Class 7 Social Chapter 6 সম্পদ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 6 সম্পদ – সমাধান and select needs one.
SEBA Class 7 Social Chapter – 6 সম্পদ
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 7 Social Chapter – 6 সম্পদ – সমাধান Solutions for All Subject, You can practice these here…
সম্পদ
ভূগোল খণ্ড
১) সম্পদ বুলিলে কি বুজা ? সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি ? লিখা ।
উত্তৰ- মানুহৰ দৈনন্দিন জীৱনৰ চাহিদা পূৰাবলৈ বিভিন্ন সা-সামগ্ৰী বা দ্ৰব্যৰ প্ৰয়োজন হয় । মানুহৰ এনে প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰ পৰা আহৰণ কৰিব পৰা দ্ৰব্য বা সামগ্ৰীয়ে সম্পদ ।
সম্পদ তিনি প্ৰকাৰৰ-
1) প্ৰাকৃতিক সম্পদ
2) মানৱ সম্পদ
3) মানৱ সৃষ্ট সম্পদ
২। ‘মানৱ শ্ৰেষ্ঠতম জৈৱিক সম্পদ ।’ যুক্তি দশাই লিখা ( এশ শব্দৰ ভিতৰত)।
উত্তৰ- শাৰিৰীক বা মানসিকভাৱে কোনো উৎপাদনমূলক কাম কৰিবলৈ সক্ষম ব্যক্তিসকলেই মানৱ সম্পদ । বুদ্ধি-বৃত্তি থকা প্ৰাণী হিচাপে মানুহে নিজৰ উন্নয়ন সাধিব পাৰে । মানুহে প্ৰকৃতিক সম্পদসমূহৰো উপযুক্ত ব্যৱহাৰ,সংৰক্ষণ আদিৰ ক্ষেত্ৰত বুদ্ধি-বৃত্তি খটুৱাই উৎকৰ্ষ সাধন কৰিব পাৰে । সেই ফালৰ পৰা চাবলৈ হলে ব্যক্তিৰ বুদ্ধিমত্তা,কৰ্মদক্ষতা আৰু কৌশল,উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণবিধিয়ে দেশ
এখনৰ সমৃদ্ধিৰ বা উন্নতিৰ প্ৰধান কাৰক বুলিব পাৰি । সেয়েহে মানুহেই শ্ৰেষ্ঠতম জৈৱিক সম্পদ ।
৩। তুমি জনা প্ৰাকৃতিক সম্পদসমূহ কি কি ? সেইবোৰৰ সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰ:-

নবীকৰণক্ষম সম্পদ:- যিবোৰ সম্পদ মানুহে অহৰহ ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায়, তেনে সম্পদকেই নবীকৰণক্ষম সম্পদ বোলে ।
অ-নবীকৰণক্ষম সম্পদ :-অ-নবীকৰণক্ষম সম্পদ প্ৰকৃতিৰ পৰা এবাৰ আহৰণ কৰাৰ পিছত পুনৰ সৃষ্টি নহয় আৰু প্ৰকৃতিয়ে এইবোৰ পুনৰ উৎপাদন নকৰে ।
জৈৱিক সম্পদ :-জীৱ জগতৰ পৰা আমি যি সম্পদ আহৰণ কৰো সেয়াই জৈৱিক সম্পদ ।
অজৈৱিক সম্পদ: -জীৱহীন সম্পদবোৰেই অজৈৱিক ।
সৰ্বব্যাপী সম্পদ:- সকলোতে পোৱা সম্পদবোৰই সৰ্বব্যাপী সম্পদ ।
স্হানভিত্তিক সম্পদ:-এক নিৰ্দিষ্ট পৰিবেশ আৰু অৱস্হাত সম্পদ সমূহেই স্হানভিত্তিক সম্পদ ।
প্ৰকৃত সম্পদ:-মানুহে সদব্যৱহাৰ কৰি আৰু কামত লগাই প্ৰকৃতিৰ পৰা ইতিমধ্যে যিবোৰ সম্পদ আহৰণ কৰিছে সেইবোৰেই প্ৰকৃত সম্পদ ।
সম্ভাৱনাপূৰ্ণ সম্পদ:-যিবোৰ সম্পদৰ আমাৰ ভৱিষ্যত উন্নয়নত সহায় কৰাৰ সম্ভাবনীয়তা অধিক আৰু বৰ্তমান ইয়াৰ ব্যৱহাৰে তেনে সম্ভাবনীয়তাৰে উমান দিয়ে, সেইবোৰেই সম্ভাৱনাপূৰ্ণ সম্পদ ।

