Class 7 Social Chapter 7 অসমৰ সম্পদ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 7 অসমৰ সম্পদ and select needs one.
SEBA Class 7 Social Chapter – 7 অসমৰ সম্পদ – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 7 Social Chapter – 7 অসমৰ সম্পদ – সমাধান Solutions for All Subject, You can practice these here…
অসমৰ সম্পদ
ভূগোল খণ্ড
১। উত্তৰ দিয়া –
(ক) কাঠ-বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম কি ?
উত্তৰ- কাগজকল (জাগীৰোড)
জুইশালা (ধুবুৰী)
(খ) অসমত থকা ব্যঘ্ৰ প্ৰকল্প দুটাৰ নাম ।
উত্তৰ- নামেৰি আৰু মানাহ
(গ) অসমৰ কোনখন জিলাত সবাধিক লোকে বাস কৰে ?
উত্তৰ- নগাওঁ (২৮,২৬,০০৬ জন)
(ঘ) বতমান অসমৰ মুঠ শিক্ষিতৰ হাৰ কিমান ?
উত্তৰ- ৭৩.১৮%
(ঙ) অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি ?
উত্তৰ- কৃষি
২। সঁচা-মিছা লিখা-
(ক) অসমৰ ২০০ ছেণ্টিমিটাৰকতকৈ অধিক বৰষুণ হোৱা অঞ্চলৰ উদ্ভিদ সাধাৰণতে চিৰসেউজীয়া ।
উত্তৰ- সঁচা
(খ) শিমলু গছ পৰ্ণপাতী উদ্ভিদ শ্ৰেণীৰ অন্তগত ।
উত্তৰ- সঁচা
(গ) বিভিন্ন বনজ আৰু খনিজ সম্পদত চহকী কাবি আংলং জিলাৰ জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক ।
উত্তৰ- মিছা
(ঘ) কপিলী বৰাক নৈৰ এখন উপ- নৈ
উত্তৰ- মিছা
(ঙ) অসমত মহিলাতকৈ পুৰুষৰ শিক্ষিতৰ হাৰ কম ।
উত্তৰ- মিছা
৩। উদ্ভিদৰ পৰা আমি কি কি পাওঁ ? এখন তালিকা কৰা ।
উত্তৰ-
- মানুহ আৰু পশু:- পক্ষী উশাহৰ বাবে অক্সিজেনৰ যোগান ধৰে ।
- মানুহ আৰু পশু:- পক্ষীৰ খাদ্যৰ প্ৰধান উৎস (শস্য, শাক-পাচলি,ফল-মূল, ঘাঁহ-বন ) ।
- গৃহ নিৰ্মাণৰ প্লাইউদ,কাঠ আৰু অন্য সা-সামগ্ৰী আদি ।
- দৈনন্দিন কাৰ্যত ব্যৱহৃত সা-সামগ্ৰী (কাগজ,কাপোৰ,ৰং,ৰবৰ,পেঞ্চিল,স্কেল ) ।
- খেতি বাতিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যনে- হাল, নাঙল,যুৱলি, মৈ ইত্যাদি ।
- বাঁহ বেত আৰু কাঠৰে আচবাব নিৰ্মাণ কৰা হয় ।
- তাঁতশালৰ বিভিন্ন সামগ্ৰী ।
- ইন্ধনৰ উৎস (কাঠ,খৰি ) ।
- বিভিন্ন ঔষধ ।
Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
৪। বন্য প্ৰাণীসমূহৰ বাবে অভয়াৰণ্যৰ কিয় প্ৰয়োজন ?
উত্তৰ:- এটা সময়ত সমগ্ৰ পৃথিৱীখন জীৱ জন্তুৰ মুক্ত বিচৰণস্হলী আছিল । কিন্তু মানৱ জাতিৰ অগ্ৰাসনৰ লগে লগে প্ৰকৃতিত পশুপক্ষীৰ বাবে বিচৰণৰ ঠাই কমি আহিল । অৰণ্যবোৰ আছিল বন্য প্ৰাণীৰ শেষ আশ্ৰয়স্হল । মানুহৰ প্ৰয়োজনীয়তাবোৰ দিনক দিনে বৃদ্ধি পাই অহাৰ ফলত অৰণ্যবোৰ সংকটৰ সন্মুখীন হল । ঠাই বিশেষে কিছুমান জীৱজন্তু আৰু উদ্ভিদ পৃথিৱীৰ পৰাই বিলুপ্ত হল । তাৰে পৰিপ্ৰেক্ষিতত উদ্ভিদ আৰু বন্য প্ৰাণীক সুৰক্ষিত ৰখাৰ স্বাৰ্থত অভয়াৰণ্যসমূহ গঢ়ি উঠিল । অভয়াৰণ্যসমূহত প্ৰাণীবোৰ সুৰক্ষিত হৈ থাকে । প্ৰাণীবোৰ ইয়াত বংশবৃদ্ধি কৰিব পাৰে । অভয়াৰণ্যসমূহলৈ বিভিন্ন সময়ত পৰিভ্ৰমী পক্ষীৰো আগমন ঘটে । উদ্ভিদ,বন্য প্ৰাণীৰে সমৃদ্ধ অভয়াৰণ্যসমূহে প্ৰাকৃতিক ভাৰসম্যতা ৰক্ষা কৰাৰ লগতে সৌন্দৰ্যবৰ্ধনৰো কাম কৰে ।
