Class 8 Social Science Additional Chapter 18 মানৱ সম্পদ উন্নয়ন

Class 8 Social Science Additional Chapter 18 মানৱ সম্পদ উন্নয়ন Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 18 মানৱ সম্পদ উন্নয়ন Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Notes and select needs one.

Class 8 Social Science Additional Chapter 18 মানৱ সম্পদ উন্নয়ন

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download for All Subject, You can practice these here.

মানৱ সম্পদ উন্নয়ন

Chapter – 18

PART – III: ECONOMICS

ADDITIONAL QUESTION ANSWER

১। উৎপাদন প্ৰক্ৰিয়াৰ এক অন্যতম কাৰক কি?

উত্তৰঃ উৎপাদন প্ৰক্ৰিয়াৰ এক অন্যতম কাৰক হ’ল- শ্ৰম য’ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ মানুহে।

২। প্ৰথম পৰিয়ালৰ মুৰব্বীজন গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ কি হয়?

উত্তৰঃ প্ৰথম পৰিয়ালৰ মুৰব্বীজন গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হয়।

৩। প্ৰথম পৰিয়ালৰ ল’ৰা কেইজন?

উত্তৰঃ প্ৰথম পৰিয়ালৰ ল’ৰা দুজন।

৪। দ্বিতীয় পৰিয়ালটোৰ মুৰব্বীজনে কি কৰে?

উত্তৰঃ দ্বিতীয় পৰিয়ালটোৰ মুৰব্বীজনে বৃত্তিত খেতিয়ক কৰে।

৫। পৰিয়ালটোৰ ছোৱালীজনীৰ সোঁ ভৰিখন কি আছিল?

উত্তৰঃ পৰিয়ালটোৰ ছোৱালীজনীৰ সোঁ ভৰিখন অলপ চুটি আছিল।

৬। কোনটো পৰিয়ালৰ মানুহখিনি মানৱ সম্পদ হিচাপে বিবেচিত হৈছে?

উত্তৰঃ দ্বিতীয় পৰিয়ালৰ মানুহখিনি মানৱ সম্পদ হিচাপে বিবেচিত হৈছে।

৭। দ্বিতীয় পৰিয়ালৰ ল’ৰা-ছোৱালী হালে প্ৰশিক্ষণ লৈ কি কৰিলে?

উত্তৰঃ দ্বিতীয় পৰিয়ালৰ ল’ৰা-ছোৱালী হালে প্ৰশিক্ষণ নিজ নিজ উপাৰ্জন কৰিলে।

৮। আমাৰ চৰকাৰে কিমান শতাংশ অক্ষমতা থকা ব্যক্তিক জটিল অক্ষমতাগ্ৰস্ত ব্যক্তি বুলি বিবেচিত কৰিছে?

উত্তৰঃ আমাৰ চৰকাৰে ৮০ শতাংশ অক্ষমতা থকা ব্যক্তিক জটিল অক্ষমতাগ্ৰস্ত ব্যক্তি বুলি বিবেচিত কৰিছে।

৯। কিমান চনৰপৰা দেশত ‘অক্ষমতাগ্ৰস্ত ব্যক্তিৰ সমান সুযোগ, সুৰক্ষা, অধিকাৰ আৰু সম্পূৰ্ণ অংশগ্ৰহণ আইন প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰঃ ১৯৯৫ চনৰপৰা দেশত ‘অক্ষমতাগ্ৰস্ত ব্যক্তিৰ সমান সুযোগ, সুৰক্ষা, অধিকাৰ আৰু সম্পূৰ্ণ অংশগ্ৰহণ আইন প্ৰৱৰ্তন কৰা হৈছিল।

১০। দেশৰ উৎপাদন কাৰ্যৰ কেইটা মূল উপাদান আছে?

উত্তৰঃ দেশৰ উৎপাদন কাৰ্যৰ চাৰিটা মূল উপাদান আছে।

১১। দেশৰ উৎপাদন কাৰ্যৰ চাৰিটা মূল উপাদান কি কি?

উত্তৰঃ দেশৰ উৎপাদন কাৰ্যৰ চাৰিটা মূল উপাদান হ’ল- ভূমি, শ্ৰম, মূলধন আৰু সংগঠন।

১২। দেশৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ’লে কি হ’ব লাগিব?

উত্তৰঃ দেশৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ’লে মানৱ সম্পদৰ বিকাশ হ’বই লাগিব।

১৩। ভাৰতৰ মুঠ জনসংখ্যা কিমান জন?

উত্তৰঃ ভাৰতৰ মুঠ জনসংখ্যা ১২১,০১,৯৩,৪২২ জন।

১৪। ভাৰতৰ আয়তন কিমান বৰ্গ কিল’মিটাৰ?

উত্তৰঃ ভাৰতৰ আয়তন ৩২,৭৮,২৬৩ বৰ্গ কিল’মিটাৰ।

১৫। জনসংখ্যাৰ ঘনত্ব কিমান জন আছিল?

উত্তৰঃ জনসংখ্যাৰ ঘনত্ব ৩৮২ জন আছিল।

১৬। নিৰ্দেশক বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয়।

১৭। গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ কি কাৰক?

উত্তৰঃ গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক কাৰক।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top