Class 8 Social Science Additional Chapter 20 আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা

Class 8 Social Science Additional Chapter 20 আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 20 আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Notes and select needs one.

Class 8 Social Science Additional Chapter 20 আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download for All Subject, You can practice these here.

আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা

Chapter – 20

PART – III: ECONOMICS

ADDITIONAL QUESTION ANSWER

১। ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা?

উত্তৰঃ এখন দেশৰ কোনো এক নিৰ্দিষ্ট বৰ্ষত বিভিন্ন অৰ্থনৈতিক খণ্ডসমূহত উৎপাদিত চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ মুদ্ৰাগত মূল্যক দেশখনৰ ৰাষ্ট্ৰীয় আয় বুলি কোৱা হয়।

২। দ্ৰব্য বা সেৱা উৎপাদনৰ বাবে কোনবিলাক সামগ্ৰী ব্যৱহাৰ কৰা নহয়?

উত্তৰঃ দ্ৰব্য বা সেৱা উৎপাদনৰ বাবে ম’বাইল ফোন, টি ভি, সাজ-পোছাক, খাদ্যবস্তু ইত্যাদি।

৩। ঋণ বুলিলে কি বুজা?

উত্তৰঃ আপদ-বিপদৰ সময়ত মানুহে মহাজন বা অন্য ব্যক্তিৰ পৰা টকা ধাৰ লয় ধাৰ লোৱা টকাক ঋণ বুলি কোৱা হয়।

৪। ৰাহি গোট বুলিলে কি বুজা?

উত্তৰঃ কোনো অৰ্থব্যৱস্থাত যিবোৰ উৎপাদনকাৰী গোটৰ আৰ্জিত আয়তকৈ ব্যয়ৰ পৰিমাণ কম হয়, সেইসমূহক ৰাহি গোট  বুলি কোৱা হয়।

৫। বিত্তীয় ব্যৱস্থা বুলিলে কি বুজা?

উত্তৰঃ যি ব্যৱস্থাই ৰাহি গোটৰপৰা সঞ্চিত ধন ঘাটি গোটলৈ স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত মাধ্যম হিচাপে কাৰ্য সম্পাদন কৰে তাকেই বিত্তীয় ব্যৱস্থা বুলি কোৱা হয়।

৬। বিত্তীয় ব্যৱস্থাৰ উপাদানবোৰ কেইটা?

উত্তৰঃ বিত্তীয় ব্যৱস্থাৰ উপাদানবোৰ চাৰিটা।

৭। বিত্তীয় ব্যৱস্থা চাৰিটা কি কি?

উত্তৰঃ বিত্তীয় ব্যৱস্থা চাৰিটা হ’ল-

(১) বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠান।

(২) বিত্তীয় সম্পদ।

(৩) বিত্তীয় বজাৰ। আৰু

(৪) বিত্তীয় সেৱা।

৮। এখন দেশৰ বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠাবোৰ কি কি?

উত্তৰঃ এখন দেশৰ বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠাবোৰ হ’ল- হ্ৰস্বকালীন, মধ্যকালীন আৰু দীৰ্ঘকালীন আদি।

৯। দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰী আৰু ব্যক্তিগতভাৱে গঠন কৰা বিভিন্ন বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য অনুষ্ঠান কোনটো?

উত্তৰঃ দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰী আৰু ব্যক্তিগতভাৱে গঠন কৰা বিভিন্ন বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য অনুষ্ঠান হ’ল বেংক।

১০। গ্ৰাহকসকলক কি বুলি কোৱা হয়?

উত্তৰঃ গ্ৰাহকসকলক সঞ্চয়কাৰী বা আমানতকাৰী বুলি কোৱা হয়।

১১। ভাৰতবৰ্ষত প্ৰথম বেংক কেতিয়া স্থাপন কৰা হৈছে?

উত্তৰঃ ভাৰতবৰ্ষত প্ৰথম বেংক ১৭৭০ চনত স্থাপন কৰা হৈছে।

১২। ভাৰতবৰ্ষৰ প্ৰথম বেংকটোৰ নাম কি?

উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰথম বেংকটোৰ নাম হ’ল বেংক অৱ হিন্দুস্থান।

১৩। অসমত ১৯২৬ চনত প্ৰচেষ্টাত গঢ় লৈ উঠা বেংক কোনটো?

উত্তৰঃ অসমত ১৯২৬ চনত প্ৰচেষ্টাত গঢ় লৈ উঠা বেংক হ’ল গুৱাহাটী বেংক।

১৪। আমাৰ দেশৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ বাবে ভিন্ন প্ৰকাৰৰ বেংক কোনবোৰ?

উত্তৰঃ আমাৰ দেশৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ বাবে ভিন্ন প্ৰকাৰৰ বেংকবোৰ হ’ল- কেন্দ্ৰীয় বেংক, বাণিজ্যক বেংক, ঔদ্যোগিক আৰু বিনিয়োগ বেংক, সমবায় বেংক ইত্যাদি।

১৫। এখন দেশৰ সমগ্ৰ বেংক ব্যৱস্থাটোৰ মুৰব্বী বেংক কোনটো?

উত্তৰঃ এখন দেশৰ সমগ্ৰ বেংক ব্যৱস্থাটোৰ মুৰব্বী বেংক হ’ল- কেন্দ্ৰীয় বেংক।

১৬। আমাৰ দেশৰ কেন্দ্ৰীয় বেংক কোনটো?

উত্তৰঃ আমাৰ দেশৰ কেন্দ্ৰীয় বেংক হৈছে- ৰিজাৰ্ভ বেংক।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top