰ এপ্ৰিল মাহত নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয়।

৯। লিখিত সংবিধান বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাকে লিখিত সংবিধান বুলি কোৱা হয়।

১০। লিখিত সংবিধানৰ এটা বৈশিষ্ট্য লিখা?

উত্তৰঃ লিখিত সংবিধানৰ এটা বৈশিষ্ট্য হ’ল লিখিত সংবিধান স্পষ্ট আৰু নিৰ্দিষ্ট।

১১। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন কি যুগৰ সংবিধান?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন আধুনিক যুগৰ সংবিধান।

১২। নমনীয় সংবিধান বুলিলে কি বুজা?

উত্তৰঃ সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰা সংবিধান সংশোধন কৰিব পাৰি। এনেধৰণৰ সহজতে সংশোধন কৰিব পৰা সংবিধানক নমনীয় সংবিধান বুলি কোৱা হয়।

১৩। নমনীয় সংবিধানৰ এটা বৈশিষ্ট্য লিখা?

উত্তৰঃ নমনীয় সংবিধানৰ এটা বৈশিষ্ট্য হ’ল সহজে সংশোধন কৰিব পৰাৰ ব্যৱস্থা আছে।

১৪। অনমনীয় সংবিধান বুলিলে কি বুজা?

উত্তৰঃ কিছুমান সংবিধান সংশোধন কৰিবলৈ হ’লে বিশেষ পদ্ধতিৰ প্ৰয়োজন হয়। এই বিশেষ পদ্ধতিটো অতি জটিল আৰু সহজে সংশোধন কৰিব নোৱাৰি। এনে ধৰণৰ সংবিধানক অনমনীয় সংবিধান বুলি কোৱা হয়।

১৫। অনমনীয় সংবিধানৰ এটা বৈশিষ্ট্য লিখা?

উত্তৰঃ অনমনীয় সংবিধানৰ এটা বৈশিষ্ট্য হ’ল অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে।

১৬। সংবিধান কেইপ্ৰকাৰৰ?

উত্তৰঃ সংবিধান চাৰিপ্ৰকাৰৰ।

১৭। চাৰিপ্ৰকাৰৰ সংবিধান কি কি?

উত্তৰঃ চাৰিপ্ৰকাৰৰ সংবিধান হ’ল লিখিত, অলিখিত, নমনীয় আৰু অনমনীয়।

১৮। লিখিত সংবিধান ক’ত ক’ত প্রচলন কৰা হয়?

উত্তৰঃ লিখিত সংবিধান ভাৰত, আমেৰিকা, যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ছুইজাৰলেণ্ড আৰু ফ্ৰান্স আদি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top