Class 8 Social Science Additional Chapter 19 মানৱ সম্পদ উন্নয়নৰ প্রতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা

Class 8 Social Science Additional Chapter 19 মানৱ সম্পদ উন্নয়নৰ প্রতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 19 মানৱ সম্পদ উন্নয়নৰ প্রতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Notes and select needs one.

Class 8 Social Science Additional Chapter 19 মানৱ সম্পদ উন্নয়নৰ প্রতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download for All Subject, You can practice these here.

মানৱ সম্পদ উন্নয়নৰ প্রতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা

Chapter – 19

PART – III: ECONOMICS

ADDITIONAL QUESTION ANSWER

১। ২০১১ চনৰ লোক গণনা মতে অসমৰ মুঠ জনসংখ্যা কিমান জন?

উত্তৰঃ ২০১১ চনৰ লোক গণনা মতে অসমৰ মুঠ জনসংখ্যা ৩,১১,৬৯,২৭২ জন।

২। মানৱ সম্পদ উন্নয়নৰ আটাইতকৈ প্ৰয়োজনীয় কাৰক কি?

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ আটাইতকৈ প্ৰয়োজনীয় কাৰক হ’ল- শিক্ষা, স্বাস্থ্য আৰু অন্যান্য পৌৰ সুবিধাৰ ব্যৱস্থা।

৩। আমাৰ দেশৰ প্ৰায় কিমান শতাংশ লোক নিৰক্ষৰ?

উত্তৰঃ আমাৰ দেশৰ প্ৰায় ২৬ শতাংশ লোক নিৰক্ষৰ।

৪। মানৱ সম্পদ উন্নয়নৰ পথত আৰু এটা উল্লেখযোগ্য অন্তৰায় কি?

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ পথত আৰু এটা উল্লেখযোগ্য অন্তৰায় হৈছে অন্ধবিশ্বাস।

৫। ডাইনী হত্যাৰ একমাত্ৰ কাৰণ কি?

উত্তৰঃ ডাইনী হত্যাৰ একমাত্ৰ কাৰণ হৈছে সমাজৰ প্ৰচলিত অন্ধবিশ্বাস।

৬। আমাৰ মৌলিক অধিকাৰ কি?

উত্তৰঃ আমাৰ মৌলিক অধিকাৰ হ’ল শিক্ষা।

৭। আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন কেতিয়া প্ৰৱৰ্তিত কৰা হৈছে?

উত্তৰঃ আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন ২০০৯ চনৰপৰাই প্ৰৱৰ্তিত কৰা হৈছে।

৮। সুস্থ মনৰ কাৰণে কিহৰ প্ৰয়োজন?

উত্তৰঃ সুস্থ মনৰ কাৰণে সুস্থ শৰীৰৰ প্ৰয়োজন।

৯। সুস্থ শৰীৰৰ বাবে কিহৰ প্ৰয়োজন হয়?

উত্তৰঃ সুস্থ শৰীৰৰ বাবে পুষ্টিকৰ খাদ্য আৰু উন্নত স্বাস্থ্য ব্যৱস্থাৰ প্ৰয়োজন হয়।

১০। মানুহৰ মৌলিক চাহিদাসমূহৰ ভিতৰত অন্যতম কি?

উত্তৰঃ মানুহৰ মৌলিক চাহিদাসমূহৰ ভিতৰত অন্যতম হৈছে খাদ্য।

১১। প্ৰাকৃতিক দুৰ্যোগবোৰ কি কি?

উত্তৰঃ প্ৰাকৃতিক দুৰ্যোগবোৰ হ’ল- বানপানী, ভূমিকম্প, খৰাং, বতৰ আদি।

১২। খাদ্য সুৰক্ষা বুলিলে কি বুজা?

উত্তৰঃ দেশ এখনৰ জনসংখ্যা অনুপাতে খাদ্য সামগ্ৰীৰ উৎপাদন আৰু তাৰ যথাযথ সংৰক্ষণ কৰি সময় আৰু প্ৰয়োজন অনুসাৰে জনসাধাৰণৰ খাদ্য বস্তুৰ যোগান ধৰিব পৰা কাৰ্যটোকে আমি খাদ্য সংৰক্ষণ বুলি কোৱা হয়।

১৩। আৰ্থিক উন্নতিৰ বাবে কিহৰ প্ৰয়োজন হয়?

উত্তৰঃ আৰ্থিক উন্নতিৰ বাবে উপযুক্ত কৰ্মসংস্থানৰ সুযোগৰ প্ৰয়োজন হয়।

১৪। গ্ৰামাঞ্চলৰ বাবে উল্লেখযোগ্য কৰ্মসূচী কি?

উত্তৰঃ গ্ৰামাঞ্চলৰ বাবে উল্লেখযোগ্য কৰ্মসূচী হ’ল মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি।

১৫। চহৰ অঞ্চলৰ বাবে উল্লেখযোগ্য কৰ্মসূচী কি?

উত্তৰঃ চহৰ অঞ্চলৰ বাবে উল্লেখযোগ্য কৰ্মসূচী হ’ল প্ৰধানমন্ত্ৰী কর্মসংস্থান নিশ্চিতকৰণ।

১৬। চৰকাৰ তথা বিভিন্ন বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা ৰেহাইসহ ঋণ দান তথা বিভিন্ন প্ৰয়োজনীয় সামগ্ৰীবোৰ কি কি?

উত্তৰঃ চৰকাৰ তথা বিভিন্ন বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা ৰেহাইসহ ঋণ দান তথা বিভিন্ন প্ৰয়োজনীয় সামগ্ৰীবোৰ হ’ল- ৰিক্সা, অ’টো ৰিক্সা, ঠেলা, টেক্টৰ, চিলাই মেচিন, পাৱাৰ টিলাৰ আদি।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top