৪। দীৰ্ঘম্যাদী উন্নয়ন বুলিলে কি বুজা? দীঘম্যাদী উন্নয়ন কি প্ৰয়োজন? লিখা ।
উত্তৰঃ মানুহৰ জীৱনৰ প্ৰয়োজনীয়তা বৰ্তমান আৰু ভবিষ্যত উভয়তে পূৰাব পৰা ব্যৱস্হাই দীৰ্ঘম্যাদী উন্নয়ন বুজায় ।
আমাৰ দৈনন্দিন কামকাজত ব্যৱহাৰ হৈ থকা প্ৰায় বিলাক সম্পদ সসীম । অৰ্থাৎ এইবোৰ অবিৰতভৱে ব্যৱহাৰ কৰি থাকিলে পৃথিৱীৰ পৰা নিঃশেষ হৈ যোৱাৰ সম্ভাৱনা থাকে । গতিকে সম্পদবোৰ আমাৰ হাতত উপলব্ধ হৈ থকা অৱস্হাত সেই বিষয়ত চিন্তাচৰ্চা কৰাৰ স্হল আছে । আনকি সম্পদৰ উপযুক্ত ব্যৱহাৰ আৰু বিতৰণ নহলে উঠি অহা প্ৰজন্মই সেই সম্পদৰ সুবিধাখিনি নোপোৱাৰে সম্ভাৱনা অধিক । এইবোৰ বিষয় চালি জাৰি চাই কব পাৰি যে সম্পদ সংৰক্ষণৰ বাবে দীৰ্ঘম্যাদী উন্নয়ন প্ৰয়োজনীয়তা আছে ।
Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
৫। পাথৰ্ক্য লিখি উলিওৱাঃ
(ক) নবীকৰণক্ষম সম্পদ আৰু অ–নবীকৰণক্ষম সম্পদ
যিবোৰ সম্পদ মানুহে অহৰহ ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায়, তেনে সম্পদকেই নবীকৰণক্ষম সম্পদ বোলে । যেনে-মাটি,পানী,বায়ু ।
অ-নবীকৰণক্ষম সম্পদ প্ৰকৃতিৰ পৰা এবাৰ আহৰণ কৰাৰ পিছত পুনৰ সৃষ্টি নহয় আৰু প্ৰকৃতিয়ে এইবোৰ পুনৰ উৎপাদন নকৰে । যেনে- খনিজ পদাৰ্থ,তাম,লো,জীৱাষ্ম ।
(খ) সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ
সকলোতে পোৱা সম্পদবোৰক সৰ্বব্যাপী সম্পদ বোলে ।
যেনে – বায়ু
এক নিৰ্দিষ্ট পৰিবেশ আৰু অৱস্হাত স্হানভিত্তিক সম্পদ সমূহ পোৱা যায় ǀযেনে – লোৰ আকৰ,কয়লা ।
(গ) প্ৰকৃত সম্পদ আৰু সম্ভাৱনাপূৰ্ণ সম্পদ
মানুহে সদব্যৱহাৰ কৰি আৰু কামত লগাই প্ৰকৃতিৰ পৰা ইতিমধ্যে যিবোৰ সম্পদ আহৰণ কৰিছে সেইবোৰেই প্ৰকৃত সম্পদ । যেনে- কয়লা ।
যিবোৰ সম্পদৰ আমাৰ ভৱিষ্যত উন্নয়নত সহায় কৰাৰ সম্ভাবনীয়তা অধিক আৰু বৰ্তমান ইয়াৰ ব্যৱহাৰে তেনে সম্ভাবনীয়তাৰে উমান দিয়ে, তেনে সম্ভাৱনাপূৰ্ণ সম্পদ বোলে । যেনে-বনৌষধি ক্ষেত্ৰত থকা সম্ভাৱনা ।
৬। শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়াঃ
(ক) সম্পদ হবলৈ হলে তলৰ কোনটো প্ৰয়োজন নহয় ?
(i) পৰিমাণ
(ii) প্ৰয়োজন পূৰাব পৰা সামগ্ৰী
(iii) ব্যৱহাৰৰ বাবে উপযোগী
উত্তৰ-(i) পৰিমাণ
(খ) তলৰ কোনটো মানৱসৃষ্ট সম্পদ নহয়?
(i) পৰ্বত- পাহাৰ
(ii) থকা ঘৰ
(iii) জলবিদ্যুত
উত্তৰ-(i) পৰ্বত পাহাৰ
৭। তোমাৰ বাসস্থানৰ চৌপাশে থকা প্ৰাণী আৰু উদ্ভিদবোৰৰ তালিকা প্ৰস্তুত কৰা আৰু সেইবোৰৰ সংৰক্ষণ কিয় প্ৰয়োজন লিপিবদ্ধ কৰা ।
উত্তৰ-


Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.