Class 7 Social Chapter 8 উত্তৰ পূব ভাৰত – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 8 উত্তৰ পূব ভাৰত and select needs one.
SEBA Class 7 Social Chapter – 8 উত্তৰ পূব ভাৰত – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Solutions for All Subject, You can practice these here…
উত্তৰ পূব ভাৰত
ভূগোল খণ্ড
১) উত্তৰ লিখা-
(ক) উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল?
উত্তৰ-অৰুণাচল প্ৰদেশ
(খ) কোনখন ৰাজ্যৰ ঠেক সমভূমি অংশই উত্তৰ-পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে ?
উত্তৰ-পশ্চিমবংগ
(গ) উত্তৰ- পূব ভাৰতৰ প্ৰধান নদী কেইখন আৰু কি কি ?
উত্তৰ :- উত্তৰ- পূব ভাৰতৰ প্ৰধান নদীসমূহ-
অৰুণাচল প্ৰদেশ- লুইত,সোৱণশিৰি ,ছিয়াং,জীয়াভৰালী,
অসম- ব্ৰহ্মপুত্ৰ,বৰাক,সোৱণশিৰি,মানাহ,জীয়াভৰালী, বঢ়ীদিহিং,কপিলী,ধনশিৰি
ত্ৰিপুৰা- ফেনী,গোমতী,খোৱাই,মহুৰি
মণিপুৰ- বৰাক ইম্ফল ইৰিল
নাগালেণ্ড- ঝুমকি দয়াং টিজু
মিজোৰাম- কালাদন,টুইভাই সোণাই, টলং,লঙ্গাই
মেঘালয়- ডিগাৰু (উমট্ৰু),বৰাপানী (উমিয়াম), সোমেশ্বৰী, দুধনৈ
(ঘ) পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চল কৃষি কাৰ্যত আগবঢ়া কিয় ?
উত্তৰ:- তুলনামূলকভাৱে পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চলত কৃষি কাৰ্য কৰিবলৈ সুবিধাজনক ǀ পাহাৰীয়া অঞ্চলবোৰলৈ উচ্চতাৰ বাবে কৃষিৰ প্ৰয়োজনীয় সা-সামগ্ৰীবোৰ কঢ়িয়াই নিয়াত অসুবিধা থাকে ǀ মাটি ওখোৰা মোখোৰা হোৱাৰ বাবে চহাবলৈ কষ্টকৰ ǀ জলসিঞ্চনৰ ক্ষেত্ৰটো পাহাৰীয়া অঞ্চলত সমস্যাৰ সন্মুখীন হব লগীয়া হয় ǀ সমভূমিত নদী-পুখুৰী,জলাশয় আদিৰ পৰা পানী যোগানৰ সুবিধা থাকে ǀ তাৰোপৰি পাহাৰীয়া অঞ্চলৰ জলবায়ু সকলো ধৰণৰ খেতি বা কৃষিকাৰ্যৰ বাবে অনুকূল নহয় ǀ
(ঙ) উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ?
উত্তৰ:- অসম
Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
২। পাহাৰীয়া অঞ্চলত কেনে ধৰণে খেতি হয় ?
উত্তৰ:- পাহাৰীয়া জনগোষ্ঠীৰ লোকসকলে ঝুম খেতি পদ্ধতিৰে খেতি কৰে । প্ৰতি বছৰে পাহাৰৰ হাবি-বন কাটি জুই লগাই ঝুম খেতি পথাৰ মুকলি কৰা হয়। মাটি খিনি মুকলি কৰাৰ পিছত তাত পৰম্পৰাগত সা-সঁজুলিৰে মাটি চহাই কৃষিকাৰ্য কৰা হয় । পাহাৰত ঝুম পদ্ধতিৰে খেতি কৰি আলু, কচু, হালধি, কল, তিল, ধান,আদি বিভিন্ন শস্য উৎপাদন কৰা হয় । দুই তিনিবছৰ মান এডোখৰ কৃষিভূমি ব্যৱহাৰ কৰাৰ পিছত সেই ঠাই এৰি আন এঠাইত খেতিৰ বাবে মাটি মুকলি কৰা হয় ।
৩। খালী ঠাই পূৰ কৰা –
(ক) উত্তৰ পূব ভাৰতৰ সাতখন ৰাজ্যৰ মুঠ মাটিকালি ২,৫৫,০৮৩ বৰ্গ কিল’মিটাৰ ।
(খ) ভাৰতৰ উত্তৰ – পূব অঞ্চল ২০º উত্তৰ অক্ষাংশৰ পৰা ২৯º৩০৴ উত্তৰ অক্ষাংশলৈকে বিস্তৃত ।
( গ ) উত্তৰ পূব মৌচুমী বতাহ শীতকালত বয় ।
( ঘ ) উত্তৰ – পূব ভাৰতত মুঠতে ৭ খন ৰাজ্য আছে ।
(ঙ) মিজোৰাম উত্তৰ – পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য ।
৪ । উত্তৰ – পূব ভাৰতৰ মানচিত্র এখন আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা —
( ক ) উত্তৰ – পূব ভাৰতৰ চাৰিসীমা
( খ ) ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী
( গ ) অসম , মেঘালয় , মণিপুৰৰ ৰাজধানী
( ঘ ) নামৰূপ সাৰ কাৰখানা
( ঙ ) পর্যটন ক্ষেত্ৰ টাৱাং
উত্তৰ:-


Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Top app
Thank you for help us😊