৫। অসমৰ খাৰুৱা তেলৰ পুং আৰু কয়লাখনি থকা ঠাইসমূহৰ নাম লিখা ।
উত্তৰ:- খাৰুৱা তেলৰ পুং থকা ঠাই:- নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, লাকুৱা, গেলেকী,বৰহোলা, দিহিঙ উপত্যকা, ডিগবৈ ।
কয়লাখনি থকা ঠাই:- উজনি অসমৰ মাৰ্ঘেৰিটা,লিডু,নাফুক, নাগিনিমৰা কাৰ্বি আংলঙৰ কয়লাজান, শিলভেটা, লংলৈ, শিঙিমাৰী আদি ।
৬। ভূ-তলজলৰ ব্যৱহাৰ সম্পকে প্ৰায় ৫০ টা শব্ধৰ ভিতৰত লিখা ।
উত্তৰ:- ভূগৰ্ভৰ ভিতৰত সঞ্চিত থকা পানীয়ে ভূ-তলজল । ই দেশ এখনৰ অন্যতম প্ৰাকৃতিক সম্পদ । দেশ এখনৰ খোৱাপানী আৰু গৃহকাৰ্যৰ চাহিদাৰ প্ৰায়ভাগ অংশই পূৰণ কৰে, ভূ-তলজলে । উদ্যোগ আৰু কলকাৰখানা বোৰতো ভূ-তলজল ব্যৱহাৰ হয় । কৃষিকাৰ্যত জলসিঞ্চৰ বাবে ভূ-তলজল অতি প্ৰয়োজনীয় । ভূ-গৰ্ভৰ পানী উষ্ণ অঞ্চলৰ সংস্পৰ্শলৈ আহিলে সেই পানী বাষ্পীভূত হৈ ওলাই আহে যাক আমি গৰম পানীৰ উহঃ বুলি জানো আৰু সেইবোৰ শক্তিৰ উৎস ।
৭। অসমৰ এখন নক্সা অংকন কৰি পাঠত দিয়া মানচিত্ৰ আৰু ভূচিত্ৰাৱলীৰ সহায়ত তলত দিয়াবোৰ বহুওৱা ।
(ক) ৩ টা খাৰুৱা তেলৰ পুং ডিগবৈ, মৰাণ,দুলীয়াজান
(খ) ৩ টা কয়লাখনি লিডু ,মাৰ্ঘেৰিটা, নাগিনিমৰা
(গ) ২ টা তেল শোধনাগাৰ নুনমাটি,নুমলীগড়
(ঘ) চুণ শিল পোৱা এখন ঠাই ডিমা হাচাও জিলাৰ উমৰাংচু
(ঙ) তাৰা বিল, শিৱসাগৰ পুখুৰী
(চ) এটি নদী বন্দৰ ধুবুৰী
(ছ) সোৱণশিৰি, পাগলাদিয়া, দিখৌ, ধনশিৰি, জাতিঙ্গা, ধলেশ্বৰী উপনৈ
উত্তৰ- অসমৰ মানচিত্ৰ

৮। শিক্ষকক সুধি ২০০৯ চনত গ্ৰহণ কৰা শিশুৰ শিক্ষাৰ অধিকাৰ আইন সম্পকে ১০০- ১২০ টা শব্দৰ ভিতৰত এখন ৰচনা লিখা ।
উত্তৰ:- ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে ২০০৯ চনত শিক্ষা অধিকাৰ আইন প্ৰণয়ণ কৰে । শিক্ষাৰ অধিকাৰ আইনখনে প্ৰাথমিক শিক্ষাক ৬ বছৰৰ পৰা ১৪ বছৰৰ শিশুসকলৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক কৰি দিছে। ভাৰতৰ সংবিধানৰ ৮৬ তম সংশোধনত ২১(ক) দফাত এই আইন যোগ কৰা হয়।এই সংশোধনৰ যোগেদি শিক্ষাৰ অধিকাৰক বাস্তৱত কাৰ্য্যকৰী কৰিব পৰা যাব বুলি আশা কৰা হৈছে । ইং ২০১০চনৰ ১ এপ্ৰিল তাৰিখে এই আইনখন কাৰ্যকৰীকৰণ কৰা হৈছিল ।
উল্লেখযোগ্য এই আইন বলবৎ হোৱাৰ পৰা এতিয়া সকলো চৰকাৰী বিদ্যালয়ে শিশুক বিনামূলীয়া শিক্ষা প্ৰদান কৰিব আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ দ্বাৰা এই বিদ্যালয়সমূহ পৰিচালিত হ’ব। ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰে অতি কমেও ২৫ শতাংশ শিশুক কোনো ধৰণৰ মাচুল নোলোৱাকৈ নামভৰ্তি কৰিব লাগিব।প্ৰাথমিক শিক্ষাৰ ৰাষ্ট্ৰীয় আয়োগ গঠন হ’ব আৰু এই আয়োগে প্ৰাথমিক শিক্ষাৰ গুনগত মান আৰু সকলো দিশ পৰ্য্যবেক্ষণ কৰিব ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.